তামোল (মণ্টু কুমাৰ ডেকা)

হলধৰ খুড়াই আজিকালি ফেইচবুক কৰে৷ যোৱা বছৰ বাৰীৰ নাৰিকল তামোল বেছি পোৱা পইচাখিনিৰে এনড্ৰ’ইড মোবাইল এটা লৈছিল৷ সেইটোতেই দীপুৱে হেনো দুমাহ আগতে একাউণ্ট এটাও খুলি দিছে৷ সৌ সিদিনা আকৌ নতুনকৈ হোৱাটছএপ টোৰ ব্যৱহাৰ জানি কিমান যে সুখী হৈছিল৷ মোৰলৈ মাজে-মাজে নিজৰ বাৰীখনৰ, তামোল-পাণবোৰৰ, নাৰিকলবোৰৰ ফ’টো পঠিয়াই তলত লিখে, “চা, সৰুতে তই বগোৱা তামোলজোপা কিমান ডাঙৰ হ’লগৈ৷ তোৰ জন্মৰ ছবছৰ আগতে সেইজোপা লগাইছিলো৷ তই সেইজোপাত বগাই এবাৰ পিছলি পৰিছিলি৷ মই তোক দাঙি বৌৰ ওচৰলৈ লৈ গৈছিলো৷ বৌৰ উত্তম-মধ্যম তোৰ পিঠিত পৰিছিল৷ মই ৰক্ষা কৰিছিলো৷ সেইজোপাৰ তলত গ’লে তহঁতলৈ বৰকৈ মনত পৰে অ৷ দীপুও কম নাছিল৷ সিও এটা বিহৰ গুটিয়েই আছিল”৷ – খুড়াই মনৰ কথাবোৰ হোৱাটছআপতেই লিখে৷

আজিকালি খুড়াই ফেইচবুকত কাৰোৱাক মেচেজ দিব লগা হ’লে ’টাইমলাইন’ত নিলিখি ’ইনবক্স’ত লিখিবলৈ শিকিছে৷ বন্ধু বান্ধৱীৰ সংখ্যাও হেনো ১০জনৰ পৰা গৈ ১১৪ জন হ’ল গৈ৷ সৌ সিদিনা ফোন কৰাত বান্ধৱী এজনীৰ কথা ক’লে৷ নতুনকৈ বন্ধুত্ব কৰিছে৷ দেৰগাৱঁৰ৷ ছোৱালীজনী হেনো খুউব মৰমীয়াল৷ খুড়াৰ প্ৰতিটো মেছেজৰ উত্তৰ দিয়ে৷ বেমাৰ আজাৰৰো খবৰ লয়৷ সিদিনা বুকুখন বিষাই থকাত তাই হেনো ঘনে-ঘনে মেছেজ দি খুড়াৰ খা-খবৰ লৈ আছিল৷ খুড়াৰ নেট পেক শেষ হোৱাত পাছতহে মেছেজবোৰ পালে৷

খুড়াই দীঘলকৈ উশাহটো লৈ মোক কয়, “বোপা যোৰহাট গ’লে এবাৰ ছোৱালীজনীৰ ঘৰলৈ যাবিছোন৷ খুউব ভাল ছোৱালী৷ দেউতাক নাই কাৰণে মোলৈ বৰ মৰম তাইৰ৷ মোৰো কিবা নিজৰ ছোৱালীৰ দৰেই লাগে৷ ল’ৰা এজন থকা হ’লে নিজৰ বোৱাৰী কৰিয়েই আনিলো হয়৷ পিছে ভাগ্যতেই নাই৷ ঈশ্বৰে তাইক মঙ্গল কৰক, ভাল হওক৷”

সিদিনা খুড়াৰ মিছকল পালো৷ আজিকালি খুড়াৰ গাটোও ভাল নহয়৷ ফোন কৰিলো৷ খুড়াৰ মনটো বেয়া৷ বতাহ ধুমুহাত বাৰীখনৰ কেইবাজোপা তামোল বাগৰি পৰিছে৷ বছৰৰ বহুখিনি ’ইনকাম’ এই তামোল কেইজোপাই দি আহিছে৷ খুড়াই হোৱাটচএপত বাগৰি থকা তামোল এজোপাৰ ফ’টো দি কৈছে, “চাচোন চা, তহঁতৰ শৈশৱৰ লগৰী সেই গছজোপাও বাগৰি পৰিল৷ সেইজোপাৰ ঢকুৱাত বহি দীপু আৰু তই কিমান যে খেলিছিলি৷ মাজে-মাজে ময়ো তহঁতক বহুৱাই টানিছিলো৷ নিলে বুইচ, বতাহে নিলে৷” খুড়া প্ৰায় আৱেগিক হৈ গৈছিল৷ আগৰ মানুহ৷ গছ -গছনিৰ প্ৰতি বৰ মৰম৷ নিজৰ ল’ৰা ছোৱালী নাই বাবে এইবোৰকেই নিজৰ বুলি ভাৱে৷ আদৰ কৰে, মৰম কৰে৷

বাগৰি পৰা তামোলজোপাৰ ফটো দুটামানে মোৰ হোৱাটছএপত ভুমুকি মাৰিছিল৷ সেইজোপাৰ ফটোখন বাৰে বাৰে চাইছিলো৷ হলধৰ খুড়াৰ বুকুৰ ধনস্বৰূপ সেইজোপা একালত আমাৰ লগৰী আছিল৷ গছজোপা বাঢ়ি যোৱাৰ সমানে সমানে আমিও ফেৰ মাৰি বাঢ়ি গৈছিলো৷ গছজোপাই ঢকুৱা দিছিল, তাত বহি আমি খেলিছিলো৷ ডাঙৰ হোৱাত মুখ ৰঙা কৰি সেইজোপাৰ তামোল খাইছিলো৷ সেইজোপাৰ তামোলবোৰ কিমান যে সোৱাদলগা আছিল! দিল্লীলৈ আহিলেও সেইজোপাৰেই তামোল লৈ আনিছিলো৷ কথাষাৰ ভাবি ভাবি মনটো সেমেকিল৷

ফ’টখন চোৱাৰ হোৱাৰ কথা গম পাই হলধৰ খুড়াই তলত সৰুকৈ লিখিছে, “জাননে, সেইজোপাৰ তামোল বেছিয়েই এই হোৱাটছএপ, ফেইচবুক, এনড্ৰ’ইড মোবাইল…৷ আৰু এবাৰ তোৰ ক’লেজৰ ফিজৰ দৰকাৰ হোৱাত সেইজোপাৰ তামোল বেছি পোৱা পইচাখিনিয়েই দেউতাৰে লৈ গৈছিল …”

কথাবতৰা শেষ হ’ল যদিও শেষৰ শাৰীটোৱে বুকুত হেচুকি গ’ল৷ পৃথিৱীৰ পৰা যেন নিজৰ কোনোবা আপোনজনহে নোহোৱা হ’ল, এনে এটা অনুভৱ হ’ল৷

(গছ পুলি ৰোৱক, নিজৰ লগতে আনকো জীয়াই ৰাখক! ল’ৰা-ছোৱালী জন্ম হ’লে গছ ৰোৱক, জন্মদিন পালনো গছ পুলিৰেই কৰক৷)
##

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক