তুমিহীনতাৰ বাস্তৱিকতাৰে…..(- প্রদ্যুত জ্যোতি শইকীয়া)

প্ৰথম প্ৰেমৰ প্ৰতাৰণাৰ পাছত তুমি আহিছিলা এজাক মৌচুমী বতাহ হৈ…..কিছুমান ফলিয়াব নোৱাৰা সপোন দেখিছিলো ম‍ই…..অজানিতে…হয়তো তোমাৰ বাবে ….তাৰ বাবেই উঠলি উঠিছিল মোৰ বুকু…..উমাল হৈছিল দিঠক , সপোন সকলো….. কেৱল তোমাৰ বাবে….কেৱল তোমাৰ বাবে……
এজাক নতুন বৰষুণ
সেউজীয়া সপোনতে
চিপ চিপ চিপ…. 
সন্ধ্যা তৰা জ্বলিল
আকাশৰ বুকুতে
টিপ টিপ টিপ টিপ…..
মৃত জীৱন মোৰ
আশাৰ শলিতা জ্বলিলে
বিপ বিপ বিপ বিপ….
এজাক নতুন বৰষুণ
সেউজীয়া শাওনতে
চিপ চিপ চিপ চিপ…..
দুখবোৰ কেতিয়াও জীৱনৰ পৰা হেৰাই নাযায়……থাকি যায় হিয়াৰ একোণত……. বিলুপ্তপ্ৰায় হৈ…..পাহৰিব খুজিও পাহৰিব নোৱাৰাকৈ…..নিজৰ অজানিতে…… যেন দুখবোৰ জীয়াই থাকে দুখ সোঁৱৰাবৰ বাবে……দুখবোৰ যেন সুখবোৰৰ অজানিতে জীয়াই থাকে সুখ আৰু মিঠা সপোনৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবে….অজানিতে..কোনেও নজনাকৈয়ে…..
মনবোৰ চাগৈ এনেকুৱাই
দুখবোৰ কঢ়িয়াই
নুফুলে সুগন্ধি ফুল মোৰ বুকুত….
সপোন হৈ ৰ’ল মাথোঁ
এপাহ গধুলিগোপাল
আৰু এপাহ খৰিকাজাঁই….
মনবোৰ চাগৈ এনেকুৱাই
দুখবোৰ কঢ়িয়ায়…..
তথাপিও জীৱনে যেন আশা নেহেৰুৱাই…… মৰি মৰি জীয়াই থাকে সি….. মনবোৰ কিয় এনেকুৱা? ..সুধিব নোৱাৰো কাকো…..কাৰণ মনবোৰ যে এনেকুৱাই….. জীৱন এনেকুৱাই…..আশাবোৰ জীয়াই থাকে সদায়….
কোনোবা দিনা আহিবা তুমি
পুৱাৰ ৰ’দ কাঁচলিত উঠি
ৰাঙলী ৰং বুকুত সানি….
আহিবা তুমি কোনোবা এদিন
ফাগুনৰ পচোৱাত ভাঁহি
মলয়াৰ কোমলতা সানি….
কৰিম সঙ্গতিহীন আলাপ
দুয়ো থকিম জোনাকৰ তলত বহি
থাকিব কেৱল অলেখ “ফটুৱামি”
কোনোবা দিনা আহিবা তুমি…
আহিবা তুমি…
হৃদয়ে আহ্বান দিলে ৰ’ব নোৱাৰে কোনো……..কিন্তু তাতো জীয়াই থাকে অবিশ্বাসৰ সৰু সৰু মাৰাত্মক বীজবোৰ……দেখা পোৱা নাযায় প্ৰেমৰ উটা বুৰা বানত বিশ্বাসঘাতকতাৰ পানীৰ তলৰ কাঁইটবোৰ…… হৃদয়ে বিচাৰে তোমাকেই….বাৰে বাৰে…অজানিতে….
তুমি মোৰ বাবে আঁউসীৰ তিৰবিৰ তৰা,
বুকুৰ মাজত ঠাই দিয়াৰ হেঁপাহ বহু পুৰণি
মাথোঁ তুমি আগুৱাই আহা
হাতে হাত ধৰি
সঁচা হৃদয়েৰে….
আকৌ এবাৰ হৃদয় আগবাঢ়ে…….নিজেই নজনাকে…….যেন মৰণফান্দে মৃত্যুক মাতে…….পুৰণি স্মৃতি পাহৰি নতুনত্বক আদৰে…… হিয়াই যেন হিয়াকহে চিনে……নিজৰ অজানিতে….সংগোপনে….ভৰি দিয়ে প্ৰেমজালত…….আকৌ এবাৰ নিজৰ অজানিতে….
তুমি এজাক বৰষুণ
মোৰ বুকু ভৰুণ কৰা
প্ৰেমাতুৰ বাৰিষাৰ বৰুষুণ…..
তুমি মোৰ মন আকাশৰ
চিকমিক তৰাৰ মাজৰ
কালিমাহীন জোন….
তোমাৰ প্ৰতিটো শব্দ‍
যেন এটি সুৰ..
কাণত বাজে অহর্নিশে মোৰ
ৰুণজুন ৰুণজুণ ৰুণজুন ৰুনজুন…
ৰুণজুন সুৰবোৰ আকৌ হেৰাই যায়…….যেন এটা দিবাস্বপ্নহে…….আহিল আৰু গ’ল……কষ্টবোৰে আকৌ সাৰ পাই উঠিল…..দুখবোৰে আকৌ এঙামুৰি দিয়ে…….যেন চিৰ সঙ্গীহে সি মোৰ……..অংগে অংগে…প্ৰতি পলে…..দিঠকে সপোনে………জীৱনজুৰি…..
তুমি এজাক চেঁচা বতাহ
দেহা শিঁহৰোৱা…
তুমি মোৰ উশাহ
আদিৰ পৰা অন্তলৈ
তুমিহীন নোহোৱাৰ অগাধ বিশ্বাস….
তুমি একাঁজলি ফেঁহুজালি
পুৱাৰ শীতলতা আঁতৰোৱা কুঁৱলি ফালি…
বিশ্বাসবোৰ শেষ হয়……সপোনবোৰ মৰহি যায়……কোমল কোমল ৰ’দবোৰ কলীয়া ডাৱৰে আৱৰে…… ভৰুণ বৰষুণজাক ৰূপান্তৰিত হয় বিধ্বংসী বানলৈ……উটুৱাই নিয়ে আশাৰ মাজুলী……..তথাপিও…..আশাবোৰ জীয়াই থাকে….. শেষত “জুবিন”দাৰ ভাষাৰে কওঁ…..
“তুমিহীনতাৰে জীয়াই থাকিবলৈ বৰ কষ্ট হয়”
তুমি মোৰ বাবে ৰ’দ, বতাহ
তুমিয়েই উশাহ, নিশ্বাসো তুমিয়েই
হেৰাই গ’লেই অনামী দুখ এটাই উক দিয়ে..
“তুমিহীনতাৰে জীয়াই থাকিব নোৱাৰো ”
“বৰ কষ্ট হয়”
হৃদয়তে…
সংগোপনে…..
তীব্ৰভাৱে…..
তুমিহীনতাৰে……তোমাৰ বাবে….
মাথোঁ তোমাৰ বাবে……
(কিছু বাস্তৱিক কিন্তু অপ্ৰাসংগিক চিন্তা)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments