তগৰ হৰণ গজেন বধ (অনন্ত বৰা)

নব্বৈ চন মানৰ কথা৷ যোৱা বাৰৰ ফুটবল খেলখনৰ ফাইনেলত ধনতোলা গাওঁ হাৰিল, ধুনীয়া পথাৰ গাওঁ জিকিল৷ এই কথাটোৰ বাবে ধনতোলা গাঁৱৰ ডেকাবোৰৰ মনটো বৰ ভাল নহয়৷ যোৱা বাৰৰ ফাইনেল খেলখনৰ শেষত দুয়োখন গাঁৱৰ ডেকাবোৰৰ মাজত কাজিয়া এখন লাগিল৷ কাজিয়া ডাঙৰেই৷ ধুনীয়া পথাৰ গাঁৱৰ দুটামান ডেকা হাস্পতাল পাব লগা হ’ল৷ কাজিয়াখনৰ পাছতে ইমানদিনে মিলা-প্ৰীতিৰে থকা গাওঁ দুখন ভাৰত-পাকিস্তান হ’ল৷ মানুহৰ মাজত অহা যোৱা কমিল৷ ৰাতি-বিয়লি ইখন গাঁৱৰ মানুহ সিখন গাঁৱলৈ যোৱাৰ ৰিস্ক্ নলয়৷
——-ইফালে ধুনীয়া পথাৰ গাঁৱৰ নন্দেশ্বৰ বায়নৰ জীয়েক তগৰৰ লগত ধনতোলা গাঁৱৰ মুহিধৰৰ হিয়া দিয়া নিয়া চলি আছিল৷ অহা ফাগুনত মুহিধৰে তগৰক অনাৰ কথা৷ কাজিয়াখনৰ পাছত তগৰ মুহিধৰৰ সম্পৰ্কতো প্ৰভাৱ পৰিল৷ সেইদিনাৰ কাজিয়াত বোলে মুহিধৰৰ ভায়েক ভবেনে মুখ্য ভূমিকা লৈ ধুনীয়া পথাৰৰ যি কেইটা ডেকাক ভুকুৱালে তাৰে এটা তগৰৰ ককায়েক ৰঙাই৷ এতিয়া কোৱা শুনিছে, মিতিৰ পতাতো বাদেই, আন্ধাৰত পালে ককাই-ভাই দুয়োটাকে টেঁটু চেপাহে দিব৷ সেয়ে মুহিধৰৰ মন বেয়া৷ আজি দুমাহ ধৰি সি তগৰক লগ কৰিব পৰা নাই৷ ভায়েক ভবেনৰ ওপৰত মুহিধৰৰ খং৷ কি দৰকাৰ আছিল তাৰ কাজিয়া কৰিবলৈ৷ কোৱা শুনিছে ভবেনৰ ভুকুত বোলে ৰঙাইৰ কামিহাড়ৰৰ জইন ঢিলা হৈ গৈছে৷ ক’ত আৰু ছোৱালী দিব! সকলো খেলিমেলি হৈ গ’ল৷
—————গজেন মানুহটোৰ যদিও বয়স হৈছে মনতো এতিয়াও ডেকা হৈয়ে আছে৷ কথাবোৰ অলপ বেছিকৈ কয়৷ গোটেই পৃথিৱীৰ কথাবোৰ জনাৰ দৰে কৰে৷ ফুটনিটো অলপ বেছি৷ নিজৰ চেকেণ্ডহেণ্ড অ’টখনৰ কথা কৈ কৈ মানুহৰ মগজ গৰম কৰি দিয়ে৷ সেইদিনা মুহিধৰৰ সেমেকা মুখখন দেখি গজেনে সুধিলে
: কি অ’ মুহি! মন মাৰি আছ যে, কেচটো কি?
মুহিধৰে গজেনক সকলোবোৰ কথা বিবৰি ক’লে৷
: সেই, সেইটো কিবা কথা হ’ল নেকি?
ছোৱালী উঠাই দে৷
গজেনৰ ওফাইডাং মৰা কথাটো শুনি মুহিধৰে ক’লে
: আৰে সেইটোৱেই টো সমস্যা, কাজিয়াখনৰ পাছৰে পৰা তগৰৰ ককায়েকে তাইৰ ওপৰত চোকা নজৰ ৰাখিছে৷ কথাবতৰা চিগিছিলেই৷ অহা মাহৰ সিহঁতৰ গাঁৱৰ ভাওনাৰ দিনাই তাইক পলুৱাই অনাৰ কথা৷ এতিয়া কোনটো সাহসত মই তগৰক আনিবলৈ যাম, তয়ে ক’ছোন গজেন কাই?
মুহিধৰৰ কথাবোৰ শুনি গজেনে কিছুসময় চিন্তা কৰিলে৷
: কাম হৈ যাব৷ তই টকা তিনিশ মোক দিব লাগিব৷ মোৰ অ’ট লৈ যাম৷
: অ’ট লৈ ছোৱালী চুৰ কৰিবলৈ গ’লে অ’টই-চ’টই ভাঙি দুয়োটাকে বগৰী গছত বান্ধি থয় যদি?
: সেই অ’ট সিহঁতৰ গাঁৱৰ মাজলৈ লৈ নাযাওঁ নহয়৷ অ’ট থাকিব নৈৰ মথাউৰিৰ ওপৰত৷ ছোৱালী আহিব নামঘৰৰ পৰা বৰাচুক হৈ৷ অ’টত উঠাৰ পাছত এনেকুৱা চুটাম, কোনেও গমেই নাপাব৷ তই চিন্তা নকৰিবি, মই আছো নহয়৷ তই মাত্ৰ তগৰক আমি যোৱাৰ ইংগিতটো দিয়াৰ ব্যৱস্থা কৰ৷
—— গজেনৰ কথাবোৰ শুনি মুহিধৰৰ মনটো ভাল লাগিল৷ পিছে এতিয়া কথাহ’ল তগৰক খবৰটো কেনেকৈ দিয়া হ’ব!
বহুত ভাবি চিন্তি চাই মুহিধৰে একো উপায় উলিয়াব নোৱাৰিলে৷ মনতে তাৰ চিন্তাও হ’ল, এই ঘটনাবোৰৰ পাছত যদি তগৰৰ মনটো সলনি হ’ল৷ আজি দুটামান মাহটো তাইৰ সতে তাৰ কোনো যোগাযোগ নাই৷ কথাবোৰ ভাবি মুহিধৰৰ ৰাতি টোপনি নহা হয়৷
—– ধুনীয়া পথাৰৰ ভাওনাৰ দিন ওচৰ চাপি আহিল৷ পৰহিলৈ ভাওনা৷ নাই মুহিধৰে তগৰক খবৰটো দিব নোৱাৰিলে৷ এক বুজাব নোৱাৰা দুখত মুহিধৰ মানুহটো ভাগি পৰিল৷
গজেনেও টকা তিনিশৰ আশাত পৰি মুহিধৰক কথাটো সদায় শুধি আছে৷
খবৰ দিলিনে? খবৰ দিলিনে?
ভাওনাৰ দিনা ৰাতিপুৱাই গজেন আহি ওলালহি৷ গজেনৰ মুখত কপট হাঁহি এটা৷ মুহিধৰে গজেনলৈ চালে৷
: অই কাম হৈ গ’ল৷ মই কোৱা নাই, মই আছো বুলি৷ বাৰেঘৰ গাঁৱৰ তগৰৰ লগৰ এজনী ভাওনা চাবলৈ যাব বোলে৷ কালি মোৰ অ’টতে চাৰিআলিৰ পৰা আহিছিল৷ খবৰটো দিবলৈ কৈছোঁ৷ চাৰিআলিত মিঠাপাণ খুৱাই তাইক খবৰটো দিবলৈ মান্তি কৰিছো৷ ভাড়াৰ লগত মিঠাপাণৰ দামটোও দি দিবি কিন্তুু৷
কথাটো শুনি মুহিধৰৰ মনটো ফৰকাল হ’ল৷
: সন্ধিয়া সোণকালে ৰেডি হ’বি৷ মোৰ ভাড়াটো দিয়েই দে ন’হলে৷
: সেই ভাড়াটো দিম নহয়৷ কামটো হৈ লওক৷
গজেন গলগৈ৷ মুহিধৰৰ মনত অনেক চিন্তাই জুমুৰি দি ধৰিলেহি৷ গাঁৱৰ ডেকাবোৰক কথাটো কৈ থলে ভাল হ’ব নেকি! নাই নকওঁ৷ কাকো বিশ্বাস কৰিব নোৱাৰি৷ যদি তগৰ আহিবলৈ অমান্তি হয়! নাই তাই আহিব তাৰ বিশ্বাস আছে৷ ছোৱালী গজেনকাই অ’টত বহুৱাই ল’ব পাৰিলেই হ’ল এক কিলোমিটাৰ ৰাষ্টাহে৷ ————- গধূলি ছয়মান বজাত গজেনকাইৰ অ’ট সাজু৷ লাহে লাহে গজেনকাইৰ অ’ট আগবাঢ়িল৷ ধনতোলা গাওঁ আৰু ধুনীয়া পথাৰৰ দুৰত্ব বেছি নহয় ডেৰ কিলোমিটাৰ মান হ’ব৷ মাজৰ পথছোৱাত মানুহৰ বসতি নাই৷ জাঁজিনৈৰ মথাউৰিটোত উঠি অকণমান আগবাঢ়ি গ’লেই সেইখন ধুনীয়া পথাৰ গাঁও৷ গজেনকায়ে অ’টখনৰ ষ্টাৰ্ট বন্ধ কৰিলে৷ অলপদূৰ অ’টখন দুয়োটাই ঠেলি নি মথাউৰিৰ কিনাৰৰ গছ দুজোপা মানৰ আঁৰ কৰি ৰখাই দিলে৷ একো ঠিক নাই৷ ৰাষ্টাৰে অহাযোৱা কৰা কোনোবাই দেখিলে গোটেইখন সুলস্থুল হ’ব৷ মানুহৰ বসতি নাথাকিলেও মথাউৰিৰ এই অংশটো ধুনীয়া পথাৰতে পৰে৷ ভাওনা ঘৰৰ পৰা খোল-তালৰ মাত ভাঁহি আহিছে৷ সীতা হৰণ বালি বধ ভাওনা৷ সময়বোৰ যিমানেই আগবাঢ়িছে মুহিধৰ আৰু গজেনকাই দুয়োটাৰে মনলৈ অজান আশংকা এটা আহিবলৈ ধৰিলে৷
তথাপি গজেনকায়ে দম এৰি দিয়া নাই৷ তিনিশ টকাৰ কথা আছে৷ অলপটো ৰিস্ক ল’বই লাগিব৷ গজেনকাইয়ে আগতেও এনেকুৱা কেচ দুটামান কৰিছে৷ এইবোৰ কেচত ৰিস্ক বেছি হ’লেও পইচাটো লৈ ভাল লাগে৷
——- সময় ন মান বাজিল৷ ভাওনা আৰম্ভ হৈছে৷ মথাউৰিটোৰ পৰা নামি পথাৰেদি মুহিধৰ বৰাচুকৰ ফালে আগবাঢ়িল৷ গজেনকায়ে অ’টৰ পৰা নামি মাথাউৰিৰ ওপৰৰ পৰা ডিঙি মেলি চাই আছে৷ বৰ এটা আন্ধাৰ নহয়, জোন পুৰঠ হ’বলৈ কেইদিনমান আছে৷ বৰাচুকৰ ৰাষ্টাটোৰ মুৰত মুহিধৰ গছ এজোপাৰ আঁৰত ৰৈ আছে৷ নাই তগৰৰ দেখা দেখি নাই৷ আধা ঘণ্টা, এঘণ্টাই হ’বৰ হ’ল ক’তা! এই গজেনকায়ে কি খবৰ দিয়ালে ঠিক নাই৷ নে তগৰৰ মন ঘূৰিল৷ ইমানবোৰ মৰম চেনেহ তাৰমানে তাৰ ভায়েকে তগৰৰ ককায়েকক মৰা ভুকু কেইটাই শেষ কৰি পেলালে!
——- কুকুৰ এটাই আঁতৰত কৰবাত ভুকিছে৷ মুহিধৰে দেখিলে খৰধৰকৈ কোনোবা আহি আছে৷ কোন! তগৰ৷ হয় তগৰেই হয়৷ জোনৰ পোহৰতে সি তাৰ মনৰ মানুহজনীক চিনি পালে৷ মুহিধৰৰ মনটো ভাল লাগি গ’ল৷ তগৰৰ হাতখনত থাপমাৰি ধৰি মুহিধৰ খৰখোজেৰে আগবাঢ়িল৷ গজেনকায়ে মথাউৰিৰ পৰা সিহঁতক আহি থকা দেখি অ’ট ষ্টাৰ্ট দিলে৷ মুহিধৰ আৰু তগৰ গজেনকাইৰ অ’টত বহি ললে৷ গজেনকায়ে এক্সিলেটৰ পকাই দিলে৷ সে ভগৱান, অলপ আগলৈ গৈ দেখোন গজেনকাইৰ অ’টখনৰ ষ্টাৰ্ট বন্ধ হৈ গ’ল৷
: মুহি তই নাম৷ অলপ ঠেলি দে৷
গজেনকাইয়ে কোৱাৰ লগে লগে মুহিধৰ নামি অ’টখন ঠেলিবলৈ লাগিল৷ নাই ষ্টাৰ্ট নহয়৷ মুহিধৰে পিছলৈ ঘূৰি চালে৷ মুহিধৰৰ অণ্ঠ কণ্ঠ শুকাই গ’ল৷ চিঞৰ বাখৰ কৰি টৰ্চ লাইট জ্বলাই এখিনি মানুহ আহি আছে৷ আৰু জোৰেৰে ঠেলা এটা মাৰিলে মুহিধৰে, গজেনকাইৰ অ’টখন এইবাৰ ষ্টাৰ্ট হ’ল৷ জাপ মাৰি উঠিল মুহিধৰ৷ গজেনকায়ে যিমান পাৰি সিমান জোৰেৰে অ’টখন চলাইছে৷ মথাউৰিৰ ওখোৰা মোখোৰা ৰাষ্টা৷ অ’টৰ চকা গাঁতত পৰিছে, মুহিধৰে পিছলৈ ঘূৰি চালে৷ মানুহবোৰ প্ৰায় ওচৰেই পালেহি৷ তগৰে কান্দিছে, গজেনকাইৰ ঘাম বাহিৰ হৈ গৈছে৷
: গজেনকাই, খৰকৈ আৰু খৰকৈ!
মুহিধৰে চিঞৰিলে৷ গজেনকায়ে ভগৱানৰ নাম ল’লে৷ খলা বমা মথাউৰিৰ ৰাষ্টাত গজেনকায়ে বেলেঞ্চ ৰাখিব নোৱাৰিলে৷ এপাকত অ’টখন জঁপিয়াই মথাউৰিৰ পৰা পৰি গ’ল৷ তিনি-চাৰি লুটি খাই মানুহৰ সতে অ’ট গৈ একেবাৰে পথাৰত পৰিলগৈ৷ ইতিমধ্যে ধুনীয়া পথাৰ গাঁৱৰ ডেকাবোৰ আহি পালেহি৷ চিঞৰি চিঞৰি পাছে পাছে আৰু মানুহ আহি আছে৷ মুহিধৰ আৰু তগৰ অ’টৰ পৰা চিটিকি গৈ বেহুচ হৈ পৰি আছে৷ মুহিধৰৰ মুৰ ফাটি তেজ ওলাইছে৷ গজেনকায়ে বিশেষ আঘাত পোৱা নাই, তথাপি গতি বিধি লক্ষ্য কৰি বেছিকৈ আঘাত পোৱাৰ অভিনয় কৰি অ’টৰ হেণ্ডেলতে থুঁতৰি গুজি অৱশ হৈ পৰি আছে৷ অভিনয় নকৰিলে আজি মাৰ খোৱাটো খাটাং৷ ভাওনা ঘৰৰ সকলো মানুহ আহি গোট খালেহি৷ ভাওনা ঘৰৰ পৰা পাম দিয়া লাইট এটাও অনা হ’ল৷ দুই-এটাই ভাওনাৰ সাজেৰেই গদা তৰোৱাল লৈ আহিছে৷ গজেনকায়ে লক্ষ্য কৰিলে হাতত গদা এটা লৈ সেইটো দেখোন হনুমান ৰূপি তগৰৰ ককায়েক ৰঙাই৷ গজেনকায়ে ভাবিলে আজি নিস্তাৰ নাই৷ কোনোবাই কোৱা শুনিছে
: গজেনৰ অ’ট অই৷ গজেনক বিচাৰ ই মেইন হাৰামী৷ হাত ভৰি ভাঙি দে তাৰ, ক’ত গ’ল বিচাৰ৷
কথা বিষম দেখি গজেনকায়ে চকুমুদি মৰভাও জুৰি পৰি দিলে৷
গোটেইখন কন্দা-কটা চিঞৰ বাখৰ৷
তগৰ আৰু মুহিধৰৰ অৱস্থা বেয়া৷ তগৰৰ মাক আহি তগৰক সাৱটি কান্দিছে৷ মুহিধৰৰ মুৰৰ পৰা তেজ ওলাইছে৷ আঘাত পোৱাৰ অভিনয় কৰি থকা গজেনকাইকো দুটামানে ডাংকোলাকৈ ধৰি আনিছে৷ মুখত পানী মাৰিছে, নাই গজেনকাইয়ে চকু নেমেলি৷ সি ভালকৈয়ে বুজি পাইছে চকু মেলিলেই বিপদ আছে৷
ছোৱালী চুৰক পিতিবলৈ অহা ধুনীয়া পথাৰ গাঁৱৰ ডেকাবোৰে কি কৰিব ভাবি নাপালে৷ পিটন দিব পৰাকৈ এটাৰো অৱস্থা নাই৷ অৱশেষত তগৰৰ মাকে ক’লে
: ছোৱালীজনীৰ যি বদনাম হ’ল হ’ল আৰু৷ ইহঁতক হাস্পতাললৈ নিয়াৰ ব্যৱস্থা কৰ৷
মাকৰ কথাত তগৰৰ ককায়েক ৰঙাই জকজকাই উঠিল৷
: সেইবোৰ কৰিবলৈ নাই৷ তগৰক ঘৰলৈ লৈ ব’ল৷ এইকেইটা ইয়াতে মৰক৷
এইবুলি ৰঙায়ে খঙত গজেনকাইৰ অ’টখনতে গদাটোৰে মাৰ এটা মাৰিলে৷
অৱশেষত মানুহবোৰে বুজাই মেলি ৰঙাইক ঠাণ্ডা কৰিলে৷ মানুহবোৰে গজেনৰ অ’টখন ঠেলি হেঁচি ৰাষ্টালৈ তুলিলে৷ ভাওনা চাবলৈ অহা চহৰৰ ডেকা এটাই অ’টখন চাই চিতি ঠেলা ঠেলি কৰি ষ্টাৰ্ট কৰিলে৷ অ’টৰ মাত শুনি গজেনকাইৰ মনটো ভাল লাগি গ’ল৷
অ’টখন তাৰমানে ঠিক হৈয়ে আছে৷ অৱশেষত আটাইকেইটাকে গজেনকাইৰ অ’টত তুলি হাস্পতাল পোৱালেগৈ৷ ডাক্তৰে চাই মেলি দৰৱ বেজি দি আটাইকেইটাকে সুস্থ কৰিলে৷ মুহিধৰৰ আঘাত বেছি, দুটামান চিলাই কৰি মুৰত বেণ্ডেজ মাৰি দিলে৷ হাস্পতাল পাই গজেনকায়ে চকু মেলিলে, ইমান সময় অভিনয় কৰি পৰি থাকি গজেনকাইৰ হাত ভৰিবোৰ বিষাই গৈছে৷ ইতিমধ্যে পোহৰ হৈছে৷ ঘটনাৰ খবৰ পাই মুহিধৰৰ বাপেক আৰু ধনতোলা গাঁৱৰ ডেকাবোৰো আহি হাস্পতাল পালেহি৷ তগৰ, মুহিধৰ, গজেন আটাইকেইটা সুস্থ হ’ল৷ তগৰ মাকে ওৰণিখন দীঘলকৈ টানি বিয়ৈ বুলি মুহিধৰৰ বাপেকৰ ওচৰলৈ আগুৱাই গ’ল৷ মুহিধৰৰ বাপেকেও তগৰৰ মাকক যি হ’ল হ’ল আৰু বিয়নী বুলি মাত দিলে৷ মুহিধৰৰ বাপেকে দুয়োখন গাঁৱৰ ডেকাবোৰক খং ৰাগ এৰি পেলাবলৈ অনুৰোধ কৰিলে৷ কথাবোৰ লাহে লাহে ভাললৈ অহা দেখি গজেনকাই জাপ মাৰি উঠি অ’টখনৰ ওচৰ পালেগৈ৷ অ’টখনৰ বডিটো বেঁকা হৈ গৈছে, দুই এঠাইত ৰং এৰাইছে, লাইটোও ভাগিল৷ গজেনে মনে মনে ভাবিলে টকা কেইটামান খৰচ হ’ব৷ মুহিধৰৰ পৰাই ল’ব লাগিব৷ তিনিশ টকাৰ লগত লাগি গজেনৰ এতিয়া হাজাৰ টকাই খৰচ হ’ব৷ হ’লেও মাৰ নোখোৱাকৈ যে বাচিল৷ ৰঙায়ে যিটো মূৰ্ত্তি ধৰি আহিছিল সীতা হৰণ বালি বধ নহৈ তগৰ হৰণ গজেন বধহে হ’লহেঁতেন !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments