তাইৰ অভিমানী বুকুৰে শাওণ নামে বাৰিষা হৈ — বিকাশ দিহিঙ্গীয়া

তাইৰ অভিমানী বুকুৰে শাওণ নামে বাৰিষা হৈ

— বিকাশ দিহিঙ্গীয়া

জিকা ফুলা সন্ধিয়া এটাত

ঝিলি এটাই কান্দে

ৰাউচি জুৰি,

জোনাকীৰ চাকি জ্বলাই

নদীখনৰ পাৰে পাৰে

ভেকুলীবোৰে সবাহ পাতে,

“বৰ সবাহ”

(সবাহৰ শেষত ভাওনা)

গোমোঠা শাওণৰ সন্ধিয়া

কৰুণ সুৰবোৰে

গৰখীয়া ল’ৰাটোৰ ওঁ‌ঠত

বাঁহী হৈ চুমে,

তাৰ চকুৰ কুটা লাগি

লাহে লাহে

নদীৰ বুকুত যৌৱন বাঢ়ে

পকা কঁ‌ঠাল হৈ

বৰ গছজোপা যেতিয়া

নদীৰ বুকুত ঢপ্ কৈ সৰে,

গোৱালৰ হাবিত
খঁ‌ৰা শিয়ালে বিয়া পাতে,

জাতে জাতে উৰুলি দিয়ে

কিৰিলি এটা পাৰি
ফেঁচাজনীয়ে উৰি আহি

সেই বৰ গছজোপাতে বহে

কলীয়া ডাৱৰৰ আঁ‌ৰে আঁ‌ৰে
জুমি জুমি জোনটোৱে

নৈ পৰিয়া গাঁওখনত বহি

শাওণৰ নৈসৰ্গিক শোভা চাই
মনে মনে হাঁহে

(জোনে হাঁহিলে বিজুলি সৰে)

মথাউৰিত চেঙেলীয়া দুটা মানে

পানী ভাঙি
চেপা ডিঙৰা লেজু বৰশী পাতি
ঘৰলৈ উভতে

শাওণৰ আকাশত
মাজে মাজে জোনৰ হাঁহি জিলিকে

গুৰুম গাৰাম কৈ
হাঁহিৰ ফাঁ‌কেৰে
মেঘ সৰে

সিহঁ‌তৰ কোৰ্হালত

বৰ ভেকুলা কেইটাই
জপং জপং কৰি

পাৰৰ পৰা নদীলৈ
লং জাপ দিয়ে

নদীখনক কোনেও
গুৰুত্ব নিদিয়ে

নৈ বৈ যায় সাগৰলৈ
সকলোৱে জানে

সেয়ে কোনেও তাইক
সমীহ নকৰে

অভিমানত তাই উফন্দি উঠে

ক্ৰমশঃ নিসংগতা আৰু অকলশৰীয়া
অনুভৱবোৰে
ঢৌ হৈ
মথাউৰিত উৰহৰ খং জাৰে

চিপ চিপ বৰষুণ হৈ
গাঁওখনত

নৈখনৰ চকুলো সৰে

খং উঠে তাইৰ

তাই কান্দে

নৈয়ে কান্দিলে
চপৰা চপৰে মথাউৰী খহে

তাইৰ বুকুৱেদি বগুৱা বাই
শাওণ নামে

বাৰিষা হৈ
অভিমানৰ জুইত জাহ যায়

নৈপৰীয়া নৈসৰ্গিকতা
ভাঙি ঠান-বান হয়

গৰখীয়া ল’ৰাটোৰ সপোন
বাঁহী

জ্বলি ছাঁ‌ই হয়
চেপা ডিঙৰা লেজু বৰশী
“ইত্যাদি”

গাওঁখনলৈ প্ৰলয় আহে

গাভৰু নদীৰ
উফোন্দা জৰায়ু ফালি
বান আহে,

উপেক্ষিত নৈখনৰ
জাৰজ পুত্ৰ বান

মাতৃৰ অপমান কেনেকৈ সহে…!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক