ড০ ভূপেন হাজৰিকা : এটি সুৰীয়া গীত (- মৌচুমী বি. ভৈৰৱ)

কটন কলেজিযেট হাইস্কুলৰ ছাত্ৰসকলৰ বছৰেকীয়া সন্মিলন;১৯৩০ চনৰ ৩০ অক্টোবৰৰ কথা;এটি কনমানি ল’ৰাই সৰু চুৰিয়া আৰু পাতৰ কুর্তা পিন্ধি টেবুলৰ ওপৰত উঠি গান গাইছে—“কি সতে হিয়াৰে আমি/কওঁ তুমি যোৱাগৈ/কর্তব্যে মাতিছে যদি/যোৱা তুমি যোৱাগৈ”;সেই সন্মিলনৰ সভাপতি আছিল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা;বেজবৰুৱা দেৱে গীতটো শুনি বৰ ভাল পালে আৰু “মই পাপী মানুহ,ই বৰ পৱিত্ৰ ল’ৰা” বুলি কৈ চৌকিদাৰৰ হতুৱাই পানী এগিলাচ অনুৱাই তামোল খাই থকা মুখ খন কুল কুল কৰি ধুই কণমানি ল’ৰাটিৰ কপালত চুমা এটা খাই ক’লে-“খুব ডাঙৰ শিল্পী হ’বা তুমি” বুলি কৈ আশীবাদ দিছিল-সেই সৰু ল’ৰাটিয়ে আছিল ড০ ভূপেন হাজৰিকা।

গীতিকাৰ,গায়ক আৰু সুৰকাৰ হিচাপে অর্থাৎ গীত এটাৰ তিনিটা দিশৰ প্ৰতিটো দিশতে বিশ্বমানসত অসাধাৰণ প্ৰতিভা আৰু দক্ষতাৰ চিনাকি দিবলৈ সক্ষম হৈছিল এইগৰাকী বিৰল প্ৰতিভাৰ শিল্পীয়ে।গীতৰ জগতত ড০ ভূপেন হাজৰিকা নিজেই এটা যুগ, ইতিহাসৰ এটা অধ্য়ায়। বিদ্য়ালয় গৰকাৰ আগতেই ভূপেন মামাৰ অ, আ, ক, খ ৰে আখৰৰ বর্ণময়,ৰহস্য়ময় জগতত প্ৰৱেশ কৰাৰ পৰা “জোনাকৰে ৰাতি,অসমীৰে মাটি” বুলি মাটিৰ মমতা উপলব্ধি কৰি,বিপৰীত পৰিস্হিতিটো “সাগৰ সংগমত কতনা সাঁতুৰিলো,তথাপিটো হোৱা নাই ক্লান্ত বুলি গুনগুনাই, “কঁহুৱা বন মোৰ অশান্ত মন…আলফুল হাতেৰে লোৱা সাবটি..এটি এটি ক্ষণ যেন মুকুতাৰে ধন” বুলি সময়ৰ মূল্য় উপলব্ধি কৰি, “চিনাকি মোৰ মনৰ মানুহ,তুমি চিনিছানে নাই মই নাজানিলো”ৰ পৰা “স্নেহেই আমাৰ শত শ্ৰাৱনৰ ধাৰাসাৰ বৃষ্টিৰ প্লাবন আনে”বুলি স্বীকাৰ কৰি “লুইতৰ পাৰ দুটি জিলিকি উঠিব ৰাতি..জ্বলি শত দেৱালীৰ বন্তি” বুলি স্বদেশপ্ৰেমেৰে উদুদ্ধ হোৱালৈকে ভূপেন হাজৰিকা আমাৰ জীৱনৰ প্ৰতিটো গুৰুত্বপূর্ণ পযায়তে এনে অংগা-অংগী ভাৱে জডিত হৈ আছে যে তেওঁৰ উপস্হিতি সদায়ে চৌপাশে বিয়পি আছে;বিভিন্ন ছন্দ,আৰোহণ-অৱৰোহণৰ ঝংকাৰ,দ্ৰুত মধ্য়লয়ৰে পূর্ণ হাজৰিকা দেৱৰ বর্ণাঢ্য জীৱন আছিল নিজে এটি সুৰীয়া গীত।আমাৰ মৰমৰ ভূপেনদাই কৈছিল-“মোৰ কন্ঠ হেৰাই গ’লেও,মই উপায়হীন হৈ গ’লেও প্ৰতিঘৰ মানুহৰ ওচৰতেই এমুঠি অন্ন মোৰ বাবে অভাৱ নহয়”।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক