তলৰ ঘটনাৰাজী সম্পূৰ্ণ সচাঁ , মই নিজ কাণেৰে দেখা আৰু নিজ লিভাৰেৰে দেখা …… (-অপূৰ্ব কলিতা)

শিৱসাগৰৰ এখন প্ৰাথমিক বিদ্যালয় । বিদ্যালয় পৰিদৰ্শক এজন আহিল গুৱাহাটীৰ পৰা বিদ্যালয় পৰিদৰ্শন কৰিবলৈ । বাহিৰত শ্ৰেনী শিক্ষকজনৰ টেনশ্যন , ঘাম বাহিৰ হৈ আছে ।

পৰিদৰ্শক জনে ছাত্ৰ এজনক সুধিলে ” গোপীনাথ বৰদলৈ কোন আছিল ? ”
ছাত্ৰ – ” আমাৰ লোকনাথ মহাজনৰ কোনোবা নেকি ছাৰ ? ”
পৰিদৰ্শক – “এই সামান্য কণো নাজান নে ? গোপীনাথ বৰদলৈ ৰবীন বৰদলৈৰ বাপেক আছিল । আমাৰ যে এমেলে । বৰ ডাঙৰ গায়ক আছিল । কানত ধৰ ।”
ছাত্ৰ – ” ছাৰ বেয়া নাপাব , কাণত মই নধৰো । মই আচলতে ইয়াৰ ছাত্ৰ নহয় , মই দিনত লোকনাথ মহাজনৰ ঘৰৰ গৰু গোহালী চাফা কৰো । এই মাষ্টৰজনে মোক ১০ টকা দিম বুলি কৈ লৈ আনিছে । এতিয়া ১০ টকা আপুনি দিব নে সি দিব কওঁক । মই আকৌ অলপ পিছত শিশুশ্ৰম বিৰোধী সমদল এটাত যাব লাগে, ১৫ টকা দিব বোলে। ’’

পৰিদৰ্শকজনে খঙতে শ্ৰেনী শিক্ষকৰ ফালে চোচা ললে আৰু এইবোৰ কি হৈ আছে বুলি ধমক এটা দিলে । ভয়ত পেপুৱা লাগি মাষ্টৰে হাতজোৰ কৰি কলে ” ছাৰ মোৰ দোষ নাই একো , মই এজন হাজিৰা কৰি ফুৰা মানুহ । আজি তিনি আলিত কামৰ বাবে ৰৈ আছিলো , হঠাৎ এই হেডমাষ্টৰজনে মোক ২৫০ টকা হাজিৰাৰ বাবদ এই কামত লগালে । মোৰ হাজিৰা টো পালেই মই যাব পাৰো ছাৰ । ”

পৰিদৰ্শক এইবাৰ হেডমাষ্টৰৰ কোঠাত সোমাল । গোটেই বস্তুখিনিৰ কৈফিয়ৎ বিছাৰিলে । হেডমাষ্টৰে অলপ সময় মনে মনে থাকিল , হঠাৎ টেবুলৰ ড্ৰয়াৰৰ পৰা ৫ হাজাৰ টকাৰ বান্দিল এটা পৰিদৰ্শকৰ হাতত দিলে আৰু কবলৈ ধৰিলে ” ছাৰ , এইবোৰ কথা মোক নুসুধিব । আছল হেডমাষ্টৰজনক সুধিব । আচলতে হেডমাষ্টৰজনে ঘৰত নতুনকৈ লেপটপ এটা আনিছে আৰু কিবা ফেচবুক নে কি তাতেই দিনৰ দিনটো সোমাই থাকে । কি নো কৰি থাকে তেখেতেহে জানে ? মই তেওঁৰ খুলশালী হে । তেখেতে মোক এই ৫ হাজাৰ টকা আপোনাক দিব কৈছে আৰু সকলো ৰিপৰ্ট ধুনীয়াকৈ লিখি থৈ যাব কৈছে । ”

পৰিদৰ্শকজনে এইবাৰ কলে ” বাৰু হব তেনেহলে , মই বুলিহে ৫ হাজাৰ টকাত মান্তি হৈছো । আচল পৰিদৰ্শকজন হোৱা হলে নামানিলে হেতেন । ”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments