তিনিটা কবিতা ( জয়ন্ত তালুকদাৰ )

গাৰে নিগনি বগোৱা ৰাতি

পিৰপিৰাই

পাখি কোবাই দৌৰ মাৰে বাঁহ কুকুহা

জিলিৰ জাকটো কাণত বাজে

মূৰ বিষাই ..

ফেৰেঙনিত ওলমা

জোনক দোষী সজালে

কিয় চাই থাক মোক?

দৈন্য মই?

কৰ্মফলত শয্যাশায়ী৷

ভাগ্যফল ॥

নৈ ঘাটলৈ যোৱা

মাছে মাৰিবলৈ পুঠি খলিহনা

ঝৰপকৈ শব্দত সাৱধান মাছুৱৈ

আজি ভাগ্যে মিলিল

উত্তেজনা বাঢ়ে

পানীৰ তলৰ পৰা কিহে বা টানে? ?

(পানী কাউৰী এজনী ছটফটাই

পাখী ভাগে তাইৰ

চকু এটা ওলাই আহে

ভয় লগাকৈ .. )

ফলাফল ॥

পুৱাটো ঘন

গধূৰ

নিশ্বাসৰ বতাহত আকাশ সেমেকা

বৰষুণ দিব বুলি শয্যাশায়ী মাছুৱৈ চুকলৈ চেপি যায়৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments