তাৰ পাছত কি! (অনামিকা বৰুৱা)

(এতিয়া বহুতো মানুহে গণিকালয়লৈ গণিকাৰ দেহৰ স্পৰ্শ সুখ বিচাৰি নাযায়| কাৰণ তেওঁলোকে ইতিমধ্যে ঘৰলৈ আনিছে পুতলা যৌনসংগী বা অন্যান্য যৌন-সঁজুলি| তেওঁৰ সমীক্ষামতে বৰ্তমান ভাৰতবৰ্ষত বছৰি এহেজাৰ কোটি টকাৰ যৌন-সঁজুলিৰ বজাৰ এখন চলি আছে| চীন দেশ আৰু দক্ষিণ পশ্চিম এছিয়াৰ পৰা ভাৰতবৰ্ষলৈ আহে পুতলা নাৰী| এই পুতলা নাৰী এতিয়া বহু পুৰুষৰ যৌনসংগী হৈ পৰিছে|)

এদিন এজনে মোক প্ৰশ্ন কৰিছিল তাৰ পাছত কি বুলি? প্ৰসংগ আছিল মোৰ দুটামান লিখা| সেইবোৰত মই মোক নিজকে বা নাৰীজনিত কথা-কাণ্ডক সমৰ্থন কৰি কিছু কথা কৈছিলো| কথাবোৰে মোৰ ব্যক্তিগত ভাৱধাৰাক বহুখিনি প্ৰতিনিধিত্ব কৰাৰ দোষত দোষী আছিল যদিও কিছুদূৰ নিৰপেক্ষও আছিল| যাৰবাবে এগৰাকী অনুভৱী লোকে প্ৰশ্ন কৰিছিল তাৰপাছত কি? মানে তেওঁ ক’ব খুজিছিল নাৰী-নাৰীবাদলৈকে ঠিকে আছে| কিন্তু নাৰীবাদৰ ঊৰ্ধলৈ গৈ তেওঁ মোৰ লিখাবোৰত এটা তাত্ত্বিক আধাৰ বিচাৰিছিল| এটা সমাধান বিচাৰিছিল| বোধহয় এটা পথ বিচাৰিছিল| সেইদিনা প্ৰত্যক্ষভাৱে তেওঁক কোনো উত্তৰ দিয়া নাছিলো মই, ইচ্ছা কৰিয়েই| দিলেই আন এক বিতৰ্কৰ সূত্ৰপাত হ’লহেঁতেন, যিটো মই বিচৰা নাছিলোঁ| তাৰ বিপৰীতে মই নিজকে প্ৰশ্ন কৰিছিলো—মোৰ ভুল ক’ত হৈছে? নাৰী হৈ মই মোৰ পৰিচয় দিয়াত ভুল হৈছে নে মই নাৰী হৈ পুৰুষক সমালোচনা কৰাত মোৰ ভুল হৈছে? জীৱনে আনি দিয়া বেমেজালিবোৰক ভাগ্যৰ লিখন বুলি স্বীকাৰ নকৰি তাক প্ৰত্যাহ্বান জনোৱাটো মোৰ ভুল হৈছে নে জীৱনে দাবী কৰা প্ৰয়োজনখিনিক প্ৰাপ্য বুলি অধিকাৰ বুলি দাবী কৰাত মোৰ ভুল হৈছে? যদি জীৱন বিলাই দিয়াৰ নাম তেনে জীৱন জীয়াই থকাৰো নাম| জীয়াই থাকিবলৈকেতো মানুহক অৱলম্বন লাগে| আশ্ৰয় লাগে| অনুভৱ লাগে| আকাশ লাগে| বতাহ লাগে| ৰ’দ লাগে| পানী লাগে| জোনাক লাগে| পৃথিৱী লাগে| লাগে প্ৰতি ক্ষণে ক্ষণে জীপাল কৰা হেঁপাহৰ সেই অপূৰ্ব অনুভূতি যিয়ে ক’ব হয় এয়াই- “জীৱন”|

জীৱশ্ৰেষ্ঠ মানৱ জীৱন! এবাৰ হেৰুৱালে দুনাই পাবলৈ নাই, কিন্তু!

কিবা ক’বলৈ গৈ বাৰে বাৰে থমকি ৰৈছোঁ| যেনিবা জীৱন্তে চিতাজুইত বহি আছোঁ! দাউ দাউ কৈ জ্বলি উঠা জুইৰ লেলিহান শিখাই পুৰি সংকোচিত কৰি আনিছে মোৰ দেহা! তথাপি মগজুত অনুভৱ কৰিছোঁ এক বিষাক্ত দংশন| অসহনীয় তাৰ জ্বালা| সমগ্ৰ দেহত বিয়পি পৰিছে দংশনৰ বিষ| তীব্ৰ বেদনাত চট্‌ফটাইছে মোৰ দেহা| এই যন্ত্ৰণাৰ পৰা উপশম পোৱাৰ কোনো উপায় নাই| কোনো প্ৰতিকাৰ নাই| আমৰণ কঢ়িয়াই ফুৰিব লাগিব এটা অৰ্ধগলিত দেহাৰ ভাৰ| সহ্য কৰিব লাগিব পোৰা কলিজাৰ অসহ্যকৰ গোন্ধ| বলি হ’ব লাগিব বিকল মগজুৰ খেয়াল-খুঁচিৰ| আৰু শেষত পৰি ৰ’ব লাগিব পাহৰণিৰ গৰ্ভত| এদিন গতানুগতিকতাত হেৰাই যাম মই| কাৰণ মই নাৰী!

যুঁজি যুঁজি মৃত্যুৰ আগত হাৰ মানিলে দামিনীয়ে| তেৰ দিন অত্যন্ত সাহসেৰে জীয়াই থাকিবলৈ সংগ্ৰাম কৰি কৰি অৱশেষত বিদায় মাগিলে তেওঁ| মানৱ সমাজক কলংকিত কৰি চিৰদিনলৈ মেলানি মাগিলে এটা প্ৰাণশক্তিৰে ভৰপূৰ আত্মাই| তেওঁৰ আত্মাই বাৰু মুক্তি পাবনে? মৃত্যুৰ সিপাৰলৈ গৈয়ো তেওঁ শান্তি পাবনে? পাৰিবনে তেওঁৰ আত্মাৰ পৰা মচি দিব যন্ত্ৰণাৰ সেই দাগ যাৰ বাবেই তেওঁ মৃত্যুক সাবটি ল’লে? তেওঁৰ দোষ কি আছিল? অপৰাধ কি আছিল? নাৰী হোৱাটোৱেই তেওঁৰ অপৰাধ আছিল নেকি? নে এটা নাৰী শৰীৰ কঢ়িয়াব লগা হোৱাটোৱে তেওঁ দোষ আছিল? অবান্তৰ প্ৰশ্ন কৰিছো এইটো| কোনো অৰ্থ নাই এনেধৰণৰ প্ৰশ্নৰ| তাতকৈ সোধা ভাল পুৰুষৰ অহংকাৰ ক’ত? কিহত? ইমানদিনে ভাবি আছিলো আৰ্থিকভাৱে সফল হৈ আনক বশ কৰি ৰখাতেই পুৰুষৰ অহংকাৰ বুলি| কিন্তু নহয়| পুৰুষৰ অহংকাৰ পুৰুষত্ব জাহিৰ কৰাত! যৌনাংগক সাৰথি কৰি বিকৃত ৰুচিৰ পৰিচয় দি নাৰীৰ জীৱনলৈ কাল অমানিশা নমাই অনাতেই পুৰুষৰ অহংকাৰ! যেন ক’ব আমিয়েই তোমালোকৰ ভাগ্য বিধাতা| ইচ্ছা কৰিলেই তোমালোকক মাটিত মিলাই দিব পাৰোঁ| আমাৰ ক্ষুধাৰ বলি হ’বলৈকে তোমালোকৰ জন্ম| তোমালোকৰ নিজস্ব কোনো স্থিতি নাই| কোনো ভেটি নাই| শূন্যৰ পৰা জন্ম তোমালোকৰ, শূন্যতেই মিলি যাবা তিল্‌তিল‌্‌কৈ| এনেকৈ…….

বহুত চেষ্টা কৰাৰ পাছতো আজিলৈকে নুবুজিলোঁ এটা নাৰীদেহত আছে কি? ময়ো নাৰী| এনে কি আছে মোৰ মাজত যিয়ে মোক পণ্য সামগ্ৰীলৈ নমাই নিব পাৰে| এনে কি সুখ লুকাই আছে শাৰীৰিক সম্বন্ধত যিয়ে নিজৰ মান-মৰ্যাদাকো অদেখা কৰি দিব পাৰে? আপোনজনৰ মান-সন্মান, নিজৰ শিক্ষা, সমাজৰ বিধি-ব্যৱস্থা, দেশৰ আইন-কানুনকো ভেঙুছালি কৰিব পাৰে| ন্যূনতম অনুশোচনাও নোহোৱাকৈ মানুহ অমানুহ হৈ যাব পাৰে| এইয়া কি দেহৰ ভোক? নে খঁক? কি আছে এই ক্ষন্তেকীয়া উপভোগত, যি সকলো পাহৰাই দিব পাৰে? জীৱশ্ৰেষ্ঠ মানুহ হোৱাৰ গৌৰৱকো ধূলিস্যাৎ কৰি দিব পাৰে? এয়াই নেকি মানুহ হোৱাৰ পৰিণাম? ইতঁৰ প্ৰাণীয়েও এনে নকৰে চাগে’ !

মাজে মাজে ভাবোঁ শৰীৰে কেৱল পুৰুষকে আমনি কৰে নেকি, নাৰীক আমনি নকৰে নেকি? দুয়োটা একেই তেজ মাংসৰ শৰীৰ| তথাপিও এনে কিয় হয়? কিয় পুৰুষেহে শৰীৰক বেছি গুৰুত্ব দিয়ে? কিয় নাৰীদেহ ইমান লোভনীয়? অৱচেতন মনত থাকি থাকি অনেক প্ৰশ্নই ভুমুকি মাৰে–এয়া বাৰু পুৰুষপ্ৰধান সমাজৰ বিকৃত দম্ভৰ ফলাফল নেকি? যুগ যুগ ধৰি সমাজক প্ৰতিনিধিত্ব কৰা পুৰুষৰ অধিকাৰ আৰু অহংকাৰৰ প্ৰতিফলন নেকি এয়া? পুৰুষৰ অৱচেতন মনত আজিও নাৰীৰ স্থান পদদলিত নেকি? নাৰী মানেই যেন ভোগ-বিলাস আৰু উপভোগৰ অৱদান! উন্নতিৰ চৰম পৰ্যায় পোৱাৰ পাছতো মানসিকতাৰ এনে কদৰ্য ৰূপ দেখিবলৈ পোৱাটো সঁচায়ে পৰিতাপৰ কথা|….কণমানি বৰ্ণালীও বলি হৈছিল এদিন নৰখাদকৰ| বৰ্ণালীৰ নিৰ্যাতনৰ বিভীষিকাই এদিন উত্তাল কৰিছিল গোটেই অসম| বৰ্ণালীক হত্যা কৰা সেই পাষণ্ডক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ড দিয়াৰ ঢৌ মাৰ নাযাওঁতেই এই দুৰ্ঘটনা| আচলতে দামিনীৰ মৃত্যু ঘটিছিল নৰাধমকেইটাই অত্যাচাৰ কৰোঁতেই| মাত্ৰ হাড়ৰ মাজত উলমি আছিল হৃত্পিণ্ড নামৰ শৰীৰৰ অংগটো ঢিপ্‌টিপ্‌কৈ| যেন ক্লান্ত-অৱসন্নভাৱেই কৈ যাব বিচাৰিছিল বহু কথা|

এসময়ত দেশৰ ভিতৰতে নাৰীৰ বাবে আটাইতকৈ সুৰক্ষিত স্থান হিচাপে চিহ্নিত হৈ থকা উত্তৰ-পূৰ্বাঞ্চল সম্প্ৰতি দেশৰ আন কেতবোৰ স্থানৰ দৰেই নাৰীৰ নিৰাপত্তাৰ দিশত ভয়াৱহভাৱে অসুৰক্ষিত হৈ উঠিছে| নাৰীজনিত অপৰাধ, বিশেষকৈ বলাত্কাৰ, যৌতুকৰ বাবে হত্যা আৰু অন্যান্য নিৰ্যাতনৰ ঘটনা এতিয়া উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যতে অত্যন্ত সুলভ হৈ পৰিছে| নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ শেহতীয়া পৰিসংখ্যামতে নাৰীজনিত অপৰাধ চকুত লগাকৈ বৃদ্ধি হোৱা উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ ভিতৰত শীৰ্ষত আছে ত্ৰিপুৰা| যোৱা বছৰ ৰাষ্ট্ৰীয় হাৰ ১৮.৯ শতাংশৰ বিপৰীতে ৰাজ্যখনত নাৰীজনিত অপৰাধৰ হাৰ আছিল ৩৭ শতাংশ| এই ক্ষেত্ৰত ৩৬.৯ শতাংশ হাৰেৰে দ্বিতীয় স্থানত আছে অসম| আনহাতে নাগালেণ্ডত উত্তৰ-পূবৰ সাতখন ৰাজ্যৰ ভিতৰতে নাৰীজনিত অপৰাধৰ হাৰ আটাইতকৈ কম| পৰিসংখ্যাৰ তথ্যমতে যোৱা বছৰ সমগ্ৰ দেশত ২,২৮,৬৫০ টা নাৰীজনিত অপৰাধ সংঘটিত হৈছিল। ইয়াৰে ১১,৫০৩ টা ঘটনা অসমত ঘটিছিল| অসম আৰক্ষীৰ তথ্য অনুসৰি যোৱা বছৰ ৰাজ্যখনত স্বামী আৰু আত্মীয়ৰ দ্বাৰা নাৰী নিৰ্যাতিত হোৱা ঘটনা ৫,৭৪৫টা সংঘটিত হোৱাৰ বিপৰীতে ২০১১ টা বলাত্কাৰৰ ঘটনা পঞ্জীয়ন হৈছিল| এই তথ্য যোৱা ২৫ ডিচেম্বৰত প্ৰকাশিত প্ৰতিদিনৰ| উল্লেখযোগ্য যে দেশত প্ৰতি এশটা ধৰ্ষণৰ ঘটনাত ৭৪টা ঘটনাৰ কোনো বিচাৰ নহয়| দিল্লীত ২০১২ বৰ্ষত ৬৫১ টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে অথচ সেই ২০১২ চনৰ জানুৱাৰীৰ পৰা আগষ্ট মাহলৈ অসমত ১,১২৬ টা ধৰ্ষণৰ ঘটনা পঞ্জীয়ন হৈছে| এই তথ্য মাথোঁ পঞ্জীয়ন হোৱা ঘটনাসমূহৰহে| পঞ্জীয়ন নোহোৱাকৈ সকলোৰে অগোচৰে আৰু ক’ত কিমান ঘটনা বাদ পৰি গৈছে তাক কোনে জানে!

প্ৰসংগক্ৰমেই উল্লেখ কৰিব খুজিছোঁ আন এক পৰিঘটনাৰ| টানি আনিব খুজিছোঁ ডদীনেশ বৈশ্যৰ উপন্যাস ’নিষিদ্ধ প্ৰান্তৰ’ৰ কিয়দংশ|…মানৱ সভ্যতাৰ আদিমতম বৃত্তিৰে জীৱন নিৰ্বাহ কৰা এদল নিঃস্ব নাৰীৰ জীৱন আৰু তেওঁলোকৰ সৈতে কেইগৰাকীমান সমাজকৰ্মীৰ বিস্ময়কৰ অভিজ্ঞতাৰ কাহিনীয় এই উপন্যাসখনৰ মূল আধাৰ| …..ভয়াৱহভাৱেই উপন্যাসখনে উদঙাই দিছে মানুহ নামধাৰী এচাম মানুহৰ জীৱন সংগ্ৰাম আৰু আনহাতে আন এচামৰ ভোগৰ এখন দু:সহ আৰু নিৰ্বিকাৰ ছবি| বিজয় নামৰ উচ্চশিক্ষিত ডেকাজনে চাকৰি কৰিবলৈ গৈছিল গোপালপুৰলৈ| চাকৰিনো কি এটা স্বেচ্ছাসেৱী সংস্থাই চলোৱা এক সংগঠনৰ প্ৰকল্প সমন্বয়কৰ কাম| সংগঠনটোৰ আছিল ’ছেক্স ৱৰ্কাৰ’ বা ’বেশ্যা’ বা ’যৌনকৰ্মী’সকলৰ কল্যাণৰ| প্ৰকল্প চলাবলৈ গৈ বিজয়ে অনেক অসুবিধাৰ সন্মুখীন হৈছিল| কোন ভদ্ৰ মানুহে সুস্থিৰ অৱস্থাত ’যৌনকৰ্মী’ৰ সৈতে কাম কৰিবলৈ যোৱা বুলি ক’লে উচপ খাই নুঠিব! দিনৰ পোহৰত তেনে এটা শব্দ উচ্চাৰণ কৰাই যে মহাপাপ! কিন্তু প্ৰতিকূল অৱস্থাকো নেওচি বিজয়ে গোপালপুৰৰ দৰে সৰু ঠাই এখনত প্ৰায় ৫০০ যৌনকৰ্মীৰ সৈতে কাম কৰিবলৈ লৈছিল| প্ৰকল্পৰ কামৰ খাতিৰতে কলকাতালৈ গৈছিল বিজয়ে। চিটি অৱ জয় অৰ্থাৎ কলকাতাত ভৰি দি বিজয়ে শুনিছিল শতিকা ধৰি চলি অহা গণিকা-সংস্কৃতিৰ কথা| যুগ যুগ ধৰি কলকাতাত চলি আছে গণিকালয়| এই গণিকালয়লৈ প্ৰেম আৰু যৌনসুখ বিচাৰি যুগ যুগ ধৰি গৈ আছে কলকাতাৰ বাবুসকলে। পুৰণি কলকাতাৰ জমিদাৰ বাবুসকলে প্ৰেম আৰু যৌনতাৰ উপাদানেৰে জীৱন উপভোগ কৰিবলৈ প্ৰতি গধূলি গণিকালয়লৈ গৈছিল| তেওঁলোকৰ বাবে নিদিৰ্ষ্ট হৈ আছিল গণিকাৰ ৰূপত সুন্দৰী নাৰী| গণিকাৰ ৰূপেৰে প্ৰেম আৰু যৌনতাৰ সম্ভাৰ বিমুক্ত কৰি উপচাই দিয়া এই সুন্দৰী নাৰীসকলে বাবুসকলৰ পৰা লাভ কৰিছিল আৰ্থিক আৰু সামাজিক সুৰক্ষা| পুৰণি কলকাতাৰ এই সংস্কৃতিত গণিকাসকলক যৌনকৰ্মী বুলি ক’ব নোৱাৰি| বাবুসকলকো গ্ৰাহক বুলি ক’ব নোৱাৰি| তেওঁলোকৰ মাজত আছিল এক অন্য সম্পৰ্ক| এতিয়াৰ কলকাতাত সেই সংস্কৃতি নাই| নাই সেই বাবু আৰু সেই গণিকা নাৰী| এতিয়াৰ কলকাতাত আছে যৌনকৰ্মী আৰু যৌন গ্ৰাহক| যৌনকৰ্মীসকলৰ বাসস্থান কলকাতাৰ বিভিন্ন প্ৰান্তত এতিয়াও আছে| সেই নিষিদ্ধ প্ৰান্তক এতিয়াৰ প্ৰশাসনে ৰেড্‌লাইট এৰিয়া বুলি কয়| পুৰণি কলিকতা আৰু এতিয়াৰ কলকাতাৰো প্ৰসিদ্ধ নিষিদ্ধ প্ৰান্তৰ ’সোণাগাছি’|

এই কিতাপখনৰ প্ৰসংগটো টানিলোঁ দুটা কাৰণত-প্ৰথম জীৱন ধাৰণৰ বাবে বেশ্যা বৃত্তি গ্ৰহণ কৰা বেশ্যাসকলৰ আঁৰৰ দুখ-যন্ত্ৰণাক উপলব্ধি কৰা আৰু দ্বিতীয়তে তেওঁলোকৰ বাবে নি:স্বাৰ্থভাৱে কাম কৰা সংগঠনসমূহে এনে কিছুমান কথা দাঙি ধৰিছে যিবোৰক তেওঁলোকে এক জলন্ত সমস্যা বুলি নিৰ্ধাৰণ কৰিছে আৰু তাক নিবাৰণৰ বাবে তেওঁলোকে গৱেষণাও আৰম্ভ কৰিছে| কলকাতাত হোৱা তিনিদিনীয়া যৌনস্বাস্থ্য বিষয়ক আলোচনাচক্ৰত উল্লেখ কৰে যে বিশ্বায়নৰ প্ৰভাৱ যে অকল সমাজতে পৰিছে তেনে নহয় বৰং বিশ্বায়নৰ প্ৰভাৱত যৌনকৰ্মী জীৱনলৈও বিপদ আহিছে| এই বিষয়ে আঙুলিয়াই দেখুৱাইছিল সমাজকৰ্মী নীলাক্ষি পাটিলে| নীলাক্ষিৰ গৱেষণাপত্ৰৰ বিষয়-বস্তু আছিল ‘বিজ্ঞান প্ৰযুক্তি-বিদ্যা আৰু বিশ্বায়নৰ প্ৰভাৱত বিপন্ন যৌনকৰ্মীৰ জীৱন’ যৌনকৰ্মীৰ জীৱনলৈও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই বিপন্নতা আনিব পাৰে| নীলাক্ষী পাটিলেই কৈছিল মুম্বাইৰ বহু গণিকালয় এতিয়া গ্ৰাহকৰ অভাৱত বিপন্ন হৈছে| জীয়া মানুহৰ স্পৰ্শৰে যৌনসুখ বিচাৰি যোৱা মানুহে এতিয়া পুতলা যৌনসংগীৰ আশ্ৰয় লৈছে| আশ্ৰয় লৈছে কৃত্ৰিম যৌন সঁজুলিৰ| এতিয়া বহুতো মানুহে গণিকালয়লৈ গণিকাৰ দেহৰ স্পৰ্শ সুখ বিচাৰি নাযায়| কাৰণ তেওঁলোকে ইতিমধ্যে ঘৰলৈ আনিছে পুতলা যৌনসংগী বা অন্যান্য যৌন-সঁজুলি| তেওঁৰ সমীক্ষামতে বৰ্তমান ভাৰতবৰ্ষত বছৰি এহেজাৰ কোটি টকাৰ যৌন-সঁজুলিৰ বজাৰ এখন চলি আছে| চীন দেশ আৰু দক্ষিণ পশ্চিম এছিয়াৰ পৰা ভাৰতবৰ্ষলৈ আহে পুতলা নাৰী| এই পুতলা নাৰী এতিয়া বহু পুৰুষৰ যৌনসংগী হৈ পৰিছে| আনহাতে বহুতো মহানগৰীত এতিয়া পুৰুষ যৌনকৰ্মী উপলব্ধ হৈছে| পুৰুষে এতিয়া পুৰুষ যৌনকৰ্মীৰ ওচৰলৈ যায় যৌনসুখ বিচাৰি| ইয়াৰ বাবেও পুৰণি গণিকালয়সমূহত গ্ৰাহকৰ সংখ্যা কমিছে বুলি নিলাক্ষি পাটিলে মন্তব্য কৰিছে| কিতাপখনৰ কিছুমান কথাই মোৰ স্বাভাৱিক বিচাৰ বুদ্ধিক তাচ্ছিল্য কৰিলে| পঢ়ি শিয়ৰি উঠা এনে কিছু কথা পঢ়িছিলো যিবোৰ মোৰ ধ্যান-ধাৰণাৰ বাহিৰত আছিল| কল্পনাৰো অগোচৰ এনে কিছুমান পৰিবেশৰ মুখামুখি হৈছিলো যিবোৰ মাথোঁ বোলছবিতহে সম্ভৱ বুলি মোৰ ধাৰণা আছিল| কিন্তু এই পৃথিৱীত চাগে’ সকলো সম্ভৱ!!!

যৌনতা কথাটোৱেই চাগে এটা আইচবাৰ্গৰ দৰে| আইচবাৰ্গৰ যেনেদৰে মূৰটোহে দেখা যায় বাকী খণ্ড পানীৰ তলত থাকে, তেনেদৰে যৌনতাৰ মূৰটোহে দেখে মানুহে, বাকী খণ্ড অদেখা হৈ থাকে| কথাখিনি আৰম্ভ কৰিছিলোঁ এটা যন্ত্ৰণাক মূৰ্ত ৰূপ দিবলৈ| কিন্তু বিক্ষিপ্ত মনটোৱে আন এক খতিয়ানহে দাঙি ধৰিলে| কোনোপধ্যেই মানি ল’ব পৰা নাই সাময়িক ভোগ-আতিশয্যৰ বলি হৈ এটা নিৰ্দোষ জীৱন শেষ হৈ যোৱাটো! আৰু কিমান দিন চলিব এই অত্যাচাৰৰ প্ৰহাৰ? আৰু কিমান দিন নাৰীয়ে নাৰী হোৱাৰ বাবেই কৰিব লাগিব চৰম ত্যাগ? কিমান আহূতি দিলে বন্ধ হ’ব এই ধ্বংস যজ্ঞৰ? কিমান তেজ দিলে গোন্ধ লোৱা বন্ধ কৰিব নৰখাদকে নাৰীৰ তেজৰ? কোনোবা দিনা সঠিক মূল্যাংকন হ’বনে নাৰী জীৱনৰ? পাব নে নাৰীয়ে নাৰী হোৱাৰ গৌৰৱৰ অধিকাৰ? এইয়াই নেকি জীৱশ্ৰেষ্ঠ মানুহ হোৱাৰ অহংকাৰ? উত্তৰ নোহোৱা হেজাৰ প্ৰশ্নই জুমুৰি দি ধৰিছে….

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক