ঢোলক (প্ৰতিম প্ৰতাপ বৰুৱা)

(প্লটবিহীন এটা গল্প লিখাৰ প্ৰয়াস)


“এইবাৰ মোক ১০ টকা দিবই লাগিব। মই চিপ্‌ছ্‌ খাম।“ – ছোৱালীজনীয়ে মানুহজনক উদ্দেশ্য কৰি কোৱা এই বাক্যটোত সাধাৰণতে থাকিব লগা আব্দাৰখিনি নাই। তাৰ ঠাই দখল কৰিছে এটা সন্দেহ আৰু ভয়ে। ছোৱালীজনী প্ৰায় ৫ বছৰীয়া হ’ব। তাইৰ নাম এটাও থাকিব নিশ্চয়। গল্পটোত তাইৰ নামটোৰ প্ৰয়োজনেই নাই যদিও মই তাইৰ নামটো চুট্‌কী বুলি ধৰি লৈছোঁ।

“এইবাৰ দিম। খেলখিনি ভালকৈ কৰি দেখুৱাবি।“ – মানুহজনে দিয়া উত্তৰটোত এটা সীমাহীন ভাগৰ। ছোৱালীজনীয়েও আৰু মানুহজনে নিজেও জানে যে তেওঁ তাইক চিপ্‌ছ্‌ খাবলৈ ১০ টকা নিদিয়ে। প্ৰায় ৩৫ বছৰীয়া, অন্ধ এই মানুহজনৰ নামটোও এই কাহিনীটোত কোনো প্ৰয়োজন নাই। তথাপি মানুহজনৰ নামটো অমৰ সিং হ’ব পাৰে বুলি ধৰি লৈছোঁ।
এতিয়া কাহিনীটো আগবঢ়াই নিবলৈ হ’লে আৰম্ভনিতে এই দুটা চৰিত্ৰৰ বিষয়ে অলপ ক’ব লাগিব। কিন্তু অসুবিধাটো হ’ল মই এই দুয়োটা চৰিত্ৰক যোৱা দুমাহমান একেলেথাৰীয়ে প্ৰায় সদায়েই দেখি অহিছোঁ যদিও মই মাত্ৰ এই দুয়োটা চৰিত্ৰই একেলগে কৰা এটা কামৰ বিষয়েহে জানোঁ। বাকীখিনি কাহিনীটোৰ প্ৰয়োজন মতে সজাই-পৰাই লব লাগিব।
দুয়ো সম্বন্ধত দেউতাক-জীয়েক হ’ব বুলি ধৰি লৈছোঁ। ঘৰৰ পৰা অফিচলৈ অহা-যোৱা কৰা পথটোৰ ট্ৰেফিক পইন্ট এটাত এই দুয়োটা চৰিত্ৰক মই প্ৰায় সদায় দেখা পাওঁ। অন্ধ মানুহজনৰ কান্ধত এটা ঢোলক আৰু এটা কাপোৰৰ বেগ ওলমি থাকে। ঢোলকটোৰ দুয়োফালে বজোৱাফালে থকা ক’লা  ঘূৰণীয়া অংশটো উৱলি গৈ ক’লা ৰঙটো বহলকৈ বিয়পি গৈছে। অৰ্থাৎ ঢোলকটো বহুত পুৰণি। সেই ট্ৰেফিক পইণ্টত ৰঙা লাইটটো ১২০ চেকেণ্ড, মানে দুইমিনিটৰ বাবে জ্বলে। সেই দুইমিনিট সময় মানুহজনে পথৰ মাজলৈ আহি ঢোলকটো বজাই বজাই গান গায়। কি সাৱলীল তেওঁৰ কণ্ঠ, কি সুন্দৰ তেওঁৰ সুৰ! তেওঁৰ সময়ৰ আন্দাজো নিখুঁট। ঠিক দুইমিনিট সময় পাৰ হোৱাৰ আগতেই তেওঁ গানটো সামৰি আকৌ পথটোৰ মাজৰ ডিভাইদাৰৰ ওপৰলৈ উঠি যায়।
এই মানুহজনে ঢোলক বজাই গান গাই থকা সময়খিনিত ছোৱালীজনীয়ে এটা এটাকৈ তিনিটা কাম কৰে। প্ৰথমতে তাই গানৰ তালে তালে অলপ সময় নাচে, তাৰ পিছত তাই পথৰ ওপৰতে কেইটামান শাৰীৰিক খেলা দেখুৱায়। তাইৰ শৰীৰৰ নমনীয়তা শলাগিবলগীয়া। ভালকৈ প্ৰশিক্ষণ দিলে তাই এজনী জিম্‌নাষ্ট্‌ হ’ব পাৰিব বুলি ক’লে হয়তো অলপ বেছি কোৱা হৈ যাব পাৰে। তাৰ পিছত তাই ৰৈ থকা দুচকীয়া, তিনিচকীয়া, চাৰিচকীয়া, ছয়চকীয়া সৰু-ডাঙৰ বাহনবোৰৰ মাজে মাজে খোজকাঢ়ি আৰোহীসকলৰ পৰা পইচা বিচাৰে। এই পইচা বিচৰা কামটো কৰোঁতে তাই নিজৰ জীৱনলৈ কিমান বিপদাশঙ্কা নমাই আনে সেইটো বোধহয় তাই নাজানে। কিছুমান আৰোহীয়ে তাইক পইচা দিয়ে, বহুতে নিদিয়ে। পইচাখিনি লৈ তাই দেউতাকৰ লগলৈ যায়গৈ। এই গোটেইকেইটা কাম তাই দুই মিনিটত সমাধা কৰে।
দুয়োজনে এই কামখিনি দিনটোত কিমানবাৰ কৰে সেইটো কিহৰ ওপৰত নিৰ্ভৰ কৰে সেইটো চিন্তা কৰিব পাৰি। তাৰ লগতে গল্পটোত আৰু দুটামান চৰিত্ৰ যোগ দিব পাৰি।
তাৰে এটা চৰিত্ৰ হ’ব পাৰে ছোৱালীজনীৰ মাক। অৱশ্যে সেই ছোৱালীজনী মাতৃহীনা বুলি কৈ দিলেও হৈ যায়। বা অলপ নাটকীয়তা সানি এনেকৈও ক’ব পাৰি যে ছোৱালীজনী সৰু হৈ থাকোঁতে তাইক বুকুত সাৱটি ঠিকনাবিহীন এই পৰিয়ালটো এৰাতি কোনোবা ফ্লাইঅভাৰৰ তলত পদপথত শুই আছিল। কোনোবা অতিপাত ধনী পিতৃৰ বিপথে যোৱা পুত্ৰই চহৰৰ কোনোবা অভিজাত নাইট ক্লাবত এৰাতিৰ বান্ধৱীৰ সৈতে নাচ-বাগ কৰি উঠি শেহনিশা ঘৰলৈ উভতি যাওঁতে  মদৰ নিচাত মত্ত হৈ দেউতাকৰ ১ কোটি টকীয়া গাড়ীখন ঘণ্টাত ১৫০ কিলোমিটাৰ বেগত চলাইছিল। সেই ফ্লাইঅভাৰখনৰ তলেদি পাৰ হৈ যাওঁতে গাড়ীখনে নিয়ন্ত্রণ হেৰুৱাই পদপথত শুই থকা এই পৰিয়ালটোক মহতিয়াই নিছিল। ছোৱালীজনীৰ মাকৰ থিতাতে মৃত্যু হৈছিল আৰু দেউতাকে গোটেই মুখমণ্ডলকে ধৰি সৰ্বশৰীৰত গুৰুতৰ আঘাত পোৱাৰ লগতে হাত এখনো ভাগিছিল আৰু তেতিয়াই মানুহজনে দৃষ্টিশক্তি হেৰুৱাইছিল। আচৰ্য্যজনক ভাৱে ছোৱালীজনীৰ গাত অকণো আঘাত লগা নাছিল।
বা এনেকৈও ক’ব পাৰি যে চহৰৰ কোনোবা এটা পুতি-দুৰ্গন্ধময় বস্তি এলেকাত সিহঁত থাকে। ছোৱালীজনীৰ মাতৃ এসময়ত ইঘৰে-সিঘৰে কাম কৰিছিল আৰু দেউতাক কোনোবা ঠিকাদাৰৰ অস্থায়ী বনুৱা আছিল। লগতে ঢোলক বজাব পৰা গুণটোৰ বাবে দেউতাকে মাজে মাজে ধনী মানুহৰ বিয়াৰ বেণ্ডপাৰ্টিবোৰত ঢোলক বজাই দুটামান টকা অতিৰিক্তভাৱে উপাৰ্জন কৰিছিল। এবাৰ কিবা মেচিন চলাওঁতে বিস্ফোৰণ হৈ মানুহজনে দৃষ্টিশক্তি হেৰুৱাইছিল। ইফালে ছোৱালীজনীৰ মাকে কাম কৰিবলৈ যোৱা কোনোবা এঘৰত মালিকে তাইক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল। তাই বাধা দিওঁতে মালিকে তাইক তলপেটত গুৰিয়াই বগৰাই দিছিল। তাইৰ চিঞৰ শুনি কাষৰ ফ্লেটৰ মানুহে আহি দুৱাৰত ঢকিয়ালত তাই সেইবাৰলৈ সাৰি আহিছিল। তাৰ পিছৰপৰাই তলপেটৰ অসহ্য বিষত তাই যি শয্যাশায়ী হ’ল আজিলৈকে ভাল নাপালে। চিকিৎসাৰ অভাৱত তাই এতিয়া মৃত্যুৰ দুৱাৰদলিত। এই সৰু ছোৱালীজনীয়ে সদায় অফিচ আৱাৰ আৰম্ভ হোৱাৰ আগে আগে অন্ধ দেউতাকক ঘৰৰ পৰা ট্ৰেফিক পইন্টটোলৈকে হাতত ধৰি লৈ যায়, দুঘন্টামান তাই দেউতাকৰ সৈতে গাড়ী-মটৰৰ আৰোহীৰ পৰা টকা বিচৰা কামটো কৰে। তাৰ পিছত দুয়ো সিহঁতৰ জুপুৰীটোলৈ উভতি আহে। উভতি আহি ছোৱালীজনীয়ে অলপ সময় মাকৰ আলপৈচান ধৰে। অলপ পিছত তাই অন্ধ দেউতাকৰ সৈতে কোনোবা এখন দোকানলৈ যায়। অলপ আটা, অলপ তেল, অলপ নিমখ, এটা পিয়াঁজ কিনি আনে। দেউতাকে আটাখিনি ঠিক কৰি দিয়ে, ছোৱালীজনীয়ে ৰুটি দুখনমান সেকে। তাই ৰুটি সেকি থকা সময়খিনিত তাইৰ দেউতাকৰ অন্ধ চকুযুৰিয়েদি পানী বৈ থাকে। তাইৰ মাকে তাইলৈ অপলক নয়নে চাই থাকে। ছোৱালীজনীয়ে মাজে মাজে কোৱা এটা দুটা কথাৰ বাদে ঘৰখন বেছিভাগ সময় নীৰৱ হৈ থাকে। সন্ধ্যা অফিচবিলাকৰ পৰা মানুহবোৰ ঘৰলৈ ঘূৰি যোৱাৰ সময়ত দেউতাকৰ সৈতে তাই আকৌ এবাৰ ট্ৰেফিক পইণ্টটোলৈ ওলাই যায়।
এতিয়া ইয়াৰ পিছত ছোৱালীজনীৰ বিষয়ে অলপ লিখি গল্পটো ইয়াতে শেষ কৰি পেলাব পাৰি। বা এইখিনিতে এজন দৰদী মানুহৰ এটা চৰিত্ৰ সৃষ্টি কৰিব পাৰি। সেই মানুহজন চহৰৰ কোনোবা স্বেচ্ছাসেৱী সংগঠন এটাৰ কোনোবা বিষয়ববীয়া হ’ব পাৰে। এনেকৈও ক’ব পাৰি যে সেই মানুহজনে এদিন সেই বাটেদি যাওঁতে এই ছোৱালীজনীৰ কাম-কাজখিনি দেখিলে। ছোৱালীজনী আৰু তাইৰ অন্ধ দেউতাকৰ কথা ভাবি তেওঁৰ সেইৰাতি টোপনি নাহিল। পিছদিনা তেওঁ সেই অন্ধ মানুহজনক আকৌ এবাৰ বিচাৰি উলিয়ালে। মানুহজনৰ লগত তেওঁ কথা পাতিলে। তেওঁ ছোৱালীজনীক এপেকেট চিপ্‌ছ্‌ কিনি দিলে। ছোৱালীজনীয়ে চিপ্‌ছ্‌খিনি খাই থাকোঁতে তেওঁ ছোৱালীজনীলৈ চাই থাকিল। মানুহজনে চাই থকা দেখি ছোৱালীজনীয়ে অলপ লাজ কৰিলে। তাৰ পিছত তেওঁৰ সংগঠনটোৱে ছোৱালীজনীৰ মাক-দেউতাকৰ চিকিৎসাৰ দায়িত্ব ল’লে। দেউতাকৰ দৃষ্টিশক্তি ঘূৰি আহিল। কিন্তু চিকিৎসাত পলম হৈ যোৱাৰ বাবে ছোৱালীজনীৰ মাক নাবাচিল। দেউতাকে পুনৰ বনুৱা হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিলে। পুনৰ মাজে মাজে বিয়াৰ বেণ্ডপাৰ্টিত ঢোলক বজাবলৈ আৰম্ভ কৰিলে। ছোৱালীজনী পুনৰ কেতিয়াও বাটত গানৰ তালে তালে নাচি, শাৰীৰিক খেলা দেখুৱাই মানুহৰ পৰা টকা বিচাৰিব লগা নহ’ল। স্বেচ্ছাসেৱী সংগঠনটোৰ সেই মানুহজনে দেখুৱাই দিয়া মতে দেউতাকে তাইক এখন বিদ্যালয়ত নামভৰ্ত্তি কৰাই দিলে। এতিয়া তাই কিতাপ পঢ়ি ভাল পোৱা এজনী ছোৱালী।
গল্পটো এনেকৈ শেষ কৰি পেলাব পাৰি। বা আৰু এটা ধৰণে গল্পটো শেষ কৰিব পাৰি। সেই দৰদী মানুহজন কোনোবা স্বেচ্ছাসেৱী সংগঠন এটাৰ কোনোবা বিষয়ববীয়া নহৈ আপোনাৰ-মোৰ দৰে এজন সাধাৰণ মানুহো হ’ব পাৰে। সেই মানুহজনে চাকৰিলৈ যোৱাৰ বাটত সদায় এই দেউতাক-জীয়েকক দেখি যায়। ছোৱালীজনীলৈ চাই মানুহজনে মনোকষ্টত ভোগে। এদিন এই মানুহজনে ছোৱালীজনীৰ দেউতাকৰ লগত কথা পাতিলে। ছোৱালীজনীৰ উৱলি যোৱা কাপোৰযোৰৰ সলনি তাইক পিন্ধিবলৈ এযোৰ নতুন কাপোৰ কিনি দিলে। তাইক এপেকেট চিপ্‌ছ্‌ কিনি দিলে। আৰু পিছদিনা তেওঁ অফিচ খতি কৰি সেই স্বেচ্ছাসেৱী সংগঠনটোৰ সেই দৰদী মানুহজনক মাতি আনিলে। তাৰ পিছত সেই সাধাৰণ আপোনাৰ-মোৰ দৰে মানুহজনৰ অনুৰোধত স্বেচ্ছাসেৱী সংগঠনটোৱে মানুহজনৰ আৰু ছোৱালীজনীৰ মাকৰ চিকিৎসাৰ দায়িত্ব ল’লে। মানুহজনে দৃষ্টিশক্তি ঘূৰাই পালে, ছোৱালীজনীৰ মাকো ভাল হৈ উঠিল। মানুহজনে পুনৰ বনুৱা হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিলে। পুনৰ তেওঁ মাজে মাজে বিয়াৰ বেণ্ডপাৰ্টিত ঢোলক বজাবলৈ আৰম্ভ কৰিলে। ছোৱালীজনীৰ মাকে পুনৰ ইঘৰে-সিঘৰে কাম কৰা আৰম্ভ কৰিলে। এইবাৰ কিন্তু ছোৱালীজনীৰ মাকে কাম কৰিবলৈ নিজৰ পচন্দমতেহে মালিক বিচাৰি ল’লে। স্বেচ্ছাসেৱী সংগঠনটোৱে ছোৱালীজনীক বিদ্যালয়ত নামভৰ্ত্তি কৰাই দিলে। নিজৰ বিদ্যালয়খনত খেলে-ধুলে, নাচে-গানে, পঢ়াই-শুনাই ছোৱালীজনী জিলিকি উঠিল।
এনেকৈ গল্পটো শেষ কৰাই আটাইতকৈ ভাল হ’ব বোধহয়।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক