তলা-বন্ধৰ সময়ছোৱাৰ ইতিবাচক -চিন্তা অথবা প্ৰাপ্তি – নৱজিৎ বৈশ্য

“Forces beyond your control may take away everything you possess except one thing, your freedom to choose how you will respond to the situation.” বিপৰ্যয় যিমানেই ডাঙৰ নহওক কিয়, সি আমাৰ সকলো ধৰণৰ প্ৰতিৰোধ তচনচ কৰি আমাৰ সমস্ত সুখ-সম্পদ কাঢ়ি নিব পাৰিলেও সেই বিপৰ্যয়ৰ প্ৰতি আমি কেনেধৰণৰ প্ৰতিক্ৰিয়া দেখুৱাম, সেয়া নিৰ্বাচন কৰাৰ স্বাধীনতা আমাৰ পৰা কেতিয়াও কাঢ়ি নিব নোৱাৰে৷ ‘লক-ডাউন’ আৰম্ভ হোৱাৰ ঠিক আগে আগে পঢ়িবলৈ হাতত তুলি লোৱা, ড° ভিক্টৰ ফ্ৰেংক্লৰ “Man’s Search for Meaning” নামৰ গ্ৰন্থখনত পোৱা এই কথাষাৰে, কৰ’না ভাইৰাছৰ গোলকীয় সংক্ৰমণে সৃষ্টি কৰা আতংকৰ মাজতো জীৱনটোক যোগাত্মক দৃষ্টিভংগীৰে লৈ, সাধাৰণ জীৱন-যাপনৰ লগতে অনাগত দিনত আহিব পৰা বিপদৰ মুখামুখি হ’ব পৰাকৈ নিজকে সাজু কৰি তুলিবলৈ উদ্বুদ্ধ কৰিছিল৷ ফ্ৰেংক্লৰ কিতাপখন পঢ়িয়েই উপলব্ধি কৰিছিলোঁ যে ভৱিষ্যতৰ অনিশ্চয়তাই জীৱনৰ অৰ্থ আৰু মৰ্যাদাক অৱনমিত নকৰে৷ সেয়েহে লক-ডাউনৰ দিনকেইটা ঘৰতে থাকি দৈনন্দিন ঘৰুৱা কাম-কাজ আৰু সাধাৰণ ব্যায়ামৰ জৰিয়তে শাৰীৰিক সক্ৰিয়তা বজাই ৰখাৰ উপৰিও, ইতিমধ্যে সংগ্ৰহ কৰি থোৱা অথচ পঢ়িবলৈ সময় নোপোৱা কেইখনমান বিশেষ কিতাপ পঢ়ি আত্মোপলব্ধিৰ চেষ্টা কৰিম বুলি সিদ্ধান্ত লৈছিলোঁ৷ জ্ঞান-বিজ্ঞানৰ জগতখনৰ প্ৰৱেশদ্বাৰত থিয় হৈ কাতৰভাৱে ভিতৰলৈ চাই থকা আমাৰ দৰে নিঃকিনৰ বাবে হয়তো সেয়াও এক অলীক কল্পনায়ে আছিল৷ কিন্তু আশা কৰিছিলোঁ ভূগৰ্ভৰ প্ৰবল ছাপত পৰি কয়লাও যিহেতু হীৰাত পৰিণত হ’ব পাৰে, আমাৰ জীৱন কালৰ এই অভূতপূৰ্ব বিপদে, মৃত্যুৰ ঘনীভূত ছায়াই আমাৰ দৰে নিঃকিনকো আত্মোপলব্ধিৰ সামান্যতম হ’লেও সুযোগ দিব৷ এই যোগাত্মক মানসিকতাই আছিল ’লক্-ডাউন’ৰ প্ৰথম আৰু প্ৰধান প্ৰাপ্তি৷ তাৰ বাবে ডক্টৰ ফ্ৰেংক্ল ধন্যবাদৰ পাত্ৰ৷

লাহে লাহে ’লক-ডাউন’ৰ দিনবোৰ পাৰ হ’বলৈ ধৰিলে আৰু ময়ো ইতিমধ্যে পৰিকল্পনা কৰা অনুসৰি দিনবোৰ কামত লগাবলৈ যথাসাধ্যে চেষ্টা অব্যাহত ৰাখিলোঁ৷ ভিক্তৰ ফ্ৰেংকলৰ কিতাপখনৰ যিমানেই ভিতৰলৈ সোমালোঁ সিমানেই মনৰ পৰা সংশয়ৰ ছাঁ আঁতৰিবলৈ ধৰিলে৷ মই যেন এখন নতুন জগতৰ মুখামুখি হ’লো৷ এনে অনুভৱ হ’বলৈ ধৰিলে যেন জীৱনটোক গভীৰভাৱে বুজিবলৈ মানুহে কঠিন সময় অতিবাহিত কৰিবই লাগিব৷ নেলচন মেণ্ডেলাই তেওঁৰ আত্মজীৱনী “A Long Walk to Freedom”ত প্ৰসঙ্গক্ৰমে মন্তব্য কৰিছে, “Perhaps it requires such depths of oppression to create such heights of character.” ফ্ৰেংক্লৰ লেখা পঢ়ি মেণ্ডেলাৰ কথাৰ গূঢ়াৰ্থ যেন আকৌ এবাৰ নতুনকৈ অনুধাৱন কৰাত সফল হ’লো৷ ফ্ৰেংক্লৰ কিতাপখনত তেওঁ কনচেনট্ৰেচন কেম্পত কটাই অহা তিনিটা বছৰৰ অভিজ্ঞতাৰ বৰ্ণনা আছে৷ এজন স্নায়ুৰোগ তথা মনোৰোগ বিশেষজ্ঞৰ দৃষ্টিকোণৰ পৰা কৰা সূক্ষ্ম বৰ্ণনা আৰু তাৰ মাজে মাজে ফ্ৰেংক্লে কৰা দাৰ্শনিক তথা মনস্তাত্বিক মন্তব্যসমূহে যিকোনো পাঠককে জীৱনটোক নতুকৈ চাবলৈ উদ্বেলিত কৰিব৷ জীৱনৰ বাটত মুখামুখি হোৱা প্ৰতিকুল পৰিস্থিতিতো আত্মবিস্মৃত নহৈ মানৱীয় মৰ্যাদা ৰক্ষা কৰি জীৱনটো অৰ্থৱহভাৱে যাপন কৰিবলৈ প্ৰেৰিত কৰিব৷

কনচেনট্ৰেচন কেম্পত বন্দীসকলক কঠোৰতকৈও কঠোৰ পৰিশ্ৰম কৰিবলৈ বাধ্য কৰোৱা হৈছিল৷ তাৰ বিপৰীতে প্ৰচণ্ড শীতত পিন্ধিবলৈ একেবাৰে অনুপযুক্ত পোছাক আৰু অতি কম পৰিমাণৰ তথা পুষ্টিহীন আহাৰ যোগান ধৰা হৈছিল৷ তদুপৰি সামান্য অপৰাধতে বা কোনো অপৰাধ নোহোৱাকৈয়ে বন্দীসকলৰ ওপৰত অবৰ্ণনীয় শাৰীৰিক অত্যাচাৰ চলোৱা হৈছিল৷ সেই শাৰীৰিক-মানসিক অত্যাচাৰত জৰ্জড়িত হৈ যিসকল বন্দী কাম কৰিব নোৱৰাকৈ দুৰ্বল হৈ পৰিছিল নাজীবাহিনীয়ে সেই সকলক ৰেষ্ট-কেম্পলৈ নিয়াৰ অচিলাৰে “গেছ চেম্বাৰ”লৈ নি হত্যা কৰিছিল৷ সেই হেন পৰিস্থিতিতো, সংখ্যাত খুব কম হ’লেও ফ্ৰেংক্লৰ দৰে একাংশ বন্দীয়ে শেষ মুহূৰ্তলৈকে আশা হেৰুৱা নাছিল৷ ফ্ৰেংক্লে কেনেকৈ হতাশাক জয় কৰিছিল তাৰ উমান পোৱা যায় সহবন্দী সকলৰ আগত তেওঁ হঠাতে দিয়া এটা বক্তৃতাত৷ সেই বক্তৃতাটো কি পৰিস্থিতিত দিবলগীয়া হৈছিল তাৰ উল্লেখে তেওঁৰ আশাবাদৰ শিপা কিমান গভীৰত প্ৰোথিত হৈ আছিল তাৰ উমান দিব৷ সেইদিনা কেম্পৰ খাদ্যভাণ্ডাৰৰ পৰা এজন ভোকাতুৰ বন্দীয়ে দুটামান আলু চুৰি কৰিছিল৷ কেম্প কৰ্তৃপক্ষই চুৰিকাৰ্যটোৰ বিষয়ে জানিব পাৰিলেও চোৰজনক চিনাক্ত কৰিব পৰা নাছিল৷ সেয়েহে কৰ্তৃপক্ষই কেম্পৰ বন্দীসকলক হয় চোৰজনক উলিয়াই দিবলৈ কৈছিল নহ’লে শাস্তি হিচাপে সিদিনা গোটেই দিনটো আটায়ে লঘোনে থাকিব লাগিব বুলি কৈছিল৷ এনেয়ে অপৰিমিত পৰিশ্ৰম আৰু অৰ্দ্ধাহাৰে দিনকটোৱা সেই দুৰ্বল ৰুগীয়া মানুহবোৰৰ বাবে এটা দিন লঘোনে থকাটো সাধাৰণ কথা নাছিল৷ তথাপি সহবন্দী এজনক অমানুষিক শাস্তিৰ পৰা বচাবলৈ আটায়ে লঘোনে থকাটোকে থিৰ কৰিলে৷ সন্ধিয়ালৈ মানুহবোৰৰ মনোবল টুটি আহিছিল৷ কোনোৱে কথা পাতিব বিচৰা নাছিল৷ সামান্য এটা শব্দইও তেওঁলোকক বিৰক্ত কৰিছিল৷ সেই পৰিৱেশত কেম্পৰ এজন তুলনামূলকভাৱে সহানুভূতিশীল পৰিচালক(চিনিয়ৰ ৱাৰ্ডেন)য়ে ভোকত কাতৰ বন্দী সকলক অলপ মানসিক সকাহ দিবলৈ মনোৰোগ বিশেষজ্ঞ ফ্ৰেংকল্ক কিবা অলপ ক’বলৈ পাছিলে৷ কাৰণ ইতিমধ্য কেম্পত আত্মহত্যাৰ মানসিকতাই গা কৰি উঠিছিল আৰু কেইবাটাও আত্মহত্যাৰ ঘটনা ঘটিছিল৷ “Running into the barbed wire”-এইটো আছিল কেম্পত বহুলভাৱে প্ৰচলিত এটা ফ্ৰেজ৷ কাৰণ বন্দীসকলৰ বাবে আত্মহত্যাৰ সহজ উপায়টো আছিল কেম্পটোক পৰিবেষ্টিত কৰি ৰখা বিদ্যুত পৰিবাহী কাইটীয়া তাঁৰৰ বেৰখনলৈ দৌৰ মৰা৷ গতিকে প্ৰবল অনিচ্ছা সত্ত্বেও ফ্ৰেংক্লে পৰিস্থিতিৰ মনস্তাত্বিক ব্যাখ্যা এটা আগবঢ়াবলৈ ঠিয় দিলে৷ সেই পৰিৱেশত ম’টিভেচনেল স্পীচ্ছ দিয়াটো বৰ জটিল আৰু কষ্ট সাধ্য আছিল৷ তথাপি মনোৰোগ বিশেষজ্ঞ ফ্ৰেংক্লে তেওঁৰ বিদ্যা আৰু অভিজ্ঞতাৰ প্ৰয়োগেৰে পৰিৱেশটো অলপ হ’লেও পাতলাবলৈ কথা আৰম্ভ কৰিলে৷ তেওঁ প্ৰথমে সহবন্দী সকলৰ আগত তেওঁলোকৰ বাবে তেতিয়াও উপলব্ধ কিছুমান সৰু সৰু সুবিধাৰ কথা উল্লেখ কৰিছিল আৰু কৈছিল যে দ্বিতীয় বিশ্বযুদ্ধই উছন কৰা ইউৰোপৰ ষষ্ঠটো শীতত, তেওঁলোক কল্পনাই ঢুকি পোৱা আটাইতকৈ কঠিন অৱস্থাত তেতিয়াও উপনীত হোৱাহি নাই৷ তাৰ পিছত তেওঁ সহবন্দীসকলক তেওঁলোকে ইতিমধ্যে কি কি অপূৰণীয় ক্ষতিৰ মুখামুখি হ’ল ভাবি চাবলৈ আহ্বান জনালে৷ দেখা গ’ল যে সহবন্দী সকলে অপূৰণীয় বুলি ভাবি থকা ক্ষতিবোৰ আচলতে অপূৰণীয় নহয়৷ স্বাস্থ্য, সম্পদ, বৃত্তিগত সামৰ্থ্য, সুখ, পৰিয়াল, সমাজিক সম্পৰ্ক আদিবোৰ পুনৰ ঘূৰাই অনাৰ বা অৰ্জন কৰাৰ সুযোগ তেওঁলোকৰ বাবে তেতিয়াও আছে৷ তেওঁলোক ইতিমধ্যে যি বিপৰ্যয়ৰ মাজেদি পাৰ হৈ আহিল সেয়া ভৱিষ্যতে তেওঁলোকৰ বাবে সম্পদত পৰিণত হোৱাৰ সম্ভাৱনা তেতিয়াও নিঃশেষ হৈ যোৱা নাই৷ তেওঁ নীৎসেৰ উদ্ধৃতি দিলে, “That which does not kill me, makes me stronger.” তাৰ পিছত তেওঁ ভৱিষ্যতৰ কথা ক’লে৷ তেওঁ মানি ল’লে যে ভৱিষ্যত তেওঁলোকৰ বাবে আশাহীন৷ তেওঁলোকৰ বাছি থকাৰ আশাও খুব ক’ম৷ ফ্ৰেংক্লে নিজৰ বাছি থকাৰ আশা ১/২০ বুলি উল্লেখ কৰিলে৷ কিন্তু তথাপিও তেওঁ আশা ত্যাগ কৰিবলৈ প্ৰস্তুত নহয় বুলিও সহবন্দীসকলক জানিবলৈ দিলে৷ সংগ্ৰামৰ সফলতাত সন্দেহ থকা কথাটোৱে সংগ্ৰামৰ মহত্ত্ব আৰু মৰ্যাদা কেতিয়াও অৱনমিত নকৰে বুলি তেওঁ দৃঢ়তাৰে ঘোষণা কৰিলে৷ তেওঁ অতীতৰ কথাও উল্লেখ কৰিলে৷ তেওঁ এজন কবিৰ উদ্ধৃতি দি ক’লে যে আমি যি অভিজ্ঞতা আৰ্জিলোঁ সেয়া পৃথিৱীৰ কোনো শক্তিয়ে কাঢ়ি নিব নোৱাৰে৷ তাৰ উপৰিও তেওঁ সহবন্দীসকলক মনত পেলাই দিলে যে তেওঁলোকৰ আত্মীয় স্বজনে, যিসকলে তেতিয়াও তেওঁলোকৰ অভাৱ অনুভৱ কৰি আছে, সেইসকলে তেওঁলোকক আটাইবোৰ অত্যাচাৰ-উৎপীড়ন বীৰৰ দৰে সহি বাছি থকাটো বিচাৰে৷ মুঠতে ফ্ৰেংক্লে এই কথা প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিলে যে জীৱন পৰিস্থিতি নিৰ্বিশেষে অৰ্থৱহ আৰু তাক অৰ্থৱহ কৰি ৰখা দায়িত্ব মানুহৰ নিজৰ৷ দীৰ্ঘদিন ধৰি পুষ্টিহীনতাত ভুগি থকা মানুহবোৰক দিনজোৰা উপবাসে কাতৰ কৰি তুলিছিল যদিও ফ্ৰেংক্লৰ কথা শুনি মানুহবোৰৰ বেছিভাগৰে চকুলো ওলাল৷ ফ্ৰেংক্লে বুজি পালে যে তেওঁ সফল হৈছে৷ কিন্তু ফ্ৰেংকলে নাজানিলে যে তেওঁৰ বক্তৃতাৰ তেওঁ নিজেই লেখা সাৰাংশ পঢ়ি মহামাৰীয়ে বিপন্ন কৰা পৃথিৱীত ভাৰতবৰ্ষৰ উত্তৰ-পূৱ প্ৰান্তৰত অৱস্থিত অসম নামৰ ভূখণ্ডৰ এজন অতি সাধাৰণ মানুহৰো চকু সেমেকি উঠিল৷ এই দুৰ্দিনতো প্ৰাপ্তি আৰু বিষাদৰ এক নান্দনিক অনুভূতিয়ে জোকাৰি গ’ল৷

লক-ডাউনৰ সময়ছোৱাৰ দ্বিতীয়টো প্ৰাপ্তি আছিল বেলজিয়ামৰ ছুজেন হয়লাৰ্টচ্ নামৰ নব্বৈ বছৰীয়া বৃদ্ধা এগৰাকীৰ মৃত্যুক স্বীকাৰ কৰি জীৱনক জয় কৰাৰ খবৰটো৷ মৃত্যুৰ কোনো নতুনত্ব নাই৷ কিন্তু মৃত্যপথ যাত্ৰীৰ প্ৰতিক্ৰিয়াত আছে৷ মহান ৰুছ লেখক ডষ্ট্ৰয়েভস্কিয়ে কৈছে, “The only thing I dread: not to be worthy for my sufferings.” মৃত্যুক সমুখত দেখি আমি যদি জীৱনৰ সমস্ত গৰিমাক জলাঞ্জলি দিওঁ,  কেইটামান দিন বা বছৰ বাছি থকাৰ আকাংক্ষাত যদি আক্ৰোশী হৈ উঠোঁ, জীৱনৰ কঠিন পৰিক্ৰমাৰ মাজেদি আমি লাভ কৰা অভিজ্ঞতা, তিল তিলকৈ গঢ়ি তোলা জীৱন-দৰ্শন তথা জীৱন-চৰ্যাৰ প্ৰতি সেয়া চৰম অপমান নহ’ব জানো?  নিশ্চয় হ’ব৷ ছুজেন হয়লাৰ্টচ্ বোলা মহিলা গৰাকীয়ে কিন্তু জীৱনক অপমান নকৰিলে৷ বৰং আৰু কেইটামান দিন বা আৰু কিছু বছৰ জীয়াই থকাৰ সম্ভাৱনাৰ বিনিময়ত জীৱনৰ মৰ্যাদাক তুলিহে ধৰিলে৷ এই বৃদ্ধা গৰাকীয়ে কভিদ-১৯ত ভুগি যেতিয়া শ্বাস-প্ৰশ্বাসত অসুবিধা পালে, ডাক্তৰে তেওঁক ভেণ্টিলেটৰৰ সহায়ত চিকাৎসাৰ পৰামৰ্শ দিলে৷ কিন্তু ছুজেনে ভেণ্টিলেটৰ ল’বলৈ অস্বীকাৰ কৰিলে৷ তেওঁ ক’লে, “I do not want to use artificial raspiration. I had a good life. Keep it for youngers.” মৃত্যৰ দুৱাৰডলিত উপনীত হৈও ইমান দৃঢ় আৰু সুন্দৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা যাৰ আছিল, নিশ্চিতভাৱ ক’ব পাৰি তেওঁ এটা পৰিপূৰ্ণ অৰ্থৱহ জীৱন যাপন কৰিছে৷ আনকি মৃত্যুৰ আগৰ যিকেইটা মুহূৰ্ত তেওঁ প্ৰচণ্ড শ্বাস-কষ্টত ভুগি আছিল সেইকেইটা মুহূৰ্তও তেওঁ জীৱনক তাৰ সমস্ত মহত্ত্বেৰে উদ্যাপন কৰিছিল৷ She was still living when she died.

ক্ৰমবৰ্দ্ধমান সংক্ৰমন আৰু মৃত্যুৰ নেতিবাচক বাতৰিবোৰৰ মাজত এই খবৰটোৱে হয়তো উপযুক্ত চৰ্চা লাভ নকৰিলে বা তেওঁৰ বয়সটো চাই তেওঁৰ আত্মত্যাগক বহুতে নায়কোচিত বুলি ভাবিবলৈ টান পালে৷ কিন্তু মৃত্যুভয় সকলোৰে বাবে সমান৷ সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল একবাৰে শেষৰ মুহূৰ্তটোলৈকে তেওঁ জীৱনটো যাপন কৰি গ’ল৷

এই নিৱন্ধত অনুসৰণ কৰা চয়ণ-ৰীতি ব্যতিৰেকে এই সময়ছোৱাৰ প্ৰথম আৰু প্ৰধান প্ৰাপ্তি বা ইতিবাচকতা হ’ল সমাজ-মানসত ন-চিন্তাৰ উন্মেষ৷ এই ব্যক্তিগত ৰচনাৰ তৃতীয় স্থানত অন্তৰ্ভুক্তিয়ে বিষয়টোৰ গুৰুত্ব হানি নকৰিলেও সি এক আছুতীয়া আলোচনাৰ দাৱী কৰে৷ তথাপি ইয়াত এক চমু আলোচনা আগবঢ়োৱাৰ প্ৰয়াস কৰিলোঁ৷ লক-ডাউনৰ সময়ছোৱাত মৃত্যুৰ শীতলতাত অৱগাহন কৰি মানৱ-কুলে যেন জীৱন আৰু জগতক নতুনকৈ উপলব্ধি কৰাৰ সুযোগ পালে৷ কম দিনৰ ভিতৰতে এই উপলব্ধিৰ কেইবাটাও দিশ পৰিস্ফুত হৈছে৷ সেই সকলোবোৰ দিশ পৃথকে আলোচনা কৰাটো এই নিবন্ধৰ পৰিসৰত সম্ভৱ নহয়৷ সামগ্ৰিকভাৱে চাবলৈ গ’লে যোৱা তিনি মাহ মানৰ ভিতৰতে মানৱজাতিয়ে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, দাৰ্শনিক আদি আটাইবোৰ দিশতে পুনৰীক্ষণৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে৷ জ্ঞান-বিজ্ঞানৰ চৰ্চাৰে আধুনিক সভ্যতা গঢ়ি তোলা মানুহে বুদ্ধিমান জীৱৰ অহমিকা এৰি যেন আকৌ এবাৰ প্ৰকৃতিৰ ওচৰত শিৰ নট কৰিছে৷ জীৱন যাপনৰ against the nature প্ৰৱণতা সামৰি along with the nature নীতি সৰোগত কৰাৰ কথা আকৌ এবাৰ সজোৰে উত্থাপিত হৈছে৷ মানুহে মানুহৰ বাবে সৃষ্টি কৰা সমস্যাসমূহৰ অন্ত পেলাই, প্ৰকৃতিৰ লগত থাকি, প্ৰকৃতিয়ে সৃষ্টি কৰা সমস্যা সমূহ সমাধান কৰিবলৈ মানৱজাতিৰ ঐক্যবদ্ধ সংগ্ৰামৰ প্ৰয়োজনীয়তা সকলোৱে একমুখে স্বীকাৰ কৰিছে৷ মানুহৰ বিপদৰ সময়ত শত্ৰু-মিত্ৰ নিৰ্বিশেষে মানুহে মানুহৰ কাষত ঠিয় দিছে৷ এইবোৰৰ দেখি-শুনি মনত আশাৰ সঞ্চাৰ হৈছে যে মহামাৰীৰ পাছৰ দিনবোৰত মানৱকুল নতুন বাটেৰে নতুন লক্ষ্যৰ ফালে আগুৱাব৷ এক নতুন বাগ্ধাৰাৰ সৃষ্টি হ’ব৷ চহৰকেন্দ্ৰিক, পূতৌ-নিৰ্ভৰ, তথাকথিত উদাৰ মানৱতাবাদৰ ঠাই ল’ব প্ৰকৃত মানৱতাবাদে৷

এই প্ৰসঙ্গতে এজন ভাৰতীয় হিচাপে আৱহমান কাল জুৰি ভাৰতীয়সকলে অনুসৰণ কৰি অহা কিছু আচাৰ-বিচাৰৰ যথাৰ্থতা প্ৰতিপন্ন হোৱাত অন্তঃকৰণেৰে সুখী হোৱা কথাটোও উল্লেখ কৰিব লাগিব৷ নমস্কাৰ জনাই সম্ভাষণ জনোৱা, হাত-ভৰি ধুই ঘৰত সোমোৱা, পাকঘৰৰ ক্ষেত্ৰত কিছু নিষেধ মূলক নীতি-নিয়ম মানি চলা আদিৰ উপৰিও প্ৰাগঐতিহাসিক কালৰে পৰা ভাৰতীয় সকলে প্ৰকৃতিক দি অহা গুৰুত্ব আদি তাৰ উদাহৰণ৷ ভাৰতীয় সকলে প্ৰকৃতিৰ বিভিন্ন উপাদানসমূহক যেন গছ, নদী, পাহাৰ, সাপ ইত্যাদিক পূজা কৰাৰ কথাটো প্ৰকৃতিক গুৰুত্ব দিয়াৰে প্ৰমাণ৷ তদুপৰি ভাৰতীয় সংস্কৃতিৰ পুৰুষ আৰু প্ৰকৃতিৰ ধাৰণাটো এই ক্ষেত্ৰত প্ৰণিধানযোগ্য৷ “সৰ্বে সন্তু নিৰাময়াঃ” অকল ভাৰতীয়ৰ নহয়, আজি গোটেই পৃথিৱীবাসীৰ প্ৰাৰ্থনা৷

শেষত, ইতিমধ্যে এই নিৱন্ধত উদ্ধৃত নীৎসেৰ কথাষাৰত ভেজা দি ক’বলৈ মন গৈছে- কৰ’নাই মানৱ জাতিৰ বৃহৎ ক্ষতি সাধিলেও ই মানৱকুলক নিঃশেষ কৰিব নোৱাৰে, বৰং অধিক শক্তিশালীহে কৰিব৷

০০০০০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক