ত’ত্ত’-চ্চান আৰু কিছু অনুভৱ – সংগীতা দেৱী

সৰুতে ত’ত্ত’-চ্চান আৰু তাইৰ স্কুলখনৰ কথা ৰেডিঅ’ত শুনি মনলৈ ভাৱ আহিছিল, “ময়ো ত’ত্ত’-চ্চানৰ স্কুলত পঢ়িব পোৱা হ’লে…..৷”সঁচাকৈ, সকলো ল’ৰা- ছোৱালীয়েই তেনেকৈ ভাবিব৷
তাৰ কাৰণ হ’ল, আমাৰ শিক্ষা ব্যৱস্থা বিশেষকৈ শিক্ষাদান প্ৰক্ৰিয়াই শিক্ষাক এটা অত্যন্ত নীৰস, বোজা সদৃশ কামলৈ ৰূপান্তৰিত কৰিছে৷তাৰ পৰিণতি সমাজেই ভোগ কৰিব লগা হয়৷
জাপানৰ লেখিকা তেৎছুকো কুৰ’য়ানাগিৰ ব্যাপকভাবে সমাদৃত আত্মজীৱনীমূলক গ্ৰন্থ “ত’ত্ত’-চ্চান”খন পঢ়াৰ পিছত শিশুৰ মন আৰু পৰম্পৰাগত শিক্ষাদানৰ প্ৰক্ৰিয়া সম্পৰ্কে কিছু বিষয়ে মনত দোলা দি যায়৷
প্ৰথমেই আহিছো ত’ত্ত’-চ্চানৰ মাকৰ বিষয়লৈ৷প্ৰথম শ্ৰেণীতেই “দুষ্টালি”ৰ বাবে বহিস্কৃত হোৱা নিজৰ ছোৱালীক তেও মাত্ৰ সুধিছিল, ‘তোমাৰ বাৰু আন স্কুল এখনলৈ যাবলৈ মন আছেনে? এখন বৰ বঢ়িয়া স্কুল আছে বুলি শুনিছো৷”মোৰ দৃষ্টিত, ত’ত্ত’-চ্চানৰ মাকগৰাকী,শিশু মনোবিদতকৈ কোনো গুণে কম নহয়৷তেওঁ জানিছিল, শিশুক এনে অৱস্থাত তিৰস্কৃত কৰিলে শিশুৰ মানসিক জটিলতা আহিব পাৰে৷
এইবাৰ ত’ত্ত’-চ্চানৰ স্কুল “তমে”ৰ বিষয়ে কিছু আলোকপাত কৰিছো৷লেখিকাই স্কুলৰ অধ্যাপক ছ’ছাকু ক’বায়াশ্বিৰ নাম বিশেষভাবে উল্লেখ কৰিছে৷আগৰ স্কুলত অত্যন্ত কথকী, শিক্ষয়িত্ৰীয়ে সদায় শাস্তি বিহা উৎপতীয়া ত’ত্ত’-চ্চানৰ প্ৰতিটো কথা তেওঁ বন্ধুসুলভ ভাবে মনোযোগেৰে শুনিছিল আৰু কৈছিল, “তুমি সঁচাকৈয়ে এজনী ভাল ছোৱালী, জানিছা?” আৰু সঁচাকৈয়ে ত’ত্ত’-চ্চান অৰ্থাৎ লেখিকা গৰাকী জীৱনত সফল হৈছিল৷
তমেৰ প্ৰতিটো বিষয়েই আছিল ব্যতিক্ৰমী৷শ্ৰেণীকোঠাবোৰ আছিল ৰে’লৰ ডবাত৷ভাৱকচোন, কেনে চিত্তাকৰ্ষক…!
পাঠদানৰ প্ৰক্ৰিয়াও আছিল অনন্য৷প্ৰথম পিৰিয়ডত ছাত্ৰ-ছাত্ৰীক নিজৰ ভাল লগা বিষয় পঢ়িবলৈ দিয়া কথাটো এই ক্ষেত্ৰত উল্লেখ কৰিব পাৰি৷ছাত্ৰ-ছাত্ৰীক প্ৰকৃত ৰূপত জানিবলৈ এয়া আছিল আদৰ্শ উপায়৷
ছাত্ৰ-ছাত্ৰীক ফুৰাবলৈ নিয়াৰ ছলেৰে সৰিয়হ ফুল দেখুৱাই গৰ্ভকেশৰ, পুংকেশৰ আদিৰ বিষয়ে বুজোৱাটো আছিল বিজ্ঞানৰ পাঠদান৷তদুপৰি বুৰঞ্জী, জীৱবিজ্ঞান আদিৰ পাঠদানো তেনেকৈয়ে হৈছিল৷
বিদ্যালয়ৰ অধ্যাপক গৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ পাঠগ্ৰহণ প্ৰক্ৰিয়াটো স্বাভাৱিক আৰু স্বাধীন ভাবে সম্পন্ন হোৱাটো বিচাৰিছিল৷ছাত্ৰ-ছাত্ৰীক নতুন নতুন পৰীক্ষণ কৰিব দিছিল, অকৃতকাৰ্যতাৰ পৰা লাভ কৰা শিক্ষা, ভয়, উৎকণ্ঠা আদিৰ কেনেদৰে সন্মুখীন হ’ব লাগে…সকলো অনুভৱ কৰাইছিল তেওঁ৷দ্বিতীয় বিশ্বযুদ্ধত আহত সৈনিক সকলক দেখুৱাবলৈ ছাত্ৰ-ছাত্ৰী সকলক চিকিৎসালয়লৈও লৈ গৈছিল৷এনেদৰে তেওঁলোকৰ মনত দয়া, মমতা, পৰোপকাৰ, সহায় আদি ভাৱনাৰ বীজ অংকুৰিত হৈছিল৷
বৰ্তমান আমাৰ শিক্ষা ব্যৱস্থাত থকাৰ দৰে,ছাত্ৰ-ছাত্ৰীক মানসিক চাপ দিব পৰা কোনো অজুহাতেই তেওঁ ৰখা নাছিল৷
প্ৰাক প্ৰাথমিক আৰু প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ সময়চোৱা শিশুৰ সম্ভাৱনাপূৰ্ণ ভবিষ্যতৰ ভেটিস্বৰূপ৷সেয়ে, আমি শিক্ষক, অভিভাৱকসকলে তেওঁলোকৰ সৰ্বাংগীন বিকাশৰ প্ৰতি যত্নপৰ হ’ব লাগিব৷
“Learning is fun” -তমেৰ ছাত্ৰ-ছাত্ৰীসকলৰ দৰে আমাৰ ছাত্ৰ-ছাত্ৰীসকলেও এই কথাষাৰি উপলব্ধি কৰিব পাৰিলে আমি এই যাত্ৰাত নিশ্চয় সফল হ’ব পাৰিম৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক