তথাপিও তোৰ প্ৰেমত পৰোঁ, জীৱন -ৰশ্মিৰেখা ভূঞা

জীৱন- তিনিটা আখৰৰ এটা ৰহস্যময় শব্দ৷ সাধাৰণ অথচ অসাধাৰণ শব্দ জীৱন৷ যাক লৈ আমাৰ উৎসুকতাৰ শেষ নাই৷ জীৱনৰ অৰ্থ, ইয়াৰ ৰহস্য, জীৱনৰ লগত সংযোগ হৈ থকা সুখ-দুখ, হতাশা, প্ৰেম-প্ৰতাৰণা এই বিষয়বোৰে আমাৰ মনৰ মাজত প্ৰায়েই কিছুমান প্ৰশ্নৰ জন্ম দিয়ে৷ কেতিয়াবা সেই প্ৰশ্নবোৰৰ উত্তৰ আমি বিচাৰি পাওঁ আৰু কেতিয়াবা সেই প্ৰশ্নবোৰ প্ৰশ্ন হৈয়েই ৰৈ যায়৷ যেতিয়া সেই প্ৰশ্নবোৰৰ কোনো উত্তৰ আমি বিচাৰি নাপাওঁ তেতিয়াই জীৱনটো আমাৰ চকুত ৰহস্যময় হৈ ধৰা দিয়ে৷ এনে লাগে, আমি যেন এখন পাক খুলিব নোৱাৰা জালৰ মাজত বন্দী হৈ চটফটাই আছোঁ আৰু যিমানেই সেই জালৰ পাক খুলিবলে যত্ন কৰিছো সিমানেই বেছি পাকৰ মাজত সোমাই গৈছোঁ৷ তেনে সময়তে আমি জীৱনটোক চাকনৈয়াৰ লগত তুলনা কৰোঁ৷ এখন সুগভীৰ নদীৰ পকনীয়াত পৰা মানুহলে আমি ৰূপান্তৰিত হওঁ৷ আমি যেন জীৱন নামৰ জলাশয়ৰ পিতনিত ক্ৰমশঃ সোমাই যাওঁ৷

কিন্তু জীৱন জানো পকনীয়া নে পিতনি? জীৱন ইমান ভয়ংকৰনে? একেবাৰে নহয়৷ মোৰ মতে জীৱন সুউচ্চ পাহাৰৰ ওপৰত ফুলি থকা এপাহ পাৰিজাত৷ যিপাহ পাৰিজাত লাভ কৰিবলে হ’লে আমি পাহাৰ বগাবই লাগিব, বাটত পোৱা বিপদ-বিঘিনি নেওচি আগুৱাই যাব লাগিব৷ স্বীকাৰ কৰোঁ, জীৱনক জয় কৰা পথটো সঁচাই কষ্টকৰ৷ প্ৰতি খোজত বাধা আহে, বিপদ আহে, চকুলোৰ নদী সাঁতুৰি পাৰ হ’ব লাগে কিন্তু সেই বুলি জানো আমি জীৱনক জয় নকৰিম? বাটত বিপদৰ সন্মুখীন হোৱাৰ ভয়ত আমি লক্ষ্যস্থান ত্যাগ কৰিমনে? ইমান ভয়াতুৰ নে আমি? আমিটো জীৱনৰ প্ৰেমিক৷ তেনেহ’লে ভয়-শংকা কিহৰ? সহজ কামৰ প্ৰতি আমাৰ দুৰ্বলতা নাই৷ আমি লালায়িত বিপদক জয় কৰাৰ প্ৰতি, আমি জীৱন পথৰ প্ৰতিবন্ধকতা জয় কৰা মানুহ৷ য’ত বিপদ নাই তাত একো মাদকতা নাই৷ সৰল পথে ভাল গাড়ী চালকৰ পৰিচয় নিদিয়ে৷ ভাল গাড়ী চালকৰ পৰিচয় পোৱা যায় বিপদসংকুল পথতহে৷ ঠিক একেদৰেই সৰল জীৱনে এটা সফল জীৱনৰ মাদকতা উপভোগ কৰিবলে নিদিয়ে৷ জীৱনৰ প্ৰকৃত মাদকতা উপভোগ কৰিবলে হ’লে জীৱনৰ পথ কণ্টকময় হ’বই লাগিব৷ আমি বহুতেই পাহাৰ ভালপাওঁ৷ মই নিজেও পাহাৰ প্ৰিয় মানুহ৷ পাহাৰৰ একাঁ-বেকাঁ পথবোৰত কৰা যাত্ৰাই মোক আনন্দ দিয়ে৷ অথচ সেই পথবোৰত পদে পদে বিপদে খাপ পিতি থাকে৷ এটা সৰু ভুলৰ পৰিণাম নিশ্চিত মৃত্যু৷ অথচ মোৰ দৰে বহুতৰেই ভৈয়ামৰ সৰল পথতকে পাহাৰৰ সেই বিপদসংকুল পথবোৰ প্ৰিয়৷ কাৰণ, সেই পথৰ এটা এটা বিপদজনক কেঁকুৰি পাৰ হোৱাৰ আনন্দই আমাক সুখী কৰে৷ ইয়াৰ কাৰণ বিপদসংকুল কামৰ প্ৰতি আমাৰ মাজত থকা সহজাত দুৰ্বলতা৷ যি দুৰ্বলতাৰ কাৰণে হেজাৰ বিপদৰ মাজতো বহুজনে এভাৰেষ্ট শৃংগ জয়ৰ প্ৰতি লালায়িত হয়৷ অথচ তেওঁলোকে ভালদৰেই জানে এটা সৰু ভুল বা প্ৰকৃতিৰ ৰোষত পৰিলে তেওঁলোকৰ মৃত্যু অনিবাৰ্য৷ তথাপিও তেওঁলোক যায়৷ কাৰণ তেওঁলোকে জীৱনটো উদযাপন কৰিব বিচাৰে৷ জীৱনৰ সকলো ভয়, বাধা, বিপদ নেওচি তেওঁলোকে জীৱনটো চাব বিচাৰে৷ জীৱনক জয় কৰিব বিচাৰে৷ তেওঁলোকে জানে বাধা-বিপদ বা ভয়ৰ কাৰণে জীৱন স্থবিৰ হ’ব নোৱাৰে৷ জীৱন গতিশীল৷ বাধা ভাঙি নিজস্ব গতিৰে আগবাঢ়ি যোৱাই জীৱনৰ নিয়ম৷ সেই গতিশীলতাৰ মাজতেই জীৱনৰ সৌন্দৰ্য লুকাই থাকে, যি সৌন্দৰ্যই জীৱনক অনুপম কৰি তোলে৷

জীৱনৰ পথত লগ পোৱা ঘাত-প্ৰতিঘাত নামৰ আমাৰ সহযাত্ৰীৰ পৰা পোৱা কষ্টবোৰৰ কাৰণে আমাৰ জীৱনলৈ প্ৰায়েই দুখ আৰু হতাশা আহে৷ সুখ আঁতৰি যায়৷ চকুপানী আমাৰ লগৰী হয়৷ আৰু তেতিয়াই জীৱনটো আমাৰ কাৰণে ব’ব নোৱাৰা বোজা স্বৰূপ হৈ উঠে৷ কিন্তু ঘাত-প্ৰতিঘাতবোৰ ইমান বেছি শক্তিশালী হয় জানো, যাৰ কাৰণে আমি জীৱনক বোজা বুলি ভাবোঁ? ঘাট-প্ৰতিঘাটতো আমাৰ জীৱনৰ সহযাত্ৰী৷ আমি য’লৈকে যাম আমাৰ লগত আমাৰ ছাঁ হৈ সিহঁত যাবই৷ কিয়নো জীৱনৰ লগত যে ঘাট-প্ৰতিঘাটৰ এৰাব নোৱাৰা সম্পৰ্ক৷ তেনেস্থলত আমি কিয় সিহঁতৰ আঘাতত বিতত হৈ পৰোঁ৷ কিয় আমাৰ সাহস, আমাৰ সুখ হেৰুৱাই পেলাওঁ৷ জীৱন থকালৈকে যিহেতু বিপদ, ঘাট-প্ৰতিঘাট থাকিবই তেনেহ’লে সিহঁতৰ পৰা পলাই ফুৰাতকে সাহসেৰে মুখামুখি হৈ সিহঁতক বন্ধু জ্ঞান কৰিলেই দেখোন আমাৰ আধা সমস্যা সমাধান হৈ যায়৷ বিপদত আমি সকলো বিতত হওঁ৷ কিংকৰ্তব্য বিমূঢ় হওঁ৷ কিয় সেই বিপদত পৰিলোঁ সেই কথা সকলোৱেই ভবোঁ, তাৰ কাৰণ বিচাৰোঁ৷ কান্দো৷ কেতিয়াবা নিজক দোষ দিওঁ, কেতিয়াবা আনক৷ আৰু কেতিয়াবা, কেতিয়াও নেদেখা প্ৰায়েই অস্তিত্বৰ বিতৰ্কত সোমাই পৰা সেই ভগৱানক দোষ দিওঁ, গালি পাৰোঁ৷ কিন্তু তাৰ মাজতো আমি সেই বিপদৰ পৰা উদ্ধাৰ পোৱাৰ চেষ্টাত ব্ৰতী হওঁ৷ সময়ত বিপদ আঁতৰে৷ আমি যে সেই বিপদৰ পৰা উদ্ধাৰ পোৱাৰ চেষ্টা কৰোঁ তাৰ মাজতেই নিহিত থাকে আমাৰ সাহস, আত্মবিশ্বাস৷ সেই সাহস আমাৰ ভিতৰতেই থাকে অথচ আমি চিনি নাপাওঁ আমাৰ মাজৰ সেই শুভংকৰ শক্তিক৷ কিন্তু যেতিয়াই আমি নিজৰ মাজত নিহিত থকা সেই শক্তিক আৱিষ্কাৰ কৰোঁ, তেতিয়াই আমি সেই বিপদ, হতাশাক জয় কৰিবলে সক্ষম হওঁ৷ আমি হৈ পৰোঁ আত্মবিশ্বাসী৷ আত্মবিশ্বাসৰ জ্যোতিৰে জ্যোতিষ্মান হৈ আমি সাহসেৰে আগুৱাই যাওঁ বিপদৰ সন্মুখীন হ’বলে৷

সুখনো কোনে নিবিচাৰে? সুখৰ কাৰণেই যে আমি ক’ত কি নকৰোঁ- অথচ সুখৰ তুলনাত আমাৰ জীৱনত দুখৰ পৰিমাণহে বেছি৷ বিচাৰিলেও সুখ নাপাওঁ আৰু নিবিচৰাকৈয়েই দুখ আহি বৰঘৰত ভদ্ৰলোক হৈ বহি থাকে৷ পাৰিলেতো দুখে লগত পৰিয়াল, মিতিৰ-কুটুমকো লৈ আহে৷ সেই কাৰণেই চাগে শ্বেকছপীয়েৰে কৈছিল, দুখ অকলে নাহে এমুঠি হৈ আহে৷ এমুঠি হৈ অহা দুখৰ উৎপাতত সুখ পলায় যায়৷ আৰম্ভ হয় হা-হুমুনিয়াহ, চকুলোৰ দীঘলীয়া শোভাযাত্ৰা৷ আমি হাঁহিবলৈ পাহৰোঁ, পাহৰোঁ পুৱাৰ মলয়া বতাহৰ লগত মনৰ কথা পাতিবলৈ৷ দুখবোৰ ইমানেই গধুৰ যে ইয়াৰ বোজা কঢ়িয়াই আমাৰ মেৰুদণ্ড বেঁকা হৈ যায়৷ আমি পাহৰি যাওঁ যে দুখৰ মাজতো সুখ লুকাই থাকে সূৰ্যৰ দৰে৷ সেই সুখ বিচাৰি ল’ব পাৰিলে দুখবোৰো দেখোন কিবা এটা ভাললগা হৈ পৰে৷ দুখৰ উপৰ্যুপৰি আঘাতত স্থবিৰ হৈ পৰাৰ সময়ত যেতিয়া আকাশলে মূৰ দাঙি চাওঁ বুকুখন জুৰ পৰি যায়৷ মনটো পাতল হয়৷ সাহস পাওঁ দুখবোৰ সাৱটি ল’বলে৷ আকোঁৱালি লওঁ দুখবোৰক৷ নহ’লে যে উপায় নাই৷ জীয়াই থকাৰ স্বাৰ্থতেই দুখৰ লগত মিতিৰালি কৰোঁ৷ এতিয়াযে দুখ মোৰ পৰম মিত্ৰ৷ দুখবোৰ বৰ সৰল৷ দুখে ঠগিব নাজানে৷ দুখে যাক ভালপায় তাক হিয়া উজাৰি দিব জানে৷ দুখৰ বোজা বব নোৱাৰি আমি চকুলো টোকো৷ তাত দুখৰ কোনো দোষ নাই৷ দুখেনো কেনেকে জানিব সিহঁতৰ কাৰণেই আমাৰ ক’ত হুমুনিয়াহ৷ আৰু সুখ- সুখ দেখোন আমাৰ চৌপাশে, মাত্ৰ আমি বিচাৰি ল’ব জানিলেই হ’ল৷ সৰু সৰু কামবোৰত, সৰু সৰু আনন্দৰ ক্ষণবোৰতেই সুখে বাহৰ পাতে৷ গছৰ সৰাপাতটোৰ পৰা আৰম্ভ কৰি আবেলি আকাশৰ ঘৰমুখী চৰাইজাকলৈকে সকলোতে সুখৰ অবাধ বিচৰণ৷ পৃথিৱীৰ প্ৰেমত পৰাৰ পৰা, প্ৰকৃতিৰ প্ৰেমত পৰাৰ পৰা সুখে মোক প্ৰায়েই ৰিঙিয়াই মাতে, বুকুখন ভৰাই তোলে৷ মোৰ সুখ লঠঙা গছজোপাত থাকে, বৈ যোৱা সৰু নদীখনৰ বুকুত থাকে, সদ্যপ্ৰস্ফুটিত ফুলপাহত থাকে, অচিন চৰাইৰ কাকলিত থাকে, সৰাপাতৰ বুকুত থাকে, অমাত জীৱৰ লগত কটোৱা সেই মধুৰ ক্ষণবোৰত থাকে, মন চুই যোৱা গানত থাকে, কবিতাত থাকে, আইৰ মুখৰ হাঁহিটোত থাকে, ভণ্টিৰ মিচিকিয়া হাঁহিটোত মোৰ সুখে ঘৰ সাজে৷ মিছা নকওঁ দুখ, হতাশা, নিসংগতা, চকুপানী সকলো আছে কিন্ত তাৰ মাজতে বিজুলীৰ ৰূপত ধৰা দিয়া সুখে মোৰ জীৱনটো মধুৰ কৰি তুলিছে৷ সুখ যে তেনেকুৱাই ক্ষনপ্ৰভাৰ ৰূপ ধাৰণ কৰি পোহৰাই তোলে মন-মগজু৷ পোহৰাই তোলে অমানিশা সদৃশ জীৱন৷ বুজি পাইছো প্ৰকৃতিৰ প্ৰতি, পৃথিৱীৰ প্ৰতি থকা আমাৰ ভালপোৱাতেই সুখ লুকাই থাকে৷ আমি নিজৰ মনৰ ভিতৰৰ পৰাই সুখী হ’ব লাগিব৷ নিজৰ ভিতৰতে সুখৰ উৎস বিচাৰি ল’ব পাৰিব লাগিব৷ যেতিয়া নিজৰ ভিতৰতে সুখৰ উৎস বা কাৰণ থাকিব তেতিয়া বাহিৰৰ কোনো কাৰণে আমাক দুখী কৰিব নোৱাৰে৷ কিন্তু আমি যে সেইখিনিতেই ভুলটো কৰি পেলাওঁ৷ আমি নিজক লৈ, নিজৰ মনৰ ভিতৰৰ সেই উৎসক লৈ সুখী হোৱাৰ পৰিৱৰ্তে কোনো বাহ্যিক কাৰণতহে বা আন কাৰোবাৰ সংগতহে সুখী হোৱাৰ অভ্যাস গঢ়ি তোলো৷ যাৰ কাৰণে আমাৰ সুখৰ সেই বিশেষ কাৰণটোৰ অনুপস্থিতিত আমি সকলো দুখী হৈ পৰোঁ৷ বুজি পাইছো সুখ নিজৰ মনৰ ভিতৰতেই থাকে আনৰ মাজত নহয়৷

মানৱ জীৱনটো ইমানেই চুটি যে প্ৰেম-ভালপোৱাৰ মাজতেই জীৱনটো পাৰ কৰি দিব পাৰি৷ কাৰোবাৰ অহিত চিন্তা কৰা, ইৰ্ষা, হিংসা আদিৰ পৰা দূৰত থাকি মৰম, ভালপোৱা, ক্ষমা, দয়া আদিক আমি যদি বন্ধু কৰি ল’ব পাৰোঁ, তেনেহ’লে জীৱনটো সুন্দৰহৈ পৰে৷ আমি প্ৰেমত পৰিবলে এখন সুন্দৰ পৃথিৱী আছে৷ সেই পৃথিৱীত বাসকৰা বিভিন্ন জীৱ-জন্তু, গছ-গছনি, মানুহ সকলোৰে প্ৰেমত পৰিব পাৰোঁ৷ প্ৰেম বুলি ক’লেই আমি এটা বিশেষ প্ৰেমৰ কথাই বুজোঁ যদিও, প্ৰেম শব্দটো বৰ বিশাল৷ আমাৰ প্ৰেম আৰম্ভ হয় মাতৃগৰ্ভত স্থিতি লাভ কৰাৰ পিচৰ পৰাই৷ আমাৰ প্ৰথম প্ৰেম হয় মাতৃগৰ্ভৰ সেই আন্ধাৰ কোঠাটোৰ লগত, ওলোমা বিছনাখনত দহমাহলৈ ফুৰোৱা মাতৃগৰাকীৰ লগত আমাৰ হৃদয়ৰ সম্পৰ্ক তেতিয়াই ঘটে৷ জন্মৰ পিচত আমি পৃথিৱীখনৰ প্ৰেমত পৰোঁ৷ দেউতা, ভাতৃ-ভগ্নীৰ পৰা সেই প্ৰেম পৰিয়াল, ওচৰ-চুবুৰীয়ালৈ বিয়পি পৰে৷ এনেদৰেই শিশু অৱস্থাতেই আমি প্ৰেমৰ বান্ধোনত বান্ধ খাই পৰোঁ৷ সময় পাৰ হয় আমি যৌৱনত ভৰি দিওঁ৷ আৰু সেই সময়তেই কোনোবা এজন বিশেষ ব্যক্তিৰ প্ৰেমত পৰোঁ৷ তেওঁৰ নামত জীৱনটো উছৰ্গা কৰিব বিচাৰোঁ৷ সেই বিশেষ ব্যক্তিজনৰ লগত, তেওঁৰ সংগত আমি সুখী হ’ব বিচাৰোঁ৷ কিন্তু যদি তেওঁ আমি বিচৰাৰ দৰে নহয় তেতিয়া আমি হতাশ হওঁ৷ আৰু যদি কিবা কথাত তেওঁ আমাৰ বিশ্বাসৰ লগত খেলা কৰে, তেতিয়াটো আমাৰ কাৰণে জীয়াই থকাটোৱেই কষ্টকৰ হৈ পৰে৷ এজনৰ বিশ্বাসঘাটকতাৰ কাৰণে আমি হেজাৰজনৰ ওপৰত থকা বিশ্বাস হেৰুৱাওঁ৷ তেনে অৱস্থাত আমি কেতিয়াবা মানসিকভাৱে ইমানেই ভাগি পৰোঁ যে, নিজৰ প্ৰতি নিষ্ঠুৰ হ’বলৈও কুণ্ঠাবোধ নকৰোঁ৷ পাহৰি যাওঁ আমাৰ জীৱনৰ সেই প্ৰথম প্ৰেম৷ পাহৰি যাওঁ আমাৰ কাৰণে সকলো ত্যাগ কৰা আই-পিতাইৰ কথা৷ এক ভয়ংকৰ হতাশাই আমাক চেপি-খুন্দি ধৰে৷ সেই হতাশাৰ পৰা আমাক প্ৰকৃতিয়েহে উদ্ধাৰ কৰিব পাৰে৷ প্ৰকৃতিৰ সংস্পৰ্শত আমাৰ সকলো দুখ-বেদনা উপশম হয়৷ এক সুদক্ষ যাদুকৰৰ দৰেই প্ৰকৃতিয়ে আমাৰ মনৰ আঘাতবোৰত মলম সানে৷ লাহে লাহে সময়ে সেই আঘাতবোৰ পাহৰাই পুনৰ হাঁহিবলে শিকাই৷ এই ক্ষেত্ৰত পোহনীয়া জীৱ-জন্তুৰ সংগেও ফলদায়ক ঔষধৰ কাম কৰে৷ সিহঁতৰ লগত থকা সময়খিনিত আমাৰ দুখ, বেদনা, হতাশা সকলো আঁতৰি যায়৷ তাৰ পৰিৱৰ্তে এক বুজাব নোৱাৰা মানসিক প্ৰশান্তিৰে আমাৰ মন ভৰি পৰে৷

আমি যদি জীৱনটো এখন ৰংগমঞ্চ বুলি ভাবোঁ তেনেহ’লে আমি হ’লো ইয়াৰ ভাৱৰীয়া, সেয়েহে আমি সদায় ইয়াত উন্নত প্ৰদৰ্শন দেখুৱাব লাগিব৷ তাৰ কাৰণে সুখ, দুখ, বিপদ সকলোতে ভাগৰি নপৰাকে আগুৱাই যাবলে নিজকে গঢ়ি তুলিব লাগিব৷ আনহাতে যদি আমি জীৱনটোক উপাসনা হিচাপে লওঁ, তেনেহ’লে আমি হ’লো জীৱনৰ পূজাৰী৷ জীৱনৰ প্ৰতি আমি আগবঢ়োৱা পূজাত যাতে কেতিয়াওঁ কোনো দ্ৰব্যৰ অভাৱ নহয় তাৰ কাৰণে আমি নিজৰ মাজতে জীৱনৰ পূজাত ব্যৱহৃত প্ৰতিটো দ্ৰব্য তৈয়াৰ কৰিবৰ কাৰণে নিজকে এজোপা গছ হিচাপে গঢ়ি তুলিব লাগিব৷ সেইজোপা গছ, যি হেজাৰ ধুমুহাতো ভাগি নপৰাকে থাকিব পাৰে৷ সকলো ধুমুহা হাঁহিমুখে গ্ৰহণ কৰি জীৱনৰ পূজা সফলতাৰে সমাপন কৰিব পৰা তেনে এজোপা গছ হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ মাজতে লুকাই থাকে জীৱনৰ সফলতা৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক