তাই (আদিত্য ৰঞ্জন দত্ত)

তাই

তাই মোৰ প্ৰেয়সী। মই প্ৰেমিক চৰাই, তাইৰ কাষে কাষে! তাই মোক কবিতা ভাল পাবলৈ শিকাইছিল। মই তাইক শিকাইছিলোঁ জীৱনক ভাল পাবলৈ। তাই গান গাইছিল। ডিক্ৰঙৰ বুকুৰ কিছু সজালধৰা সুৰ তুলি মই তাইক দিছিলোঁ। তাইৰ বুকুত গোজ মেলিছিল নতুন এখন ডিক্ৰঙে। কেতিয়াবা তাই মোৰ মাৰ দৰে হৈ পৰে, মোক শাসন কৰে। তাইৰ উমাল বুকুত কি বিচাৰি পাওঁ নাজানো। মই অৱশ্যেই হেৰাই যাওঁ। মোৰ দুখত ওলোৱা তাইৰ চকুপানীবোৰত আকাশখন হেৰাই যায়। তাই কবিতা নিলিখা হয়। দুখ তাইৰ শত্ৰু সদায়। তাইৰ বুকুত তিল এটা আছিল। কেতিয়াবা লাজৰ আঁচোৰ সেই তিলটোতো পৰিছিল। তাই ৰঙা হৈ পৰে। হাস্নাহানা হৈ ৰাতি ফুলিছিল তাই। তাই সাৱট মাৰি ধৰিছিল মোক, জোৰকৈ। তাইৰ আকৌ চকুপানী ওলাইছিল। মোৰ বুকুতো ধপধপনি এটাই বাহ লৈছিলহি। মই প্ৰেমত পৰিছিলোঁ, তাইৰ তিলটোৰ। তাইৰ বুকুখনৰ। তাই গুচি আহিছিল, মোৰ কোঠালৈ একেবাৰে। খটখটীটোৰে তাইৰ গধুৰ ট্ৰাংকটো দুয়োটাই ধৰি ওপৰলৈ উঠাইছিলোঁ। ভাগৰ লাগি মাজতে এবাৰ বহি দিছিল তাই। মোক সাৱটি ধৰিছিল আকৌ, জোৰকৈ। মৰমবোৰ বাঢ়ি আহিছিল। সেইনিশা মাতাল হৈ পৰিছিলোঁ দুয়োটা। পুৱালৈকে মোৰ কোঠাটো মোৰ হৈ থকা নাছিল। মেজখনৰ ওপৰত থকা আধাখোৱা চিগাৰেটৰ টুকুৰাবোৰৰ স্থান লৈছিলহি ফুলদানী এটাই। বেৰৰ গজালটোত ওলমি ৰৈছিল আমাৰ এখন যুগ্ম ছবি। পাকঘৰত দুদিন ধৰি নোধোৱাকৈ থকা বাচনবোৰো নোহোৱা হৈ পৰিছিল। লাহে লাহে ঠাণ্ডা নামিছিল। তাইৰ গাভৰু হাঁহিটো মোৰ নামত উছৰ্গা কৰিছিল। শিহৰণবোৰে কবিতাৰ নাম লৈছিল। তাইৰ লগত কাশ্মীৰলৈ গুচি গৈছিলোঁ। বৰফৰ মাজত জোনাক বুটলিছিলোঁ নিশাবোৰত। আকাশখনে মৰম ঢালি দিছিল। আমি একেখনে হৃদয়তে বাস কৰিবলৈ লৈছিলোঁ। এৰাতিৰ কথা। মোৰ ঘৰৰ চাদত বহি সেইনিশা আমি আকাশৰ তৰা গণিছিলোঁ। তৰাৰ মাজে মাজে উৰি ফুৰিছিলোঁ। লাহে লাহে আমাক লৈ গুজব ওলাইছিল। তাইক বদনামী কৰি তুলিছিল সমাজ এখনে। তাইৰ চৰিত্ৰত আঘাত লগাকৈ মোৰ বন্ধুবোৰে মোক কথা শুনাইছিল। তাইক পণ্য কৰি তোলা হৈছিল। তথাকথিত সমাজ এখনে আমাৰ চৰিত্ৰবোৰক লৈ নিষিদ্ধ অভিযান চলাইছিল। তাইৰ ব্লাউজ খুলি অন্তৰ্বাসৰ ফাঁকে ফাঁকে জুমি চোৱা হৈছিল, কিজানি পোৱা যায় নিষিদ্ধ কিছু সংবাদ! কোনেও কিন্তু জুমি চোৱা নাছিল তাইৰ হৃদয়খনত কিমান দুখ লুকাই আছিল! তথাপি তাই মোক এৰি যোৱা নাছিল। মোৰ বুকুৰ ভিতৰত তাই এটি সাহস হৈ পৰিছিল। তৰা বঁচা ৰাতিবোৰত তাইৰ বুকুত মূৰ থৈ শুই পৰিছিলোঁ মই। তাই ওৰে ৰাতি চাই আছিল মোৰ মুখ। লাহে লাহে গছে পাত সলাইছিল। বসন্তৰ উকমুকনি। আমাৰ প্ৰেমে ৰং বোলাইছিল। বাহিৰৰ সমাজখনক আমি খিড়ীকিৰ সিপাৰে আঁতৰাই থৈছিলোঁ। বুজি উঠিছিলোঁ সমাজত সস্তীয়া কিছুমান মনোভাবেহে আগস্থান পায়। আমি এঘৰীয়া হৈ সুখত আছিলোঁ। ৰং খেলাৰ সময় এইয়া। ফাকুৱা! মনে মনে ভাবি থৈছিলোঁ ফাকুৱাৰ আগনিশাটোত গোটেই ৰাতি ৰং সানিম তাইৰ উদং দেহাত। বাউল কৰিম তাইক। সন্ধিয়া সাৱটি ধৰি গালে মুখে সানি দিছিলোঁ এসোপা ৰং। তাই যেন হৈ পৰিছিল সন্ধিয়াৰ ৰাঙলী বেলিটো। ৰংবোৰে ঢাকি দিছিল তাইৰ উদং বুকুৰ নিলাজ তিলটো। তাই কান্দি দিছিল। বাথৰূমত সোমাই দৰজাখন বন্ধ কৰি দিছিল। হুকহুকাই থকা কিছুমান শব্দ শুনিছিলোঁ মই মাথোঁ। দৰজাখন ঢকঢকাই ভাগৰ লাগি গৈছিল মোৰ। তাই ওলাই আহিছিল এঘণ্টামানৰ পাছত। চকু দুটা উখহি পৰিছিল। বোধহয় বহুত কান্দিছিল। কথা পাতিব খুজিও পাতিব পৰা নাছিলোঁ। মুক হৈ পৰিছিলোঁ মই, মুক হৈ পৰিছিল সময়। শেষৰাতিলৈ তাই কথাবোৰ ক’বলৈ আৰম্ভ কৰিছিল, এটা এটাকৈ। মোৰ প্ৰিয় তাইৰ ক’লা তিলটোত লাগি থকা কেঁচা তেজখিনিৰ কথা। তাইৰ উঠন বুকুত থকা বেথাবোৰৰ কথা।
***** স্কুলত পঢ়ি থকা সময়ৰ কথা। দ্বিতীয় নে তৃতীয় শ্ৰেণীত আছিল তাই। সেইদিনা ফাকুৱা আছিল। দিনটো ফাকু খেলি খেলি ভাগৰি পৰিছিল আৰু সন্ধিয়াতে টোপনি আহিছিল তাইৰ । মাজনিশালৈ তাই অনুমান কৰিছিল কাৰোবাৰ এখন হাতে তাইৰ মুখখন মেলিব নোৱাৰাকৈ টিপি ধৰিছে আৰু আনখন হাতে তাইৰ বুকুৰ তিলটোত লিৰিকি বিদাৰি আছে। তাই পগলাৰ দৰে হৈ পৰিছিল। আন্ধাৰ কোঠাটোত কোনোবাই তাইক উলংগ কৰি উপভোগ কৰিছিল। কাৰোবাৰ নখ লাগি তিলটোৰ পৰা তেজ ওলাইছিল। তাই ৰঙা হৈ পৰিছিল। তাই ধৰ্ষিতা হৈছিল। শেষনিশাহে পাষাণ হাতদুখনে তাইক এৰি দিছিল। তাই অৱশ হৈ পৰিছিল আৰু ভয়তে কম্বলখনকে সজোৰে সাৱটি ধৰিছিল। ৰাতিপুৱালৈকে তাই কোঙা হৈ পৰিছিল। বাথৰুমত সোমাই নিজকে বন্ধ কৰি থৈছিল তাই। মাকে বাহিৰৰ পৰা ঢকঢকাই চিঞৰি আছিল, “মাইনা ওলাই আহ আকৌ বাথৰুমৰ পৰা। চহৰৰ পৰা কালিয়েই তোৰ খুড়াৰ আহিছে নহয়। মাত লগাই যাহি!”
উপসংহাৰ: তাই মোৰ বাবে আজিও তাইয়েই। তাইৰ কোনো নাম নাই মোৰ বাবে। তাইৰ অস্তিত্ব আছে মাথোঁ মোৰ লগত। তাইৰ প্ৰতিটো আলিংগণত আজিও মোৰ বাবে একেই মৰম সোমাই আছে। তাইৰ হৃদয়খনত মোৰ নাম এতিয়াও আছে। তাই মোৰ বাবে নাৰী। আৰু নাৰীৰ কোনো ভাগ নাই।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক