তিনি লাখ টকীয়া ৰৌ-মাছটো (নিতুল বৰা)

আপুনি কেতিয়াবা ৩ লাখ টকীয়া ৰৌ মাছ কিনি খাই পাইছেনে? নিশ্চয় নাই পোৱা বুলিয়েই কব যে সেইটো জানো ৷ কাৰণ ৩লাখ টকীয়া মাছ খোৱাৰ সৌভাগ্য সকলোৰে নহয়। আমাৰ কিন্তু আজি ২ বছৰৰ আগতেই সেই সৌভাগ্য ঘটিছিল। মানে সেইদিনা আমাৰকপাল ফুলিল ।

আমাৰ ককা আছিল একেবাৰে সহজ সৰল আৰু হোজা প্ৰকৃতিৰ লোক। সকলোকে নিজৰ বুলি এখন্তেকতে আদৰি লৈছিল। প্ৰথমে আমাৰ অজস্ৰ মাটি সম্পত্তি আছিল ৷ কালক্ৰমত ককাৰ এই হোজা স্বভাবৰ কাৰণেই সেইবোৰ দিনক দিনে হেৰুৱাব লগাত পৰিছিল।ককাৰ একমাত্ৰ পুত্ৰমোৰ দেউতা সেইসময়ত একেবাৰে সৰু আছিল।এইবোৰ মাটিবাৰীৰ কথা ভুকেই নাপাইছিল।এনেকৈ এদিন আমাৰ চুবুৰীয়া চতুৰ মানুহ এজনে আমাৰ ককাক এদিন চলে-বুদ্ধিৰে তেওঁলোকৰ ঘৰলৈ দুপৰীয়াৰ ভাত খাবলৈ মাতিলে। তাতেই তেওঁলোকৰ স্বাৰ্থ সোমাই আছিল, কিন্তু ককাৰ হোজা মনটোৱে সেইবোৰ বুজিব পৰা নাছিল কেতিয়াওঁ। দুপৰীয়াৰ ভাতৰ লগত ককাই ভালপোৱা বিলৰ পৰা মাৰি অনা এটা ডাঙৰ ৰৌ-মাছৰ আঞ্জা ৰান্ধিলে ৷ আৰু সেইদিনা ককাই পৰম তৃপ্তিৰে এসাজ খালে ৷ খাই বৈ উঠি বিভিন্ন চলাহি কথাৰে চুবুৰীয়াই ককাৰ মন মুহিবলৈ ধৰিলে ৷ ককাও তেওঁলোকৰ কথাত ভোল গল ৷ হয় হয় কৰি সকলো কথা সলাগি গল এটাৰ পাছত এটাকৈ। তাৰ পাছত এটা সময়ত চুবুৰীয়া গৰাকীয়ে চল চাই ককাক ক’লে-
চুবুৰীয়াঃ-বোলো দদাই!তোৰ এই বাৰীৰ মাটি সোপা এনেই পৰি আছে ৷ তোৰ ল’ৰাএটাহে ৷ কোনে খাব ? তাৰে এবিঘা নহলে মোকে দে ৷ মোৰ মাটিবাৰী নাই ৷ বেয়াপাৱ যদি নালাগে বাৰু ?

ককাঃ-(কিছু সময় ভাবিলে মনতে যে ইমান ধুনীয়াকৈ মাছেৰে ভাত খুৱাইছে…সি মোৰ নিজৰে ভাই, তেজ সৰ্ম্পকৰ নহল কি হ’ল) —হৱ দে তই কৈছ যেতিয়া তোক তাৰে সেই কৰ্দৈ গুৰিৰ ফালৰ এবিঘা দিলো দে।

চুবুৰীয়াই কাগজ কলম লৈ চলে বুদ্ধিৰে ককাৰ পৰা টিপ চহী এটা চেগ বুজিলৈ ললে । ককাই একো ধৰিবই নোৱাৰিলে।

তাৰ কিছু বছৰৰ পাছত ককা ঢুকাল, দেউতাই ডাঙৰ হৈ বিয়া পাতিলে ৷ আমি চাৰিটাভাই-ককাই হলো। এতিয়াহে আমি ডাঙৰহৈ গম পালো যে সেইখিনি মাটি প্ৰকৃততেআমাৰেই আছিল। সেই মাটিখিনিৰ মাজেৰেই আমি আহ-যাহ কৰিব লাগে। সেয়ে নিজৰ বুলিবলৈ পদূলিটোও নাছিল। এটা সময়ত চুবুৰীয়া জনে আনক অন্যায় কৰি ঘটা সকলো সা-সম্পত্তি এপদ এপদকৈ বিক্ৰী কৰিব লগাত পৰিল। এদিন তেওঁ আহি আমাৰ ঘৰও লালহি। আৰু ক’লে- মই মোৰ এই মাটিডৰা বিক্ৰি কৰিব বিচাৰিছো ৷ সেয়ে মাটি খিনি তোমালোকেই ৰাখা ৷ তোমালোকৰ সুবিধা হব। কথাটো শুনি আমিও ভাবিলো হয় ৷ সেইখিনি আমি কিনি ৰাখিব পাৰিলে আমাৰ নিজৰ পদূলিটোও হ’ব আৰু চৌহদটোও ডাঙৰ হ’ব। কথামতে কাম ৷ সময়ত মাটিৰ দাম ৩ লাখ টকাত বন্দবস্ত হল আৰু নামজাৰি কৰি আমাৰ নামলৈ আনিলো। তেতিয়াহে ককাই খোৱা ৰৌ মাছৰ যে দাম আমি ৩ লাখ টকা দিলো কথাটো ধৰিব পাৰিলো। তাহানিতে বস্তুৰ দাম কম আছিল আৰু মাছ উভৈনদী আছিল যদিও, তেতিয়া খোৱা এটা মাছৰ দাম যে ৩ লাখ টকাৰে আমি পৰিশোধ লগীয়াহ’ল তাকে ভাবি আমি থৰ লাগিলো।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক