তাই (ধ্ৰুৱ কাশ্যপ)

এইখন পাণদোকানৰ কথাই কৈছিল হয়তো কুলদীপে৷ ম’বাইল টাৱাৰটোৰ পৰা অলপদূৰ গৈ দুজোপা মুখামুখিকৈ থকা বটগছ ….. কনফার্ম এইখনেই হ’ব৷

“ভাইটি মেন্থল হ’ব? নাই? নেভি কাট? আচ্ছা নেভি কাটেই দিয়া এটা৷” অন্যমনষ্কভাৱে ছিগাৰেটটো জ্বলাই ল’লোঁ৷ দৃষ্টিয়ে সন্ধান কৰিলে কাৰোবাৰ৷
“সন্ধ্যা প্রায় ছয়মান বজাত খাকী পেণ্ট আৰু গেঞ্জী পৰিহিত মানুহ এজন পাণদোকানখনলৈ আহিব৷ সদায় আহে, সেইটো তাৰ অভ্যাস৷ ওচৰলৈ যাব নোৱাৰিবি৷ মদৰ গোন্ধ ইউ ন’, পিছে সিয়েই তোক ‘তাই’ৰ ঠিকনা দিব পাৰিব৷ নাম তাৰ ভবেন৷” ঘড়ী চালোঁ, ছয় বাজি গ’ল৷ পাণদোকানী ভাইটিটোক সুধিলোঁ সি অলপ পিছত আহিব বুলি ক’লে৷ দুইমিনিটমানৰ পিছত ভবেন আহিল৷ একদম কুলদীপৰ বর্ণনাৰ লগত মিলি গৈছে৷ নিজৰ চিনাকীটো দি দুই এটা কথাৰ পিছত আচল কথালৈ আহিলোঁ৷ পাণদোকানীজনলৈ চালোঁ৷ সি নিজৰ কামত ব্যস্ত৷ আমাৰ কথাত কাণ দিবলৈ তাৰ আহৰি নাই৷ কথাটো শুনি ভবেনে মোৰ ফালে এক সন্দেহজনক দৃষ্টিৰে চালে৷ ময়ো মুখখন পার্য্যমানে ভাবলেশহীন কৰিবলৈ চেষ্টা কৰিলোঁ৷
“পোৱালী এটাৰ দাম দিব লাগিব কাইদেউ৷” ভবেনে দৃষ্টিকটূভাৱে টিকা খজুৱাই খজুৱাই ক’লে৷ মই তাৰ হাতত এশ টকা এটা গুজি দিলোঁ৷ বিনিময়ত সি ‘তাই’ৰ ঠিকনাটো দিলে৷ “যাহওঁক এটা কাম ঠিকমতে হ’ল৷” মনতে ভাবিলোঁ৷
চহৰখনৰ পৰা অলপ আঁতৰত তাইৰ ঘৰ৷ তাইক নাম ধৰি মাতিলোঁ৷ তাই সঁহাৰি দিলে৷ “ইয়াত বেছি সময় কৰিব নোৱাৰি”, মনতে ভাবিলোঁ৷
“প্রেমলতা, সেইদিনা মিষ্টাৰ ইংতিৰ ঘৰত তোমাক লগ পায়েই ঠিক কৰিছিলোঁ যে তোমাক মোৰ ঘৰলৈ লৈ যামেই৷ ইংতিয়েতো তুমি ৰান্ধা খাদ্যৰ প্রশংসা কৰিয়েই তত পোৱা নাছিল৷ আচ্ছা কোৱা তুমি যাবানে মোৰ লগত? মান্তি যদি এতিয়াই ওলোৱা৷” তাই হাঁহিলে আৰু লাহে লাহে ক’লে, “আপোনাৰ লগত থাকিব পৰাটো মোৰেই সৌভাগ্য ছাৰ৷ কিন্তু আন কোনোবায়ো মোক বিচাৰিছে৷ সৌৱা তেওঁ আহিলেই৷ তেনেতে গাড়ীৰ শব্দ শুনিলোঁ৷ গাড়ীৰ শব্দটো শুনিয়েই মাথাটো টিঙিছকৈ মাৰিলে৷ হয়তো চহৰখনৰ আটাইতকৈ ‘খটাৰা’ গাড়ীখনৰ গৰাকী তেঁৱে৷ কোৱা বাহুল্য যে মই তেওঁক ভালদৰেই চিনি পাওঁ৷ এচ কে কাশ্যপ৷ ই আকৌ ইয়ালে’ কিয় আহিল? প্রেমলতাক তাতে বহিবলৈ দি মই গ’লোঁ এচ কেৰ ওচৰলৈ৷ “আপুনি ইয়াতো যে? মোৰ ভাললগা সকলো বস্তুতে আপোনাৰ চকু কিয়? ভালে ভালে ইয়াৰপৰা গুছি যাওঁক৷” মই অলপ খঙেৰেই ক’লো৷ “নহয় মানে এসপ্তাহমানৰ কাৰণে…” এচ কেই কিবা ক’ব বিচাৰিছিল পিছে মোৰ উগ্রমূর্তি দেখি গ’লগৈ৷

মই আচলতে ডেচপাৰেট৷ আধুনিকা পত্নীৰপৰা সেইখিনি কেতিয়াও পাব নোৱাৰিম যিখিনি প্রেমলতাৰপৰা পাম বুলি ভাবিছোঁ৷ আচলতে আগতেও এগৰাকীক ৰাখিছিলো৷ মাইনা৷ পত্নীয়ে প্রথমতে অলপ হেহো-নেহো কৰিছিল যদিও পিছত সন্মতি দিছিল৷ আচলতে পত্নীয়েও নিজৰ সীমাবদ্ধতাৰ কথা বুজিছিল হয়তো৷
“পিছে ছাৰ মাইনা থাকোঁতেই মোৰ কথা কিয় ভাবিছে৷” তাই মোৰ চিন্তাধাৰাত যতি পেলালে৷
“তুমি যাওঁ বুলি ক’লে আজিয়েই তাইক পঠিয়াই দিম৷ প্লিজ না নক’বা আই নীড ইউ৷”
তাই অলপ ভাবিলে কিবা৷ এই ছেগতে তাইৰফালে চালোঁ৷ একৈশ-বাইছ বছৰীয়া বিশ্ব সুন্দৰীৰ দৰে নহ’লেও এটি সুন্দৰ-সুঠাম চেহেৰা৷ “তাইৰ দৰে এজনী ছোৱালীয়ে এইবোৰ কাম কিয় কৰিবলগীয়া হ’ল৷”— মনতে ভাবিলোঁ৷ “পাপী পেট!” —মনতে উত্তৰো পালোঁ৷ “আচ্চা আপুনি মাইনাক বিদায় দি যিকোনো এটা সময়ত মোক লৈ যাবহি৷ মই ৰাজী৷” অৱশেষত যিটো উত্তৰৰ আশা কৰিছিলোঁ সেইটোৱে পালোঁ৷ “সাৱলীলভাৱে কামটো হৈ গ’ল৷” মনতে ভাবিলোঁ৷ আনন্দমনেৰে গাড়ী চলাই ঘৰ পালোঁগৈ৷ পত্নী ৰৈ আছিল৷ “প্রেমলতা ৰাজী হ’লনে?” বনানী অর্থাৎ মোৰ পত্নীয়ে সুধিলে৷ “অ’। তুমি এটা কাম কৰিবা দীপৰ হাততে মাইনাৰ পেমেণ্টটো পঠিয়াই দিবা৷ এটা কাম কৰা এতিয়াই দিয়া৷ দীপ অ’ দীপ! তাইৰ নিচিনা কামচোৰ এজনীক নালাগে৷ মাহত দুবাৰকৈ ঘৰলৈ যায় আৰু তাই ৰন্ধা খানাতো সোৱাদ নাপাওঁ৷” মই ক’লোঁ।
“শুনানা তাই সকলো কাম কৰিবনে?” বনানীৰ প্রশ্ন৷
“অ’৷ ঘৰুৱা কাম কাজ, প্রত্যাসীৰ বেবী চিটিং, ৰন্ধা-বঢ়া জাষ্ট এবাউট এভ্রিথিং৷ কিয় ইংতিয়ে কোৱা নাছিল জানো! ফাইনেলী পার্মেনেণ্ট মেইড এজনী পালোঁ৷ ৰ’বা তাইক লৈ আনোগৈ৷ তুমিও যাবানে? ওলোৱা৷”

(বি:দ্র: – বহুদিনৰ আগতে অ’ হেনৰীৰ গল্প এটা পঢ়িছিলোঁ৷ গল্পটোৰ অলপ ছাঁ পৰোঁ-নপৰোঁকৈ পৰিছেই হয়তো!)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments