ঢোৰাসাপ – চৈয়দ হান্নান আহমেদ

ক’ৰবাত যাব লগা হ’লে কামিজটো কান্ধত লৈয়ে মহিব কা ওলাই যায়৷ গৈ থাকোঁতে আধা বাটত পিন্ধি ল’ম বুলি ভাৱে৷ কিন্তু বেছিভাগ সময় মহিব কা তেনেকৈয়ে ঘৰো আহি পায়৷ কান্ধৰ চোলা কান্ধতে থাকে৷ বেছি গৰম পৰিলে গেঞ্জীটো পেটৰ সোঁমাজৰ খিনিত পঘা মেৰিয়াই লোৱাদি মেৰিয়াই লয়৷ অলপ গৰম কমা কমা যেন অনুভৱ কৰে বোলে! বেচেৰাই কাৰো লগত আগেয়ে কাঁজিয়া নকৰে৷ কিন্তু কোনোবাই দু-আষাৰ ক’লে চাৰিআষাৰ কোৱাটো মহিবকাৰ নিয়ম৷ ‘অন দা স্পট’ ক’ব নোৱাৰিলে ঘৰত গৈ হ’লেও কৈ আহে৷  কেতিয়াবা ৰাতি বিচনাত মনত পৰে, “চেহ, অমুক কথাটো ক’বই ৰৈ গ’ল”! ৰাতিটো চটফটাই থাকি কাহিলি পুৱাতে গৈ হ’লেও কথাৰ বাকী মাৰি আহে৷

কাঠে কুঠাৰে পৰা বুলি এষাৰ কথা আছে নহয়৷ মহিব কা যদি কাঠ সিটো মূৰৰ মজিদ কা আকৌ কুঠাৰ৷ দুয়োৰে মাজত লাগিলে তিৰোতা মানুহেয়ো পাত্তা নাপায়৷ কিমান যে ইতিহাসপ্ৰসিদ্ধ গালি! কথাৰ কাট মৰামৰি৷

ছাগলীয়ে পাণ খোৱাকলৈ দুয়োৰে মাজত ফাটাফাটি৷

এজনে দূৰৰ পৰাই কয়,-” তিনি আলিলৈ আহ৷ জিন্দেগীৰ কাৰণে তোক লকডাউন কৰি দিম।”

সিজনে উত্তৰ দিয়ে,-“ক’ৰ‘ণাতকৈয়ো ডেঞ্জাৰ মই৷ গোষ্ঠী চৈধ্যে লাপাত্তা হৈ যাবি, বাপ্পেকে!”

কিন্তু কথাবোৰ কথা হৈয়ে থাকে৷

সিদিনা তিনিআলিৰ এটা মূৰে মহিবকা, আনটো মূৰে মজিদকা৷ দুয়ো ভাবিছে “চ’কটোত দেখো কোনো নাই! যদি ই বেটাই সঁচাকৈয়ে খেদি আহে, কোনে আগুৰিব? আগুৰা মানুহ দুনুহ থাকিলে এনেয়ে এটা জোলোক দিব পৰা গ’লহে-আহ ফালি পেলাম বুলি”৷ পিচে ক‘ৰ‘ণাৰ ভয়ত শাকত দিবলৈও মানুহ এটা নাই।

দুয়ো দুয়োৰে ফালে নোচোৱাকৈয়ে ভয় ভয় কৰি লাহেকৈ পাৰ হৈ গ’ল৷

“উস ৰক্ষা”- দুয়ো স্বস্তিৰ নিশ্বাস পেলালে৷

দূৰৰ পৰা দুয়ো দুয়োৰে ফালে চাওঁতে চকুয়ে চকু পৰিল-

-“মই চালোঁহে তোক৷ কিবা ক’লেই বখলিয়াই পেলালোহেতেন!”

-মোৰতো হাতৰ মুঠি টান হৈ আহিছিলে৷ সামাজিক দূৰত্ব বজোৱাৰ খাতিৰতহে হাত নুঠালো৷”

০০০০০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক