তীখৰৰ প্ৰেম (গল্পৰ দৰে,কিন্তু গল্প নহয়)- (ঈশান জ্যোতি বৰা)

পানীগাওঁ চাৰিআলিৰ মা দুৰ্গা মিষ্টান্ন ভাণ্ডাৰৰ মালিক গোবৰ্ধন বৰফুকনে দুপৰীয়া ভাতকেইটা খাই অলপ বিচনাতে বাগৰি আছিল ৷ কলিংবেলটো তেনেতে বাজি উঠিল ৷ বাহিৰলৈ ওলাই গৈ দেখে –সমুখত শৈশৱৰ বন্ধু তীখৰ ৷ মুখত সেই চিৰপৰিচিত হাঁহিটো ৷ বৰফুকনে আথে-বেথে মাতি নি ভিতৰত বহুৱালেহি ৷ বহুবছৰৰ মূৰত লগ হোৱাত দুয়োৰে মাজত নানা ধৰণৰ কথা ওলাল ৷ বেছিভাগ কথাই শৈশৱত কটোৱা সোণোৱালী দিনবোৰৰ ৷ কথাই কথাই বৰফুকনে গম পালে যে তীখৰে হেনো চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতেই এজনী ছোৱালীলৈ মনে মনে প্ৰেম পত্ৰ লিখি দি থৈ আহিছিল ৷ অতদিনে কথাটো সি সকলোৰে পৰা লুকুৱাই ৰাখিছিল ৷ জিভা পিছল খোৱাত আজি সচাঁ কথা ওলাই পৰিল ৷ চতুৰ্থ শ্ৰেণীত পঢ়ি থকা ল’ৰা এটাই প্ৰেমপত্ৰত নো কি লিখিব পাৰে তাকে জানিবলৈ বৰফুকনৰ মনটোৱে উচ্-পিচ কৰিবলৈ ধৰিলে ৷ বৰফুকনৰ আগ্ৰহৰ বিষয়ে জানিব পাৰি তীখৰে এখন পুৰণা কাগজ তাৰ মানিবেগৰ পৰা উলিয়াই দিলে ৷ ক’লে :হু ল’ ৷ পঢ়ি যা এফালৰপৰা ৷ নিজেই গম পাবি কি লিখিছিলোঁ ৷
চিঠিখন হাতত লৈ বৰফুকনে এফালৰপৰা পঢ়ি গ’ল :

মৰমৰ শেৱালি,
বিষয়: তোক মই ভাল পাওঁ মই বেছি কথা নকওঁ ৷ জাননে শেৱালি , তোক মই সদায় মনে মনে চাই থাকো কোনেও নেদেখা কৈ ৷ মই লাচ বেঞ্চত বহোঁ আৰু তই সদায় ফাচ বেঞ্চত বহ ৷ ভালকে মুখখন দেখা নাপাওঁ কেতিয়াবা ৷ তেতিয়া বেয়া লাগে ৷ তোৰ যে কাষত বহে মৃণাল নামৰ পেটলাডাল ,তাক দেখিলে মোৰ টেমা গৰম হৈ যায় ৷ সেইডালৰ লগত নো ইমান কথা কেলৈ পাতি থাক ? নাকেৰে তাৰ শেঙুণ ওলায় আৰু শেঙুণ মচিবলৈ তাৰ হাতত ৰুমালো নাই ৷ তাৰ ঘৰ আমাৰ কাষতে ৷মাকে তাক সদায় মাৰে ৷ বিৰাট চয়তান জাননে সি ? এটা কথা কওঁ,তই বেণী গাঁঠি আহিলে মোৰ বৰ ভাল লাগে ৷ কেতিয়াবা যে তই পুতলা থকা সেই ক্লিপ বোৰ চুলিত লগাই আহ, মোৰ বৰ ভাল লাগে ৷ ঠাণ্ডা দিনত তই কিয় জেকেট নিপিন্ধ ? ক’লা ছুৱেটাৰটো পিন্ধিলে তোক বৰ বেয়া দেখি ৷ মই যেতিয়া চাকৰি কৰিম তেতিয়া তোক মই ধুনীয়া জেকেট এটা কিনি দিম দেই৷ মই ডাঙৰ হ’লে ডাক্তৰ হ’ম ৷ তই কি হ’বি ? এহ্ নহ’লেও হ’ব দে ৷ মই যেতিয়া চাকৰি কৰিমেই তইনো কিয় কষ্ট কৰিবি ? বুজিলি ! অই ৰ’, বছেৰেকীয়া পৰীক্ষাত চিঞাহী কলমেৰে লিখিবি বুজিছ?ৰিফিল কলমেৰে লিখিলে আখৰ বেয়া হয়৷ নম্বৰবোৰো কমাই দিয়ে ৷ মোক দেউতাই কৈছে সেইবুলি ৷ আৰু শুনচোন ,সেই কাঞ্চনজনীৰ লগত বেছিকৈ কথা পাতি নাথাকিবি ৷ তাই বৰ বেয়া ছোৱালী ৷তোৰ কথা বেলেগৰ আগত বেয়াকৈ কয় ৷ হেডছাৰকো কৈ দিব কেতিয়াবা ৷ তেতিয়া তই কি কৰিবি ? যিহে বেঙা তই ! মুখ মেলি চাই থাকোঁতেই যাব ৷ বেছি কথা নকওঁ মই ৷ লাচ কথা এটা ক’ম৷ তোৰ হেনো মা নাই ৷ মোক লখিমীয়ে ক’লে কালি ৷ হ’ব দে ৷ দুখ নকৰিবি ৷ মোৰ মা আছে নহয় ৷ মোৰ মায়ে তোৰ মা ৷ আৰু শুন,আমি কাজিয়া নকৰোঁ দেই কেতিয়াও ৷ সদায় মিলাপ্ৰীতিৰে থাকিম ৷ আজিলৈ হ’ব দে ৷ মায়ে চিঞৰি আছে মোক ৷ চিঠিৰ উত্তৰ দিবি হা ৷ টা-টা ৷

ইতি,
তীখৰ ,
ৰোল নম্বৰ-৩
চতুৰ্থ শ্ৰেণী,ক শাখা

:ৱাহ ! ইমান ধুনীয়াকৈ লিখিছিলি চিঠিখন ! পিছে তীখৰ ,শেৱালি ক’ত এতিয়া ? –
চিঠিখন তীখৰৰ হাতত চমজাই দি বৰফুকনে সুধিলে ৷
: তাই এতিয়া স্কুলত মাষ্টৰনী ৷ এইবাৰ টেট্ ত পালে আকৌ ৷ আৰু অহা বহাগত আমাৰ বিয়া ৷ তোক মই বিয়ালৈ মাতিবলৈহে আহিছিলোঁ আচলতে ৷

তীখৰে লাজকুৰীয়া হাঁহি এটা মাৰি ক’লে ৷
: কি কৱ !!! ইমান ভাল খবৰটো দিবলৈ ইমান সময় লগাও নে তই ? ধেৎ ! তইয়ো যে আৰু ! বাৰু বাদ দে সেইবোৰ৷ তোক বহুত বহুত অভিনন্দন৷ বিৰাট ভাল পালো কথাটো শুনি ৷ মনৰ আনন্দতে বৰফুকনে বাল্যবন্ধু তীখৰক
জোৰত সাবটি ধৰিলে ৷

(ফেচবুকত পোৱা এটা হিন্দী কৌতুকৰ
ছাঁ লৈ)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments