তালৈ ৰাস্তা বেয়া (ৰূনাব কাঁ)

তালৈ ৰাস্তা বেয়া (ৰূনাব কাঁ)

ৰাতিপুৱা চাৰি নৌবাজোতেই অমলে মোক যোৱানিশায়েই কৈ থোৱা ধৰণেৰে মোৰ কোৱাৰ্টাৰত উপস্থিত হ’লহি ৷ এই আবাসত মোৰ আজি অন্তিম দিন ৷ বস্তুবোৰ সামৰি সুতৰি শেষ কৰোতে ডিউটিত থকা নৈশ চকিদাৰে দিয়া দুই বজাৰ ঘন্টাৰ কোব দুটা শুনা গৈছিল ৷ থাকিলগৈ মাথো শুৱা বেডিংটো, চি.এফ.এল. বাল্ব কেইটা আৰু চাহটোপা তপতুৱা চচপেন, পিয়লা কেইটাহে ৷ হিছাপ কৰি দেখিলোঁ, সৰু ডাঙৰ বাৰটা কাৰ্টুন ৷ পুৱা স্নান কৰাৰ পিছত, এশলিটাৰৰ প্লাষ্টিকৰ বাল্টিটোৰ ভিতৰত বাচন বৰ্তনবোৰ ভৰাই দিম ৷ মনত এটা জিজ্ঞাসাই ভৰ কৰিলে, ইখনৰ পাছত সিখন দেশ জয় কৰি আগবাঢ়োতে আলেকজেণ্ডাৰে বাৰু কিমান বস্তু লগত লৈ ফুৰিছিল ? দিল্লী, কলকাতা, চেন্নাই, মুম্বাই আদি মহানগৰকে ধৰি দেশৰ সৰুবৰ বহু চহৰ পেচাৰ খাতিৰত ভ্রমি ভ্রমি নিজকে যুদ্ধজয়ী আলেকজেণ্ডাৰ যেনেই লাগে, কি যে এক অদ্ভূত আত্মম্ভৰি আত্মশ্লাঘা !

নিশাটোৰ বাকী দুঘন্টা চিলমিলিয়া টোপনি এটাৰ অপেক্ষাত চকুৰ পতা জপাই ৰাখিলোঁ, যদিওঁ সিমান কামত নাহিল ৷ কাষৰ ষ্টেচনেৰে পাৰ হৈ যোৱা মালগাড়ীৰ ঝক্ ঝক্ শব্দই দোৱাৰ খিৰিকীত তোলা মৃদু কঁম্পনৰ জোকাৰণিৰে যেন, আগলৈ এই সুৰ সমলয় কেতিয়াও নুশুনাওঁ বুলি ইতিকিং কৰি গ’ল !

এটা ৰং যোৱা ধূসৰ চোলা খুলি, নুতুন এটা পিন্ধাৰ প্রস্তুতিৰ পৰত; ভৱিষ্যতৰ ৰঙীন স্বপ্নই, পুৰণি ভালদিনবোৰৰ স্মৃতিকো নিৰ্জীৱ কৰি তোলে !

………………………………………………………………….

অলপ সময়ৰ পাছতেই, ইতিমধ্যে যাত্রাৰ বাবে বুকিং কৰি থোৱা গাড়ীখনো আহি পাবহি ৷ আমাৰ অফিচত অস্থায়ী চালক হিচাপে কাম কৰি থকা সজলেই গাড়ী বন্দৱস্তিৰ দায়িত্বটো ল’লে ৷ প্রথমতে, জাইল’ এখন আনিম বুলিছিল, কিন্তু যোৱাকালি আগবেলা বস্তু বাহানিৰ পৰিমান চাবলৈ মাতি আনোতে,

ছাৰ, আপনাৰা বস্তু গুলা বহুত কম আছে, সেই জন্যে একটা বলেৰ’তেই স’ব কিছুতা আৰামচে দুকিয়া যাইব ৷”

মই ইতিমধ্যে গেছটো গোলাঘাটলৈ বুলি ট্রেন্সফাৰ কৰাই ৰাখিছোৱেই ৷ দুজনমানে বুধি দিছিল যে,-ৰন্ধন গেছৰ চিলিণ্ডাৰ, সংযোগ দিয়া অফিছত, জমা নিদি লগতেই হেনো লৈ যাব পাৰি, তেতিয়া নতুন ঠাইত ব্লেকত গেছ ভৰাই ৰান্ধিব পৰা যাব ৷ কিন্তু মই দুটা কাৰণত গেছৰ সংযোগ নিয়মীয়া কৰি ৰাখিব খুজিছিলোঁ ;- প্রথমতে, চিলিণ্ডাৰটো যলৈকে যাম তালৈকে লগত লৈ ফুৰা অসুবিধা হ’ব বুলি আৰু দ্বিতীয়তে, নতুন ঠাইত নতুনকৈ গেছৰ সংযোগ ল’বৰ বাবে বা কিমান দৌৰিব লাগিব, তদুপৰি যেতিয়াই তেতিয়াই নতুন সংযোগ পোৱাও জটিল ৷

অমলেই চাহটোপা তপতাবলৈ চচপেনটো গেছৰ ষ্ট’ভত তুলি দিলে ৷ সেই খিনি সময়তেই আগতেই কৈ থোৱা ধৰণেৰেই ঘৰুৱা পানীৰ সংযোগ খুলি ৰতীশো আহি পালেহি ৷ সিহঁতকে বাকী ৰোৱা কাম কেইটা শেষ কৰিবলৈ কৈ মই বাথৰুমত সুমালোঁ ৷ লাষ্ট চাপাৰৰ নিচিনাকৈ, যোৱা নিশা মই, অমল আৰু ৰতীশ তিনিও একেলগে নৈশাহাৰ কৰাৰ অন্তত, পুৱা মোক কৰি দিব লগা সহায়খিনিৰ বাবে অনুৰোধ কৰি ৰাখিছিলোঁ ৷ কিন্তু মই অনুভৱ কৰিছোঁ, আজিও যে সিহঁতে মোৰ অনুৰোধক নিৰ্দেশ বুলিহে গন্য কৰিছে ৷ অৱশ্যে, আগতেও মোৰ অস্তিত্ব বা ক্ষমতাক সিহঁতৰ আগত প্রদৰ্শণৰ কুটিল অপচেষ্টা কোনোদিনেই কৰা নাছিলোঁ ৷

গাধুঁই থাকোতেই বলেৰ’খন মোৰ চোতালত হাজিৰ হ’লহি ৷

ছাৰ,গাড়ীটা আপনাৰ বাসাৰ সামনে আইল ৷ বস্তু গুলা জল্দি জল্দি দুকাইতে লাগব”,- সজলে চিঞঁৰিলে ৷ “ মই আহি আছো, ৰ’বা”,-মই গা মচি মচি ওলাই আহিলোঁ ৷গাধুই উঠি ধূপ এডাল জ্বলাই, মই সাধাৰণতে প্রাৰ্থনা কৰা স্থানত ঘূৰাই দিলোঁ ৷ আজি এই ঠাইখিনি উকা ৷ পূজা কৰা দেৱদেৱীৰ ফ’টোসহ পূজাৰ সামগ্রীখিনি, এতিয়া এটা ডাঠ কগজৰ কাৰ্টুনত আবদ্ধ, ওপৰত মই “গড” বুলি ক’লা মাৰ্কাৰেৰে লিখি ৰাখিছোঁ ৷ গাড়ীত বস্তু ভঁৰোৱাত ব্যস্ত সজলহঁতকো সাৱধান কৰি থৈছোঁ যে, “গড” লিখা থকা কাৰ্টুনটো পৱিত্রতাৰে সকলোবোৰ বস্তুৰ উৰ্ধত থয় যেন ৷

……………………………………………………………………………….

লাইটৰ বাল্বকেইটা ৰতীশে খুলিলে ৷ ছটা চি.এফ.এল. বাল্ব, কাগজেৰে বান্ধি, তাৰ ওপৰত টাৱেল এখনেৰে ভালকৈ মেৰিয়াই গাৰু দুটাৰ মাজত সুমুৱাই বেডিংৰ ভিতৰত ৰাখি আঁটি আঁটি বান্ধিব দিলোঁ ৷ গা মচি সেমেকাই পেলোৱা টাৱেলখনৰ পৰা পাছত ভেকুঁৰা গোন্ধটো নাহিবলৈ পাৰফিউম অলপ ছটিয়াই দিলোঁ ৷ নতুন ঠাইত এই বান্ধ কেতিয়া খুলিম আজিয়েই ক’ব পৰা নাযাব ৷ অমলে চাহটোপা পাঁচটা ডিচপ’জেবল গ্লাছত বাকি বিস্কুট কেইটামানৰ সৈতে লৈ আহিল ৷

সকলোৰে একেলগে বহি খোৱাৰ এতিয়া আহৰি নাই ৷ খৰখেদা ৷ ব্যস্ততাৰ মাজত চাহটোপা পি থলোঁ ৷ আচলতে যিমান সোনকালে ইয়াৰ পৰা ওলাব পৰা যাই সিমান সোনকালে নগাৱঁৰ নিজৰ ঘৰখন পামগৈ ৷ শ্বিলঙৰ মাজেৰে যোৱা গুৱাহাটী কাছাৰৰ মাজৰ পথছোৱা ইমানেই বেয়া, তাক অভিজ্ঞতা নোহোৱা জনক বুজাবলৈ, প্রয়োজনীয় শব্দ অভিধানত পাবলৈ নাই ৷ শিলচৰ গুৱাহাটীৰ তিনিশ ত্রিশ কিলোমিটাৰৰ পথটো অতিক্রম কৰিবলৈ নৈশ বাছসমূহে সাধাৰণতে বাৰ ঘন্টা সময় লয় যদিও, লেণ্ডশ্লাইড বা দীঘল ট্রেইলাৰ গাড়ী বাগৰি পৰিলে, কেতিয়াবা সাতাইশ ঘন্টা পৎৰ্যন্ত ফছি থকাৰ অভিজ্ঞতাও হৈছে ৷ গুৱাহাটীৰ পৰা শিলচৰ অভিমুখী আৰু শিলচৰৰ পৰা গুৱাহাটী অভিমুখী বহু যানবাহনে লক্ষ্যস্থান নৌপাওঁতেই ৰাস্তাতেই কেতিয়াবা হেৰাই যায়, এই যাত্রাপথটো যেন বাৰ্মুদা ত্রিভূজৰ এটা ভাৰতীয় সংস্কৰণহে ৷ তলৰ দখাৱৈৰ পৰা মুমূৰ্ষুজনে চিকিৎসালয়টো বাদেই মুখত পানীটোপা দিবলৈও কাৰো সহায় বিচাৰি নাপায় ৷ দেশবিদেশৰ নানা ৰঙবিৰঙৰ বাতৰিৰে উত্তাল হৈ থকা নিউজ চেনেলত সৰুকৈও স্থান নাথাকে এই দুঃখৱৰৰ ৷ ৰেলৰ ক্ষেত্রতো, বৃটিচে পাহাৰত সুৰংগ নিৰ্মানেৰে মিটাৰগজ ৰেল লাইনৰ যি যোগাযোগ ব্যৱস্থা কৰিছিল, তাক স্বাধীন দেশৰ স্বাধীন চৰকাৰে আধুনিকতাৰ পৰশ দিয়াত সচাঁকৈয়ে ব্যৰ্থ হ’ল ৷ কাছাৰৰ লগতে সমগ্র বৰাক উপত্যকা আওপকীয়াকৈ বিচ্ছিন্ন হৈ থাকিল অসমৰ ভূগোলৰ পৰা ৷ যি সকল মানুহে অসম আৰু ভাৰতৰ লগত এক অংগ এক প্রাণ হ’ব খোজে তেওঁলোকৰ আগ্রহক উপেক্ষা কৰা হ’ল নেকি ? ইতিহাসে কাক সুধিব আৰু কোনে উত্তৰ দিব ?

……………………………………………………………………………….

 

অমলে চাহটোপা খায়েই চচপেনটো আওখালি বাকী বাচনবোৰ আৰু ৰুটিবেলা বেলনা, ৰুটিসেকা টাৱা, কেৰাহী, প্রেচাৰকুাৰৰ সৈতে চিজিল লগাই প্লাষ্টিকৰ বাল্টিটোত ভৰাই দিলে ৷

পুৰণা কাগজপত্র, ইলেক্ট্রিক তাঁৰ, পেলনীয়া চাবোনডোখৰ, অলাগতিয়াল বাচনবৰ্তন, টেমা আদি যিবোৰ মই মোৰ এই যাত্রাত সংগী হিচাপে লোৱা নাই, সেইবোৰ সংগ্রহ কৰিবলৈ সুখচান্দহঁতনো কোন সময়ত আহিল মই তলকিবই নোৱাৰিলোঁ ৷

এনে দৌৰাদৌৰিৰ মাজতেই লক্ষ্য কৰিলোঁ, অমলৰ ডাঙৰ ল’ৰাটোৱে স্বচ্ছ পলিথিন বেগ এটাত টিফিন বাকচ এটা সুমুৱাই হাতত ওলমাই লৈ আনিছে ৷

ছাৰ ক’ৰবালৈ যাত্রা কৰাৰ সময়ত খালী পেটেৰে ওলাব নাপায়, মই সেইকাৰণে মোৰ গৃহিনীক কৈ আপোনাৰ বাবে কাবুলি বুটৰ ঘুগুনি আৰু ৰুটি চাৰিখন অনাইছোঁ ৷” যদিও, এফালে পুৱা পাঁচ বজাতেই মই কোনো ধৰণৰ ক্ষুধা অনুভৱ কৰা নাই, আনফালে যাত্রাৰ চিন্তাই মোক পেটৰ কথাটো মনৰ পৰা সমুলি পাহৰাই ৰাখিছে, তথাপি, অমলৰ আগ্ৰহক মই উপেক্ষা কৰিব নোৱাৰিলোঁ ৷ মই, অমল, অমলৰ পুতেক আৰু ৰতীশ চাৰিও মিলি ঘুগুনি আৰু ৰুটিখিনি খালোঁ ৷ অনুকুল ঠাকুৰৰ শিষ্য অমলে পিয়াঁজনহৰু, মাছমাংস খোৱাটো দূৰৰ কথা নুচুৱেওঁ ৷ সেয়েহে, মই তাক পণ্ডিত বুলি জোকাওঁ, সি কিন্তু ভাল পায় ৷ পিয়াঁজনহৰু বিহীন, কম মামছলাযুক্ত খাদ্যখিনি অমলহঁতৰ স্নেহত অধিক সুস্বাদু হৈ পৰিছিল ৷ অমৃত যাক কয় ৷

মই বেলেগে থৈ দিয়া কাপোৰসাঁজ পিন্ধি ল’লো ৷ গোটেই কোঠাবোৰৰ বস্তুবোৰ এতিয়া ডাঠ ডাঠ কাৰ্টুনত আৱদ্ধ ৷ ৰিক্ত হৈ পৰি আছে মাত্র অফিছৰ পৰা পোৱা বিচনা, টেবুল, চকীবোৰ ৷ কিবা এটা অজানা বিষাদে বুকুখন হেঁচি গ’ল ৷ উদং বেৰৰ কোৱাৰ্টাৰটো, বিবাহৰ পাছৰ কইনা ঘৰৰ খালী পেণ্ডেল এটাৰ দৰেহে অনুভূত হ’ল ৷

……………………………………………………………………………….

তিনিবছৰৰ আগতে যিদিনাখন এই কোৱাৰ্টাৰত প্রৱেশ কৰিছিলোঁ, বৰ বেয়া লাগিছিল ৷ ক’ত আহি পালোঁহি ৷ মোৰ বাওঁকাষৰ কোৱাৰ্টাৰটোত মানুহ নথকাৰ ফলত জহিখহি গৈছিল ৷ লগতে ওখকৈ গঁজি থকা অপতৃন বোৰে ঠাইডোখৰ এখন সৰু অৰন্যই কৰি পেলাইছিল ৷ ওখ ঘাহঁবনেৰে চৌপাষ বুলিবলৈ উঁৱলি যোৱা বেৰাকেইখনেই যি আছিল ৷ মোৰ সোঁফালৰ আবাসীৰ বেৰাখনৰ বাদে বাকী সকলো উদং, গেট এখনো নাই ৷ স্বাধীনতাৰ পাছৰ দেশীয় ঠিকাদাৰে নিৰ্মান কৰা পকি দেৱাল কিমানদিননো টিকে? অৱশ্যে ব্রিটিচৰ দিনৰ কেইটামান বঙলাই এতিয়াও বগা চাহাবৰ গৰিমা বখানি বীৰদৰ্পে থিয়হৈ আছে, ইয়াৰে এটাই আমাৰ অফিছঘৰৰ মৰ্যাদাওঁ পাইছে ৷ কোৱাৰ্টাৰটোত প্রৱেশৰ আগত আৰু পাছত বহুবাৰ মেৰামতি কৰিছিলোঁ ৷ প্রথমতে বাঁহেৰে চাৰিসীমা দিছিলো যদিও পাছত সেইবোৰ পচি নষ্ট হোৱাত কাষৰ জহিখহি যোৱা আৱাসৰ ওপৰৰ এজবেষ্টছবোৰ খুলি, কাঠৰ খুঁটা দকৈ পুটি চাৰিসীমাটো মজবুটকৈ বান্ধি লৈছিলোঁ ৷

উঁইয়ে মাটি উঠাই খমলাখমল কৰা কোঠাবোৰৰ মজিয়া কেইখন ময়েই নতুনকৈ সজাইছিলোঁ ৷ পায়খানাৰ ফটা পাইপো নতুনকৈ কিনি লগাব লগাত পৰিছিল ৷ মুঠতে চাৰিবছৰমান মানুহ নথকাৰ কাৰণে উঁৱলিবলৈ আৰম্ভ কৰা কোৱাৰ্টাৰটোত পাৰ্যমানে ৰংতেল দি মানুহৰ বসতিৰ উপযুক্ত কৰি লৈছিলোঁ ৷

চাৰিসীমটোত চাৰিবেৰা হোৱাৰ পাছত আগফাল আৰু পিছফালৰ চোতালৰ অলপো জেগা খালী পৰি থাকিব দিয়া নাছিলোঁ ৷ ভেণ্ডি, জিকা, জলকীয়া, মৰিছা, কোমোৰা আদি গৰম কালত আৰু বিলাহী, বন্ধাকবি, ফুলকবি আদি শীতকালত ৰুইছিলোঁ ৷ এই পাচলিবাৰীৰ মোহে মোক প্রতিক্ষণ আৱিষ্ট কৰি ৰাখিছিল ৷ বিহুৱে সংক্রান্তিয়ে নগাওঁৰ নিজা ঘৰখনলৈ গ’লেও কোৱাৰ্টাৰৰ বাৰীখনৰ কথাহে বাৰে বাৰে মনলৈ আহিছিল ৷ মই নথকা সময়খিনিত পাচলিবাৰীৰ দায়িত্ব অমলৰ ওপৰতে পৰিছিল ৷ এনেয়েও সময়ে সময়ে পানী দিয়া, অপতৃন নিৰোৱা আৰু পুৰঠ হ’লে চিঙাৰ দায়িত্বও অমলৰেই আছিল ৷ নিজে যিমান খালোঁ তাতকৈ বেছি আনক বিলালোঁ ৷ এতিয়াও কোমোৰা গছত কোমোৰা লাগিয়েই আছে ৷ অমলহঁতক ভগাই খাবলৈ কৈছোঁ ৷

……………………………………………………………………………….

আপোনি সাজু হ’ল নেকি ? ”,- বৰবাবু চৌধুৰীৰ আৱাঁজত মই বাস্তৱলৈ ঘুৰি আহিলোঁ ৷

হয় হয় ” এয়াই আমাৰ শেষ লগপোৱা ৷ কাছাৰত চাকৰীত মকৰল নকৰা হয়, এই ঠাইলৈ কেতিয়াও নাহিলোঁহেতেন, নজনাকৈয়ে ৰৈ গ’ল হয় ইয়াৰ মানচিত্র ৷ ইয়াত পাৰ কৰা যোৱা তিনি বছৰে যিজন মানুহে বিভিন্ন ধৰ্মীয়, ৰাজনৈতিক আলোচনাৰে সৰস কৰি ৰাখিলে, সেই ব্যক্তিজন আছিল এই চৌধুৰী ৷ লগত পত্নীক লৈ আজি সেই চৌধুৰীয়ে আহিছে মোক বিদায় অভিবাদন জনাবলৈ ৷ বাঙালী জুতিৰে ৰন্ধা কিমান ৰকমৰ ব্যঞ্জনেৰে এই দম্পত্তিয়ে মোক অপ্যায়িত কৰিলে হিছাপ নাই ৷ এবাৰ মোৰ প্রচণ্ড জ্বৰৰ সময়ত তেওঁলোকেই মোক যথেষ্ট পৰিচৰ্যা কৰি সুস্থ কৰিছিল ৷ মিলন থাকিলে বিচ্ছেদো অনিবাৰ্য, কিন্তু নিয়তিয়ে কিয় জানো বিয়োগত সংপৃক্ত কৰি থলে গভীৰ বিষাদ !

আজি এই কোৱাৰ্টাৰৰ পৰা, এই চৌহদৰ পৰা বিদায় লৈ গুছি যাম ম‍ই ৷ মোৰ চাকৰীৰ প্রমোশ্চন হৈছে ৷ নতুন সফলতাই এই বিদায় ব্যাথাক চেপি ৰাখিছে ৷ মোৰ তলতীয়া কৰ্মচাৰীৰ ওপৰত আজিৰ পৰা মোৰ কোনো কৰ্তৃত্ব নৰজে ৷ দাসত্বৰ জীৱন নিৰ্বাহ কৰা শ্রমিক কেইজনো মোৰ প্রভূত্বৰ পৰা মুক্ত ৷ বহুকেইটা শ্রমিক মোৰ দেউতাৰ বয়সীয়া, কিন্তু মই সদায় সিহঁতবোৰক মোৰ সন্তানৰ দৰে স্নেহ কৰিছিলোঁ ৷ কামত হেমাহি কৰিলে ধমক দি দৰমহা কাটিম বুলি ভয় খোৱালেও দৰমহা পূৰাকৈয়ে পাইছিল ৷ বাহিৰত কৃত্রিমভাৱে কঠোৰ মোৰ কোমল হৃদয়খন সিহঁতেও হয়তু নেদেখাকৈ থকা নাছিল ৷ কম আয় আৰু অধিক সন্তান পোহপালৰ বোজাত জৰ্জৰিত এই অথৰ্বহঁত অপুষ্টিত ভোগি শ্রম কৰিব নোৱৰা হৈ এক দেখাত সৰল কিন্তু বাস্তৱত কঠোৰ বৃত্তৰ ভিতৰত চকৰি ঘূৰাদি ঘূৰি থাকে, জীৱন বৃত্তৰ কেন্দ্র হৈ পৰে সুৰাসক্তি বা অগম্যা গমনৰ দৰে নিকৃষ্ট বিলাস ;- অৱশ্যে সকলোবোৰেই এই মৰিছিকাক পাছে পাছে নেখেদে ৷ আজিৰ পৰা সিহঁতবোৰ মোৰ আদেশলৈ অপেক্ষা কৰাৰ প্রয়োজন নাই, অথচ সিহঁতে যেন মোক আজিহে বেছিকৈ বিছাৰিছে ৷ দুটামানে ফেঁকুৰিছে ৷ দুটামানে কান্দোন ৰাখিব নোৱাৰি মোৰ ওচৰলৈকে অহা নাই ৷

ছাৰ, আপনিতো আমৰা ছোট বছ ছিল, কিছু বৎছৰেৰ পৰ বড় বছ হৈয়া এখানে ফিৰিয়া আইন, আপনাৰ মত ভাল অফিছাৰ আমি আগে পাইছেও না ”

এঃ মই কাছাৰৰ পৰা যেনে তেনে মুক্ত হৈছোঁহে, আকৌ নাহো দেই…”,-মই অত্যন্ত ৰুঢ় ভাৱে কথাখিনি ক’লো যদিও মোৰ অন্তৰাত্মাই ভিতৰি ভিতৰি সিহঁতৰ মৰম ভালপোৱাক শ্রৰ্দ্ধাৰে স্বীকাৰ নকৰি নোৱাৰিলে ৷

মই যেন এক অলিখিত দস্তাৱেজত চুক্তি কৰিছোঁ ৷ মই এই অফিছত যাৰ অধীন আৰু যি মোৰ অধীন সকলোৰে লগত আজি এই মুহুৰ্তৰ পৰা মোৰ কোনো সম্বন্ধ নাই ৷ সকলো মোৰ পৰা মুক্ত ৷ ময়ো তেওঁলোকৰপৰা ৷ মোৰ এই কোৱাৰ্টাৰৰ প্রতিটো কোঠা, দুৱাৰ, খিড়িকী ক’তো মোৰ অধিকাৰ নাথাকিব ৷ মই শুৱা বিচনাখনত আৰু কেতিয়াও মই টোপনি নাযাওঁ ৷ চকীত বহি কেতিয়াও এই টেবুলবোৰৰ ওপৰত কিতাপলৈ নপঢ়ো, লেপটপ অন নকৰোঁ, অফিছিয়েল ৰিপ’ৰ্ট প্রস্তুত নকৰোঁ ৷

……………………………………………………………………………….

প্রথমে মই এই কোৱাৰ্টাৰত সোমাই বৰ নিঃসংগ অনুভৱ কৰিছিলোঁ ৷ টিলাৰ ওপৰত অৱস্থিত মোৰ কোৱাৰ্টাৰৰ সোঁফালে দুঘৰ আবাসী আছে ৷ বাঁওফালটো উকা ৷ তলেদি অৰুণাচল ষ্টেচন, এই ষ্টেচন পাৰ হৈ শিলছৰ টাউনৰ মুল ষ্টেচনটো পোৱা যায় ৷ সেউজীয়া গছবিৰিখ, দুৰৈৰ পাহাৰ, মই থকা টিলা আৰু মাজৰ ৰেলৰ লাইনৰ যি নৈসৰ্গিক দৃশ্য সেয়া কেৱল বোলছবি বা বজাৰৰ নানাৰঙী পোষ্টাৰতহে দেখা যায় ৷ এই সকলোবোৰৰ পৰা মই আজি বিচ্ছিন্ন ৷ মাচিমপুৰ সেনা চাউনীত থকা ক্লাবঘৰৰ শনিবৰীয়া পাৰ্টিৰ উশৃংখল শব্দবোৰ, মংগলবাৰৰ নিশা নিলগৰ কোনোবা মন্দিৰৰ পৰা ভাঁহি

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
2 years ago

ৱাহ…

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক