তলি ফুটা পাত্ৰ (অঞ্জল বৰা)

তলি ফুটা পাত্ৰ

বহু দিনৰ আগৰ কথা৷ এখন গাঁৱত এজন খেতিয়ক আছিল৷ তেওঁ প্ৰত্যেক দিনাই বহু দূৰৰ পৰা দুটা পাত্ৰত পানী কঢ়িয়াই আনিছিল৷ পাত্ৰ দুটা তেওঁ নিজৰ কান্ধত দুফালে ওলোমাই লৈছিল৷ সেই পাত্ৰ দুটাৰ এটাৰ তলিত এটা সামান্য ফুটা আছিল৷ সেয়ে তেওঁ ঘৰ আহি পোৱাৰ লগে লগে এটা পাত্ৰত অলপহে পানী ৰৈ গৈছিল৷ এনেকৈ প্ৰায় দুটা বছৰ তেওঁ পানী কঢ়িয়াইছিল৷

ভাল পাত্ৰটোৱে এই কথাটোকলৈ সদায় অহংকাৰ কৰিছিল যে সি সম্পূৰ্ণ পানী ঘৰলৈ আনিব পাৰিছিল আৰু তাৰ মাজত কোনো খুদ নাই৷ আন পিনে ফুটা থকা পাত্ৰটোৱে সদায় মন বেয়া কৰি আছিল যে সি আধা পানীহে ঘৰলৈ আনিব পাৰিছিল আৰু খেতিয়কজনৰ কষ্ট অথলে গৈছিল৷

ফুটা থকা পাত্ৰটোৱে এই কথা ভাবি সদায় চিন্তিত হৈ আছিল আৰু এদিন খেতিয়কজনক ক’লে “মই অতি লাজ পাইছোঁ আৰু আপোনাক ক্ষমা খুজিব বিচাৰিছোঁ৷”

“কিয়?” খেতিয়কজনে সুধিলে,

“তুমি কিয় লাজ পাইছা?”

“সম্ভৱ আপুনি নাজানে কিন্তু মোৰ এঠাইত এটা ফুটা আছে আৰু যোৱা দুটা বছৰে মই যিমান পানী ঘৰলৈ আনিব লাগে সিমান পানী আনিব পৰা নাই৷ মোৰ ভিতৰত এইটো বৰ ডাঙৰ দোষ আছে৷ ইয়াৰ কাৰণে আপোনাৰ বহু কষ্ট অথলে গৈছে৷” ফুটা থকা পাত্ৰটোৱে ক’লে৷

খেতিয়কজনে পাত্ৰটোৰ কথা শুনি বৰ দুখ পালে আৰু ক’লে “কোনো কথা নাই, মই ভাবো আজি ঘুৰি অহাৰ সময়ত তুমি পথৰ কাষত ফুলি থকা সুন্দৰ ফুলবিলাক চাই আহিবা৷ তোমাৰ মনটো ভাল লাগিব৷”

পাত্ৰটোৱে সেইদৰেই কৰিলে৷ সি গোটেই পথটোৰ কাষত থকা সুন্দৰ ফুলবিলাক চাই চাই আহিল৷ এনে কৰাত পাত্ৰটোৰ দুখ কিছু তল পৰিল৷ কিন্তু ঘৰ আহি পোৱাৰ লগে লগে পুনৰ তাৰ আধা পানী কমি আহিলত পাত্ৰটো পুনৰ দুঃখিত হৈ পৰিল আৰু খেতিয়কজনক ক্ষমা বিচাৰিলে৷

খেতিয়কজনে ক’লে, “সম্ভৱ তুমি মন নকৰিলা যে পথত যিমান ফুল আছিল সকলোখিনি কেৱল তোমাৰ ফালে আছিল৷ ভাল পাত্ৰটোৰ ফালে এপাহো ফুল নাছিল৷ এইটো এই কাৰণে হ’ল, কাৰণ মই তোমাৰ ভিতৰৰ অক্ষমতাখিনিক জানিছিলোঁ আৰু মই তাৰ লাভ উঠাইছিলোঁ৷ মই তোমাৰ ফালে থকা পথত বিভিন্ন ৰঙৰ ফুলৰ পুলি ৰুই দিছিলোঁ৷ তুমি সদায় তাত অলপ অলপ কৰি পানী দি তাক জীয়াই ৰাখিছিলা আৰু গোটেই পথটো সুন্দৰ কৰি দিলা৷ আজি তোমাৰ কাৰণেই মই সেই ফুল ভগৱানৰ পুজাত লগাব পাৰিছোঁ৷ তুমি চিন্তা কৰা, যদি তুমি সঁচাকৈ তাত পানী নিদিলা হয়, তেন্তে মই ইমান সুন্দৰ ফুলখিনি পালোঁহেঁতেননে !!

আমাৰ সকলো মানুহৰে ভিতৰত কিবা নহয় কিবা অক্ষমতা, দোষ বা খুট থাকে৷ কিন্তু এই অক্ষমতা, দোষখিনিকো সঠিকভাৱে ব্যৱহাৰ কৰিলে তাৰ পৰা ভাল ফলাফল লাভ কৰিব পাৰি৷ খেতিয়কজনৰ দৰেই আমিও যি যেনেকুৱা তেনেদৰেই গ্ৰহণ কৰা উচিত৷ কাৰোবাৰ দোষ-দুৰ্বলতাৰ মাজতো ভালখিনিক অধিক গুৰুত্ব দিব লাগে আৰু আমি এনেকুৱা কৰিলেই “ফুটা পাত্ৰ”ও “ভাল পাত্ৰ” হৈ পৰিব পাৰে৷ তেনে কৰিলে আমি আনৰ দোষ-দুৰ্বলতাৰ পৰাও বহু অমূল্য সম্পদ লাভ কৰিব পাৰিম৷
(অনুবাদ: লেখক অজ্ঞাত৷)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments