তিনিখন মুখা—হেমেন নাথ

মুখা১]

মোবাইলৰ ৰিংটনটোত দস্তুৰমত বিৰক্ত হ’ল অজান্তি নন্দন।
লেখা প্ৰকাশ হোৱাৰ দিনা পাঠকৰ ফোন অহাটো নিশ্চিত। তাৰবাবে তেওঁ মানসিকভাবে প্ৰস্তুত থাকে।
কিন্তু এই শুবৰ সময়ত?
বিৰক্তিৰ কণ্ঠ যথাসম্ভৱ কোমল কৰি তেওঁ ৰিছিভ কৰে- হেল’।
: নমস্কাৰ।
: হয়, নমস্কাৰ।
: আপোনাৰ লেখাটো পঢ়িলো, গাৰ্হস্থ্য হিংসাৰ ওপৰত। বৰ ভাল পালোঁ। খুব সুন্দৰ বিশ্লেষণ কৰিছে আপুনি।
: অহ, ধন্যবাদ।
: হয়। গাৰ্হস্থ্য হিংসা ৰোধ কৰাৰ আন্দোলন আমি ঘৰৰ পৰাই আৰম্ভ কৰিব লাগিব। আপোনাৰ যুক্তিটো এশ শতাংশই সঁচা। বৰ ভাল পালোঁ লেখাটো।
: বাৰু, ধন্যবাদ।
: ঠিক আছে, শুভৰাত্ৰি।
: শুভৰাত্ৰি।
ফোনটো তেওঁ যথাস্থানত থৈ ঘৈণীয়েকলৈ চালে।
আচৰিত!
এইকণ সময়তে টোপনি যাব পাৰেনে এওঁ?
তেওঁ লাহেকৈ ঘৈণীয়েকৰ কঁকালত হাত থয়।
ঘৈণীয়েকে তেওঁৰ ফালে পিঠি দি বিৰবিৰাই উঠে- আজি নালাগে, মোৰ গা বেয়া।
অজান্তি নন্দনে কঠোৰ হাতেৰে ঘৈণীয়েকক নিজৰ ফালে চপাই আনে।

মুখা২]

বেলপাত চিঙি থাকোঁতে বল্লভ দেৱস্বামীৰ মনলৈ শিৱৰ কথাই আহি থাকিল। শিৱ যেন তেওঁৰ বাবে দেৱতা নহয়, বৰং সখাহে, সুখ-দুখৰ লগৰীহে। ত্ৰিভুৱনৰ গৰাকী নাৰায়ণৰ প্ৰতি তেওঁৰ সামান্যও কৌতূহল নাই। আকৰ্ষণ নাই মণি মুকুটা পৰিহিত অইন দেৱ-দেৱীৰ প্ৰতিও। অথচ শিৱ! প্ৰাণপ্ৰিয়া সতীৰ মৃতদেহ কান্ধত তুলি লৈ ভ্ৰমি ফুৰা যাযাবৰী শিৱ যেন তেওঁৰ নিচেই চিনাকি। বিলাস বৈভৱৰ পৰা শতযোজন দূৰৈত ধ্যানমগ্ন নি: স্ব শিৱই তেওঁৰ দৰে কঙাল মানুহকেইতো প্ৰতিনিধিত্ব কৰে!
নি: স্ব?
বল্লভ দেৱস্বামী কঙাল?
নাই নাই, সেয়া বহুকাল আগৰ কথা।
এতিয়া বল্লভ দেৱস্বামী এই অঞ্চলৰ এজন আঢ্যবন্ত লোক। নিজাকৈ তেওঁ ঘৰতে প্ৰকাণ্ড শিৱমন্দিৰ সাজি লৈছে। প্ৰতি সোমবাৰে হিচাবতকৈ অধিক সময় খৰচ কৰি শিৱৰ আৰাধনা কৰে।
শিৱৰ আৰাধনাতো ধেমালি নহয়। গোটেই দিন তেওঁ নিৰ্জল উপবাস পালন কৰে। এশ আঠটা বেলপাতেৰে এশ আঠবাৰ ‘ঔম ত্ৰয়ম্বকম য়জামহে সুগন্ধিম পুষ্টিবৰ্দ্ধনম…’, তাৰপিছত এশ আঠবাৰ মন্দিৰৰ প্ৰদক্ষিণ।
গে’টত কিবা শব্দ হ’ল।
দেৱস্বামী সচকিত হ’ল, বান্দৰ নহয়তো?
মাত লগালে তেওঁ: কোন সেয়া?
: দুখীয়া মানুহ, কিবা অলপ সহায় কৰিব বাবু। -গে’টৰ বাহিৰৰ পৰা কোনোবাই প্ৰত্যুত্তৰ দিলে, হয়তো ভিখাৰী।
মুখখন কোচাই কৰ্কশ শব্দেৰে বল্লভ দেৱস্বামীয়ে মাত দিলে- সোমবাৰে আমি ভিক্ষা নিদিওঁ!

মুখা [৩]
: মা!
টিভিৰ সমুখত বহি থাকোঁতে চকু মুদ খাই আহিছিল মিছেছ শুচিব্ৰতাৰ।
নাৰীশক্তি সবলীকৰণ সংগঠন এটাৰ সম্পাদিকা শুচিব্ৰতাৰ সময়ৰ অত্যন্ত অভাৱ। আজি আক’ ঘৰৰ সকলো সদস্য গৈছে দিশানৰ হ’বলগীয়া কইনা চাবলৈ; দিশান তেওঁলোকৰ একমাত্ৰ পুত্ৰ, পেট্ৰলিয়াম মিনিষ্ট্ৰীত চাকৰি কৰে, থাকে দিল্লীত। জীয়াৰী অংকুৰিতাও গৈছে, একমাত্ৰ ককায়েকৰ অনাগত বিয়াক লৈ তাইৰ উৎসাহৰ অন্ত নাই।
এগালমান দৰ্শনাৰ্থীক সময় দি অলপ টিভিৰ সমুখত বহিছিল শুচিব্ৰতা। তেতিয়াই কইনাঘৰৰ পৰা আহি অংকুৰিতাই চিঞৰি দিলে।
: উফ্ মাইনা চিঞৰিছা কিয়?
: এয়া চোৱা মই কি কি ফটো উঠাই আনিছো! – অংকুৰিতাই মোবাইলটো মাকৰ সমুখত তুলি ধৰিলে।
শুচিব্ৰতাই পোন হৈ বহি হামিয়াই ফটো চাবলৈ ধৰিলে।
ফাৰ্নিচাৰ, নিমন্ত্ৰণী পত্ৰৰ ডিজাইন, কইনাঘৰৰ ইণ্টেৰিয়ৰ আদিৰ ফটো।
এখন ফটোত শুচিব্ৰতাৰ আঙুলি ৰৈ গ’ল।
: এয়া কি? – তেওঁৰ চকুত সন্দেহ।
: কি মানে? দাদালৈ দিব খোজা চেইনডাল! কি ধুনীয়া ন মা?
: এহ, এয়া কি, ইম্মান পাতল চেইন? কিমান কণনো সোণ আছে ইয়াত?

                                                                               --- অন্ত ----   
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক