ঢেঁকীয়াৰ চহৰ আৰু আকাশৰ আধা অঁ‌কা ছবিখন- (জয়ন্ত আকাশ বৰ্মন)

মৰা গছৰ শিপাত বহি সদায় মই এই নদীৰ এই ঘাটৰ সান্ধ্য বিভাসত হেৰাই যাওঁ‌! চকুৰ আগৰ নৈখনে কিছুদূৰলৈ মোৰ দৃষ্টিক উটুৱাই লৈ গৈ কৃষ্ণবৰ্ণা হৈ অহা সেউজীয়া পাহাৰখনিত এৰি আঁ‌তৰি যায়৷ স্তিমিত সূৰুযেৰে আকাশখন নামি আহে৷ মাটিৰ কজলাখিনিয়ে সেই সূৰুয শুহি লয়৷
মূৰৰ ওপৰত ডাল ভৰি চৰাইৰ কিচিৰ মিচিৰ গান; – মা আহিলি? দেউতা আহিলি? মোক দে মোক দে মোক দে, ফৰিংটো মোৰ ঠোঁটত সোমাই দে৷ মোৰ ভোক লাগিছে৷ দিছো ৰ’হ, দিছোঁ‌ ৰ’হ৷ অকমান ধৈৰ্য ধৰ৷ পাখিখন জপাই লব দে৷ নাই নাই৷ টোপনি ধৰিছে৷ টোপনি ধৰিছে৷ আজি এডাল বদমাছ সাপ আহিছিল, মই খোৰোঙৰ ভিতৰত সোমায়েই থাকিলোঁ! মা মা, কাইলৈ ময়ো তোৰ লগত উৰিব যাম৷ এয়া চা, এয়া চা৷ মোৰ পাখি গজিছে৷ কালি মই আকাশত উৰি যাম৷ দেউতা দেউতা, মোলৈ কি আনিলি কি আনিলি? মাছ এটা পালি নে? মাছ এটা পালি নে? দাদাই আজি মোক ঠোঁটেৰে খুটিলে, ঠোঁটেৰে খুটিলে …
এটা সময়ত সন্ধিয়াটো আগবাঢ়ি ৰাতিৰ গৰ্ভাশয়ত চৰাইৰ মাতবোৰো সামৰি-সুতৰি থয়৷ নৈৰ সিপাৰৰ বননিৰ মাজে-মাজে এটি-দুটি জোনাকী পৰুৱাৰ ভাস্বৰ উৰন্ত কায়াবোৰ লাহে-লাহে উজ্জ্বলতৰ হৈ আহে৷ নৈৰ সিটো পাৰৰ ৰাষ্টাটোৰে চাইকেল এখন পাৰ হৈ যায়৷ চাইকেলৰ জুনুক টিলিঙাৰ শব্দটোৱে অন্তিম পোহৰখিনিক এন্ধাৰৰ গিলিপ পিন্ধাই যায়৷

নৈ পাৰৰ এই ঠাইখিনি মোৰ প্ৰিয় পৃথিৱী৷ কিছুদিন আগৰ দুপৰীয়াৰ ক্ষণ৷ এই নৈৰ পাৰৰ সেই জাৰণিটোত এজনী তিৰোতাই ঢেঁকীয়া বুটলি আছিল৷ ক্ষীণ, ওখ সুগঢ়ী তিৰোতা জনীৰ কাষত চাৰি-পাঁচবচৰীয়া তাইৰ সন্তানটোৱে বনফুল এজোপাৰ বেগুনীয়া ফুলবোৰ চুই আছিল৷ শিশুটো ৰূগীয়া যেন লাগিছিল৷ ৰঙা মেখেলা এখনেৰে সেউজীয়া ঢেঁকীয়াতলীত তাইক কোনো ইম্প্ৰেচনিষ্ট শিল্পী এজনৰ এক অপূৰ্ব চিত্ৰ যেন দেখাইছিল৷ মুখখন আছিল তাইৰ শেঁতা৷ ক্ষীণ হাতৰ আঙুলিৰে তাই কুণ্ডলী পকোৱা কুমলীয়া ঢেঁকীয়াৰ আগবোৰ চিঙিছিল৷ দুই আঙুলিৰ মাজেৰে ওলাই থকা ঢেকীয়াৰ আগৰ সেউজীয়া সৰ্পিল ঘোৰটো এক অপাৰ্থিব বিমূৰ্ত চিত্ৰ যেন লাগিছিল৷ ঢেঁকীয়াৰ আগটো নখেৰে চিঙোতে হোৱা থুনুককৈ শব্দটো বতাহৰ স’তে মিলি উটি আহি মোৰ বুকুতেই লাগিছিল৷ শিশুটোৱে ওচৰত আপোনমনে বনফুল চিগিছিল৷ এনেতে নদীত এটা শব্দ হৈছিল৷ নৈৰ পানীত শিহু এটা জপিয়াই উঠি আকৌ পানীত ডুব মাৰিছিল৷ তেতিয়াই তাই মোক দেখা পালে৷ ল’ৰাটোক কোলাত তুলি ভীত সন্ত্ৰস্ত হৰিণীজনীৰ দৰে তাই খৰ খোজেৰে গুচি গ’ল …

সময়খিনি মোৰ মনে শোষণ কৰি লৈছিল৷ আৰু, মই গুচি আহিছিলোঁ এখন ছবি আঁ‌কিম বুলি৷ কিমানদিন যে এখন ছবি অঁ‌কা হোৱা নাই! , কিমান দিন যে হৃদয়ত সৃষ্টিৰ তাড়না এটা জগা নাই! ! ! মাথোঁ আনৰ নিৰ্দেশত আঁ‌কি গৈছোঁ একোখনি প’ৰ্ট্ৰে’ট! তাৰ বিনিময়ত টকা দুটামান পাইছোঁ, আৰু তাৰেই জীৱনটোৰ জোৰা-টাপলি মাৰি চলি আছে৷ নিজৰ অন্তৰৰ প’ৰ্ট্ৰে’ট ক্ৰমশঃ নিৰাকাৰ হৈ গৈ আছে …

জীৱন বৰুৱা৷ নিসংগ, ৰিটায়াৰ্ড পুলিচ অফিচাৰ জীৱন বৰুৱা আৰু মই এই নদীৰ পাৰতেই এদিন বন্ধু হৈ পৰিলোঁ৷ মৰা গছজোপাৰ শিপাত বহি মই আকাশলে’ চাই আছিলোঁ, দুচপৰা মেঘ পশ্চিমলৈ উৰি গৈ আছিল আকাশেৰে৷ অলপ গৈয়েই দুয়ো এক হৈ পৰিল৷ এখন সাগৰৰ ৰূপ ল’লে সমবেত মেঘখিনিয়ে, উত্তাল-ফেনিল ঢৌৰে এখন শুকুলা সাগৰ! আকাশৰ পৰা দৃষ্টি ফিৰাই আনি ওচৰত চাওঁ‌তে দেখিলোঁ, মোৰ পিছফালে এজন মানুহ; ওখ, কিছু শকত, কেঁচা-পকা দাঢ়িৰে৷ হাতখন আগবঢ়াই মানুহজনে ক’লে-’মই জীৱন বৰুৱা৷ সিমূৰৰ সৌ ঘৰটোত থাকোঁ‌৷ ইয়াত প্ৰায়ে আপোনাক দেখোঁ‌৷ ’ ময়ো হাতখন আগবঢ়াই দিলোঁ‌-মই আকাশ৷ এই চহৰতেই থাকোঁ‌৷
জীৱন বৰুৱা নদীখনৰ পৰা কিছু আতঁ‌ৰত এটা প্ৰকাণ্ড ঘৰত অকলে থাকে৷ আচল ঘৰ ইয়াত নহয়, অসমৰ সীমামুৰীয়া জিলা এখনত তেখেতৰ ঘৰ৷ চাকৰি কালৰ শেষৰ ফালে কেটামান বছৰ ইয়াতো কৰ্মনিবাহ কৰিছিল৷ তেতিয়াই এই ঘৰটো কিনি থৈছিল৷ অৱসৰ গ্ৰহণ কৰা দুবছৰ হৈছে৷ তেতিয়াৰ পৰাই তেখেত ইয়াতেই আছে৷ ঘৈনীয়েক ঢুকাইছে কিছুবছৰ আগতে৷ একমাত্ৰ ল’ৰা আমৰিকাত থাকে, তাতেই পৰিয়াল, তাতেই চেটেলদ্৷ বছৰ বা দুবছৰত এবাৰ দেউতাকক লগ কৰিবলৈ অসমলৈ আহে৷

জীৱন বৰুৱাৰ বিশাল ঘৰটো লাহে-লাহে আমাৰ আড্ডা থলীলৈ ৰূপান্তৰ হৈছিল৷ ফেঁচা এটা বাস কৰিছিল তেখেতৰ ঘৰৰ চিলিঙত৷ এদিন ৰাতি আমি যেতিয়া তেখেতৰ ঘৰত দবা খেলি আছিলোঁ, তেতিয়া আমাৰ পিচফালৰ খোলা খিৰিকিখনেৰে এডাল বিষাক্ত সাপ সোমাই আহিছিল৷ মই ভয়ত চিঞৰি উঠিছিলোঁ! হাঁহি-হাঁহি জীৱন বৰুৱাই কৈছিল, ভয় নকৰিবা আকাশ, ই তোমাক একো নকৰে৷ ই মোৰ লগতেই ঘৰ পাতি লৈছে আজিকালি৷ খুঁটিব লাগিলে ই মোকহে এদিন খুঁটিব৷ তুমি চিন্তা নকৰিবা! ! ! সাপটো সোমাই আহি বৰুৱাৰ দ্ৰয়িং ৰূমৰ দেৱালত আঁ‌ৰি থোৱা বিশাল পেইণ্টিং খনৰ পিছফালে কুণ্ডলী পকাই সোমাই থাকিল৷ পেইণ্টিং খন জীৱন বৰুৱাৰ পৰ্ট্ৰে’ট৷ উদ্ধত মোঁচকোচাৰে পুলিচী পোচাকত তেখেতৰ এখন তৈলচিত্ৰ৷

মোৰ কিবা এটা ভাল লগা নাছিল৷ কিন্তু তাৰ আগতেই জীৱন বৰুৱাই হো-হোৱাই হাঁহি দিছিল৷ আমি পুনৰ দবা খেলাত লাগিছিলোঁ৷ কেতিয়াবা কেতিয়াবা আমি গানৰ মজলিচত বঅহিছিলোঁ৷ ঘৰুৱা সহায়কাৰী ল’ৰা গিৰিধৰে চাহ-পানী যতনাই দি নিজেও আমাৰ লগত বহে৷ মাজে-মাজে ’জীৱন ৰে জীৱন ৰে, জীৱন চাৰিয়া নাযাইস ৰে …’ বুলি সি অন্তৰৰ গহীন কোণৰ পৰাই গায়; আমাৰ মন প্ৰাণ ভৰি যায়৷ গানৰ মাজে-মাজে জীৱনদা(তেখেতে দাদা বুলিয়েই মাতিব কৈছে) চাকৰি কালৰ ৰসাল, ৰোমাঞ্চকৰ অভিজ্ঞতাৰ বন্যা৷ মদৰ ঘাটি উচ্ছেদ কৰাৰ কাহিনী, সন্ত্ৰাসবাদীৰ পিচে-পিচে খালি এ .কে . ৪৭ লৈ দৌৰাৰ মাৰাত্মক কাহিনী, ড্ৰাগছ্ সৰবৰাহ চক্ৰ উৎখাতৰ কাহিনী আৰু …

এদিন গিৰিধৰ আৰু মই ৰাষ্টাৰে আহি থাকোঁতে বাটত এজন মানুহ পৰি থকা দেখিলোঁ৷ আলিৰ দাঁতিত মানুহজন বেহুচ হৈ পৰি আছিল৷ আমি ওচৰলৈ গৈ দেখিলোঁ মদৰ নিচাই মানুহজনক গ্ৰাস কৰি ধৰিছে৷ গিৰিধৰে ক’লে- “আউ! এয়াচোন ঘানা আলি৷ ! !”

তাক উঠাই আমি জীৱন বৰুৱাৰ ঘৰলৈ লৈ আহিলোঁ৷
ঘানা আলি আমাৰ অঞ্চলৰ থানাখনৰ এজন কনিষ্টবল৷ মূৰত পানী ঢালি-ঢালি গিৰিধৰে ক’লে- ই জাব্ৰা মদাহী৷ এতিয়ালৈ কিমানবাৰ যে ইয়াৰ চাচপেঞ্চন হ’ল! ! ! তথাপি ভাল নহ’ল ই৷ মদ খাই, জুৱা খেলি ঘূৰি ফুৰিব৷ ’
চকুত পানী পাই ঘানা আলিৰ সামান্য তত আহিল৷ আৰু আমাক ‘থেংক ইউ’ বুলি নমস্কাৰ এটা কৰি উঠি গুচি গ’ল৷ মই কৈছিলোঁ-

‘থৈ অহিমগে’ নেকি ঘৰত? ’
‘এই ঘানাই বাৎসাৰ পৰাই মদ খাইছে৷ মানুহে সিমান পানীও খোৱা নাই৷ কেতিয়াও আউট নহয়৷ ন’ নিড৷ মই যাব পাৰিম৷ ’- থৰক- বৰক কৈ সি ঘৰলৈ খোজ ল’লে৷
গিৰিধৰে হাঁহিলে, ময়ো৷ গিৰিধৰে ক’লে-লাভ না কৈ৷ সি তেনেকুৱাই৷ ঘৰত ঘৈনীয়েকে তাক এতিয়া আচলি ৰঙা ঘোঁৰা দেখুৱাব৷
জীৱন বৰুৱা আজি কালি কিছুমান সামাজিক কামৰ লগত জড়িত হৈ পৰিছে৷ এটা ফুটবল দল খুলিছে৷ নিজে মেনেজাৰৰ দায়িত্ব লৈছে৷ ঘৰ আহি পাওঁ‌তে ৰাতি দেৰি হয়৷ তদুপৰি চহৰখনত তেখেতে এটা পৰিবেশ সজাগতামূলক সংঘও খুলিছিল৷

টিউছন কেইটা কৰি আজৰি হৈ মই তেখেতৰ ঘৰলৈ যাওঁ‌৷ গিৰিধৰৰ গান শুনো৷ আগতে অলপ-অচৰপ গীটাৰ বজাইছিলোঁ৷ গিৰিধৰৰ লগত সংগত কৰোঁ৷ নিশা আহি ঘৰত আধা অঁ‌কা ছবিখন আঁ‌কো, ৰুগীয়া শিশু সন্তানটিৰ স’তে নৈৰ পাৰত ঢেঁকীয়া বুটলি থকা ধুনীয়া তিৰোতাগৰাকীৰ ছবিখন৷ সম্পূৰ্ণ নহয়, শেঁতা মুখত দুচকুৰ সেই বিষাদ-কাতৰ অভিব্যক্তি তাইৰ চকুত সানিব নোৱৰোঁ, আধা অঁ‌কা ছবিখনৰ স’তেই মই শুই যাওঁ‌৷ নিস্ফল প্ৰয়াসৰ যন্ত্ৰনাই মোক মাৰি থৈ যায়৷

জীৱন বৰুৱাৰ ঘৰলৈ পিছদিনা ৰাতি ঘানা আলি আহিল৷ মোক থেংক ইউ দিলে৷ মূৰত আঘাতৰ চিন৷ মই সুধিলোঁ- মূৰত কি হ’ল? সি ক’লে-নাই পৰিছিলোঁ৷ গিৰিধৰে জোকালে-ঘৈনীয়েৰাই পিতিলে ন? লাজ কিয় কৰিছ ক’বলে?
আমি তিনিওটাই আজি কালি আড্ডা দিব ল’লো, জীৱন বৰুৱা চাৰে ঘৰৰ চাবি এপাত মোক দি দিছিল৷ বেছিভাগ সময় ঘানা আলিয়ে নিচাত টং হৈয়েই আহে৷ মাজে-মাজে সিও আমাৰ লগত বেসুৰাকৈ গীয় গায়৷ কেতিয়াবা ঘৰত টান পৰিছে বুলি জীৱন বৰুৱা চাৰৰ পৰা এশ-দুশ টকা খুজি নিয়ে৷ ঘৰ পোৱাৰ আগতেই সি সেইখিনি মদৰ ঘাটি এটাত শেষ কৰে৷
দুদিন পিছত আকৌ আহে-মানুহজনীৰ গা বহুত বেয়া৷ চাৰ, টকা দুশ দিয়কচোন৷ ঔষধ নিব লাগিছিল৷ দৰমহাৰ টকা কাহনিবাই ঢুকাল৷ টকাখিনি লৈ সি বাহিৰে-বাহিৰে নাথৰ গুমটিৰ কাষেৰে পিচফালে সোমায় আৰু ধাণ্ডি-মুণ্ডা খেলি উৰাই ঠোঁট-মুখ চেলেকি গুচি যায়৷ গিৰিধৰে দেখা পাই আহি জীৱন বৰুৱাক জনায়৷
দুদিন পিচত সি আকৌ আহি ওলায়৷ টকা চাৰিশ লাগে, ল’ৰাৰ স্কুলত দিব লগা হৈছে৷ নহ’লে ৰিজাল্ট দিয়া নাই৷ টকা খিনি লৈ সি ৰাতি ৰেল লাইনৰ কাষৰ জুপুৰিত সোমায়৷ গিৰিধৰে এদিন দেখা পায়৷ গিৰিধৰে মোক জনায়৷ মদ খাই আহি এদিন ঘানা আলি আমাৰ ওচৰত ঢপকৈ বহে৷

মই সোধো- ঘানা দা, আপোনাৰ ঘৰত ঘৈনী আছে৷ তথাপিয়ো আপুনি কিয় ৰেল লাইনৰ মাইকীৰ ঘৰত ৰাতি কটায়? আপুনি আপোনাৰ ঘৈনীক মৰম নকৰেনে?

ঘানা আলিয়ে মোৰ চকুলৈ চায়৷ আৰু নিচাগ্ৰস্ত কণ্ঠেৰেই মোক কয়- ভালপোৱা আৰু সেইটো একে নহয়৷ বুজিলা? নাই বুজা যদি এদিন বুজিবা৷ ভালপোৱা সদায়েই ভালপোৱা৷ আৰু সেইবোৰ ক্ষন্তেকীয়া৷ -দাৰ্শনিক মাতেৰেই ঘানা আলিয়ে কয়৷

’যি কৰ কৰি থাক৷ কিন্তু প্ৰ’টেক্‌‌ছন লৈহে কৰিবি, বুজিলি? নহ’লে তয়ো মৰিবি, তোৰ ঘৈনীয়েৰাকো মাৰিবি৷ ’-গিৰিধৰে ভোৰভোৰায়৷

এমাহমান হ’ল ঘানা আলি আড্ডালৈ অহা নাছিল৷ চহৰখনত দুৰ্গা পূজাৰ আয়োজন চলিছিল৷ জীৱন বৰুৱা এখন দুৰ্গা পূজা আয়োজক সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল৷ সেইখন পূজাতেই এখনি সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছিল৷ গিৰিধৰে তাত এটা নিজে লিখা, গান গাব৷ মোক সুৰ কৰিবলৈ খাটনি ধৰিছিল৷ জীৱন বৰুৱাৰ স’তে লগ লাগি আমি গানটোৰ সুৰ কৰি আছিলোঁ৷ ’সেউজীয়া সুৰ গাব লওঁতেই, ৰাঙলী বেলিটি কিয়নো লুকালে, পূৱ আকাশলৈ নাও মেলোতেই, আশাৰ নদীখন কিয়নো শুকালে- ’

এনেতে ঢলং-পলং খোজেৰে ঘানা আলি সোমাই আহিল৷ আজি সি পুলিচৰ ইউনিফ’ৰ্মত আহিছে৷ আহিয়েই সি আমাৰ ওচৰত মাটিতেই বহি দিলে৷ হাতৰ লাঠীডাল জোকাৰি জোকাৰি সি ক’বলৈ ধৰিলে- ভাঙি দিছোঁ বাপ্পেকে তাৰ হেৰিয়া৷ হিজৰা বনাই দিছো কুকুৰক৷ চাল্লা কুত্তা, পিশাচ, নৰাধম৷ তাক মাৰিয়েই পেলালোঁহেতেঁন৷ নৰবধ মহাপাপ বুলিহে তাৰ জীউটো নল’লো

আমি আচৰিত হ’লো৷ গিৰিধৰে সুধিলে,
-কি হ’ল?

চাল্লা চুৱৰৰ বাৎসা, গেলা জাবৰ! ষোল্ল বছৰেই হোৱা নাই ছোৱালীজনীৰ৷ সন্ধিয়া স্কুলৰ মিটিঙৰ পৰা আহি আছিল৷ বাটত পাই কুত্তাই গাড়ীত উঠাই লৈ …! ! ! বেচেৰীজনীৰ কাপোৰ কানি ফালি সি …! ! ! মই দেখিলোঁ বুলিহে বাচিল ছোৱালীজনী৷ কোবাই গচকি তাক মই নপুংসক কৰি দিছোঁ চাল্লা৷

জীৱন বৰুৱা গহীন হৈ পৰিল৷ আমি উৎসুক৷ ভাগৰ আৰু নিচাত ঘানা আলি তেনেকৈয়েই টোপনি গ’ল৷ জীৱন বৰুৱাই নিজহাতে তাক তুলি বিছনাত শুৱাই দিলে৷ আৰু ‘মোৰ গাটো ভাল নহয়, ঘানাক চাবা’ বুলি আমাক কৈ নিজে শুবলৈ গ’ল৷

ৰাতি সিদিনা মই ঘানা আলিৰ লগতেই শুলো৷ মোৰ ৰূমলৈ নগ’লো৷ নিশা তিনিবজাত ঘানা আলিৰ নিচা ভাগিল৷ সি কান্দিব ধৰিলে৷ মই বিছনাত উঠি বহিলোঁ৷ ভেণ্টিলেটৰৰ মাজেৰে শেষ নিশাৰ জোনাক সোমাই আহিছে৷ জোনাকবোৰ ঘানাৰ মুখত আচাৰ খাই পৰিছে৷ মই তাক একো নুসুধিলোঁ৷ সিয়ো বিছনাত উঠি বহিল৷

সি মোক ক’লে, -আকাশ৷

‘কওঁক’-যথাসম্ভৱ আন্তৰিকতাৰেই মই ক’লো৷
চকুত তাৰ চকুপানী৷

‘মই জানো আকাশ, তুমি বুজি পাবা৷ তুমি অনুভৱী৷ ’

মই একো নকলোঁ৷ ঘানাৰ মুখলৈ চাই থাকিলোঁ৷

‘মই প্ৰেমত পৰিছোঁ আকাশ৷ মোৰ ঘৈনী আছে, ল’ৰা সন্তানো আছে৷ তথাপি মই আন এগৰাকীৰ প্ৰেমত পৰিছোঁ আকাশ৷ ’ এয়া ঘানা আলিৰ নতুন মুখ৷ ভিজা চকুৰে, অধোনমিত মুখেৰে৷
মই একো নক’লো৷ চাই থাকিলোঁ তেওঁৰ মুখলে’৷

স্বগতোক্তি কৰাৰ দৰেই ঘানা আলিয়ে কৈ গ’ল-“পাঁচবছৰমান আগতে তাইক কোনোবা পিশাচ এজনে ধৰ্ষণ কৰিছিল৷ তাইৰ কোনো নাছিল৷ বুঢ়ীমাক এজনীহে মাথোঁ আছিল৷ ভয়তে তাই কোৱা নাছিল৷ এদিন তাইৰ এটা ল’ৰা সন্তান জন্ম পাইছিল৷ আৰু সমাজৰ ইতিকিঙে তাইক কোঙা কৰি পেলাইছিল৷ সেয়েহে এদিন তাই ল’ৰাটো সাৱটি চহৰৰ এই মূৰৰ নিৰ্জন ঠাইখিনিলৈ গুচি আহিছিল৷ তাই নদীৰ পাৰৰ ঘৰ এটাত থাকে, মানুহৰ পৰা আতঁ‌ৰত৷ ঢেঁকীয়া, কলডিল আদি বিক্ৰী কৰি খায়৷ প্ৰথম এদিন নৈৰ পাৰত দেখিছিলোঁ তাইক৷ চিনাকি হৈছিলোঁ, তাইক সাহস দিলোঁ জীয়াই থকাৰ৷ মই দিয়া টকাখিনি তাই মোৰ মুখলৈ মাৰি পঠিয়াইছিল প্ৰথমদিনা৷ পিছতো কেতিয়াও মোৰ পৰা একো লোৱা নাই৷ মই তাইক ভাল পাই পেলালোঁ‌ আকাশ৷ মই তাইক শ্ৰদ্ধা কৰোঁ, মই তাইক চুবলে’ সাহস কৰিব নোৱাৰোঁ!

তাই অলপ বেলেগ আকাশ৷ তাই অলপ বেলেগ৷ মই কি কৰোঁ আকাশ? ”
মই একো নক’লো৷
ঘানা আলিয়ে উশাহ ল’লে, উশাহ নহয়, এক হুমুনিয়াহ৷

“আজি এজন ধৰ্ষণকাৰীক লগ পাই সেয়েহে তাক ফালি পেলালোঁ৷ নাজানো, কাইলৈ কি হয়! আজি সন্ধিয়া এজনী স্কুলীয়া ছাত্ৰীক ৰাস্তাত অকলে পাই বদমাছ কুকুৰনেচীয়াটোৱে গাড়ীত টানি উঠাই লৈ গৈছিল, আৰু নৈৰ পাৰত তাইৰ মুখত সোপা দি …

তেতিয়া মই তাইৰ ঘৰৰ পৰা উভতি আহি আছিলোঁ৷ মই ড্ৰেচত আছিলোঁ‌৷ তাক মই ফালি চিৰি পেলালোঁ‌৷ ছোৱালীজনীক ঘৰত থৈ আহিলোঁ‌৷ ঘানা ৰ’ল৷ মুখখন কৰুণ আৰু উত্তেজিত, একেসময়তেই৷
“আজি এমাহ মই মদ খোৱা নাই আকাশ৷ এতিয়া তায়েই মোৰ নিচা৷ আজি এমাহ মই জুৱা খেলা নাই, তায়েই মোৰ ভাগ্য এতিয়া৷ মই তাইক নোচোওঁ‌, কিন্তু মই জীম তাইৰ বাবেই এতিয়া৷ কোৱাচোন আকাশ, এনেকুৱা কিয় হয় মানুহৰ?”

ঘানা আলিৰ কথাবোৰ পুনৰ আবেগ-অসংলগ্ন হৈ পৰিছিল৷

এনেতে আমাৰ কোঠাৰ দুৱাৰত টোকৰ পৰিল৷ মই কাণ উনালো৷

‘আকাশ, সাৰে আছা নেকি? ’- দুৱাৰৰ সিটো পাৰৰ পৰা জীৱন বৰুৱাৰ মাত৷
মই উঠি গৈ দুৱাৰখন খুলি দিলোঁ৷ জীৱন বৰুৱাই মোক তেখেতৰ দ্ৰয়িং ৰূমলৈ লৈ গ’ল৷ কোঠাত জিৰ’ পাৱাৰৰ নীলাভ বাল্ব এটা জ্বলি আছিল৷ তাৰ অনুজ্জ্বল পোহৰত কোঠাৰ বিশাল পেইণ্টিংখন জীৱন্ত যেন লাগিছিল৷ পেইণ্টিংখনৰ বেকগ্ৰাউণ্ডটো মনিব নোৱাৰাকৈ অদৃশ্য হৈ আছিল৷ আমি চ’ফাখনত বহিলোঁ৷ জীৱন বৰুৱাই সামান্য ইতস্ততঃ কৰিলে৷ আৰু নিজৰ পেইণ্টিং খনলৈ একেথৰে চাই থাকিল৷
‘তুমি বুজি পাবা আকাশ, তুমি অনুভৱী ল’ৰা৷ আজিৰ পৰা পাঁচবছৰ আগতে মই এটা মাৰাত্মক ভুল কৰিছিলোঁ৷ এজনী ছোৱালীক মই, ক্ষমা কৰিবা আকাশ, কথাখিনি নক’লে মই শান্তিত মৰিবও নোৱাৰিম … এজনী অকলশৰীয়া ছোৱালীক মই ৰেপ কৰিছিলোঁ এদিন৷ এই চহৰতেই৷ আৰু লগালগ মই ট্ৰান্স ফাৰ লৈ বেলেগ এখন চহৰলৈ গুচি গৈছিলোঁ৷
গ্লানিত জীৱন বৰুৱা অধোমুখ হৈ পৰিল৷ দুহাতেৰে মুখ ঢাকি ধৰিলে৷ সেই ছোৱালীজনীক মই সিদিনা নদীৰ ঘাটটোত দেখা পাইছিলোঁ৷ ল’ৰা সন্তান এটাৰ হাতত ধৰি তাই ঢেঁকীয়া বুটলি আছিল৷ আকাশ, তুমিও দেখিছিলা নেকি তাইক?’
….. …..

এইখিনিতেই গল্পৰ বক্তা আকাশক আমি কাহিনীৰ পৰা বিদায় দিলোঁ৷ বেচেৰা আকাশ! ! ! সিটো এজন অনুভৱী পেইণ্টাৰ৷ আধা অঁ‌কা ছবিখন সি আঁ‌কিবলৈ আছে৷ তাক তাৰ পৃথিৱীতেই মুক্ত কৰি দিয়া উচিত, নহয় জানো? আচলতে তাক আজি ৰাতিটোৰ আগতেই মই কাহিনীৰ পৰা মুক্ত কৰি দিব লাগিছিল৷ এতিয়া সি বাৰু তাৰ আধা অঁ‌কা ছবিখন আঁ‌কি শেষ কৰিব পাৰিবনে? ? ?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments