ত’ত্ত’ চ্ছান- এজনী ছোৱালী, এজন শিক্ষক আৰু এখন বিদ্যালয়ৰ কাহিনী – ৰশ্মিৰেখা চুতীয়া হাজৰিকা

 

“এতিয়া তেন্তে, মোক তোমাৰ বিষয়ে সকলো কোৱা৷ তোমাৰ যিহকে মন যায় কোৱা।” -হেডমাষ্টৰ জনে তাইক ক’লে৷ কণমানি ছোৱালীজনীয়ে অলপ সময় মনতে কথাবোৰ জুকীয়াই সম্পূৰ্ণ চাৰি ঘণ্টা সময় কেৱল কৈ গ’ল৷ আৰু তেওঁ অকণো বিৰক্তি প্ৰকাশ নকৰাকৈ একান্ত মনে শুনি গৈছিল সাত বছৰীয়া ছোৱালীজনীৰ কথা৷ তাৰ পাছত তেওঁ কৈছিল-

“ঠিক আছে, এতিয়া তুমি এই স্কুলৰ ছাত্ৰী হ’লা৷ “

এইয়া প্ৰথম লগ পোৱা তাইৰ নতুন স্কুলৰ হে’ডমাষ্টৰ ছ’ছাকু ক’বায়াশ্বিৰ আশ্বস্তমূলক কথা এইষাৰ৷

 

এইযে স্কুলখন, ইয়াৰ কোনো কংক্ৰিটৰ অট্টালিকা নাছিল৷ আছিল অব্যৱহৃত ৰেলৰ দবা ছটা৷ চকা কেইটা খুলি ক্লাছৰ দৰে ব্যৱহাৰ কৰা হৈছে৷ এখন খেলপথাৰ-ফুলনি, প্ৰত্যেক শিশুৰ নামত এজোপাকৈ গছ আছিল চৌহদত৷
ক্লাছত আমাৰ দৰে নিৰ্দিষ্ট বিষয়ৰ শিক্ষা দিয়া নহয়, তাৰ পৰিৱৰ্তে নিজ ইচ্ছাৰে কাম কৰিবলৈ দিয়া হয়৷ যাৰ ফলত শিশুৰ চখ-ৰাপৰ বিষয়ে শিক্ষকে সম্ভেদ পায়৷ আনকি, শিশুৰ সুষম খাদ্যৰ লগতে পৰিপুষ্টিৰ দিশতো গুৰুত্ত্ব আৰোপ কৰি “মহাসাগৰৰ পৰা কিবা অলপ আৰু পাহাৰৰ পৰা কিবা অলপেৰে” দিনৰ ভাত সাঁজ খোৱাত জোৰ দিয়ে৷

 

এই বিদ্যালয়খনড় হেডমাষ্টৰজন এক ব্যতিক্ৰমী চৰিত্ৰৰ যিয়ে শিশুৰ কোমলমনৰ লগত মিলাকৈ তেওঁৰ বিদ্যালয়ৰ বিষয় বাছি লৈছে৷ মাজে সময়ে গ্ৰীষ্মকালীন শিবিৰ পাতিছে য’ত তেওঁ তেওঁৰ অভিজ্ঞতা বৰ্ণনা কৰিছে, শিশুৰ কোমলমনৰ লিঙ্গ ৰহস্য ভেদ কৰাবলৈ চেষ্টা কৰিছে, বিৰক্তিদায়ক পুথিশিক্ষাৰ পৰা আঁতৰাই ক্ষেত্ৰ ভ্ৰমণৰ দ্বাৰা শিক্ষা দিয়াইছে৷ আকৌ ভূত নামৰ ভয়টোৰ পৰা মুকলি কৰাবলৈ প্ৰয়াস কৰিছে৷

 

“চকু থাকিও সৌন্দৰ্যক দেখা নোপোৱা, কাণ থাকিও সংগীত নুশুনা, মন থাকিও সত্যক দেখা নোপোৱা, হৃদয় থাকিও কেতিয়াও বিচলিত নোহোৱা আৰু তাৰ ফলত কেতিয়াও জুইৰ দৰে জ্বলি নুঠা– এইবিলাক বস্তুৱেই হ’ল ভয় কৰিবলগীয়া”- হেডমাষ্টৰে ভয়ক এনেদৰে বিশ্লেষণ কৰিছে৷

 

এইখন স্কুলত প্ৰতিজন শিশুক তেওঁৰ সামগ্ৰিক দিশৰ লগত ৰিজাই চোৱা হয়৷ কাকো হীনমন্যতাত ভুগিব দিয়া নহয়৷ শিশুৰ মনঃস্তত্বক গভীৰভাৱে অধ্যয়ন কৰে৷ শিশুৰ লগত শিক্ষকো শিশু হৈ পৰে৷ কণমাণিটিৰো হেডমাষ্টৰৰ লগত সম্পৰ্ক গভীৰ হয়, আশ্বস্ত হয় তেওঁৰ ব্যৱহাৰত৷

 

এটা সময়ত মাৰ্কিন সেনাৰ বোমাবৰ্ষণত বিদ্যালয়খন ধ্বংসস্তুপত পৰিগণিত হয়৷ বিদ্যালয়ৰ তেনে ৰূপ দেখিও ভাগি নপৰা হেডমাষ্টৰে কাষতে ৰৈ থকা পুত্ৰক সুধিছিল- “ইয়াৰপাছত আমি কেনে স্কুলঘৰ সাজিম?” ত’মে নামৰ মৰমৰ স্কুলখনক পাহৰিব নোৱাৰি যি আকৌ সপোন দেখিছিল অন্য এক ত’মেক ৰূপ দিবলৈ৷

 

এই সকলোবোৰ সম্ভৱ হৈছিল মৰমিয়াল আৰু অসীম কল্পনাশক্তিসম্পন্ন প্ৰধান শিক্ষক ক’বায়াশ্বিৰ বাবে৷ তেওঁ তত্ত’ চ্ছানক প্ৰায়েই কৈছিল “জানানে, তুমি সঁচাকৈয়ে এজনী ভাল ছোৱালী৷” অন্য ল’ৰা-ছোৱালীকো তেওঁ এনেদৰেই উৎসাহিত কৰিছিল৷

 

ওপৰত যে মই এইখিনি লিখিলোঁ, সেইখিনি অতি সংক্ষেপে লিখিছোঁ এখন একে বহাতে পঢ়ি শেষ কৰিবপৰা আত্মজীৱনী পঢ়ি৷ ত’ত্ত’ চ্চানৰ মাকৰ দৰেই এগৰাকী মাক হোৱাৰ, হেডমাষ্টৰৰ দৰে এজন শিক্ষক হোৱাৰ হেঁপাহ বুকুত সামৰি৷

 

ইউনিচেফৰ জাপানী শুভেচ্ছামূলক ৰাষ্ট্ৰদূত টেৎচুকু কুৰ’য়ানাগি ওৰফে ত’ত্ত’ চ্চানৰ সৰুকালৰ এচোৱা অতি গুৰুত্বপূৰ্ণ বিষয় বস্তু হিচাপে পৰিগণিত এই কাহিনীটো অসমীয়াত তোষপ্ৰভা কলিতা বাইদেৱে ১৫৯টা সৰু সৰু উপ-কাহিনীৰে বৰ্ণনা ইমান সাৱালীলভাৱে অনুবাদ কৰিছে যে পঢ়ি অকণো আমনি নালাগে৷

 

কণমাণি কিতাপখন পঢ়ি যি মানসিক শান্তি পালোঁ, মই ভাবোঁ বহুতো বৃহৎ কলেৱৰৰ গ্ৰন্থ পঢ়িও পোৱা নাযায়৷ সৰু সৰু কাহিনীবোৰ কণমানিহ’তক সাধুৰূপে ক’বলৈও ভাল৷

 

ইতিমধ্যে ইয়াৰ সোৱাদ লোৱাসকলে জানে ইয়াৰ ৰস৷ নপঢ়াসকলে কিনি আনক অতি শীঘ্ৰেই৷ NBT ৰ বুকষ্টলত পাব৷ দামো অতি কম, মাত্ৰ ৬০ টকা৷ গতিকে, পঢ়

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
1 year ago

My favourite book….