তীৰ্থ-যাত্ৰা- (মানবেন্দ্ৰ কুমাৰ শৰ্মা)

(সঁচা ঘটনাৰ আলমত)
দীঘলীয়া উকি এটা মাৰি ৰেলখনে যাত্ৰাৰ সংকেত দিলে আৰু লাহে লাহে এন্ধাৰৰ মাজলৈ গতি কৰিলে৷ ক্ষন্তেক আগলৈ জিক্‌মিকাই থকা ষ্টেচনৰ লাইটবোৰ ক্ৰঃমশ অপসৃয়মান হৈ উঠিল৷ বাহিৰত ঘিট্‌মিটিয়া আন্ধাৰ৷ উৰুলি আৰু ’জয় জগন্নাথ’ ধ্বনিৰে আকাশ-বতাহ ৰজন্‌জনাই উঠিল৷
তীৰ্থৰ বাবে অসমৰ পৰা যোৱা দলটোৱে আগদিনাই কলকাতা পাইছিল৷ এদিন তাত ফুৰা-চকা কৰিলে৷ আজি হোটেলৰ পৰা ওলাই আহোঁতে যান-জোঁটতো ফচিল৷ মূৰামূৰিকৈহে ট্ৰেইনখন পালে৷
সকলোৱে নিজৰ বয়-বস্তু থান-থিত লগায় মানে ট্ৰেইনৰ গতি বাঢ়িছিল৷ নিজৰ নিজৰ আসনত উপৱিষ্ট হোৱা সময়ত এই গতি তীব্ৰ হ’ল৷ এইমুহূৰ্তৰ চকুৰ আগৰ ঠাই ডোখৰেই পিছমুহূৰ্তত অচিন হৈ পৰিল৷

“সি কিন্তু আমাক ভাল টুপী পিন্ধাব খুজিছিল দেই৷ চাচোন, সেইখন প্লেটফৰ্মৰ পৰা এইখিনি কঢ়িয়াওঁতেই আঠশ টকা লাগে৷ মোৰ আগৰ অভিজ্ঞতা আছিল বুলিহে৷ তহঁতেতো মান্তিয়েই হ’ব খুজিছিলি৷”- এজনে নিজৰ ফটাঢোল কোবালে৷

“আৰে ইয়াৰ কুলী কিন্তু খুব সাংঘাতিক দেই৷ বস্তুখিনি চমজাই দিয়াৰ পিছত চকুৰ আঁতৰ হ’ব নিদিবি৷ আগতে কেইবাৰ মান দেখিছোতো, কুলী আৰু মাল একেলগে গায়ব হোৱা৷”- এইজনে কিয় নিজৰটো নবজাব?

ঢোল কোবোৱায় কোবায় থাকিল৷ ইয়াত ৰস পোৱা কেইজনে মিচিক-মাচাক হাঁহি থাকিল৷ বিৰক্তি পোৱাবোৰে পাৰ্যমানে ইয়াক লুকুৱাব খুজিলে৷ ওপৰৰ বাংকত আসন পোৱা তেনে দুজনে কানি কাপোৰ ঠিকমতে উৰি ল’লে৷
ঠাণ্ডাও প্ৰচণ্ড৷ মাঘ মাহৰ তীৰ্থযাত্ৰাই বোলে বেছি সুফল দিয়ে৷ ভগৱানৰ আশীৰ্বাদ পাব লাগিলেতো কষ্ট স্বীকাৰ কৰিবই লাগিব!
সেই শীততো ফেৰীৱালাৰ উপদ্ৰৱ নকমিল৷ বস্তুবোৰ হিচাপমতে ভৰোৱাৰ পিছতো সিহঁতক দেখি বহুতৰে মনত পৰিল যে অমুকটো চোন অনাই নহ’ল৷ ফেৰীৱালাই জানে কি বাটত কি সামগ্ৰীৰ কদৰ৷ দাম কম যেন দেখিও কেইজন মানে কিবা-কিবি ল’লে৷
আৰতিয়ে ইফালে-সিফালে চালে৷ এজনে পৰম একাগ্ৰ চিত্তে ৰুদ্ৰাক্ষৰ মালা জপ কৰি প্ৰভুৰ শ্ৰীচৰণতে নিজকে লীন নিয়াব খুজিছে, এই প্ৰচণ্ড শীতেও যাক টলাব পৰা নাই৷ কেইজন মানৰ কপালত দীঘলকৈ লোৱা একো-একোটা চন্দনৰ ফোঁট৷ কথা-বতৰাৰ পৰা বুজা যায় ডবাৰ প্ৰায় সকলো তীৰ্থ-যাত্ৰী৷ তাইৰ আসনৰ পৰা দেখি থকা আন এখন আসনত এইবাৰ তাইৰ দৃষ্টি নিবদ্ধ হ’ল- আস্‌ কি যে মৰমলগা! বয়স কিমান হ’ব বাৰু? নিশ্চয় বছৰ ভৰিল, বা তাতোকৈ অলপ বেছি; বা অলপ কমো হ’ব পাৰে; থুপুক-থাপাককৈ খোজ দিব পৰা হৈছেহে৷ পোচাক চাই ল’ৰা যেনেই লাগে৷ তাৰ খিল্‌খিল হাঁহিয়ে মাজে মাজে স্বৰ্গীয় সুষমা বিয়পায়৷ নাই, এই প্ৰচণ্ড শীতেও তাক টলাব পৰা নাই৷ নতুন এটা পৰিৱেশে হয়তো তাৰ মনত হেন্দোলনি তুলিছে৷
এওলোকো তীৰ্থ-যাত্ৰীয়েইনে? হ’ব পাৰে!
আৰতিৰ নিজৰে ভিতৰখন কিবা খালি খালি লাগিল৷ এক শূন্যতাই তাইক যেন চেপি-খুন্দি চূচুৰ্মৈ কৰি পেলালে৷ প্ৰতিবাৰেই মন উথলি উঠাৰ দুমাহমান পিছতেই সেই ভয়ানক খবৰটো আহে৷ কি কৰা নাই সিহঁতে? আধুনিক চিকিৎসাৰ পৰা বেজ-বেজালি একোৱেই বাদ পৰা নাই৷ মাজতে অমৰনাথৰ পৰাও আহিল৷ ডাক্তৰে কৈছে, “এনেদৰে সঘনে ঘটা অঘটনে কিন্তু আপোনাৰ স্বাস্থ্যৰ প্ৰতি ভয়ানক জটিলতা আনিব৷ তাতকৈ এজন তুলি নলয় কিয়?” তাইৰ মন থাকিলেও মানুহজনৰ বাবে এইয়া সম্ভৱ নহয়৷ সেয়ে বুকুৰ শূন্যতা পূৰাবলৈ শেষবাৰৰ বাবে আকৌ এবাৰ আগবাঢ়িব খুজিছে৷ নিশ্চয় প্ৰভু জগন্নাথে এইবাৰ চকু মেলি চাব৷

ডবাৰ মানুহবোৰ শুইছিল৷ আৰতিয়েও দুচকু মুদিব খুজিলে৷
থেন্‌থেননি শুনি আৰতিৰ চকু পুনৰ সিফালে গ’ল৷ তাই বুজিলে কেঁচুৱাই মাকৰ গাখীৰ খাব খুজিছে৷ পিছে তাই বুজিলে কি হ’ব? যিয়ে বুজিব লাগে তাইৰ দেখো কাণসাৰেই নাই৷ শুইয়েই আছে৷ যেন ৰেলত নহয়, ৰাজকাৰেঙৰ একেবাৰে সুকোমল শৰ্যাত কোনোবা ৰাজনন্দিনীহে শুই আছে, লৰচৰ কৰিলেই যাৰ হাড়-মূৰ ভাঙি যাব৷ নে ৰজাৰ জীয়েকক আধুনিক ফেছনে পালে? যে কেঁচুৱাক বুকুৰ গাখীৰ খুৱালে সৌন্দৰ্য হানি হ’ব বুলি ভাবে?
তাৰ থেন্‌থেননিয়ে বিলাপৰ ৰূপ লৈছিল৷ কান্দি কান্দি সি অস্থিৰ হৈ পৰিল৷ এসময়ত হলহলকে বমি কৰিলে৷ বমি লাগি কানি-কাপোৰ সৱ নষ্ট হ’ল৷
মাকৰ তেতিয়াও চেতনা নাই৷ এনেকুৱা মাকো থাকেনে? মাক নহয় যেন এটা উঁই হাফলুহে, স্থিতপ্ৰজ্ঞ বাল্মিকীৰ যি একমাত্ৰ আৱৰণ; লৰ্‌চৰ কৰিলেই যেন তপ ভঙ্গ হ’ব!
অৱস্থা দেখি এজন আগবাঢ়িল৷ মানুহজনে তাৰ কানি-কাপোৰ খুলি দিলে৷ হয়তো দেউতাক৷ দেউতাকেইনে? হয় হয়, দেউতাকেই হ’ব লাগে৷ কিন্তু সন্তানৰ প্ৰতি মাকৰ এনে আচৰণ দেখি কাৰ খং নুঠিব? আৰতিৰো উঠিছে৷ দেউতাক হ’লেও উঠিব৷ খালি গাৰে কণমানি কিছু সময় তেনেদৰেই পৰি থাকিল৷ তাৰপিছত যেন এটা বান্দৰৰ পোৱালিকহে এডাল ডালৰ পৰা আনডাললৈ জপিয়াওঁতে আন এটা বান্দৰে ধৰিছে, তেনেকৈ কেঁচুৱাটোৰ এখন হাতত ধৰি মানুহজনে ডাঙি দিলে৷
আৰতিৰ বুকুখন মোঁচৰ খাই উঠিল৷ তাই কিবা ক’ব খুজিলে৷ কিন্তু মানুহজনে হয়তো গুৰুত্ব নিদিলে বা শুনা নাপালে৷
মানুহজনে তেনে ভয়ংকৰ ভঙ্গীমাৰেই কেঁচুৱাটোক টেপৰ তললৈ নি একেবাৰে উধৰ পৰা মূধলৈ ধুৱালে। আৰতিয়ে নিজ আসনৰ পৰা স্পষ্ট ভাবে সকলো দেখিলি৷ হয়তো অনভ্যস্ত মানুহ৷ ৰাজনন্দিনীৰ ঘৰতো নিশ্চয় বহুত সহায়কাৰী আছে৷
শীতৰ সেই নিশা কেঁচুৱাই কঁপি কঁপি ডেডা-উৰি ফালিলে৷
সেই মাততহে ৰাজদুহিতাই অলপ লৰচৰ কৰিলে৷
মানুহজনো কেঁচুৱাটো ধুৱাই আহি পাইছিল৷ আহিয়েই পেলনীয়া কিবা যেন দাষ্টবিনলৈ হে দলিয়াই দিলে! কি কথা!
চিটত তেনেদৰে থেকেচা খাই কেঁচুৱাই আকৌ চিঞৰি উঠিল৷ ডবাৰ বেলেগ দুজনমানো সাৰ পালে৷
আৰতিৰ সঁচাকৈ খং উঠিল৷ এনে হ’লে কেঁচুৱা জন্ম দিবই নালাগে৷
তেতিয়ালৈ কেঁচুৱাক বেলেগ কাপোৰ পিন্ধোৱাৰো উম্‌ঘাম নাই৷ আৰতিয়ে আৰু ধৈৰ্য ধৰিব নোৱাৰিলে৷ তাই উঠিল৷
তাই উঠা দেখিয়েই হ’বলা মানুহজনে খক্‌মককৈ বেগ এটা খুলিলে৷ কণমাণিক কিবা অলপ পিন্ধাই মানুহজনীৰ ওপৰত পেলাই দিলে৷
সেই ৰাজদুহিতাৰ প্ৰতি এক অসহ্য ক্ৰোধত আৰতি উচ্‌পিচাই উঠিল৷ আৰে কেঁচুৱাই কেনেকৈ আছে দেখা নাই নেকি?
কণমানি কুঁচি-মুচি ৰাজদুহিতাৰ বুকুৰ মাজত সোমাল৷ লাহে লাহে তাৰ কান্দোন কমিল৷ কিজানি তাক পিয়াহ দিলে৷
আৰু যদি এইটোৱে হয়, পিয়াহ দিয়াৰ তাইৰ ভঙ্গীমা নোচোৱা কিয়? আৰতিয়ে নিজৰ নাথাকিলেও জানে কেঁচুৱাক পাৰ্যমানে যে শুই শুই গাখীৰ খুৱাব নালাগে৷ পেটত গেছ হয়৷ এবাৰতো উঠি কেঁচুৱাৰ পিঠিত থপৰিয়াই দিব পাৰে৷ এনেয়েও সেই অতিপাত শীত আৰু বাহিৰৰ পৰা অহা বতাহে তাক লবেজান কৰিছেই৷ আৰু ভালে থাকিলেই হ’ল!
আৰতিয়ে ভবাটোৱেই হ’ল৷ মাকৰ বুকুৰ পৰা ওলাই আহি সি পুনৰ হলহলকে বমি কৰি দিলে৷
এইবাৰো যেন বান্দৰৰ পোৱালিহে! তেনেকৈ নুধুৱাই মুখখন পানীৰে মচি কাপোৰ সলাই দিলেওতো হয়!
ৰাজনন্দিনীয়ে মুঠতে নিজৰ আৰামেৰে সৈতে অলপো আপোচ নকৰে! আৰু মানুহজনে খঙতে যি ইচ্ছা সেয়াই কৰিছে? নে কোনোবা সাত-শতৰুৰ সন্তান!

কিবা এটা ষ্টেচনত ট্ৰেইনখন ৰখিছিল৷ ৰাতি পুৱাবলৈও বেছি সময় নাই৷ এইবোৰ চাই চাই ৰাতি আৰতিৰ টোপনিয়ে নাহিল৷ তাই একাপ চাহৰ বৰকৈ অনুভৱ কৰিলে৷
পূৱে ধল্‌ফাট দিয়াৰ সময়তে ট্ৰেইন পুৰী পালেহি৷ নামিবলৈ সকলোৰে উথপ্‌থপ লাগিল৷
আৰতিহঁতেও নিজৰ নিজৰ লাগেজ হাতত ল’লে৷
তেনেতে, আৰু ঠিক তেনে সময়তেই সেই মহিলাই আৰ্তনাদ কৰি উঠিল৷

“ঠাকুৰ আমাৰ বাচ্ছা দুটিৰ দিকে দেখোন! মাগো আমি এখন কি কৰব!”

সকলোৱে তভক খালে৷ কি হ’ল? এবাৰ সেই মহিলাৰ ফালে ঘূৰি চালে৷ নিজৰ আসনত তেতিয়াও মানুহজনী শুইয়েই আছে৷
সকলোৱে সমুখলৈ আগবাঢ়িল৷

“আপনাৰা দয়া কৰে আমাৰ ছেলেটাৰে একবাৰ দেখোন৷”

আৰতিয়ে এবাৰ থমকি ৰ’ল৷ দেখিলে কেঁচুৱাটোও মাকৰ কাষতেই ধেল-পোঙা দি আছে৷ কিন্তু পিছৰ পৰা অহা হেঁচাই তাইক আগলৈ থেলিলে৷ তাই ঘূৰি চালে৷ পিছতেই আছে কপালত চন্দনৰ ডাঙৰ ডাঙৰ ফোঁট লোৱা কেইজন মান৷

“আমাৰ জামাই মানুষ না, ও একটি অমানুষ৷ সে আমায় সব সময় পিটায়, সে আমাৰ মৃত্যু চাই! ঠাকুৰ আমাৰ কষ্ট দেখিয়া মুক্তি দিতে চেয়েছে কিন্তু আমি সন্তানৰ জন্যে বাচতে চায়৷ সে আমাৰে ভাল জায়গায় চিকিৎসা কৰামু কৈয়া নিয়া এচেচিল৷ ট্ৰেইন চালু হওৱাৰ পৰে বলল সে আমাৰ বাপেৰ বাৰী দিয়া আচবে, চিকিৎসা কৰাইবে না৷ তাৰপৰ আমাদেৰকে এখানে ফেলাইয়া আগেৰ ষ্টেচনে নামিয়া গেল৷”
সঁচাকৈয়ে যেন উয়ে কুঁটি কঁটি খাই নিশেষ কৰা সেইয়া কোনোবা বাল্মিকীৰ হাফলুৰ মাজৰপৰা ওলাই অহা সেহনিহে! আৰতিয়ে তেতিয়াহে মন কৰিলে যে নামিব লগা এই সময়ত সেই মানুহজন চোন সঁচাকৈ নাই!

“বাচ্ছাৰ জন্যেও তাৰ মায়া নাই৷ ৰাত্ৰে সে ছেলেটাৰ সংগে কি ব্যৱহাৰ কৰচে আপনাৰা তো দেখেচেই৷ আমৰা সবাই মাৰা গেলেই তো সে তাৰ ভালোবাসাৰ মেয়ে তাৰে বৌ বানাইতে পাৰবে৷”

মানুহজনীৰ কথাত কোনেও সিমান গুৰুত্ব নিদিলে৷ সকলোয়ে নামিবলৈহে লৰা-ধপৰা লগালে৷

“এই দেখি, কেনচাৰ ৰোগে আমি মৰাৰ মতন!”

এই বুলি কৈয়ে মানুহজনীয়ে নাৰীৰ লজ্জ্বাৰ ভূষণ বুকুৰ সেই কাপোৰখন আঁতৰাই দিলে৷
উস্‌ কি ভয়ংকৰ! আৰতিয়ে দেখিলে, স্পষ্টভাবেই দেখিলে সেইয়া যেন বুকুৰ এফাল নহয়, এটা প্ৰকাণ্ড উই হাফলুহে৷ উয়ে মাটি তুলি তুলি যেন এফালে পৰ্বত সম কৰিছে৷ সেই পৰ্বতৰ মাজত থকা জান-জুৰিৰে নিৰ্মল পানীৰ পৰিৱৰ্তে বৈ আছে কেৱল ভয়ংকৰ তেজ-পূজ৷
বিভৎস, সঁচাকৈয়ে বিভৎস!
আৰতিৰ মূৰ ঘূৰোৱা যেন লাগিল৷ সেই বিভৎসতা যেন হাজাৰগূণে উজলি উঠিছে, তেল শেষ হৈ নুমোৱাৰ আগত চাকিখৰ ঢপ্‌কৈ জ্বলি উঠাৰ দৰে!
আৰতিৰ খোজ স্থবিৰ হৈ পৰিল৷ তাই কি কৰা উচিত? হঠাৎ এটা প্ৰচণ্ড ঠেলা পাই তাই পিছলৈ ছালে৷ সেই ৰুদ্ৰাক্ষ জপধাৰীয়ে ভীৰৰ মাজতে বাগি দি নামিবলৈ হেতা-ওপৰা লগাইছে৷
নিজৰ মানুহজনে আৰতিক ক’লে, “কি চাই আছা? আগবাঢ়া আগবাঢ়া৷”
তিলকধাৰীৰ ঠেলা আৰু মানুহজনৰ কথাত ভৰি আগুৱাব নুখুজিলেও আৰতি আগবাঢ়িল৷

দুহাতেৰে কেঁচুৱাটো মানুহৰ ফালে আগবঢ়োৱাৰ নিস্ফল প্ৰয়াসেৰে মানুহজনীয়ে আৰ্তস্বৰে পুনৰ কৈ উঠিল, “ আপনাদেৰ আমাৰে দেখতে হ’বে না, আমাৰতো মৃত্যু নিশ্চিত! ওৰা আমাৰে নিতে এসেচে, আপনাৰা কি দেখে নাই ওদেৰকে? এই যে আমৰা সামনে দাৰ হৈয়া ৰৈছে! ! দয়া কৰে আমাৰ ছেলেটাৰে দেখোন৷ একজন ওৰে নিয়া যান৷ ঠাকুৰ আপনাৰে দয়া কৰব৷”
যেন চাকিখৰ শেষ বাৰৰ বাবেহে ঢপ্‌কৈ এবাৰ জ্বলি উঠিল৷
খিৰিকিৰে চাই আৰতিয়ে মানুহজনীৰ মূৰটো একতীয়া হৈ যোৱা যেন পালে৷

তাত এজনো মানুহ নাছিল৷ সকলো ’তীৰ্থ-যাত্ৰী’হে আছিল৷ ভগৱানৰ মন্দিৰত যিমান সোনকালে টিকট কাটিব পাৰি সিমান সোনকালেই আশীৰ্বাদো পাব পাৰি৷ সকলোৰে মাজত যেন তাৰেই প্ৰতিযোগিতা চলিছিল৷
(বাংলা ভাবানুবাদৰ বাবে বন্দিতা গগৈ বৰাৰ প্ৰতি বিশেষ কৃতজ্ঞতা জনালোঁ৷ অৱশ্যে তেখেতে বাস কৰা অঞ্চলৰ এইয়া চলতি ৰূপহে বুলি স্পষ্ট কৰি দিছে৷
)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments