তালুকদাৰৰ তাণ্ডৱ! (উদ্দীপ তালুকদাৰ)

কিৰিৰিৰি-ৰিৰি-ৰিঙকৈ ফোনটো বজাৰ লগে লগে ৰহস্য-ৰোমান্স-কল্পবিজ্ঞানৰ ফৰমাইচী সাহিত্যিক ৰমানন্দ বৰুৱাৰ টিঙিচকৈ খঙটো উঠি গ’ল। উঠিবৰ কথাই। সেই যে ৰমণী মোহন তালুকদাৰ, সেই যে ৫২ ইঞ্চি বুকু, ছাব্বিছ ইঞ্চি কঁকাল আৰু বত্ৰিছ ইঞ্চি বাউসীৰ অতিকায় মানৱ, যাৰ দৃঢ় মূখমণ্ডলত কঠিন চকু, যাৰ মাত বজ্ৰৰ দৰে, যাৰ কথা শূনিলে দগাবাজ ৰাজনীতিক আৰু ক’লা বেপাৰীৰ হৃদযন্ত্ৰত ঢেংকুৰুচ ঢেংকুৰুছ-কৈ কঁপনি উঠে সেই ৰমণী মোহন তালুকদাৰক লৈ নতুন গল্প এটা লিখিবলৈ চেষ্টা কৰি আছে আজি তিনিদিন, তথাপি আৰম্ভ কৰিব পৰা নাই। হওঁতে তেওঁ প্লেনিং ভালেই কৰিছিল। যোৱা সপ্তাহত ষ্টাৰ-ম’ভিজত অহা চব ইংৰাজী চিনেমা চালে, জি-একশ্যনৰ দক্ষিণৰ চিনেমাৰ ডাবিঙো মোটামুটি চব চালে। তথাপি কিবা লাইনলৈ অহা নাই। সিফালে ৰমণী মোহন তালুকদাৰে মাজে মাজে গৰজি আছে, ভাল প্লট নহ’লে তেওঁ মুঠেই নোলায় বোলে। ৰমণী মোহন তালুকদাৰক এতিয়া অসমৰ সমস্যা লাগে। নহ’লে বোলে ফে’চবুকৰ ৰাইজে তেওঁৰ অসম-প্ৰেমৰ ওপৰত প্ৰশ্ন তুলি দিব পাৰে। ৰমানন্দ বৰুৱাই বানপানীৰ কাৰণ হিচাপে নদী-বান্ধ এটা ভাঙি পৰাৰ প্লেনিং কৰিছিল। পিছে, তাতো ৰমণী মোহন তালুকদাৰৰ আপত্তি। সেইটো লিখিলে বোলে ফেচবুকত বান্ধৰ সমৰ্থকে অখিল গগৈৰ সমৰ্থন কৰা বুলিব! মুঠতে ইমেজ বজাই ৰাখিবলৈ ৰমণী মোহন তালুকদাৰ বদ্ধ পৰিকৰ। পিছে লেঠাটোহে ৰমানন্দ বৰুৱাৰ। অসমত সমস্যাই নাই। থকাবিলাক ঠিক কৰিবলৈ ইমানগাল সংগঠন, ৰাজনৈতিক দল আছেই। তেওঁলোকৰ কিবা কথাত মাত দিলে আকৌ অসম বন্ধও হৈ যাব পাৰে। গতিকে ৰিঙ শুনি মেজাজ খিংখিঙাই উঠাটো একো ডাঙৰ কথা নহয়। তথাপি ফোনটো দাঙিলে। সিফালৰপৰা গভীৰ উলাহেৰে কাৰোবাৰ গলগলীয়া মাত ভাঁহি আহিল,

“হেল’ ভট্ট, গুড মৰ্নিং!”

ভট্ট শুনিয়েই ৰমানন্দ বৰুৱাই মিটাৰ থপাচকৈ উঠি গ’ল। “মই বৰুৱাহে, কোনো ভট্ট-চট্ট নহওঁ।”

মাতটো লগে লগে কোমল হ’ল। “ছৰী ছৰী ছৰী ছৰী….. বেয়া নাপাব দেই বৰুৱা। ভুলতে মিছটেক হৈ গ’ল।”

“কওক!”

“ভ… মানে বৰুৱা! মই আপোনাৰ লেখা পঢ়ি বৰ ভাল পাওঁ।” এনেকুৱা কথা শুনিলে অসমৰ কোনো লেখকৰে মাত কোমল নোহোৱাকৈ নাথাকে।

“হয়, কওকচোন!”

“মানে মই এনেয়ে চাকৰি কৰোঁ। ভাল ডিপাৰ্টমেণ্ট এটাতে। মই মানে এই বছৰ ৰিটায়াৰ হ’ম। সৰুৰে পৰা সাংস্কৃতিক দিখত চখ এটা আছিল। গতিকে এটা থিয়েটাৰ পাৰ্টি খুলিম বুলি ভাবিছোঁ। তাৰে কাৰণে আপুনি মোক নাটক লিখি দিব লাগে।”

“হে! কি ক’লে? মইতো নাটক নিলিখোঁ। থিয়েটাৰৰ কাৰণে নাটক আমাৰ ভট্টইহে লিখে।”

“জানো! জানো! ভট্টয়ো লিখিব এখন। কিন্তু, কি জানে, মোক এখন আপোনাৰ নাটক লাগে। আপুনি লিখাহে নাই। লিখিলে ফালি দিব!”

“কিন্তু…” বৰুৱাই কিন্তু বুলি মুখেৰে ক’লে যদিও ভিতৰি ভিতৰি বেছ ভালেই পালে। তেখেতৰ গল্পৰ নাটক হৈছে। ঘোষকে গলগলীয়া মাতেৰে কৈছে, “কাইলৈ আমি পৰিবেশন কৰিম স্বনামধন্য নাট্যকাৰ ৰমানন্দ বৰুৱাৰ এই বছৰৰ সৰ্বশ্ৰেষ্ঠ মঞ্চসফল বলিষ্ঠ নাট …” আৰু যোৱা তিনিদিন আগতে তেওঁ এখন নাটক চায়ো আহিছে। (সেইখনেই আচলতে আজি তিনিদিনে নতুন গল্প লিখিব নোৱৰা কৰি ৰাখিছে বুলি বৰুৱাই কিয় যে বুজা নাই, সেই্ কথাটো ময়ো বুজা নাই। পাঠকে যদি বুজি পায়, বুজাই দিব বুলি আশা ৰাখিছোঁ।) দুটামান গৰম-গৰম ডাইলগ, সাতটামান নাচ। গানকেইটা তেওঁ লিখিব পাৰিবনে সন্দেহ আছে। কিন্তু, কেনেবাকৈ চলাই দিব পাৰিব। গানকেইটা বাদ দিলে, অকল ডাইলগ লিখিলেই কাম ফিনিছ! ফট্‌ৰকৈ পইচা! আৰু কেনেবাকৈ যদি প্ৰথমখন হিট মাৰি যায়, তেন্তে দুবছৰ পাছত প্ৰযোজকে ভট্টকে বৰুৱা বুলি মাতি দিব কিজানি। আস্‌! কি মজা হ’ব।

“হে পাৰিব! পাৰিব! মই কৈ দিম নহয়, কি লিখিব লাগে।”

বৰুৱাই কথাটো নুবুজিলে। নাটক তেওঁহে লিখিব, প্ৰযোজকে কেনেকৈ ক’ব কি লিখিব লাগে।

“আচলতে বৰুৱা, আপুনি লিখক সেই আপোনাৰ যে ছুপাৰহিৰ’ তেওঁৰ ওপৰত নাটক এখন।”

এইবাৰহে বৰুৱা অলপ বিপদত পৰিল। ৰমণী মোহন তালুকদাৰ হলীউড লেভেলৰ ছুপাৰহিৰ’। ইফালে আকৌ অঁকৰা খং এটাও আছে। অসমৰ থিয়েটাৰৰ হিৰ’ হ’ব লাগিব বুলিলে কি বা মূৰ্তি দেখুৱায়।

“কিন্তু তালুকদাৰক লৈ নাটক লিখা চলিব জানো?” অলপ থেৰো-গেৰো কৰি বৰুৱাই ক’লে।

“নাইহে বৰুৱা। আপুনি আচলতে তালুকদাৰকৈ লৈয়েই নাটক লিখিব লাগিব। বেলেগ নাটক হ’লে নচলিব। আচলতে আমি হিৰ’ বুলি ভুলতে পালোৱান এজনক ছাইন কৰাই দিলোঁ। এতিয়া এক্টিং কৰিবলৈ দিলে ছাৰ্ট খুলি বাইচেপ দেখুৱায়। মাজতে এদিন লেটিছ দেখুৱাই দিলে। সেয়ে, আপোনাৰ শৰণ লৈছোঁ। কেনেবাকৈ বচাওক হৈ বৰুৱা! আপুনি সহায় নকৰিলে উপায় নাই।” প্ৰযোজকৰ মাতটো থোকাথুকি হ’ল।

বৰুৱাই অলপ দেৰী ভাবিলে। পাৰিব! এনেয়ে তেওঁ ফৰমাইচী লেখক নেকি! ৰাইটাৰে ইচ্ছা কৰিলে পালোৱান-কো অভিনেতা বনাই দিব পাৰে। তেৱোঁ পাৰিব লাগিব। কৈ দিলে, “হৈ যাব!”

“হেইয়া মই কৈছিলো নহয় ভ… ধেই.. বৰুৱা। আপুনি পাৰিব। এটা মাত্ৰ কাম কৰিব। সেই যে এক্টৰ এজন আছে, তেওঁ বেলেগ এক্টিং ভাল নকৰে, কিন্তু পাগলৰ এক্টিং বঢ়িয়া কৰে। সেইজনো আছে, তেওঁৰ কাৰণে এটা পাগলৰ ৰোলো বনাই দিব।”

“ঠিক আছে, এটা কাম কৰোঁ, এটা পাৰিবাৰিক ছুপাৰহিৰ’ কাহিনী বনাই দিওঁ। দুজন ভায়েক। ডাঙৰজন সৎ ভাল মানুহ, কিন্তু পৰিস্থিতিত পৰি পগলা হৈ যায়।”

“বঢ়িয়া এটা কাম কৰিব মাত্ৰ। প্ৰথম চিনতে পগলা বনাই দিব। বেছি দেৰী পগলা নোহোৱাকৈ ৰাখিলে কোনখিনি পগলা হোৱাৰ আগৰ এক্টিং আৰু কোনখিনি পাছৰ মানুহে বুজি নাপাব।”

“অ’কে! সৰু ভায়েকজন দিনত হেবাং! কথা-চথা একো নকয়। কিন্তু ৰাতি হৈ পৰে তালুকদাৰ!”

“হে: হে: বঢ়িয়া! আমাৰ পালোৱানে এক্টিং নকৰাকৈ ফালি দিব কথা-চথা নোকোৱা কেৰেক্টাৰত। অ’ আৰু ডাঙৰ ভায়েকৰ ঘৈণীয়েকক কৰি দিয়ক পুলিচ অফিচাৰ! মানে সেই যে আগতে দস্যুৰাণী, মা চণ্ডিকা আদিত এক্টিং কৰিছিল, তেৱোঁ আছে। গতিকে তেওঁ পুলিচ অফিচাৰ হ’লে জমিব ভাল।”

“বাৰু! আৰু ….” বৰুৱাই একো ক’বলৈ নাপালেই, সেইফালে আৰম্ভ কৰিয়েই দিলে,

“আৰু সৰুজনৰ গাৰ্লফ্ৰেইণ্ডক বনাই দিয়ক ডান্স স্কুলৰ ছাত্ৰী। আমাৰ আছে নহয়, তিমি!”

“তিমি!”

“অ’ হয়হে! আমাৰ দুই নম্বৰ মেইন এক্ট্ৰেছ! তিমি। আপুনি নামেই শুনা নাই! কি কয়হে! কোন দুনীয়াত আছে আপুনি।”

“নহয় মানে তিমিটো কেনেকুৱা নাম?”

“আচল নাম তিলোত্তমা মজুমদাৰ! কিন্তু ইমান লম্বা নাম হ’লে চলে জানো? গতিকে আমি কাটি-কুটি তিমি কৰি লৈছোঁ। আজিকালি থিয়েটাৰৰ নামবিলাক এনেকুৱাই। উপাধি-চুপাধি নাই। আগতে অন্তত পাঁচটামান আখৰ আছিল। আজিকালি চব দুটা আখৰৰ। গতিকে তিলোত্তমাৰ ছৰ্ট-কাট তিমি! হে! হে!”

বৰুৱাৰ বিশ্বাস হ’ল। মানুহজনে পাৰিব। থিয়েটাৰ বিজনেছৰ আঁতি-গুৰি তেওঁ ভালকৈয়ে বুজি লৈছে।

“ডান্স স্কুলৰ ছাত্ৰী কৰিবলৈ কিয় কৈছোঁ কওঁ শুনক। তিমিয়ে নাচিব পাৰে ভাল। ডান্স স্কুলৰ ছাত্ৰী হ’লে প্ৰথমটো ঘাগ্ৰা-চাগ্ৰা পিন্ধাই ডোলা-ৰে ডোলা নচাই দিম। এটা গান দিব, নাইট ক্লাবত, সেইটোত অলপ চুটি কাপোৰ পিন্ধাই নচাই দিম। এটা দিব দুখৰ গান, সেইটোত নীলা শাৰী পিন্ধি নাচিব। নীলা লাইট মাৰি দিম। ফাটাফাটি লাগিব। আৰু বাকী দুটা….. বাকী দুটা… এ আপোনাৰ মতে দিব আৰু! নাট্যকাৰ আপুনিহে! কেৱল ড্ৰেছ বেলেগ বেলেগ ৰাখিব।…

“অ’ অ’ আৰু এটা নাচ লাগিব। দুই বোৱাৰী, মানে ডিএছপি আৰু ডান্স-স্কুলৰ ছাত্ৰীৰ মাজতো এটা কম্পিটিচন ডান্স দি দিব। আজিকালি বৰ চলে। দুইখন মঞ্চত একেলগে নচাই দিম বাপ্পেক্কে। ৰাইজৰ মেলা মুখ মেলাই থাকিব।”

“ঠিক আছে!”

“অ’ বাকীখিনি আপুনি কিবা চিনেমা-তিনেমা এখনৰপৰা কিবা-কিবি লিখি দিব আৰু! পিছে, নামটো দুটা শব্দৰ হ’ব লাগিব। আৰু দুয়োটাৰে প্ৰথম আখৰকেইটা একে হ’ব লাগিব। সেইটো আমাৰ ভট্টৰ কায়দা। জনা মানুহৰপৰা ভাল বস্তুবিলাক ল’ব লাগে দেই। আৰু আপোনাৰ পেমেণ্টৰ চিন্তা নকৰিব! আজিলৈ থওঁ দেই! কাইলৈ ফোন কৰি আছোঁ। নাটক ৰে’ডী ৰাখিব দেই ভট্ট!”

 

এইবাৰ কিন্তু ভট্ট শুনিও বৰুৱাৰ খং নুঠিল। কিবা ভালেই লাগিল দেখোন! ফোনটো থৈ বৰুৱাই টেবুলত বহিল। হৈ যাব। কেৰেক্টাৰ কেইটা ৰেডীয়েই যেতিয়া নাটক লিখিবলৈ কেত পৰ! এতিয়া নামটো ভবাহে কথা।

‘অতিমানৱ ৰমণী মোহন!’ –ওহোঁ নহ’ব। বেছি লম্বা!

‘ৰমণী মোহনৰ চক্ৰভেদ!’ ৰমণী মোহনৰহে চক্ৰভেদ কৰা যেন হ’ল। আকৌ আখৰো মিলা নাই।

নাম … নাম… ! প্ৰযোজকে কি কৈছিল? নামটোৱেই মেইন।

কলম কামুৰি প্ৰায় চাৰিঘন্টা বিধে বিধে নাম কাগজত লিখাৰ পাছত হঠাতেই নাম এটা মনলৈ আহিল।

ৱাহ্‌! তেওঁ যে জিনিয়াছ সেইটোত বৰুৱাৰ কেতিয়াও সন্দেহ নাছিল। আজি বিশ্বাস আৰু দৃঢ় হৈ গ’ল। পৰম সন্তুষ্ট মনেৰে দীঘল বহীখনৰ প্ৰথম পৃষ্ঠাত লিখিলে, ‘বলিষ্ঠ সামাজিক নাটক ‘তালুকদাৰৰ তাণ্ডৱ!’

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments