তিৱা সাধুকথা – তাংখ বা বনৰৌৰ জন্ম (মুংচাজ’ বৰ্ণালী আম্ফি মান্তা৷)

অতি প্ৰাচীন কালত কাৰ্বি আংলঙৰ ’চিৰাচিৰি মাথা’ অৰ্থাৎ চিৰলাচিৰলি পাহাৰত বাৰজনা পান্থাই (ডেকা) আৰু বাৰজনী খৰ্‌লাই (গাভৰু) ঝুমখেতি কৰিবৰ বাবে গীত গাই গাই আঁৰত কোৰ মাৰিছিল৷ এওঁলোকৰ লগতে ’পিচপুতি’ নামৰ কেঁচুৱাৰ মাক এজনীয়েওঁ নিজৰ কেঁচুৱা পিচপুতিক লগত লৈ গৈ তাক ’তাংখুং’ (জাঁপি) এটাৰ তলত শুৱাই থৈ কোৰ মৰা কামত লাগি আছিল৷ কৰ্ম ব্যস্ততা আৰু গীতৰ নিচাত কেঁচুৱা পিচপুতিক পিয়াহ খুৱাবলৈকে পাহৰি গ’ল৷ ইফালে কেঁচুৱাটোৱে ভোক-পিয়াহত আতুৰ হৈ কান্দি কান্দি ভাগৰি পৰিছিল৷ ইয়াকে দেখি বাৰজন পান্থাই আৰু বাৰজনী খৰ্‌লাই পিচপুতিৰ মাকক গীতেৰে সোঁৱৰাই দিছিলঃ

অ’ পিচপুতি মাঁ অ’ পিচপুতি মাঁ নি-নুনাই কাৰাই ড’ (অ’ পিচপুতিৰ মাক তোৰ কেঁচুৱাই কান্দিছে)৷

পিচপুতিৰ মাকেও গীতেৰে উত্তৰ দিলেঃ কাৰাইডং কাৰাইডং (কান্দক দে কান্দক দে )৷

ইয়াকে শুনি ডেকা-গাভৰুহঁতে পুনৰ কামত লাগি কোৰৰ তালে তালে গীত গাই গ’লঃ

পাৰজনা চা পান্থাই
পাৰজনা চা খৰ্‌লা
হাই খেলে লিং
ত’প খেলে লিং
চেৰা চি ৰি মাখাও
হাই খেলে লিং
( বাৰজন ডেকা বাৰজনী গাভৰুৱে চিৰাচিৰ পাহাৰত হাই খেলি বা ৰং খেলি কোৰ মাৰি যাম৷ )

এইদৰে গীত আৰু কামত ডেকা-গাভৰুৰ লগতে পিচপুতিৰ মাকেও নিজৰ কেঁচুৱাৰ কথা পাহৰি গ’ল৷ বেচেৰা কেঁচুৱা পিচপুতিয়ে কান্দি কান্দি গছৰ পাত সৰুৱালে, কান্দোনৰ ধ্বনিৰে পাহাৰত প্ৰতিধ্বনি তুলিলে, তথাপিও পিচপুতিৰ মাকে কামৰ পৰা মূৰ নুতুলিলে৷ পিচপুতিৰ ভীষণ খং উঠিল৷ সি কান্দি কান্দি ক্লান্ত হ’ল৷ মাত ক্ষীণ হৈ আহিল৷ শেষত ভোকাতুৰ পিচপুতিয়ে খং আৰু ক্ষোভত মাটিৰ তললৈ সোমাই গ’ল৷ মাটিৰ তলতে সি থমকি থমকি কান্দি থাকিল৷ কৰ্ম মগ্ন পিচপুতিৰ মাকৰ হঠাতে কেঁচুৱাটিলৈ মনত পৰিল৷ তাইৰ বুকুখন কিবা এক অজান আশংকাত কঁপি উঠিল৷ লগে লগে পিচপুতিৰ কাষলৈ ঢাপলি মেলিলে৷ কিন্তু পিচপুতিক শুৱাই থোৱা জেগাত পিচপুতি নাই৷ লগতে পিচপুতিক শুৱাই থোৱা ’তাংখু’ টোও নাই৷ মাকৰ কঁপনি উঠিল৷ চাৰিওফালে কেঁচুৱাটোক বিচাৰিব ধৰিলে৷ কিন্তু ক’তো পিচপুতি নাই৷ মাথোন কিছু দূৰত পিচপুতিৰ কান্দোনৰ মাত শুনিবলৈ পালে৷ মাকে লগে লগে তালৈ দৌৰি গ’ল৷ কিন্তু তাতো পিচপুতি নাই৷ আকৌ কিছু দূৰত পিচপুতিৰ কান্দোন৷ মাকে পুনৰ দৌৰি গ’ল৷ কিন্তু পিচপুতিক তাতো নাপালে ৷ মাকৰ মন ব্যাকুল হৈ পৰিল৷ মাকে পিচপুতি পিচপুতি কৈ কান্দিব ধৰিলে৷ কান্দোন শুনি ডেকা গাভৰু জাক দৌৰি আহিল৷ সিহঁত অবাক হ’ল কি হ’ল পিচপুতিৰ? ক’লৈ গ’ল পিচপুতি? মাটিৰ তলতহে দেখোন পিচপুতিৰ কান্দোন৷ পিচপুতিৰ মাকৰ লগে লগে সিহঁতেও য’তেই পিচপুতিৰ কান্দোন শুনে তাতেই দৌৰি গৈ মাটি খান্দে৷ কিন্তু ক’তো পিচপুতি নাই৷ এনেদৰে সন্ধিয়া হ’ল৷ পাহাৰৰ বুকুলৈ আন্ধাৰ নামিল, পাহাৰৰ ঘোপত ভালুকৰ খৰখৰনি, বাঘৰ গোঁজৰনি আৰম্ভ হ’ল৷ সকলোৱে এইবোৰলৈ কেৰেপ নকৰি কেঁচুৱাটিৰ সন্ধানত নামি পৰিল৷ গোটেই পাহাৰ খান্দি চলাথ কৰিলে৷ কিন্তুু কেঁচুৱাটি নাপালে৷ পিচপুতি সিহঁতৰ কাৰণে মায়ামৃগ হৈ পৰিল৷ যিমানে খেদে সিমানেই আঁতৰি যায়৷ কিমান খেদিব? কিমান খান্দিব? নিশা অতি গভীৰ হৈ আহিল৷ মাথোন কেঁচুৱাটিৰ উচুপনিৰ পিচে পিচে সিহঁত কেৱল দৌৰিছে, য’তেই উচুপনি তাতেই সিহঁতে খান্দিছে ৷ ইতিমধ্যে ৰাতি পুৱাল৷ সিহঁত ভাগৰি পৰিল৷ সিহঁতৰ হাতবোৰ জঠৰ হৈ পৰিল, কোৰ থমকি ৰ’ল, গাত বল-শক্তি নাইকিয়া হ’ল৷ কেঁচুৱটিৰ মায়ামৃগ আচৰণত সিহঁতৰ খং উঠিল আৰু ক্ষোভিত হ’ল৷ কেঁচুৱা পিচপুতিলৈ থকা সিহঁতৰ মৰম-চেনেহ ক্ৰমান্বয়ে ঘৃণালৈ ৰুপান্তৰিত হ’ল৷

খং আৰু ক্ষোভত সিহঁতে লগে লগে অভিমানী কেঁচুৱাটিক অভিশাপ দিলে, “সমগ্ৰ পাহাৰ খান্দি খান্দি চিৰলা চিৰলি কৰিলো, তথাপিও তোক বিচাৰি বিচাৰি পাহাৰত অজস্ৰ গাঁত খান্দিলো, তয়ো একেটা ৰাতিৰ ভিতৰতে অজস্ৰ গাঁত খান্দি খান্দি কটাব লাগিব আৰু তাকে নকৰিলে অন্য প্ৰাণীৰ হাতত তোৰ সহজে মৃত্যু হ’ব৷”

অভিশাপ অব্যৰ্থ৷ লগে লগে কেঁচুৱাটি এটি অদ্ভুত প্ৰাণীলৈ ৰুপান্তৰিত হ’ল আৰু যিটো (জাপি)ৰ তলত তাক শুৱাই থৈছিল সেই তাংখুটোৱে তাৰ গাৰ বাকলি হ’ল৷ এই অদ্ভুত প্ৰাণীটোৰ নামেই হ’ল তাংখ’ বা বনৰৌ৷ তিৱা লোকশ্ৰুতি মতে পৃথিৱীত তেতিয়াৰ পৰাই বনৰৌৰ সৃষ্টি হ’ল৷

(প্ৰচলিত জনশ্ৰুতি এটাৰ আধাৰত)
☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক