তই যি নহ’লি(-চন্দ্ৰমা কলিতা )

কোমল ৰ’দহেন হাঁহিটোৰে জিলিকি উঠা পৰত
তই পুৱাটোৰ দৰে নিস্পাপ সপোন এটাই আছিলি
সেইযে থুনুক-থানাক মাতেৰে এবাৰ মা বুলি মাতিলি
তেওঁৰ আঁচলত থোপা-থোপে তৰাফুল ফুলিল।

মাটি গচকি তই ডাঙৰ হ’লি
সাধুকথাবোৰ শুনিইতিহাস বুজিলি
আকাশক ভাল পালি
সেউজীয়াক সাৱটিলি
যাযাবৰী ঢৌত ডিঙা মেলিলি।
জীৱন্ত প্রতিমা হৈ আশিষ বৰষোৱা
তেওঁৰ দুচকুত কেইবাখনো নদী
তই তাত আনন্দৰ লহৰ তুলিলি
কেতিয়াবা বিষাদৰ জোৱাৰ নমালি
অপেক্ষাৰ চিনাকী ঘাটত একোদিন
আস্থাৰ লঙ্গৰো পেলালি।
সেই যে এবাৰ নাটঘৰত অভিনয়ৰ নিচাত নামিলি
তেওঁ চিনাকী কৰি দিয়া শিপাডাল চিৰদিনলৈ হেৰুৱাই পেলালি
বন্দীত্বৰ প্রহৰবিলাকত তেওঁৰ হুমুনিয়াহত বৈ থাকি থাকি
উভটাৰ বাটপাহৰি গ’লি।
তোক ৰ’দ-বতাহেৰে ওমলোৱা চোতালত থিয় দি থকা তেওঁৰ দুচকুত
এদিন তই মৰাসুতিৰ ৰূপৰেখা আঁকিলি
হাতত হেৰুৱাই পেলোৱা শিপাৰ ছিগা টুকুৰা তুলি দিলি।
তইতো নাজানিলি,
তেওঁৰ হাত এৰি য’ত তইনিজৰ পাৰদর্শিতাত মুগ্ধ হ’লি
তাতে তোৰ দেশ, তোৰ মাটিৰ সমাধি সাজিলি।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments