তিনিটা স্তৱক (ময়ূৰী দত্ত)

(১)
বহুদিন বৰষুণ নাছিল
পিয়াহৰ গইনাত কিছুমানে
নৰ ৰক্তৰ অভ্যাস গঢ়িছিল
আৰু ক্ৰমশ: তৃষ্ণা বাঢ়িছিল।
(২)
অসহনীয় এই প্ৰতীক্ষা
হৃদয়জুৰি সুদীৰ্ঘ শতিকাৰ তৃষা
সন্মুখত উচ্ছল উত্তাল নদী
এবাৰ বান্ধোন সোলোকাই দিয়া।
(৩)
যি পথেৰে আহিছিলোঁ ইয়ালৈ
সেই পথেৰেই আছিল ওভটাৰ কথা
যি পথত আছিল হেঁপাহ
এতিয়া মাথোঁ হুমুনিয়াহ
সেই পথ আজি অচিনাকি
চিনাকি কেৱল স্মৃতিৰ পদধ্বনি।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments