ঢউ সাগৰ – পাৰ্থবিজয় দত্ত

 

ঢৌবোৰৰ কোনো পাৰ নাই৷ এই অহা আৰু যোৱা৷
ফেনিল ঢৌবোৰে নিজাকৈ বুটলি লৈছে পছন্দৰ ৰং৷
ঢৌবোৰে মোৰ সপোনৰ একক জগতখন দখল কৰি লৈছে৷ ঢৌবোৰতেই মই এতিয়া উটি-ভাঁহি ফুৰিছো অথচ পাৰ নাপাওঁ৷
সহস্ৰ পতাকাৰ ঢৌ বোৱাই সমদল এটা পাৰ হৈ গৈছে৷ অতবোৰ উৰি থকা পতাকাৰ ভিৰত মানুহবোৰ লুকাই পৰিছে৷ সিহঁতে হস্তধাৰণ কৰি থকা অতবোৰ পতাকাৰ এটাই ৰং৷ সেই ৰঙেৰেই এখন সাগৰ হৈছে আৰু বক্ষ উজাৰি আহিছে সৌৱা একৰঙী ঢৌ৷
মই তাত নিজক হেৰুৱাব পৰা নাই৷
বৰঞ্চ উচপ খাই উঠিছো আৰু দুৱাৰখন খুলি বাহিৰলৈ ওলাই আহিছো৷ দূৰৈত এখন পলাষি্টকৰ সাগৰ৷ টাপৰ্লিনৰ চালিৰ শাৰী শাৰী জুপুৰি ঘৰবোৰৰ এখন নীলা সমুদ্ৰ৷
তাৰে কোনোবা এটা জুপুৰিঘৰতে সেই বুঢী মানুহগৰাকী থাকে যি মোক এখন মৃত নদীৰ কাহিনী শুনাইছিল৷ সমীৰণে মোক সেই জুপুৰিটোলৈ লৈ গৈছিল আৰু বুঢী মানুহগৰাকীৰ সমুখত এখন পীৰাত বহিবলৈ দিছিল৷

সেই নদীখনৰ কাহিনী শুনি শুনিয়েই সমীৰণহঁত ডাঙৰ হৈছে৷ মহানগৰীৰ শিশুৱে যন্ত্ৰৰ উৎকট চিঞৰৰ মাজেদি যৌৱন দেখাৰ নিচিনা কথাটো৷ বুঢী মানুহজনীৰ চকুহালি কোটৰত সোমাই গ’লেও তিৰবিৰাই আছিল৷ তেওঁৰ বয়সে বিকল কৰা শৰীৰটোত জীৱনৰ সমস্ত অস্থিৰতাই আহি ভিৰ কৰিছিলহি যেতিয়া তেওঁ মোৰ আগত সেই মৃত নদীখনৰ জীয়া কাহিনীৰ পাহ মেলিছিল৷ সমীৰণৰ ককাকহঁতৰ দৰেই সেই বুঢী মানুহজনীয়েও নদীখন দেখিছিল নদীখনে তেওঁক বাৰেপতি মাতিছিল৷ তেওঁ গৈছিল৷
সেই শান্ত নিৰিবিলি নৈৰ বলুকা কেৱল কাহিনীকথন৷

তিলতিলকৈ নদীখনক হত্যা কৰা হৈছিল আৰু উভালি পেলোৱা হ’ল যতমানে শিপা৷ দীঘল দীঘল ছাঁবোৰে নৈৰ বালিচৰ আগুৰি ধৰিলে৷ ৰ’দ পৰি কাছৰ চলং জিলিকা বালিবোৰক ঢাকি এখন মসৃণ কাৰ্পেট পাৰি দিয়া হ’ল৷
এখন জীয়া নদীৰ উপত্যকাৰ অতবোৰ কাহিনী তেতিয়াৰ পৰাই কেৱল কাহিনী হৈ জী আছে৷ আত্মজসকলৰ কাহিনীবোৰক বুঢী মানুহজনীয়ে চাদৰৰ আগত টেমী কটাৰীৰ দৰে আঁতি আঁতি বান্ধি থৈছে৷ এইকথা তেওঁ জানে কোনো কাহিনীয়েই আচলতে নমৰে৷ কাহিনীবোৰ ভেঁটফুলৰ শিপাৰ দৰে৷ পানী পালেহি আকৌ জী উঠিব৷ হয়তো ৰূপ সলাব ন-কথনত নতুন ব্যাখ্যা পাব৷ সেই লাউৰ খোলাটোত সোমাই বাগৰি বাগৰি কাহিনীবোৰে অতগাল চৰিত্ৰক সাঙুৰি গৈ থাকিব৷

পিছে ভাত ৰান্ধি থাকোতেই বুলড’জাৰেৰে তেওঁৰ ঘৰখন মষিমূৰ কৰাৰ কাহিনীটো? ভাতৰ বতুৱাটো একাষৰীয়া কৰি নিসনি কাঢ়ি থাকোতেই পাকঘৰটোলৈ সোঁ-সোৱাই বুলড’জাৰখন যে সোমাই আহিলে থৰক-বৰক বুঢীয়েও যে প্ৰাণৰ ভয়ত ভিৰাই লৰ ধৰিলে সেই কাহিনীও বাগৰি বাগৰি আহি থাকিবনে?
ঢৌবোৰে ধুই নেপেলাবনে?
একৰঙী ঢৌবোৰে?
সেইদিনা বোলে বুঢীৰ ভাতসাজ খোৱা নহ’ল৷ তাৰপিছত আৰু কত সাজ লঘোন হ’ল৷ আঙুলিৰ পাবত এতিয়া গণিবই নোৱাৰি৷
তেতিয়াই নদীখনৰ মৰণ মিলিল৷ এতিয়া ঘাই পথৰ পৰা ডিঙি মেলি চালেও নৈখন নেদেখি৷ মহানগৰখনে পাৰটো সাঙুৰি পেলালে৷ একোটা মৃত অশৰীৰী ছাঁ হৈ সময়বোৰ মৰা নৈখনৰ বলুকাইদি বগুৱা বাই বাই গৈ থাকে৷
বুঢীৰ চকুৰ তিৰবিৰনি ক্ৰমাত জয় পৰি আহিছে৷
এতিয়া যেনিয়ে চাবা টাৰ্প’লিনৰ নীলা ঢৌ৷ প্লাষ্টিকৰ সাগৰ৷
ইয়াতে মোৰ দীঘলীয়া বসতি৷ ঘনাই ফোন বাজিছে৷ বাৰে বাৰে সময়সীমা বান্ধি দিয়া হৈছে যাক পাৰ্যমানে লংঘন কৰাত মই ত্ৰুটি কৰা নাই৷
জীৱনৰ এইটো পবৰ্ৰ বাবে এতিয়া মই নিজকে বাৰে বাৰে সাজু কৰিছোঁ৷ বিদেশৰ সেই বিলাসী ছাঁ-পোহৰৰ নিচাবোৰ চকুত সানি মই ইমান লুভীয়া হৈ পৰিছিলোঁ৷ এই প্ৰজেক্টটোৰ লগত জড়িত হোৱাটো মোৰ মনৰ এক টান আছিল৷ একপ্ৰকাৰৰ লোভেই৷
লোভ নে প্ৰলোভন আছিল?
শিপা-উভলাৰ প্ৰলোভন?
পকা জলফাইৰঙী পাতৰ শাৰী শাৰী গছবোৰৰ তলত বহি মই নিজৰ মাটিৰ ভূগোল বিচৰাৰ কথা আকৌ এবাৰ ভাবিলো৷ এই ভূগোলৰ মাজেদিয়েই সম্ভৱ নিজ ইতিহাসৰ সন্ধান৷ নিজক বিচৰাৰ এনে এটা সুযোগক নাকচ কৰাৰ পক্ষত কোনো যুক্তিয়েই নাছিল৷
আনে বান্ধি থোৱা বাট এটাইদি এতিয়া মই গৈ আছোঁ৷ খোজত বাটে বাট পাইছে৷ ক্ষীণ সৰ্পিল এটা ধূলিয়াৰি বাট৷ বাটৰ কাষতে অকলশৰে থিয়দঙা দি এজোপা চতিয়না গছ৷
মানুহবোৰ গৈ আছে ধোঁৱা আৰু ধূলিৰ মাজেদি৷ ধূসৰতাৰ মাজত মানুহবোৰ একো একোটা অস্পষ্ট চৰিত্ৰ৷
মানুহবোৰ মোৰ পৰা সেই নিষিদ্ধ সত্যবোৰ জানিবলৈ উৎসুক৷ মোৰ বোবা স্থিতিয়ে সিহঁতৰ মনত সন্দেহ বঢ়াইছে৷ সেই সন্দেহ মনত লৈয়েই হয়তো সমীৰণে সিদিনা মোক মৃত উপত্যকাটোলৈ লৈ গৈছিল৷ ওখ ওখ ঘৰবোৰৰ ভিৰত চেপা খাই থকা পঁচাশী বছৰ গৰকা প্ৰাথমিক বিদ্যালয়খনৰ তলা নথকা দুৱাৰখন খুলি সমীৰণে মোক শ্ৰেণী কোঠালিৰ ভিতৰলৈ মাতিছিল৷ কোঠালিটোৰ জৰাজীৰ্ণ দেৱালবোৰত অমিতা আম ঈগলৰ অপৈণত হাতৰ ভালেখিনি ৰঙীন ছবি ওলমি আছিল৷

বেৰৰ ওপৰত সেইখন সমীৰণৰ ককাকৰ ফট’৷
’পেঞ্চন নোপোৱা মুক্তি যুঁজাৰুৰ ফট’৷
সমীৰণৰ মুখৰ কথাষাৰত মই বহু দূৰৈত ছিটিকি পৰিলোগৈ৷
’ৰাষ্ট্ৰযন্ত্ৰৰ খাটাত মোৰ ককাৰ নাম কোনোদিনেই লিপিবদ্ধ নহ’ল৷ যোৰহাট জেলত গড়মূৰীয়া গোসাঁইৰ লগত জেল খটা মানুহ আছিল এইজন৷’

ক’লা-বগা ফট’ত সমীৰণৰ ককাকৰ মুখখন অস্পষ্ট৷ মণ্ডলজনে খুলি দেখুওৱা সেই উৱলি যোৱা মেপখনৰ দৰে৷
মণ্ডলৰ মেপত সমীৰণৰ ককাহঁতে গঢ়া এই স্কুলখনৰ উল্লেখ নাই৷ সেই স্থানত এখন চৰকাৰী নেমুটেঙা প্ৰকল্পৰ স্থান চিহ্নিত কৰা হৈছিল৷
লেপটপৰ স্ক্ৰীনৰ পোহৰে কোঠাটো পোহৰাইছে৷ স্ক্ৰীনত ওলমি থকা ইংৰাজী আখৰবোৰে শূন্যতাৰ আচ্ছাদন হৈ মোক আৱৰি ধৰিছে৷ চতিয়না জোপাৰ কাষেদি যোৱা বাটটো মই ঘনাই দেখা পাওঁ৷ দীঘল বাটটো গৈ এখন অগাইধনী কাঠনিত শেষ হৈছেগৈ৷
বান্ধি থোৱা আলিটোৱেদি সকলো গৈ আছে৷
সেই ডেকা পুলিচ বিষয়াজন?
যি কোনো কথাই খুলি নক’লে৷ মাথোঁ ইংগিতেৰে কূটনৈতিক ভাষাত প্ৰত্যুত্তৰ৷ মোক সমুখত বহুৱাই তেওঁ মিচিকিয়াই হাঁহিলে আৰু কামৰ অগ্ৰগতিৰ খবৰ ৰাখিলে৷
পুলিচজনে মোক একেটা বাটৰ কথাকেই ক’লে৷
আনহাতে চাৰ্কোল অফিচাৰজনক মই এটা পৃষ্ঠভূমিৰ কথা সুধিব বিচাৰিছিলো৷ তেওঁৰ মোৰ কথা শুনাৰ ধৈৰ্যকণো নাছিল৷ এই মানুহখিনি ক’ৰ পৰা কেনেদৰে আহিছিল কেতিয়া আহিছিল এই কথাবোৰ এটা সিদ্ধান্তত উপনীত হোৱাৰ পূৰ্বে আমি জনা উচিত৷ সেই পৃষ্ঠভূমিতো আমি জানি নল’ম জানো?
চাৰ্কোল অফিচাৰজনে উদাসীন ভাৱ এটাৰে মোলৈ চালে আৰু টেবুলত পৰি থকা অন্য এটা ফাইলত খচখচকৈ দস্তখত কৰাত ব্যস্ত হৈ পৰিল৷
মণ্ডল এজন কোঠালিটোলৈ সোমাই আহি মোৰ সমুখত এখন উৱলা প্ৰাচীন মানচিত্ৰ মেলি ধৰিলে৷ তেওঁ হাতৰ আঙুলিৰে এডাল সীমাৰেখা দেখুৱালে৷ এটা বাটে সেই সীমা থিৰ কৰিছে৷
’এই বাটটোতেই সেই সীমা৷ তাৰ পৰা এক ইঞ্চিও ইফাল-সিফাল নহ’ব৷’ চাৰ্কোল অফিচাৰজনে হঠাতে দস্তখত কৰিবলৈ এৰি শেষ সিদ্ধান্তটো শুনাই দিলে৷
এই বাটটো কেতিয়া কোনে গঢ়িছিল সেইবোৰ কথাও জনাটো জৰুৰী নহয়জানো? এই কথাষাৰ সোধাৰ বাবেও মোক সময় দিয়া নহ’ল৷ কাগজ-কলম সামৰি মই ওলাই আহিলোঁ৷
উৱলি যোৱা মানচিত্ৰখন মোৰ দুচকুত ওলমি থাকিল৷ সেইখনৰ চাৰিওটা চুকেই ফটা৷ সুন্দৰ পাকলগা হাতৰ আখৰবোৰো অস্পষ্ট প্ৰায়৷ সযতনেৰে মণ্ডলজনে মপেখন সামৰি-সুতৰি ফাইলৰ মাজত জাপি থৈ দিলে৷
উপনিৱেশিক যুগৰ সেই মানচিত্ৰখন কাতি-আঘোণৰ বলধ গৰু বন্ধা এটা খুটি৷ এৰা ছিগা সময়ক বান্ধি লৈ এনেদৰেই গোলামীৰ শপতনামা প্ৰস্তুত কৰা হয়? শাৰী পাতি এটা এটাকৈ মানুহবোৰৰ দস্তখত লোৱা হয়৷ একোটা দস্তখত বহু চৰ্তৰ বাঘজাল৷ জালৰ ভিতৰত কেৱল গুজৰি-গুমৰি থাকিবহে পাৰি৷ তেন্তে দস্তখত মানেই আত্মসমৰ্পণ?
সেই চাৰ্কোল অফিচাৰজনে ফাইলত খচখচকৈ মৰা দস্তখতবোৰ?

তাততো আত্মসমৰ্পণৰ অসহায়তা নাই বৰঞ্চ এক আৰোপিত অহমিকা৷ তাতেই চগাৰ দৰে আহি সময়বোৰ জাহ গৈছে নেকি?
সীমাৰেখাৰ ধাৰণাটোক ককাই মোৰ মনৰ পৰা চিৰদিনৰ বাবে মচি দিবলৈ চেষ্টা কৰিছিল৷ জীৱিকাৰ বেহুত এতিয়া মোৰ এইবোৰ বিষয়ৰ লগতেই সহবাস৷ বক্ৰ উলম্ব নতুবা সমানপুাতিক ভালেমান সৰু-বৰ ৰেখাৰ এক বেহু সাজি দিয়া হৈছে আৰু কোৱা হৈছে আমাৰ ভাগটো ইয়াৰ মাজৰ পৰাই উলিয়াই দিয়া৷

শৈশৱৰ সেই পুৰণি এল পেটাৰ্ণৰ ঘৰটোৰ কোনো পৰিসীমা নাছিল৷ সীমাৰ নামত এডাল জেওঁৰা খুঁটি পুতিবলৈও নিদিয়া ককাই বৰঞ্চ মোৰ মনত এটা নতুন ধাৰণাক জীয়ন দিছিল৷ ককাৰ কথাবোৰক মোৰ অনতি দূৰৈৰ গটঙা চাহ বাগিছাৰ ছাঁ-গছবোৰত জাকপাতি পৰি কোৰ্হাল কৰি থকা ভাটৌ চৰাইবোৰৰ দৰে লাগিছিল৷
সিদিনা সমীৰণে মোক স্পষ্টকৈ কৈছিল আপোনাৰ প্ৰতিবেদনে আমাৰ জীয়া সত্যবোৰকো ঢুকি পাব জানো? আপোনাৰ মনে চুব পৰা কথাখিনিয়েই জানো ৰিপ’টৰ্ৰ ভাষা হ’ব?

মোৰ লগত সি ভালেমান দিন ধৰি গাওঁবোৰ ঘূৰিছে৷ সৰু-সৰু জুপুৰিবোৰৰ অন্ধকাৰ ভিতৰভাগলৈ সমীৰণেই মোক আগে আগে লৈ গৈছে৷ সেয়ে মোক সি বুজিছে আৰু এনে এটা পোনপতীয়া প্ৰশ্ন কৰি পেলাইছে৷
চাৰিআলিৰ চুকত থিয় দি আড্ডাত মচগুল উদঙীয়া ডেকাজাকটোৰ মাজৰ এটাই এদিন ঘপহকৈ মোক এটা প্ৰশ্ন সুধি দিলে৷ আমাৰ অস্তিত্বক কেন্দ্ৰ কৰি ইমান ব্যস্ত এওঁলোক বাৰু কাৰ শিকাৰু সৈন্য আপুনি মুখ ফুটাই ক’ব পাৰিবনে মহাশয়?
মোৰ হাতৰ কলম থমকি ৰৈছিল৷ সৰু নোট বহীখনত মই সিহঁতৰ মুখৰ কথাবোৰকেই তেতিয়া টুকি আছিলোঁ৷
সিহঁতৰ গাৰ কাষেদিয়েই সেই একৰঙী পতাকাৰ ঢৌ পাৰ হৈ গৈছে৷ সিহঁতেসেই ভিৰলৈ কেৰেপেই কৰা নাছিল৷ বহু ঈশ্বৰৰ মুখাবোৰ পিন্ধি সিদিনা ভিৰটো ওলাইছিল৷
সেইদিনা জাকৰ মাজৰ ডেকাটোৱে মোক মুখ খুলি ভালেমান কথা ক’বলৈ বিচাৰিছিল৷ আচৰিতভাৱে মোৰ পৰা কোনো প্ৰত্যুত্তৰ আশা সি ৰখা নাছিল৷
মহাশয় পতাকা আমাৰো থাকিব পাৰে৷ আমিও বাচি ল’ব নোৱাৰো জানো নিজাকৈ এটা ৰঙ আৰু সেইৰঙী শত সহস পতাকা উৰুৱাই আমিও সময়ৰ দখলদাৰিত্ব সাব্যস্ত কৰিব নোৱাৰো জানো?
কিন্তু তাৰ পিছত?
এই পোৱা-নোপোৱাৰ সঠিক হিচাপটো কৰা হৈছেনে?
ল’ৰাজনৰ কথাবোৰ মোৰ কাষতে থিয় হৈ সমীৰণে নীৰৱে শুনি আছিল৷ বিষাদ নে উৎকণ্ঠাত মোৰ মনটো আছন্ন হৈ পৰিছিল৷ তেতিয়াই মই সমীৰণক বাটটোৰ এমূৰত থকা ওখ টিলাটো ওপৰত গৈ বহাৰ প্ৰস্তাৱ দিছিলোঁ৷ সন্ধিয়া বেলাত আকাশৰ টুকুৰা ডাৱৰবোৰ ৰঙচুৱা৷ মোৰ মনটোৰ সৈতে এই আকাশখনৰ কোনো সাদৃশ্য নাছিল৷
সমীৰণে পকেটৰ পৰা এখিলা কাগজ মোৰ সমুখত দাঙি ধৰিছে৷
এই কথাবোৰৰ মানে কি? সমীৰণহঁতে একো উৱাদিহেই পোৱা নাছিল৷
কোনোবাই খৰকৈ দস্তখত কৰি পঠিয়াই দিয়া চৰ্তনামাখনৰ পৰা ওলোৱা গোন্ধটোৱে হয়তো সমীৰণকো চিন্তাত পেলাইছে৷ একেটা গোন্ধই বহুতকে উদ্‌বাউলো কৰিছে৷
আচলতে সিহঁতক অতি সোনকালেই ওলোটাই ওলোমাই বন্ধা হ’ব৷ তাৰ পিছত ডিমাপুৰৰ বজাৰত জুইত সেকি ৰঙা হৈ থকা মাংসৰ টুকুৰাৰ দৰে সিহঁতক তণ্ডুৰ কৰা হ’ব৷ সিহঁতে গুজৰি-গুমৰি কিবা-কিবি ক’বলৈ হয়তোবা চেষ্টাও কৰিব৷ কিন্তু সিহঁতৰ মুখৰ আকুতিবোৰ চতিয়ানাজোপাৰ কাষৰ বাটটোৱেদি গৈ সেই গেজপেনি মৰা কাঠনিখনতে হেৰাই যাব৷
কাঠনিখনৰ সিপাৰৰ কাহিনীবোৰ এনেদৰে কওঁ বুলিয়েই কৈ পেলাব পৰা নাযায়৷ থাওক৷
সমীৰণে দূৰৈৰ সি নিজ হাতেৰে গঢ়া চাহৰ বাগানখনলৈকে চাই আছে৷ পুলিবোৰ দুবছৰীয়া হৈছেহে৷ এটা হেৰুৱাৰ নিশ্চয়তাই সমীৰণৰ মনত পোখা মেলিছিল নেকি?
ঠিক তেতিয়াই তাক মোৰ ককাৰ মুখত শতবাৰ শুনা সিন্ধি খন্দা চোৰৰ কাহিনীটো শুনোৱাৰ তীব্ৰ ইচ্ছা হ’ল৷
ককাৰ মুখত সিন্ধি খন্দা চোৰৰ কাহিনীটো বাৰে বাৰে শুনিও মই আমনি নাপাইছিলোঁ৷ প্ৰত্যেকবোৰেই ককাই বেচ ৰস লগাই কাহিনীটো মোক কৈছিল আৰু ময়ো একে আগ্ৰহেৰে ককাৰ মুখলৈ চাই কাহিনীটো শুনিছিলো৷
সমীৰণক মই পুতাই চোৰৰ কাহিনী শুনাইছো৷ অতদিনে মুখ বাগৰি অহা পুতাই নামৰ চৰিত্ৰটোৰ গাত কল্পনাৰো কত ৰহণ পৰিল৷ কিন্তু চৰিত্ৰটোক মৰিবলৈ দিয়া নহ’ল৷ এই কাহিনীটোও লাও এটাৰ ভিতৰত সোমাই বাগৰি বাগৰি আহি আছে৷
দিনৰ দিনটো টলৌ টলৌকৈ গাওঁখন ঘূৰি সিন্ধি চোৰে পুলিচৰ দৰে চৰজমিন তদন্ত চলায় আৰু ৰাতিলৈ কামত ধৰে৷ গোটেই গাওঁখনৰ বাবেই সি ৰসাল অথচ সন্দেহেৰে আবৃত্ত এটা চৰিত্ৰ৷ ককাহঁতৰ ঘৰত দিনতে হাজিৰ হৈ আইতাৰ হাতেৰে গুড়ৰ লগত চাহটোপা খাই পুতাই গায়ব৷ মাজৰাতিলৈ সি যি পিৰালিত বহি দিনতে চাহ খাই গ’ল তাতেই কোৰৰ প্ৰথমটো চাব মাৰিলে৷ ককাহঁতৰ পাকঘৰটোতেই যতমানে কাঁহ-পিতলৰ টৌ-কেৰাহি৷
এন্দুৰে গাত খন্দাৰ দৰে সিন্ধি খান্দি গৈ গৈ চোৰটো পাকঘৰৰ ভিতৰ সোমালগৈ থিকেই কিন্তু পিতল-কাঁহৰ বাচন-বতৰ্নবোৰহে নাপালে৷ ৰাতি শোৱাপৰতে ককা-আইতাই সমূহ সাঁচতীয়া সম্পত্তি নি শোৱনি কোঠাত থৈছিলগৈ৷
সিন্ধিচোৰ আশাহত হ’ল৷ খঙৰ ভমকতে সি পাকঘৰত ওলোমাই থোৱা ম’হৰ দৈৰ গোটেইটো টেকেলি খাই দপদপাই ওলাই গ’ল৷
ককাই কাহিনীটো কৈ ভালেমান পৰ অকলে অকলে ৰস লৈ হাঁহে আৰু তাৰপিছত ককাৰ মুখখনত এটা গহীন ভাৱে আহি ভিৰ কৰা মই লক্ষ্য কৰিছিলোঁ৷
সমীৰণে সেইদিনা নিতাল মাৰি মোৰ মুখৰ কাহিনী শুনিছিল৷ সি মোক একো প্ৰতিক্ৰিয়াই নিদিলে৷ তেতিয়া সাজ লাগি ভাগিল টিলাটোৰ ওপৰৰ আন্ধাৰখিনিও তেতিয়ালৈ জয়াল হৈ পৰিছিল৷

নোট-বহীখনৰ পৃষ্ঠাবোৰ একা-বেঁকা হাতৰ আখৰেৰে মই ভৰাই পেলাইছোঁ৷ সমীৰণৰ ভাষাত-এইবোৰেই জীয়া কথা যিবোৰক পোহৰৰ মুখ দেখিবলৈ দিয়া নহয়৷
প্ৰস্তুত কৰি থকা প্ৰতিবেদনখনৰ কাম প্ৰায় চমুৱাই আনিছো৷ প্ৰিণ্টাৰটোৰ পৰা যিবোৰ ৰঙীন প্ৰিণ্ট-আউট ওলাব তাত থাকিবনে সেই গোন্ধাই থকা চৰ্তনামাৰ ভাষাবোৰ? নে তিৰবিৰাই থকা দুচকুত জাহ যোৱা কথাবোৰ?
সেইবোৰ কথা সমীৰণহঁতে মোৰ পৰা জনাৰ আগ্ৰহ লাহে লাহে হেৰুৱাই পেলাইছে৷
ঘটি থকা ঘটনাবোৰে সিহঁতক বাৰুকৈয়ে উত্তেজিত কৰিছে আৰু তাক কেন্দ্ৰ কৰি সিহঁত ক্ৰমাত সু-সংগঠিত হৈছে৷ চাৰিআলিৰ সেই ডেকেৰুৱা আড্ডাটো আজিকালি প্ৰায়েই দেখিবলৈ পোৱা নাযায়৷
এজন নেতা সমীৰণহঁত কাষ চাপি আহিছে৷ তেওঁ সিহঁতক এতিয়া নেতৃত্ব দিব৷
বৃহৎ প্ৰতিবেদনৰ অতবোৰ পৃষ্ঠাৰ প্ৰিণ্ট-আউট দিওঁতে প্ৰিণ্টাৰটোৱে বৰকৈ শব্দ কৰিছে৷ দুটামান ৰঙীণ পৃষ্ঠাৰ প্ৰিণ্টৰ পিছতে প্ৰিণ্টাৰটো কেইটামান মুহূৰ্তৰ বাবে ৰৈ গৈছে আকৌ শব্দ কৰি চলন্ত হৈছে৷

জ্যামিতিক পাইচিত্ৰ সম্বলিত পৃষ্ঠাবোৰ লাহে লাহে ওলাই আহিছে৷ সেই পৃষ্ঠাবোৰত জনগাঁথনিৰ ৰূপৰেখা এটা প্ৰস্তুত কৰা হৈছে আৰু তাৰ ভিত্তিত পৰৱৰ্তী পেৰাগ্ৰাফতে আলোচিত হৈছে পৰিৱৰ্তিত জনগাঁথনিৰ স্বৰূপটো৷
এটা এটাকৈ পৃষ্ঠাবোৰ প্ৰিণ্টাৰ যন্ত্ৰটোৱে বাহিৰলৈ মুকলি কৰি দিছে৷ দীঘল দীঘল পেৰাগ্ৰাফত লিখা সেইখিনি মোৰ মনৰ ভীতি আৰু আশংকাৰ কথন৷ চতিয়নাজোপাৰ তলেদি দীঘল বাটটোৱেদি গৈ থকা ধূসৰিত মুখবোৰৰ কথন৷ ধূলি আৰু ছাঁইৰ বাহিৰে কি আছে এই পথত?
এই পৃষ্ঠাবোৰ পঢ়িবলৈ সমীৰণ এতিয়া মোৰ কাষত নাই৷ এই পেৰাগ্ৰাফ কেইটা সি পঢ়াটো জৰুৰী আছিল বুলি মই ভাবিছো৷
প্ৰিণ্টাৰ যন্ত্ৰটোৰ পৰা অহৰহ ঢৌ বাগৰিছে৷ ফেনিল ঢৌ৷
সমীৰণহঁতো সেই ঢৌ হৈয়েই উভতিব নেকি?
সহস্ৰ একৰঙী পতাকাৰ ঢৌ? যি সমুদ্ৰত বিচাৰি পোৱা নাযাব দ্বিতীয়টো ৰঙৰ অস্তিত্ব৷
অৱশেষত সমীৰণহঁতকো এটা ৰং বাচি ল’বলৈ যেতিয়া কোৱা হ’ব আৰু সিহঁতে হাতত নিজা ৰং তুলি ল’ব তেতিয়া সেই নীলা সাগৰখনত অস্থিৰ হৈ ওপঙি থকা বুঢীমানুহজনীৰ দুয়োটা চকু সিহঁতে দেখা পাবনে? সেই দুটা চকুৱে এতিয়াও যে নদীৰ বালিত চিকমিকাই খকা কাচৰ চলং খেপিয়াই ফুৰে৷
এটা ঢৌ হৈ সমীৰণহঁত ক’ত ৰ’বগৈ মই নাজানো৷ তেতিয়ালৈ অন্য এটা ঢৌৱে মোক বহুদূৰ আঁতৰাই লৈ যাব৷ ঢৌবোৰে দখল কৰি ল’ব মোৰ সপোনাৰ একক জগতখনক৷
পিছে এই ঢৌৰ মাজত মই নিজক হেৰুৱাবও নোৱাৰোঁ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments