তাহানিৰ প্ৰেম- (গীতিকা বৰা)

প্ৰেম – দুটি আখৰেৰে গঠিত এটি শব্দ৷ প্ৰেম শব্দটোত সোমাই আছে এক সুকোমল, সুবিশাল অনুভূতি যাক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি, মাথোঁ অনুভৱহে কৰিব পাৰি৷ প্ৰত্যেক ব্যক্তিৰে জীৱনতে এনে এটা দিন আহিছে যিদিনা ’প্ৰেম’ শব্দটোৱে তেওঁৰ মনত শিহৰণ জগাই তুলিছে৷ প্ৰেমৰ পৰিধি বৰ বহল৷ জন্ম মুহূৰ্তৰপৰাই আৰম্ভ হোৱা মাতৃপ্ৰেম, পিতৃপ্ৰেমৰপৰা দেশপ্ৰেম, মানৱপ্ৰেম, ভগৱৎপ্ৰেমলৈকে প্ৰেম এখন বিশাল মহাসাগৰ৷ বেজবৰুৱাৰ ভাষাৰে ক’বলৈ গ’লে “ প্ৰেমত ঘূৰিছে ভূমণ্ডল, প্ৰেমত ফুলিছে শতদল৷ “

এই ৰচনাৰ বিষয়বস্তু তাহানিৰ ডেকা-গাভৰুৰ মাজৰ যৌৱনসুলভ প্ৰেম৷ আজিৰপৰা তিনিদশকৰ আগৰ প্ৰেমিক-প্ৰেমিকাৰ প্ৰেম আৰু এতিয়াৰ প্ৰেমিক-প্ৰেমিকাৰ প্ৰেমৰ মাজত স্বৰ্গ-মৰ্ত্য তফাৎ৷ আধুনিকতাৰ ঢৌৱে ঢৌৱাই নিয়া আজিৰ সমাজৰ প্ৰেমিক-প্ৰেমিকাৰ আন্তৰিক অনুভূতিবোৰতো যেন এতিয়া পৰিৱৰ্তনৰ জোৱাৰ আহিল৷
মোৰ এগৰাকী পঞ্চাশোৰ্ধ সহকৰ্মী বাইদেউৰ মুখেৰে তেওঁৰ গাভৰুকালৰ প্ৰেমকাহিনী শুনিছিলোঁ৷ পুলকিত হৈ পৰিছিলোঁ মই৷ ভালপোৱা কি যে এক পৱিত্ৰ, এক মধুৰ সম্পৰ্ক আছিল তেওঁলোকৰ বাবে, য’ত প্ৰাধান্য আছিল মাথোঁ হৃদয়ৰ, আৱেগ অনুভূতিৰ, আশাবোৰৰ, সপোনবোৰৰ৷ প্ৰিয়জনক তামোল এখন দিওঁতে বা ৰুমাল এখন দিওঁতে পোৱা দুটা আঙুলিৰ কুহুমীয়া পৰশেই তেওঁলোকৰ বাবে সৰগী সুখ আছিল৷ তাতকৈ বেছি হয়তো বিচৰাও নাছিল তেওঁলোকে৷ সেইসময়ত দুখন হৃদয়ৰ শক্তিশালী সাঁকো আছিল প্ৰেমপত্ৰসমূহ৷ সাধাৰণতে প্ৰেমপত্ৰসমূহৰ অনা-নিয়াৰ বাবে প্ৰেমিকাৰ এগৰাকী বান্ধৱীয়ে ডাকোৱালৰ কাম কৰিছিল যদিও ডাকোৱালৰ অভাৱত কেতিয়াবা প্ৰেমিকাৰ ঘৰৰ পদূলিৰ নঙলাখুঁটাত প্ৰেমিকে থৈ গৈছিল কাউৰী ঠেঙীয়া আখৰেৰে এখন মৰমভৰা প্ৰেমপত্ৰ৷ প্ৰেমিকাই সুযোগ বুজি ঘৰৰ মানুহৰ চকুত ধূলি দি মনে মনে লৈ আহিছিল হেঁপেহুৱা চিঠিখন৷ কেতিয়াবা অৱশ্যে চিঠিত আগতীয়াকৈ প্ৰেমিকাৰ ককায়েকৰ হাত লাগি সেই প্ৰেমৰ সিমানতে ইতি নপৰাকৈও থকা নাছিল৷ কোনো কোনোৱে আকৌ ঘৰৰ গৰুৰ শিঙতো প্ৰেমৰ চিঠিখন বান্ধি পঠাইছিল৷
“সিহঁতৰ ঘৰৰ গৰুকেইটাকো আপোন আপোন লাগিছিল তেতিয়া৷ “ — কৈ খিলখিলাই হাঁহিছিল বাইদেউ গৰাকীয়ে৷ তেওঁৰ হাঁহিত ফুটি উঠিছিল বুকু ভৰি থকা সেই নিষ্কলুষ প্ৰেমৰ মাদকতা৷
বিললৈ বা নদীলৈ মাছ মাৰিবলৈ যোৱা প্ৰেমিকে গধূলি উভতি আহোঁতে আন্ধাৰৰ সুযোগ লৈ প্ৰেয়সীৰ চোতাললৈ দলিয়াই গৈছিল জীয়া জীয়া কাৱৈ, মাগুৰ৷ ঘৰৰ মানুহ আচৰিত হলেও সুঁহুৰি এটাৰে জাননী পোৱা প্ৰেয়সীয়ে কিন্তু ঠিকেই বুজিছিল মাছ ক’ৰ পৰা আহিল৷
প্ৰেমিকাৰ পদূলিত চিঞৰি গোৱা বনগীতটিয়ে বা বিহুগীতৰ কলিটিয়ে হৃদয়ৰ বতৰা কঢ়িয়াইছিল, দুখন হৃদয় উমাল কৰি ৰাখিছিল৷
ৰুৱলৈ বা দাৱলৈ যাওঁতে পথাৰত লগ পোৱা এটি দুটি মধুৰ ক্ষণেৰে, ভাওনা চাবলৈ যাওঁতে পোৱা কেইটামান লুজেন গুটিৰেই মন প্ৰাণ ভৰি থাকিছিল তেওঁলোকৰ৷ শব্দৰ ভাষাৰে প্ৰতিশ্ৰুতি আদায় কৰাৰ বা বিশ্বাস জিনাৰ তেওঁলোকৰ কোনো প্ৰয়োজনেই নাছিল৷ তেনেকৈয়ে স্বপ্ন দেখিছিল এখন সুখৰ সংসাৰৰ৷ কেতিয়াবা সেই স্বপ্ন দিঠক হৈছিল, কেতিয়াবা বিৰহৰ অগণিৰে দগ্ধ হৈছিল৷
তেতিয়াও হয়তো কাৰোবাৰ ক্ষেত্ৰত প্ৰেম প্ৰতাৰণাৰ অন্য নাম হৈ পৰিছিল৷ কিন্তু সেই সংখ্যা আছিল খুবেই কম৷ তেওঁলোকৰ ভাষাৰেই “আজিৰ দৰে প্ৰেমৰ নামত খেল খেলা ডেকা-গাভৰু তেতিয়া নাছিল বুলিয়েই ক’ব পাৰি৷ “
প্ৰেম এক স্বাস্বত অনুভূতি৷ সময়ৰ আঁচোৰ পৰিলেও প্ৰেম প্ৰেমেই৷ মানুহ, মানুহ হৈ থকালৈকে ই সকলোৰে হৃদয়ত এক চিৰন্তন ফল্গুধাৰা হৈ বৈ থাকিব৷
শেষত ভূপেন দাসৰ এফাঁকি কবিতাৰ ভাষাৰে …
“ শীতত পিন্ধি ল’বলৈ
আৰু গ্ৰীষ্মত খুলি থ’বলৈ
ভালপোৱা
এযোৰ গৰম পোছাক নহয়
ভালপোৱা
হৃদয়ত তেজেৰে লিখি থোৱা
প্ৰিয়জনৰ চিঠি৷ “

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
অদীপ
4 years ago

সুন্দৰ লিখনি