তথ্যসূত্ৰ — অভিজিত কলিতা

 

 

যিকোনো বিষয়ৰ ওপৰতে বিজ্ঞানসন্মত আলোচনা বা প্ৰৱন্ধত সকলোতকৈ জৰুৰী বস্তুটো হ’ল ৰেফ’-আৰ-এঞ্চ বা তথ্যসূত্ৰ। সৰুতে আমাক শিকাইছিল, ৰচনা লিখোতে যিমানে “উদ্ধৃতি” দিব পাৰিবি সিমানে বেছি নম্বৰ পাবি। বৰ বেছি প্ৰসংগ সংগতি বিচৰা নাছিলোঁ, কেৱল ৰচনাখনৰ লগত মিলিব পৰা দুটামান শব্দ উদ্ধৃতিত থাকিলেই হ’ল। হোৱাই নোহোৱাই মূল গধূৰ লেখক এজনৰ দুই এটা বক্তব্য উৰ্ধকমাৰ মাজত লিখি দিছিলোঁ, লাভ হৈছিল, এক আধা হ’লেও বেছি নম্বৰ আহিছিল। আজিও কিবা এটা লিখিব খুজিলে লগে লগে ইণ্টাৰনেট চাৰ্ছ, এই বিষয়ত কোনে কি কৈছিল ? মোৰ এতিয়াও গুগল চাৰ্ছ অব্যহত আছে, চাৰ্ছ বাৰত লিখিছোঁ-

” How important is reference to an Article”

লিখা মেলাৰ কথা বাদেই, অফিচৰ ন’টশ্বিটটো কোনোবাই ক’ৰবাত দি যোৱা বক্তব্য, মেনুৱেল বিলাকত লিখা থকা দুটা শাৰী, আগতে কৰা কামৰ ‘ৰেফ’-আৰ-এঞ্চ ‘, অথৰিটি মিনিষ্ট্ৰীৰ গাইডলাইন আদি কিবা কিবি লিখিব পাৰিলেই বৈতৰণী পাৰ বুলি ধৰিব পাৰি। গুগল অহাৰ পৰা অফিচৰ কামত বৰ সুবিধা হৈছে।

গুগল বৰ মজাৰ বস্তু, সাংঘাতিক বস্তু । এটা উদাহৰণ দিওঁ, ধৰি লওক বিতৰ্কৰ বিষয়টো হ’ল নদী বান্ধ । আপুনি গুগল বাবাৰ দৰ্শন কৰাৰ আগতেই সিদ্ধান্ত ল’লেই আপুনি নদী বান্ধ সমৰ্থন কৰিব নে বিৰোধিতা কৰিব । যিটো পক্ষই লওক লাগে, গুগলক অলপ টেন্টেটিভ ইংগিত দুটামান দি চাৰ্ছ মাৰক, (এইখিনিতে অলপ বুদ্ধি নলগা নহয়) আপোনাৰ যুক্তিৰ সমৰ্থনত ৫৭৪৫২ টা ৰিজাল্ট (ৰেফ’-আৰ-এঞ্চ ) আপোনাৰ আগত ডাঙি ধৰিব, তাকো মাত্ৰ ০.৩১৫২৬ ছেকেণ্ডত। তাৰে দুই এটা লিখি, বা কপি পেষ্ট মাৰি আপুনি পাণ্ডিত্য দেখুৱাই যাওক । ফ’টও পাব কেইহেজাৰ মান । কাম হৈ গ’ল ।

কেৱল মনত ৰাখিব, গুগল দুতলীয়া বস্তু, সি আপোনাৰ বিপক্ষৰ জনকো সমানেই ৰিজাল্ট দিছে, দুটা বেছি দিব পাৰে, কিন্তু কম দিয়া নাই ।

লিখি দিয়া কথাৰ প্ৰতি মানুহৰ এটা সহজাত দুৰ্বলতা আছে । তাক প্ৰমাণ কৰিবলৈ বিদেশত কোনোবা এজনে এনেই কোনোবা এখন বিখ্যাত চহৰৰ প্ৰবেশপথত লিখি থ’লে – দুঘণ্টাৰ বাবে চহৰখন বন্ধ কৰা হৈছে । ৰ’ব হে, আমাৰ দৰে অসম বন্ধ প্ৰদেশৰ কথা কোৱা নাই, সাধাৰণ ‘কমন চেন্স থকা হিউমেন বিইং’ থকা ইউৰোপৰ চহৰ এখনৰ কথা কৈছো। ৰাষ্টাৰে গৈ থকা মানুহবোৰে তাকে সঁচা বুলি ভাৱি ল’লে, সকলো গাড়ী ঘণ্টাৰ পাছত ঘণ্টা ৰৈ থাকিল ।

মানে কথাটো হ’ল, কৰবাত যদি কিবাকৈ ৰেফ’-আৰ-এঞ্চ আছে, কোনোবাই কৰবাত লিখি দিছে, তেনে বিষয়টো সঁচা বুলিয়েই আমি ধৰি লওঁ । আমাৰ শিক্ষা, গুৰুজন, পিতৃ মাতৃয়েই তাকে শিকাইছে, কোনোবা ডাঙৰ মানুহে কৈ যোৱা কথা বিলাক শুনিবি, পঢ়িবি, বুজিবি; তেহে জীৱনত কিবা এটা কৰিব পাৰিবি । আমিও তাকে কৰি আহিছোঁ । আমাৰ মতৰ আগতে জ্ঞানীলোকে লিখি থৈ যোৱা শাস্ত্ৰসমূহ পঢ়িলেই চূড়ান্ত জ্ঞান পাব পাৰি, আমি শাস্ত্ৰজ্ঞলোকক হে পণ্ডিত বুলি কওঁ ।

কিন্তু এজনে যদি কালিলৈ নিজৰ মগজুৰে চিন্তা কৰি কিবা এটা নতুন কথা ভাৱি পালে, নতুন চিন্তাৰ দিশ এটা উলিয়ালে, সেইটোৰ কোনো মূল্য নাই। কাৰণ এটাই, ৰেফ’-আৰ-এঞ্চ নাই, আগতে কোনেও সেই কথাটো তেনেকৈ ভৱা নাছিল, লিখা নাছিল । গতিকে সেয়া মূল্যহীন। ৰেফ’-আৰ-এঞ্চ নথকা কথাৰ একো দাম নাই ।

তেনেহ’লে মানুহৰ চিন্তাৰ উৎকৰ্ষ কেনেকৈ হব ? সেইটোৱেই প্ৰশ্ন ! অতীজতে ব্যাসদেৱে, কাৰ্লমাৰ্ক্সে, মহাত্মা গান্ধীয়ে যিদৰে ভাৱিছিল, আমাৰ কি অলপ বেলেগকৈ ভৱাৰ স্বাধীনতা নাই নেকি ? সময় সমাজ সলনি হ’লেও শাস্ত্ৰত লিখা কথাবোৰহে সত্য হ’ব নেকি ? নতুন চিন্তাৰ কোনো দাম নাই ?

কিছুদিনৰ আগতে ৱাটচ্এপত এটা ভিডিঅ’ দেখিছিলো- এপ’ল কম্পিউটাৰ্চৰ প্ৰতিষ্ঠাপকে হেনো কৈছে, ” ভাৰতত উদ্ভাৱন সম্ভৱ নহয় আৰু সেই কাৰণতে ভাৰতীয় শিক্ষিত নিবনুৱাসকল আন-এম্প্লয়েবল হৈ পৰিছে-তেওঁলোকক চাকৰি দিব নোৱাৰি “! ভাৰতত যে উদ্ভাৱন নহয়, সেয়া সত্য । আগতে হৈছিল, কিন্তু আধুনিক পশ্চিমীয়া শিক্ষাৰে শিক্ষিত ভাৰতীয় সকলে উদ্ভাৱন কৰিব নোৱাৰে- আৱিষ্কাৰ আৰু আৱিষ্কাৰকৰ তালিকাখন চালেই সেয়া স্পষ্ট হৈ পৰিব। কাৰণ আমাক কেৱল আনে আগতে কৈ যোৱা কথা মনত ৰাখি, মানি চলিবলৈ শিকোৱা হৈছে; আমি কেৱল প্ৰচিডিয়ৰ মানি চলিবলৈ শিকিছোঁ- কোনোবাই নতুনকৈ কিবা ভৱা নিষিদ্ধ। যি আনে আগতে লিখা বা ভৱা কথা বেছিকে পঢ়িছে বা মনত ৰাখিছে তেওঁহে পণ্ডিত, যি নিজে কিবা নতুনকে ভাৱিছে তেওঁ হয় পাগল নহয় অলগদ্ধ । প্ৰাচীন শাস্ত্ৰ জনাজন হে জ্ঞানী, পাঁচশ বছৰ পুৰণি প্ৰযুক্তিৰে কাপোৰ তৈয়াৰ কৰিব পৰাগৰাকীহে শিপিনী, এহেজাৰ বছৰৰ আগৰবোৰহে সংস্কৃতি- এনে ধাৰণা আমাৰ মনত ইমানেই গাঢ়কৈ খোদিত হৈ পৰিছে যে তাৰ বাহিৰৰ কিবা চিন্তাক আমি চিধাই বাতুলামি বুলি অভিহিত কৰিবলৈ পিছ নোহোঁহঁকো। আমি আচলতে ৰেফ’-আৰ-এঞ্চৰ দাস হে পৰিছোঁ, আৰু তাৰ ফলশ্ৰুতিতে আগবাঢ়িব নোৱাৰা হৈছোঁ ।

ৰেফ’-আৰ-এঞ্চ প্ৰয়োজন আছে- ৰেফ’-আৰ-এঞ্চ হ’ল সেই বিষয়টোত আগতে কোনোবাই কৰি যোৱা চিন্তা চৰ্চাৰ খতিয়ান। কিন্তু আমি কিয় ভাৱিব নোৱাৰো যে সেয়া ভেঁটিহে- তাৰ ওপৰত আমি যিমানলৈকে পাৰো ওখ ঘৰ সাজিব পাৰোঁ । তেহে আমি আগবাঢ়িম, নহ’লে আমাৰ বুদ্ধিমত্তাৰ বিকাশ কেনেকৈ হ’ব ।

কেৱল ৰেফ’-আৰ-এঞ্চ থাকিলেহে গ্ৰহণযোগ্য বা সত্য- এই ধাৰণাটোৰ পৰা ওলাই অহাৰ সময় সমাগত। নতুন চিন্তাক উৎসাহিত কৰিবৰ প্ৰয়োজন আহি পৰিছে । আজি সমগ্ৰ বিশ্বই নতুন চিন্তা, উদ্ভাৱনৰ বাবে বাট চাই আছে- আমি আমাৰ চিন্তাক ৰেফ’-আৰ-এঞ্চত সীমিত ৰাখিলে নহ’ব।■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments