ড° প্ৰবীণ শইকীয়াৰ সৈতে এটি সাক্ষাৎকাৰ

সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা ৷ বিশিষ্ট প্ৰবন্ধকাৰ, কলা-সংস্কৃতিৰ গৱেষক, গীতিকাৰ, সুৰকাৰ, চিত্ৰশিল্পী, শিশু সাহিত্যিক, “সেউজপ্ৰাণ” ড° প্ৰবীণ শইকীয়াৰ সৈতে এটি সাক্ষাৎকাৰ

১) সাহিত্য ডট অৰ্গ- ছাৰ¸নমস্কাৰ৷ আপোনাক আমাৰ সাহিত্য ডট অৰ্গলৈ আদৰণি জনালোঁ৷ আপুনি একেধাৰে এগৰাকী প্ৰবন্ধকাৰ, কলা-সংস্কৃতিৰ গৱেষক, গীতিকাৰ, সুৰকাৰ, চিত্ৰশিল্পী, শিশুসাহিত্যিক আৰু পৰিৱেশকৰ্মী৷ সেউজপ্ৰাণ আৰু বনতীৰ্থ নামেৰেও আপুনি পৰিচিত৷ আপোনাৰ পৰা আমি বনতীৰ্থৰ সন্দৰ্ভত অলপ কথা জানিব বিচাৰিছোঁ৷
প্ৰথমেই আপোনাৰ বনতীৰ্থৰ বিষয়ে আৰু এই তীৰ্থখন গঢ়াৰ ক্ষেত্ৰত কেনেকৈ অনুপ্ৰাণিত হ’ল লগতে অনুপ্ৰাণিত কৰাৰ মূলতে কোন আছিল তাৰ বিষয়ে অলপ জানিব বিচাৰোঁ৷


বনতীৰ্থ

ড° প্ৰবীণ শইকীয়া – হয় ধন্যবাদ, আনৰ পৰা অনুপ্ৰাণিত হোৱাৰ আগতেই মোৰ অন্তৰাত্মাৰ আহ্বান আৰু সুগভীৰ প্ৰকৃতি প্ৰেমে মোক এই উদ্ভিদ জগতখনৰ প্ৰতি ভালপোৱাৰ ভাৱ সৃষ্টি কৰিছিল৷
তাৰ পাছতেই এই প্ৰেমত কাৰক হিচাপে অৰিহণা যোগাইছিল মোৰ ককা ধনীৰাম শইকীয়াই৷ ককাৰ দহ পুৰা মাটিৰ এখন বাৰী আছিল আৰু জন্ম পৰাই মই সেই বাৰীখন পাইছিলোঁ৷
বাৰীখনত থকা বিভিন্ন গছ-গছনিবোৰ মোক আইতাই হাতত ধৰি চিনাকি কৰাই দিছিল৷ এইক্ষেত্ৰত মই পৰোক্ষভাৱে ককা আৰু প্ৰত্যক্ষভাৱে আইতাৰপৰা অনুপ্ৰাণিত হৈছিলোঁ৷
২) সাহিত্য ডট অৰ্গ- অপুনি অসমীয়া বিষয়ৰ প্ৰবক্তা হৈয়ো উদ্ভিদ বিজ্ঞানৰ প্ৰতি ( গছ-গছনিৰ প্ৰতি ) আকৃষ্ট হোৱাৰ মূল কাৰণ কি?
ড° প্ৰবীণ শইকীয়া – মূল কাৰণটো ইতিমধ্যে কৈছোয়েই যে মোৰ অন্তৰাত্মাৰ আহ্বান আছিল৷ মই গছ-বৰ আন্তৰিকতাৰে ভাল পাওঁ৷ গতিকে এই ভাল পোৱা থকা কাৰণেই অন্য বিষয়ৰ চৰ্চা থকা কৰি থকা সময়তো বা ভাষা সাহিত্যৰ ছাত্ৰ হোৱা সত্ত্বেও উদ্ভিদ বিজ্ঞানৰ প্ৰতি আমাৰ আগ্ৰহ বাঢ়ি গ’ল৷ আনকি মই খামতিসকলৰ বিষয়ে গৱেষণা কৰি থকা সময়তো তেওঁলোকৰ খাদ্যাভ্যাসত, তেওঁলোকৰ জীৱন ধাৰাত উদ্ভিদৰ প্ৰভাৱ কেনেধৰণৰ বা উদ্ভিদক তেওঁলোকে কেনেদৰে ব্যৱহাৰ কৰে আদি কথাবোৰো মই বিশেষ ধৰণে অধ্যয়ন কৰিছিলোঁ৷

তৰাবাঘিনী


৩) সাহিত্য ডট অৰ্গ- এখন ঘৰৰ সুস্থ বাতাৱৰণৰ কাৰণে ঘৰৰ চৌপাশে কেনে ধৰণৰ গছ- গছনি থকাটো প্ৰয়োজন?
ড° প্ৰবীণ শইকীয়া – হয়, এখন ঘৰৰ বাতাবৰণ বায়ু প্ৰদূষণমুক্ত হোৱা খুবেই প্ৰয়োজন৷ এই ক্ষেত্ৰত ডাঙৰ গছ হিচাপে ঘৰৰ চৌপাশত মহানিমৰ গছ, ঘৰৰ খিৰিকীৰ কাষত এজোপা ক’লা তুলসী ৰুব লাগে৷ এই ক’লা তুলসীয়ে বায়ু পৰিশোধন কৰাৰ লগতে তাৰ পাতেৰে বিভিন্ন ধৰণৰ বিভিন্ন প্ৰকাৰৰ ঔষধিৰ কাম কৰে৷ তুলসী বহুত প্ৰকাৰৰ আছে৷ আমাৰ বনতীৰ্থতে ৩০ বিধ তুলসীৰ গছ আছে৷ ইয়াৰ ভিতৰত ক’লা তুলসী উৎকৃষ্ট৷
আমাৰ খাদ্যাভ্যাসত প্ৰয়োজন হোৱা পদিনা, মচন্দৰী, মানিমুনি এইবোৰো বহুত উপকাৰী আৰু কম ঠাইতে ৰাখিব পাৰি৷ এইবোৰ উদ্ভিদে সুস্বাস্থ্যৰ লগতে বাৰীখনৰো বাতাবৰণ সুস্থ কৰি ৰাখে৷
ঘৰ এখনৰ সুস্থ পৰিৱেশ লগতে ঔষধি গুণেৰে সমৃদ্ধ কিছুমান লতাজাতীয় গছেও আমাক সহায় কৰে৷ ভেদাইলতা, শগুনীলতা যিজোপা উদ্ভিদক এশটা গুণৰ অধিকাৰী বুলি জনা যায়৷ শগুনীলতা ইংৰাজীত ‘গিলোই’ বুলি কোৱা হয়৷ অসমৰ ঠায়ে ঠায়ে অমৰলতা, অমৃতলতা বা আমৈলতা নামেৰেও জনা যায়৷ এনেধৰণৰ উদ্ভিদে ঘৰখনক বিভিন্ন ধৰণে উপকৃত কৰিব পাৰে৷
লতাজাতীয় উদ্ভিদৰ ভিতৰত আৰু এবিধ উপকাৰী উদ্ভিদ হ’ল মাথোকথোকা৷ বিশেষকৈ এই মাথোকথোকা পাহাৰীয়া মানুহৰ প্ৰিয় খাদ্য৷ বয়সিয়াল খেলুৱৈসকলক সুস্থ সবল কৰি ৰখাৰ বাবে মাথোকথোকা এবিধ উৎকৃষ্ট খাদ্য৷ এই গছ-গছনিবোৰ ৰোপণ কৰোঁতে শৃংখলাবদ্ধভাৱে ৰোপণ কৰাটো বিশেষ প্ৰয়োজন৷

পান্ততৰু বা দামকল


৪) সাহিত্য ডট অৰ্গ- আপোনাৰ বাৰীত পান্থতৰুও আছে৷ তাৰ বিষয়ে অলপ আভাস জানিব বিচাৰিছোঁ৷
ড° প্ৰবীণ শইকীয়া – হয় পান্থতৰুও আছে৷ পান্থতৰু মৰুভূমিত হোৱা উদ্ভিদ৷ আগতে মাদাগাস্কাৰ দ্বীপসমূহত পোৱা গৈছিল৷ মৰুভূমিৰ মাজেৰে পাৰ হৈ যোৱা বাটৰুৱাই এই উদ্ভিদৰ গাত সংৰক্ষিত হৈ থকা পানী খাইছিল৷
পান্থ মানে বাটৰুৱা তৰু মানে গছ, অৰ্থাৎ বাটৰুৱাৰ গছ৷ ইংৰাজীৰ নামটো “Travellers tree৷”
অসমীয়াত ইয়াক দামকল বুলি কয়৷ দামকলৰ বিষয়ে পুৰণি অসমীয়া গীত মাততো পোৱা যায়৷ আপোনালোকে নিশ্চয়ে খগেন মহন্তৰ এফাকি বিহু গীত শুনিছে৷
“ ঐ জান ঐ কি কথা কৰিলি,
ঐ জান ঐ নিগমে মৰিলি,
ঐ জান ঐ, মোৰ জান ঐ বাৰীত দামে কলে ৰুই
ঐ জান ঐ আগেয়ে বুজা নাই
ঐ জান ঐ এতিয়া বুজিলোঁ
ঐ জান ঐ, মোৰ জান ঐ শৰীৰত একুৰা জুই?”

ঠিক তেনেদৰে জিকিৰতো ইয়াৰ বিষয়ে উল্লেখ আছে৷
“কি কামে কৰিলো, কি বুদ্ধি কৰিলো, বাৰীত দামেকলে ৰুই
আগেয়ে বুজা নাই, এতিয়া বুজিলো, শৰীৰত একোৰা জুই”
এই গীতসমূহৰ ৰচনা কাললৈ চাই গছ জোপা অসমত কিমান পুৰণি হ’ব সেইয়া অনুমান কৰিব পৰা যায়৷ এই পান্থতৰু গা পানীৰে পৰিপূৰ্ণ হ’লেও গছজোপাৰ ফল খোৱাৰ অনুপযোগী৷
সেইবাবে মানুহৰ জীৱনত এইটো এটা প্ৰতীকী হিচাপে লৈ দামকলৰ লগত তুলনা কৰি গীতসমূহ ৰচনা কৰিছিল৷ গতিকে দামকল অসমীয়া সমাজ, সংস্কৃতি, লোক সংগীততো বিশেষ ভাৱে উল্লেখযোগ্য৷

মৌ- ডিমৰু ( ইয়াৰ ফলবোৰ বান্দৰৰ প্ৰিয় খাদ্য ৷এই খাদ্যই বান্দৰৰ জন্ম নিয়ন্ত্ৰণত বিশেষ ভাৱে সহায় কৰে বুলি জনা গৈছে ৷)


৫) সাহিত্য ডট অৰ্গ- বৰ্তমান সময়ত অসময় প্ৰায় বিলাক ঔষধি গছেই লুপ্ত হৈ পৰিছে, সেই গছসমূহক আমি কেনে ধৰণে সংৰক্ষণ কৰিব পাৰো?
ড° প্ৰবীণ শইকীয়া – প্ৰথম কথাটো হ’ল তাৰ গুৰুত্বটো উপলব্ধি কৰিব পাৰিব লাগিব৷ একদম সৰু কালৰে পৰা, বা ডাঙৰ সকলেও, নতুন প্ৰজন্মৰ পৰা পুৰণা প্ৰজন্মলৈ সকলোৱে তাৰ গুৰুত্বটো উপলব্ধি কৰিব পাৰিব লাগিব৷
এইখিনিতে কওঁ, আৰ্য়ুবেদিক চিকিৎসকসকলে ৰোগীসকলক চিকিৎসাৰ ক্ষেত্ৰত আৰু আৰোগ্যৰ লাভৰ বাবে বনৌষধিযুক্ত কিছুমান উদ্ভিদ খোৱাৰ কথা কয়৷ তেনে এবিধ উদ্ভিদ হৈছে পনৌনোৱা৷ যাক সংস্কৃতত পুনৰ্নৱা বুলি জনা যায়৷
এই পনৌনোৱা দুই প্ৰকাৰৰ৷ এবিধ সাধাৰণভাৱে হয় মাটিতে গজে৷ আনবিধ পনৌনোৱা লতাজাতীয়৷ সেইবিধক বগাবলৈ সহায় লাগে৷ এইবিধ উদ্ভিদক ঘৰতে থকা নিমগছ আদিত লগাইয়ো সংৰক্ষণ কৰিব পাৰি৷
কাৰণ এই লতাজাতীয় পনৌনোৱাৰ বাবে বেছি পানী থকা ঠাই প্ৰয়োজন নহয়৷ সেইবাবে ওখ ঢাপ থকা ঠাই হ’ব লাগে৷ ইয়াৰ আগবোৰ চিঙি ভাজি খাব পাৰি৷ ই বহুক্ষেত্ৰত উপকাৰী৷
পনৌনোৱা মাত্ৰ এটা উদাহৰণহে৷ তেনেকুৱা বহুতো চিকিৎসা শাস্ত্ৰত প্ৰয়োগ কৰা উদ্ভিদ অসমত ভৰি আছে৷
আমাৰ অসমখনেই বনৌষধিৰে ভৰপূৰ৷ বনৌষধিত চহকী৷ কিন্তু সেইবোৰৰ গুৰুত্ব বুজি সংৰক্ষণ কৰিবলৈ সকলোৰে আগ্ৰহ থাকিব লাগিব৷

সটফুল


৬) সাহিত্য ডট অৰ্গ- বৰ্তমান আপোনাৰ বনতীৰ্থ ত কিমান বিধ থলুৱা উদ্ভিদ সংৰক্ষণ কৰিছে৷ গছ-গছনি বোৰ আপুনি কেনেকৈ সংগ্ৰহ কৰে?
ড° প্ৰবীণ শইকীয়া -মোৰ বনতীৰ্থ পাঁচ বিঘা মাটিত প্ৰায় দুশমান বিৰল প্ৰজাতিৰ গছ আৰু দুশমান অৰ্কিড আছে৷ এই বিভিন্ন প্ৰকাৰৰ গছসমূহ সংৰক্ষণ কৰাৰ বাবে মই কোনো প্ৰশিক্ষণ লোৱা নাই৷


প্ৰশিক্ষণপ্ৰাপ্ত নোহোৱাকৈয়ে কেৱল অভিজ্ঞতাৰ ফালৰপৰাই সংৰক্ষণ কৰিছোঁ৷ এজোপা গছৰ গুৰুত্ব বুজি আৰু গছজোপাক পৰ্য্যৱেক্ষণ কৰি কোন ঠাইত ৰুব লাগিব, কোনজোপা গছক বেছি পানীৰ প্ৰয়োজন আৰু কোনজোপা গছে বেছি পানী সহ্য কৰিব নোৱাৰে এনেবোৰ কথা চাই মই সেইমতে গছবোৰ লগাই যত্ন লওঁ৷ মই ভাবোঁ আগ্ৰহ থাকিলে, প্ৰতিজোপা গছৰ গুৰুত্ব বুজিলে সকলোয়েই এনেদৰে থলুৱা উদ্ভিদসমূহ সংৰক্ষণ কৰিব পাৰিব৷


৭) সাহিত্য ডট অৰ্গ- আপুনি শিক্ষাদান, প্ৰকৃতিপ্ৰেম আৰু সাহিত্য চৰ্চাৰ মাজত কি যোগসূত্ৰৰ সৃষ্টি কৰি লৈছিল?
ড° প্ৰবীণ শইকীয়া ছাৰ–প্ৰবন্ধ লিখাটো মোৰ হবি৷ মই মূলতে ভাষা সাহিত্যৰ ছাত্ৰ আছিলোঁ৷ বহুত আগৰে পৰাই মই লিখা-মেলা কৰিছোঁ৷ বৰ্তমানেও কৰি আছোঁ৷ ভবেন্দ্ৰনাথ শইকীয়াই সম্পাদনা কৰা সময়ৰে পৰা সঁফুৰাত মই লিখিছোঁ৷
এইক্ষেত্ৰত মোক ভিতৰৰ এটা শক্তিয়ে কৰে বুলি মই ভাবো৷ তদুপৰি মই এটা এটা সময়ৰ মূল্য দিওঁ৷ অবাবত সময়ক খৰচ নকৰোঁ৷ ঠিক গানৰ দৰে, “এটি এটি পল মুকুতাৰে ধন৷” সময়ক ভগাই লৈ কামবোৰ কৰাৰ বাবে মই এই আটাইকেইটা ক্ষেত্ৰ মিলাই ল’ব পাৰিছো বুলি ভাবোঁ৷
৮) সাহিত্য ডট অৰ্গ- নতুন প্ৰজন্মক লৈ আপুনি কোনোধৰণৰ প্ৰকল্প হাতত লৈছে নেকি বা নতুন প্ৰজন্মক প্ৰকৃতি ৰক্ষাৰ বিষয়ে কেনে বাৰ্তা দিব বিচাৰে?
ড° প্ৰবীণ শইকীয়া -আপুনি জানিব বিচৰা কামটো মই কৰি আছোঁ৷ প্ৰথমতেই ক’ব বিচাৰোঁ আমাৰ শিশুসকলক প্ৰকৃতিপ্ৰেমী কৰি তুলিবলৈ প্ৰতিজন অভিভাৱকে প্ৰথমে নিজেই প্ৰকৃতিক ভাল পাব লাগিব আৰু এইক্ষেত্ৰত নিজৰ সন্তানক আগবঢ়াই নিব লাগিব৷
বনতীৰ্থৰ আৰম্ভণিৰেপৰা মই স্থানীয় শিশুসকলক লৈ এটা কৰ্মশালা পাতি আহিছোঁ৷ কৰ্মশালাখনত নাচ, গান শিকোৱাৰ লগতে মই সিহঁতক গছবিলাকৰ লগতো পৰিচয় কৰাই দিওঁ৷ মোৰ স্বৰচিত আকাৰ-ইকাৰ নথকা গছবোৰৰ নামেৰে ৰচনা কৰা গীতেৰে কৰ্মশালাখন আৰম্ভ কৰাৰ লগতে বহত,
বকফুল আদি গছবোৰৰ লগত শিশুসকলক চিনাকি কৰি দিওঁ৷ গছবোৰ চাই চাই সিহঁতক ছবি আঁকিবলৈ দিওঁ, সিহঁতে বৰ ফূৰ্তি পায়৷
আনকি মোৰ বনতীৰ্থত তিনিটা প্ৰজাতিৰ চোৰাত গছ আছে৷ যিবোৰ গাত লাগিলে ডাকে৷ সেইবোৰৰ লগত খেলিও শিশুসকলে আনন্দ পায়৷ নতুন প্ৰজন্মৰ এই শিশুসকলৰ বাবে কৰা মোৰ এই প্ৰয়াসত মই সুখী আৰু এইক্ষেত্ৰত সফল বুলি ভাবোঁ৷
৯) সাহিত্য ডট অৰ্গ- আপুনি বিভিন্ন সংস্থাৰ পৰা বিভিন্ন সময়ত সন্মানীয় বঁটা লাভ কৰিছে ( গৌৰৱ বঁটা, ২০১৮, মাধৱদেৱ মহাবিদ্যালয়, নাৰায়ণপুৰ আৰু Plant Genome Saviour Farmer’s Reward নামৰ ৰাষ্ট্ৰীয় বঁটা, ২০১৬-১৭)৷
আপোনাৰ বনতীৰ্থ আগুৱাই নিয়াৰ ক্ষেত্ৰত চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় সহযোগিতা লাভ কৰিছে নে?

ড° প্ৰবীণ শইকীয়া – নাই, এইক্ষেত্ৰত মই আজিৰলৈকে অসম চৰকাৰৰপৰা একো পোৱা নাই৷ Plant Genome Saviour Farmer’s Reward নামৰ বঁটা হিচাপে কেন্দ্ৰীয় চৰকাৰৰ পৰা এক লাখ টকা পাইছিলোঁ৷ তাৰ বাহিৰে আন কোনো সাহায্য পোৱা নাই৷ এই বনতীৰ্থৰ বিষয়ে অসম চৰকাৰে বা আমাৰ স্থানীয় বিধায়ক আৰু স্থানীয় এম পিয়ে গমেই নেপায়৷ গতিকে অসম চৰকাৰৰ ফালৰপৰা কোনো চৰকাৰী সাহায্য পোৱা নাই৷
কলেজ শিক্ষক হিচাপে অলপ পইচা- পাতি পাইছিলোঁ, গোটেইখিনি ইয়াতে ব্যয় কৰিলোঁ৷ মোৰ এটা আত্মসন্তুষ্টি আহি গ’ল যে মোৰ পইচাখিনি অথলে নগ’ল৷ যিমান টকা পইচা পাইছিলোঁ তাৰে এটা ভাল কাম হ’ল, ভৱিষ্যতে আমাৰ শিশুসকলৰ কাৰণে, উদ্ভিদ সংৰক্ষণৰ কাৰণে কামটো চলি থাকিব৷ মই এটা ট্ৰাষ্ট
গঠন কৰি লৈছোঁ, ট্ৰাষ্টটোৱে চলাই থাকিব৷ এই কথাটো ভাবি মই এটা আত্মসন্তুষ্টি লাভ কৰোঁ৷
১০) সাহিত্য ডট অৰ্গ- আপুনি সাহিত্য চৰ্চা আৰু সাংস্কৃতিক জগত খনৰ লগতো জড়িত, সেই বিষয়ে অলপ ক’ব নেকি?
ড° প্ৰবীণ শইকীয়া ছাৰ– মই সৰুৰেপৰাই লিখা-মেলা কৰিছিলোঁ৷ ক্লাচ ফাইভতেই এটা কবিতা লিখিছিলোঁ৷ সেই সময়ত ‘অসম বাতৰি’ নামেৰে এখন সাদিনীয়া বাতৰি কাকতত শিশুচ’ৰা বুলি এটা শিতান আছিল৷ সপোন ককা নামেৰে এখুদ ককাইদেউ নৱকান্ত বৰুৱাদেৱে তাত লিখিছিল৷
মই তেতিয়া নামটো জনা নাছিলোঁ যদিও তেওঁ ল’ৰা-ছোৱালীৰ প্ৰতি দেখুওৱা মৰম-প্ৰীতি বোৰ মোৰ খুব ভাল লাগিছিল৷ তাতে মই ‘মোৰ দৃষ্টিত সপোন ককা’ নামৰ এটা কবিতা লিখিছিলোঁ, কবিতাটো নবকান্ত বৰুৱাদেৱে ইমানেই ভাল পালে যে তেওঁ মোলৈ পোষ্ট কাৰ্ড এখন লগতে চিঠি এখনো পঠিয়াই লিখিলে যে মই তোমাৰ এই বিষয়টোত এটা প্ৰতিযোগিতা পাতিম৷
প্ৰতিযোগিতাৰ নাম হ’ব, “মোৰ কল্পনাৰ সপোন ককা৷” তাৰ পাছত তেওঁ প্ৰতিযোগিতাও পাতিলে৷
এনেকৈ সৰুতেই জীৱনৰ প্ৰথম কবিতাটোৰ পৰা ইমান ডাঙৰ উৎসাহ এটা পাই মই লিখিবলৈ আৰম্ভ কৰিলোঁ৷ তাৰ পাছতেই ইটো-সিটো কবিতা, প্ৰবন্ধ আদি লিখিবলৈ আৰম্ভ কৰিলোঁ৷ বিভিন্ন ঠাইত প্ৰকাশো হ’ল৷ কলেজীয়া শিক্ষা সমাপ্ত কৰি গৱেষণামূলক প্ৰবন্ধ-পাতি প্ৰান্তিকত লিখিবলৈ আৰম্ভ কৰিলো৷ ১৯৮৪, ৮৫ ৰ পৰাই লিখিছোঁ প্ৰান্তিকত৷
সাংস্কৃতিক ক্ষেত্ৰত, মই সৰুৰেপৰা গান গাইছিলোঁ, ক খ শিকাৰ লগে লগে চা ৰে গা মা ও শিকিছিলোঁ৷ সৰুৰে পৰা সংগীতৰ ভিত্তি, সংগীতৰ প্ৰাথমিক জ্ঞানখিনি শিকি লোৱাৰ কাৰণে একো অনুষ্ঠানিক শিক্ষা নোলোৱাকৈ পাছলৈ নিজে গীতবোৰত সুৰ দিবলৈ সক্ষম হৈছিলোঁ৷ স্কুলীয়া দিনত মই নিজৰ গীতেই গাইছিলোঁ আৰু পাছলৈ ৰেডিঅ’ত, যুৱবাণীতো নিজৰ গীতকেই গাইছিলোঁ৷ পাছলৈ মোৰ গীতিখিনি অনুমোদিত হৈছিল৷ বৰ্তমান মই আকাশবাণী গুৱাহাটীৰ স্বীকৃত গীতিকাৰ৷

পৰৱৰ্ত্তী সময়ত মই জ্যোতিপ্ৰসাদ আগৰৱালাৰ কিছুমান শিশু গীতত সুৰ কৰি এখন “বগা ডাৱৰৰে নাও” নামৰ তেওঁৰ ভাষাৰেই নাম দি কেচেট এখন কৰিলোঁ৷ আমাৰ অঞ্চলৰে বাৰজন মান ল’ৰা-ছোৱালীক শিকাই বুজাই গোৱাইছিলোঁ৷ কেচেটখন জ্যোতিচিত্ৰবনতেই ৰেক’ৰ্ডিং হৈছিল৷ মিউজিক দিছিল ৰমেন চৌধুৰীয়ে৷
তদুপৰি প্ৰায় ডেৰকুৰিমান প্ৰবন্ধ পাতি লিখিছিলোঁ৷ সেইবোৰ আকাশবাণী গুৱাহাটী আৰু ডিব্ৰুগড়ত কথিকা হিচাপে প্ৰচাৰ হৈছিল৷ ইয়াৰ উপৰিও দূৰদৰ্শনত দুখন তথ্যচিত্ৰও কৰিছিলোঁ৷ এখন আছিল খামতিসকলৰ লোক উৎসৱৰ বিষয়ে, আনখন আছিল মাধৱদেৱৰ জন্ম স্থান৷ গুৱাহাটী দূৰদৰ্শনে প্ৰযোজনা কৰিছিল৷ গাইছিলে মিনতি চৌধুৰীয়ে৷
অসমীয়া নিচুকণি গীতৰ বিষয়তো গুৱাহাটী দুৰদৰ্শনত এটা অনুষ্ঠান কৰিছিলোঁ, বিশেষকৈ উজনি অসমৰ নিচুকণি গীতখিনিৰ ওপৰত৷ মাজে-মাজে বিভিন্ন গাওঁবোৰলৈ গৈ অসমীয়া লোকগীত, বিয়াগীত এইবোৰৰো সুৰ সংগ্ৰহ কৰোঁ৷ এই লোকসংগীতবোৰ ল’ৰা-ছোৱালীবোৰক শিকাও৷ মণিৰাম দেৱানৰ গীত, জুনা গাভৰুৰ গীত এইবোৰো আমি শিকাও৷
১১) সাহিত্য ডট অৰ্গ- আপদীয়া পদ্যৰ দ্বাৰা আপুনি প্ৰসিদ্ধি লাভ কৰিছে৷ এই পদ্য সৃষ্টিৰ আঁৰত কিবা বিশেষ কথা নাইবা কাৰোবাৰ দ্বাৰা আপুনি অনুপ্ৰাণিত হৈছিল নেকি?
ড° প্ৰবীণ শইকীয়া – আপদীয়া পদ্য নামটো মোৰ নিজা সৃষ্টি৷ অসমীয়া সাহিত্যত প্ৰথম লিমাৰিক লিখিছিল ড° মহেন্দ্ৰ বৰাদেৱে৷ তেখেতৰ লিমাৰিকে মোক আকৰ্ষণ কৰে৷ বৰ ভাল পাওঁ লিমাৰিকবোৰ৷ লিমাৰিকৰ প্ৰতি আকৰ্ষিত হৈ মই ‘কেয়াৰ অব লিমাৰিক’ বুলি ব্যংগভাৱে কেইটামান পদ্য লিখি প্ৰান্তিক লৈ পঠালোঁ৷ প্ৰান্তিকত কাৰ্টুনসহ পদ্যবোৰ প্ৰকাশ হ’ল৷ তাৰপাছতে মোলৈ বিভিন্নজনৰ চিঠি আহিলে এইবোৰ লিমাৰিক নহয়, লিমাৰিকৰ ছন্দ বিভাজন হোৱা নাই এনেধৰণৰ কথাৰে৷ কাৰণ লিমাৰিকৰ ছন্দ অন্য পদ্যতকৈ অলপ বেলেগ৷ প্ৰথম দুশাৰী আৰু শেষৰ দুশাৰীৰ ছন্দ মিলে৷ মাজৰশাৰীৰ ছন্দ বেলেগ হয়৷

তাৰপাছত আকৌ ব্যংগ পদ্য লিখি ভাবিলো যে কেয়াৰ অব লিমাৰিক বুলি লিখিলে পুনৰ বিতৰ্ক হ’ব৷ সেইবাবে নিজাববীয়াকৈ আপদীয়া পদ্য বুলি পুনৰ প্ৰান্তিকলৈ পঠালো৷ ভবেন্দ্ৰনাথ শইকীয়াদেৱেও প্ৰকাশ কৰিলে৷ পাছত তেখেতেও এই নামেৰে পদ্য লিখিছিল৷ আপদীয়া পদ্য লিখা আৰু অনুপ্ৰাণিত হোৱাৰ আঁৰৰ কথা সেইটোৱেই যে বিতৰ্ক হোৱাৰ বাবেই আপদীয়া পদ্যৰ নামকৰণ৷
১২) সাহিত্য ডট অৰ্গ- আমি জানিব পাৰিছোঁ, আপোনাৰ কিছুমান আপুৰুগীয়া বস্তুৰ এটা সংগ্ৰহালয় আছে৷ সেই সংগ্ৰহালয়টোৰ বিষয়ে দুআষাৰ জানিব বিছাৰিছোঁ৷
ড° প্ৰবীণ শইকীয়া – হয়, মোৰ এটা নিজা প্ৰচেষ্টাৰে গঢ়ি তোলা সংগ্ৰহালয়ৰ এটা পুথিভঁৰালো আছে, সেইটো শিশু প্ৰকল্পৰে এটা শাখা৷ বৰ্তমান মোৰ সংগ্ৰহালয়ত ৭৫খন তুলাপাত আৰু সাঁচিপাতৰ পুথি আছে৷
ইয়াৰ উপৰি বৰ্তমান সময়ত লুপ্ত হ’ব ধৰা আমাৰ শিশুসকলে নেদেখা বা চিনি নোপোৱা জপা, দুণৰি, তাঁতশালত ব্যৱহৃত বস্তু, প্ৰাচীন বাদ্যযন্ত্ৰও আছে৷ যিবোৰ কৈ শেষ কৰিব নোৱাৰিম৷ মোৰ এই সংগ্ৰহালয় ৰাইজৰ বাবে সদায়ে খোলা থাকে৷ আৰু কিছুমান সংগ্ৰহ কৰিবলৈ বাকী আছে৷
১৩) সাহিত্য ডট অৰ্গ- বৰ্তমান সময়ত জীৱকুল তথা গছ-গছনিয়ে সন্মুখীন হোৱা প্ৰচণ্ড প্ৰত্যাহ্বানৰ ফলত ভবিষ্যত প্ৰজন্ম ক্ষতিগ্ৰস্ত হোৱাৰ সংশয় সৰ্বদা বিদ্যমান৷ এই ক্ষেত্ৰত আমাৰ কৰণীয় কি?
ড° প্ৰবীণ শইকীয়া – এটা সুন্দৰ প্ৰশ্ন যদিও উত্তৰ জটিল৷ এই প্ৰত্যাহ্বানৰ পৰা ৰক্ষা পৰিবলৈ আমি আৰ্দ্ৰভূমিক সুৰক্ষা দিব লাগিব৷ আৰ্দ্ৰভূমি যাক বসুমতীৰ হাঁওফাঁও বুলি কোৱা হয়৷ আৰ্দ্ৰভূমি ওপৰতে জীৱকূল নিৰ্ভৰশীল৷
কিন্তু ডাঙৰ কথা, প্ৰকৃতিৰ আৰ্দ্ৰভূমিক চৰকাৰে ৰক্ষা কৰাৰ ব্যৱস্থা নল’লে ব্যক্তিগতভাৱে কোনেও নোৱাৰে৷ ইয়াৰ বাবে বেদখল হৈ থকা চাপৰিসমূহ উচ্ছেদ কৰি বহলভিত্তিত অৰণ্যৰ গঢ় দিব লাগিব৷

বৰ্তমান মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ মূল কাৰণ হৈছে অৰণ্যৰ ধ্বংস৷ তাৰবাবে জন্তুৰ খাদ্য নাটনি হৈছে৷ খাদ্যৰ সন্ধানত মানুহৰ ঘৰত উপদ্ৰৱ কৰিছে৷
এইখিনিতে বিশেষ তথ্যৰ পৰা পোৱা এষাৰ কথা ক’ব বিচাৰোঁ৷ আগৰ দিনত অৰণ্যত সহজতে পোৱা মৌ-ডিমৰু গছৰ গুটিয়ে বন্যপ্ৰাণী বিশেষকৈ বান্দৰৰ জন্ম নিয়ন্ত্ৰণৰ কাম কৰিছিল৷ মৌ-ডিমৰু গছৰ এটা বিশেষত্ব আছে৷
সেই গছ চৰাই-চিৰিকটি, জীৱ-জন্তুৰ বিষ্ঠাৰ পৰা গজে৷ গুটি ধৰি পচাই ইয়াৰ পুলি উলিয়াবলৈ টান৷ গতিকে ধ্বংস কৰা অৰণ্যক পুনৰ গঠন কৰি, অৰণ্যবোৰক সুৰক্ষিত কৰিলে জীৱকূল ৰক্ষা হ’ব বুলি ভাবোঁ৷
১৪) সাহিত্য ডট অৰ্গ- আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে অলপ জানিব বিচাৰোঁ৷
ড° প্ৰবীণ শইকীয়া – ভৱিষ্যতৰ পৰিকল্পনা আছে৷ কিন্তু তাৰ আগতে মোৰ পুথিভঁৰাল আৰু সংগ্ৰহালয়ৰ কিছুমান কাম আধৰুৱা হৈ আছে৷ প্ৰথমতে সেইখিনি সম্পূৰ্ণ কৰি লোৱাৰ কথা ভাবিছোঁ৷ বস্তুও সংগ্ৰহ কৰিব লগা আছে৷
মই অসমৰ যিবোৰ থলুৱা ধানৰ প্ৰজাতি আছে, সেইবোৰো সংগ্ৰহ কৰি আছোঁ৷ এইখিনিতে মই জনাব বিচাৰোঁ, কোনো আগ্ৰহী লোকে বা প্ৰকাশনে প্ৰকৃতিৰ আপুৰুগীয়া এই গছসমূহৰ বিষয়ে
গ্ৰন্থ লিখিব বা প্ৰকাশ কৰিবলৈ বিচাৰে সেই ক্ষেত্ৰত মই সম্পূৰ্ণ সহায় কৰিম৷ আৰু এইখিনি কৰাৰ পাছত নতুন পৰিকল্পনা হাতত লম৷
সাহিত্য ডট অৰ্গ- ছাৰ বহুত ভাল লাগিল আপোনাৰ লগত কথা পাতি৷ বহু নজনা কথা জানিলো আপোনাৰ পৰা৷ আপুনি সঁচাকৈয়ে অসমীয়াৰ গৌৰৱ, অসমৰ সম্পদ৷ আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে আপোনাক আমি ধন্যবাদ জনালোঁ৷
সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা আমি আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ৷ লগতে আপোনাৰ পৰিকল্পনাবোৰে অতি শীঘ্ৰেই বাস্তবত ৰূপায়িত হওক তাকেই কামনা কৰি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷ ধন্যবাদ৷

3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
বিমান কটকী , যোৰহাট
9 months ago

মোৰ সহপাঠী বন্ধু ড০ প্ৰবীণ শইকীয়াদেৱৰ সৈতে হোৱা সাক্ষাতকাৰটি পঢ়ি ভাল লাগিল , সাক্ষাৎকাৰটিয়ে বহুতকে উপকৃত কৰিব বুলি আশা কৰিলোঁ ***

Anonymous
9 months ago

সাক্ষাৎকাৰটি পঢ়ি বহু কথাই জানিব পাৰিলোঁ।ড°শইকীয়া ছাৰ আমাৰ সকলোৰে গৌৰৱ।

ৰীতা দাস
9 months ago

ড০ প্ৰবীণ শইকীয়াদেৱৰ সাক্ষাৎকাৰটো পঢ়ি বহুত ভাল লাগিল ।