তাড়না – বিকাশ দত্ত

 

১)

টুকুৰিওৱাৰ শব্দ শুনি বিছনাতে পেপাৰ পঢ়ি থকা ছামেদুৰ ৰহমানে দৰ্জাৰ ফালে খোজ ল’লে৷ খুলি দেখে তেওঁৰ বহু পুৰণা চিনাকি আৰু হোজাইৰ ওচৰৰে এখন গাঁ‌ৱৰ বাসিন্দা তথা একমাত্ৰ পোষ্ট অফিচটোৰ পোষ্টমেন হৰেশ্বৰ কলিতা৷
“অ’ কলিতা! আহক আহক৷ “
– ৰহমানে উজ্জ্বল চকুযুৰিৰে তেওঁৰ ফালে চাই এটি মিচিকিয়া হাঁ‌হি মাৰি ক’লে৷
“নাই দিয়ক নবহো! আপোনাৰ এই মাহৰ মানি অৰ্ডাৰটো আহিছে৷ এইবাৰ বেছিকৈ আহিছে দেখো৷ যাছমিন মাজনীৰ নিচিনা পৃথিৱীৰ সকলো ছোৱালী হওক৷ এইবাৰ ৯০০০ টকা দিছে৷ এয়া লওক৷ “
– কলিতাই মোনাখনৰ পৰা এটা লেফাফা উলিয়াই ৰহমানৰ হাতত দিলে৷
“এৰা! বেচেৰীৰ বাবেইতো ল’ৰাজনক ভাল কলেজত এডমিছন দিব পাৰিলোঁ‌! “
– লেফাফাটো হাতত লৈ কলিতাই উলিয়াই দিয়া ৰেজিষ্টাৰটোত চহী মাৰি ৰহমানে ক’লে৷
“তাকেই৷ বৰ কষ্টৰ চাকৰি কৰে চাগৈ ন! ’
– ৰেজিষ্টাৰটো মোনাত ভৰাই কলিতাই সুধিলে৷
“উম৷ এডভাৰ্টাইজিং কোম্পানী এটাত চাকৰি কৰে বোলে৷
– ৰহমানে ক’লে৷
“ভালেই দিয়ক৷ বেচেৰীৰ ভাল হওক৷ বাৰু, ৰহমান, আহো দিয়ক৷ “
– কলিতাই ক’লে৷
“দিয়ক বাৰু৷ ন’বহে হেনো৷ যাব তেন্তে৷ “
– ৰহমানে তেওঁক আগবঢ়াই থ’বলৈ চোতাললৈ ওলাই আহিল৷

২)

য়াছমিনৰ ফোনটো বাজিল হঠাৎ৷ ড্ৰেছিং ৰুমৰ ভিতৰত বহি থাকিলে ফোনটো ধৰা অলপ কঠিন হয়৷ বাৰৰ মালিকে কেতিয়া সোমাই আহে একো ঠিক নাই৷ ইতিমধ্যে তাইৰ দুমাহৰ দৰমহাৰ পৰা অলপ অলপ কাটিছেই৷ সেইবাবে তাই আজিকালি দেউতাকক কৈ থয় যে নিশা ৯ বজাৰ আগত হে ফোন কৰে৷ আজি ৮ বজাতেই তাই বাৰত আহিল৷ আজি শনিবাৰ৷ Saturday Night কাৰণে আজি প’ল ডেন্সো কৰিব লাগিব৷ ফোনটো বজাত তাই আকৌ বাৰৰ ওপৰৰ ছাদলৈ গুছি গ’ল আৰু ৰিছিভ কৰিলে৷
“হেল্ল’ আব্বা! কোৱা৷ “
– তাই চিগাৰেট এটা জ্বলালে আৰু ক’লে৷
“অ’ মাজনী৷ পইছাটো পালোঁ‌৷ অলপ আগতে কলিতা খুৰাৰাই দি গ’ল৷ “
– সিটো পাৰত ৰহমানৰ মাত৷
“অ অ৷ এইবাৰ অলপ বনাছ দিছিল ছাৰে৷ সেইবাবে বেছিকৈ দিলোঁ‌! “
– ধোঁৱাখিনি ওপৰলৈ উৰুৱাই দি তাই ক’লে৷
“অ মাজনী৷ তোৰ ভায়েৰাই এইবাৰ ভাল ভাল নম্বৰ পাইছে৷ আম্মাইও নতুন শাড়ী লৈছে এখন তই দিয়া যোৱামাহৰ পইছা কেইটাৰে৷ “
– ৰহমানে কৈ গ’ল৷
“হা হা হা৷ বাহ৷ মানে আম্মাৰো চখ বাঢ়ি গৈছে৷ “
– চলচলীয়া চকু আৰু ধোঁৱাৰ ৰাগিত মত্ত হৈ ওপৰলৈ চাই চাই য়াছমিনে হাঁ‌হিলে৷
এনেতে তাইৰ লগৰ মৌমিতাই আহি ক’লে,
“অই ব’ল৷ ছাৰে মাতিছে৷ “
“আব্বা, মই ৰাখো দিয়া৷ পিছত কথা পাতিম৷ নতুন ক্লায়েণ্ট এজন আহিব আজি৷ ৰাখিছো৷ বাই আব্বা! “
– তাই চিগাৰেটটো তলত পেলাই হাইহিল যোৰেৰে পিটিকি দিলে৷
“ঠিক আছে মাজনী! ভালকৈ থাকিবি৷ “
– ৰহমানে ফোনটো কাটি দিলে৷

এৰা! এয়াই আমাৰ সভ্য আৰু “মডাৰ্ণ“ সমাজৰ এগৰাকী যুৱতীৰ গাঁ‌থা৷ ৭ বছৰ আগতে কুৰিবয়সীয়া য়াছমিনে হোজাইৰ এটা মধ্যবিত্ত পৰিয়ালৰ পৰা এগৰাকী অভিনেত্ৰী হোৱাৰ বাবে ওলাই আহিছিল৷ কিন্তুু অভিনেত্ৰীৰ মৰ্যাদা লাভ কৰিবলৈ তাই জলাঞ্জলি দিছিল নিজৰ সতীত্বক৷ কাৰণ, অভিনেত্ৰী হোৱাৰ প্ৰতিভাৰ ওপৰত ভিত্তি নকৰি বিয়াগোম চিত্ৰ পৰিচালকে তাইক মাতিছিল নিজৰ বেডৰুমলৈ৷ সুৰাৰ ৰাগিত মত্ত য়াছমিনে জলাঞ্জলি দিছিল আব্বাৰ প্ৰিঞ্ছেছক৷ নাৰ্ছিং হোমলৈ নিশা বাৰ বজাত তাইক লৈ গৈছিল সি, প্ৰসূতি বিভাগৰ ডাক্তৰজনক ৫ লাখ টকাৰ উৎকোচ দি গৰ্ভপাতৰ ব্যৱস্থা সিয়েই কৰি দিছিল৷ দুটি জীৱনৰ অন্ত পৰিছিল নিমিষতে৷ ক্ষতিপূৰণ বিচাৰি তাই বহুবাৰ তাৰ ওচৰলৈ গৈছিল, কিন্তু লাঞ্ছনাৰ বাদে সি তাইক একোৱে দিয়া নাছিল৷
তাই আত্মহত্যাও কৰিব পৰা নাছিল৷ কাৰণ, ঘূণীয়া দেউতাকে ঘৰ চলাব পৰা নাছিল বহুদিন৷
ভায়েক, আব্বা আৰু আম্মাৰ বাবেই তাই বাছি লৈছিল এই বাৰখনক নিজৰ কৰ্মস্থলীহিচাপে৷ ৫০০ মানুহৰ আগত নিজকে উলংগ কৰি তাই সুখৰ কাপোৰ পিন্ধাইছিল ঘৰৰ তিনিটা প্ৰাণীক, যিসকলক তাই ভাল পাইছিল নিজৰ জীৱনতকৈও বেছি৷ নিজকে বিক্ৰী কৰি তাই মাহে উপাৰ্জন কৰে ১২০০০ টকা৷ যদি বেডৰুমত কোনোবা কোটিপটিয়ে মাতে তেন্তে এক্সট্ৰা ইনকাম, ষ্ট্ৰিপিঙৰ বাবে লাভ কৰে এক্সট্ৰা ইনকাম৷ নতুন ক্লায়েণ্টৰ বাবে লাভ কৰে আৰু অধিক পইছা!

আজি শনিবাৰ! Saturday Night fever!
ডিস্ক’ গীতৰ তালে তালে লালসাত মত্ত এজাক পুৰুষৰ মাজেৰে স্বল্পবসনা য়াছমিনে এযোৰ এযোৰকৈ কাপোৰ খুলি প’ল ডেন্স কৰিবলৈ আৰম্ভ কৰিলে৷ লগে লগে পইছাৰ বৰষুণ!
লগতে চিঞৰ, “বঢ়িয়া য়াছিমন৷ আৰু পইছা পাবি! “
তাই বিভিন্ন অংগী ভংগীৰ জৰিয়তে এগৰাকী বীৰাংগণাৰ দৰে সদায়েই কয়, “মই ভাগৰি নপৰো! কাৰণ মই নৰকৰ পৰী, তাড়নাত ককবকাই থকা নৰকৰ ৰাজকুমাৰী, হা হা হা! “

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক