তীখৰ (সুস্মিতা দাস)

অম্বুবাচী মেলাৰ সময়  । তীখৰ তেতিয়া নিচেই সৰু ল’ৰা  । ১০ বজাত স্কুললৈ গৈ ১১.৩০ বজাত ঘৰ পোৱা সময়ৰ কথা  । তীখৰৰ বায়েক তেতিয়া দশম শ্ৰেণীৰ ছাত্ৰ্ৰী  ।  মাক দেউতাকৰ এটাই চিন্তা, ভালদৰে প্ৰথম বিভাগত লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হ’ব লাগে ছোৱালীজনী  ।  আমতী চুৱা ভঙাৰ দিনৰ কথা  ।  ৰাতিপুৱাৰে পৰা কাম কৰি কৰি ভাগৰি পৰিছে তীখৰৰ মাক  ।  বায়েকে পঢ়ি আছে  ।  তাইৰ ছয় মাহিলী পৰীক্ষা চলি আছে  ।  দুবেলা পৰীক্ষা থাকে  । মাকে তাইক একো কৰিবলৈ দিয়া নাই  । নিজেই সকলো কাম সামৰিছে  ।  ঘৰ চাফা কৰা, কাপোৰ কানি ধোৱা, পূজা কৰা এশ এবুৰি কাম  ।  তাৰ মাজতে তীখৰে স্কুল শেষ কৰি( একেবাৰে বিশ্ববিজয় কৰা যেন কৰি) দাঁত নিকটাই ঘৰ পাইছেহি  ।  মাকে লৰালৰিকৈ ভাত ৰান্ধিলে  ।  দালি-আলুপিটিকা  ।  ভোকে-ভাগৰে লেবেজান হোৱা মাকৰ বিশেষ একো ৰান্ধিবলৈ নহ’ল  ।  ল’ৰা-ছোৱালীকেইটাক লৈ মাকো ভাতৰ পাতত বহিল  ।  তেতিয়াই আমাৰ তীখৰৰ মহামূল্যবান মগজুৰ ঢাকোনখন খোল খালে  ।  ………

তীখৰ : মা, অ’ মা……..
মাক( কিছু বিৰক্তিৰে) হু, কি হ’ল ?
তীখৰ : তোমাৰ মা আছে নে নাই?

মাক : নাই
তীখৰ: কি হ’ল ?
মাক : ঢুকাল …..
তীখৰ 🙁 ভাত পানী খোৱা বন্ধ কৰি উইথ ফুল কনচেনন্ট্ৰেচন) কি হৈছিল?
মাক : ( অলপ নৰম স্বৰত) অসুখ হৈছিল  ।
তীখৰ: (আচৰিত হৈ) ঔষধ আনি দিয়া নাছিলা ?
মাক : দিছিলোঁ অ’, ভাত খা এতিয়া ..
তীখৰ : (ডিঙিটো সোঁফালে বেঁকা কৰি চকু দুটা চিলিঙৰ ফালে প্ৰায় ১০ মিনিটমান সময় নিবদ্ধ ৰাখি): অ’ মা, তোমালোকে আবুৰ কাৰণে মৰা ঔষধ আনিছিলা?………………………………………????????????????????????

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments