তুমি আহিছিলা চেনাই মোৰ পদূলিলৈ বুলি – (মৃদুলা দাস)

তুমি আহিছিলা চেনাই মোৰ পদূলিলৈ বুলি
– মৃদুলা দাস৷

(এক)
ক্ৰিং•• ক্ৰিং•••
: হেল্ল’
: দুৱাৰখন খোল৷
……
: ইমান টুকুৰিয়াইছো৷ দুৱাৰখন খোলা নাই কিয়?
: নোখোলোঁ বুলিয়েই ভাবিছিলোঁ৷ নতুন ঠাইখনলৈ মই তোৰ ভৰসাতে আহিছোঁ৷ আৰু তই মোক ষ্টেছনৰ পৰাও আনিবলৈ নগ’লি৷ হোটেলখনো মই নিজেই বিচাৰি উলিয়াব লগা হ’ল৷
: চ’ৰী জানমণি৷ তোক দেখোন কৈছিলো মই আজি মই সময় দিব নোৱাৰিম৷ ইউনিভাৰ্চিটিত চেমিনাৰ আছে৷ এবচেণ্ট থাকিলে হেডচাৰে মোক সুদাই নেৰিব৷
: থ’ থ’৷ চেমিনাৰ আমি এটেণ্ড কৰি পোৱায়েই নাই যেন৷ এই পাঁচ বজালৈকে হয় চেমিনাৰ!
: নহয়৷ পিছে ভাৰ্চিটিলৈ যে ইয়াৰ পৰা বহুত দূৰ৷ ভাৰ্চিটি বাছখনেই অহা যোৱা কৰাৰ ষ্টুডেণ্টবোৰৰ একমাত্ৰ সাৰথি৷ তই কিবা খালিনে নাই?
: খালোঁ৷ ৰুমলৈকে অনালোঁ৷
: পিছে তই মোৰ পৰা ইমান চতুৰালিৰে খং উঠাৰ অভিনয় কৰি সাৱধান দুৰত্ব বজাই ৰাখিবলৈ মিছাই ইমান কষ্ট কৰিলি৷ এয়া চা তই মোৰ দুবাহুৰ মাজত!
: কথাবোৰ তই ভবাৰ দৰে সহজ নহয় নীল৷ মোৰ পৰা দুৰত্ব বজাই ৰখাটো তোৰ বাবে বেছি ভাল হব৷ চাওঁ এৰ৷
: তয়ো যে আৰু পাহি৷ হব ভয় নাখাবি৷ মই মোৰ সীমা বুজি পাওঁ৷ পিছে তোৰ চুলিবোৰ ভিজিল কেনেকৈ!
: বাথৰুমৰ টেপ খুলিবলৈ গৈ ভুলতে স্বাৱাৰ টেপত হাত দিলোগৈ৷ ভাগ্যে গোটেই মানুহজনী ভিজাৰ পৰা বাছিলোঁ৷
: হমম৷
: এতিয়া তোৰ দায়িত্ব মোক ডিফু চহৰখন ফুৰাই অনাটো৷
: ডিফু টাউন খন কি ফুৰিবি নো?
খোজকাঢ়ি আধাঘণ্টা লাগিব ইটো মূৰৰ পৰা সিটো মূৰলৈ৷
: সন্ধিয়াটো দেখোন তাতেই পিতপিতাই থাক!
: ব’ল তেন্তে৷

(দুই)
: ৰিস্কা লমনে?
: নালাগে ব’ল৷ সেই যে ব্ৰীজখন দেখিছ’ সেইখন পাৰ হলেই বজাৰ পালোৱেই৷ অ’ এইফালে চা৷ আমাৰ মেচলৈ যোৱাৰ ৰাস্তা৷ ঠাইডোখৰ ধৰমনলা বুলি কয়৷
: ইয়াৰ বজাৰখন ভাল লাগিছে মোৰ৷
মহিলাসকলে এফালৰ পৰা বহিছে শাক পাচলি বিক্ৰী কৰিবলৈ৷
: বেছিভাগ বস্তু পাহাৰৰ পৰা আনে৷
: এয়া দেখোন পলু৷
: লোকেল খাদ্য৷ কি কৰিছ? হাতেৰে নুচুবি সেইবোৰ! এইফালে আহ৷ শনি মন্দিৰ! আজি শনিবাৰ কাৰণে ভিৰ বেছি!
: ধূপ এপেকেট কিনো৷ ব’লচোন৷
: কি প্ৰাৰ্থনা কৰিলি?
: বিশেষ একো নাই৷ ইয়ালৈ অহাৰ উদ্দেশ্য যাতে সফল হয়, তাকেই৷
: পিছে তই আহিছ’ কোনটো কামত? তোৰ গৱেষণা? নে মোক লগ পাবলৈ?
: মই নিজেও নাজানো!
: এইখনেই ফৰেইন মাৰ্কেট৷ তহঁত ছোৱালীবোৰৰ মাৰ্কেট৷ কেৱল ছোৱালীৰ বস্তু৷ আমাৰ লগৰ কেইজনী সদায়ে আহে৷ একো নলয়৷ চাবলৈকে আহে৷ তই নিজৰ কাৰণে কিবা এটা চা৷
: মই একো নলও৷ চায়েই সন্তুষ্ট৷
: তহঁত ছোৱালীবোৰ সচাকৈয়ে আচৰিত!
: আচৰিত হ’বলৈ একো নাই৷ ইয়াত বেছিভাগ জীনছ টপ জাতীয় কাপোৰ৷ মোৰ পিন্ধাৰ অভ্যাস নাই৷
: অ’, সেইটো কথা৷
: এতিয়া পিছে?
: চাহ একাপৰ মন আছিল৷
: তেন্তে আমি এতিয়া হোটেল হিমালয়ত চাহ খাম৷ নহয় জানো?
: ভাবিছো, তই হয়তো ভাল নাপাবও পাৰ’৷ চাহকাপ পিছে বঢ়িয়া পাবি৷
: কিমান দূৰ?
: সেইয়া সন্মূখতে৷ ডিফুলৈ যিদিনা প্ৰথম আহিছিলো, দেউতা আৰু মই ইয়াতেই চাহ খাবলৈ সোমাইছিলো৷
: চাহকাপ ভাল লাগিছে৷
: দেউতা ঢুকোৱাৰ পিছত মোৰ হোটেলখনলৈ সদায় এপাক আহিবলৈ মন যায়৷
: মই বুজিছো নীল৷
: তই জাননে! দেউতা সেইদিনা বহুত সুখী হৈছিল মই এম, এ ত এডমিছন পোৱাৰ বাবে৷ কৈছিল, মই ঘৰুৱা অসুবিধা থকাৰ বাবে বেছি পঢ়া- শুনা কৰিব নোৱাৰিলো৷ তই পঢ়৷ পইছা পাতিৰ কথা চিন্তা কৰিব নালাগে৷
: তই দেউতাক বহুত মিছ কৰ’ নহয়!
: দেউতাতকৈ বেছি মা লৈ মনত পৰে৷ দেউতাৰ পিছত ময়েই যে মাৰ একমাত্ৰ ভৰষা৷ মাক মই কেতিয়াও একো কষ্ট পাবলৈ নিদিও৷ পিছে ৰাতিপুৱা কিমান সময়ত যাম বুলি ভাবিছ’?
: সাত বজাত?
: ঠিক আছে৷ বাছেৰ মাঞ্জা পাওমানে ন বাজিব৷ আৰু দেওবাৰে গীৰ্জাঘৰত প্ৰাৰ্থনা সভাৰ পিছতহে ফাদাৰক লগ পোৱা যাব হেনো৷ লগৰ এটাই কৈছিল৷
: তই কিন্তুু সদায় কৰাৰ দৰে দেৰিলৈকে শুই নাথাকিবি৷
: মই শুয়েই থাকিলে তই জগাই দিবি আকৌ সদায় ফোনকৰি জগাই দিয়াৰ দৰে৷ আজিটো মই তোৰ ওচৰতে আছো৷ নীল উঠ উঠ বুলি জগাই দিবি আক’৷
: ভেৰি ফানি৷
: হা: হা: হা: ৷ ব’ল ঘূৰি যাওঁ৷
: আৰু অলপ আগৰ পৰা আহিম ব’লচোন৷ ডিফুৰ ঠাণ্ডা বতাহছাতি ভাল লাগিছে মোৰ, সঁচাকৈ৷
: মিছাকৈ৷
: মানে?
: মানে, তোৰ ভয়৷ ৰুমত গ’লে কিবা অথন্তৰ হয় বুলি৷
: হেল্ল মিষ্টাৰ, মই একো ভয় চয় কৰা ছোৱালী নহয়৷ আৰু তয়ো একো ভয় খাবলগীয়া ল’ৰা নহয়৷
: কিন্তুু তই ৰেস্ত লোৱাটো ভাল হব৷ ইমান দূৰ জাৰ্নি কৰি আহিছ৷ তাতে কালিলৈ দিনটো আছেই৷ এতিয়া ৰেস্ত ল৷ ইয়াত আৰু ক’ত যাবিনো৷ খোজকাঢ়ি ফুৰিব লাগিব৷
: খোজকাঢ়ি ভাল লাগিব মোৰ৷
: পাহাৰীয়া ৰাস্তা৷ ভাগৰ লাগিব৷ কাইলৈ, , ,
: ব’ল তেন্তে৷ ঘূৰি যাওঁ৷
: পুৱা সাজু হৈ থাকিবি৷ সাত বজাত হোটেল আহি পাই যাম মই৷
( তিনি )
: পেট ভৰি গ’ল মোৰ৷ ফাদাৰ বৰ মৰমিয়াল ইমানকৈ খুৱালে৷
: থ’ থ’, হ’ল বুলি ৰাতিপুৱাতে ইমানসোপা কল আপেল খাব নোৱাৰি!
: হা: হা: হা: ৷ ল’ৰা মানুহ হৈ ইমান কম খাৱ তই!
: সেই চিকু নে কি সেইটো কেনেকৈ খালি পাহি? মোৰ যে ওকালি আহিব ধৰিছিল৷
: হা: হা: হা:
: ইমানকৈ হাঁহিছ কিয়?
: তোৰ মূখখন বেকেটা কৰা দেখি হাঁহিছো৷
: মই পিছে বেলেগ কথা এটাহে ভাবি আছো৷
: কি কথা৷
: তোক যদি এই একপোৱা মাটিয়েই লাগিছিল গৱেষণা কৰিবলৈ, মোকেই কব পাৰিলি হয়৷ মই পাৰ্চেল কৰি পঠাই দিলো হেতেন৷
: আৰু সেই নিৰ্দ্দিষ্ট ৰবৰ গছ কেইজোপাৰ শিপাবোৰ •••
: মই নাজানো সেইবোৰ৷ মোৰ মাথো এনে লাগিছে যেন তই মোক লগ পাবলৈকে ইয়ালৈ আহিছ৷
:
: নামাতিলি যে একোকে!
: কি কম?
: পাৰ্কখন কেনেকুৱা লাগিছে সেইটোকে ক?
: বহুত ধুনীয়া, বহুত ডাঙৰ৷
: মই জনাত অসমত বেলেগ ঠাইত ইয়াতকৈ ডাঙৰ পাৰ্ক নাই যেন লাগে৷
: নীল, মোৰ ভৰি বিষাব ধৰিছে৷ আৰো বটিং নকৰো নেকি৷
: ঠিক আছে৷ কিন্তুু তই নকলি মোক লগ পাই তোৰ কেনেকুৱা লাগিছে৷
: অলপ অকৰা, কিছু শান্ত, অলপ বেছি দুষ্ট আৰু বহুত বেছি মিঠা৷ একেবাৰে চেনি৷
: মানে?
: মানে কি আকৌ?
: মই বুজি পালোঁ পাহি, তই মোৰ বিষয়ে কি ভাবিছ! ব’ল যাওঁ ইয়াৰ পৰা৷
: অহ্ নীল, তই মোক ভুল বুজিছ নেকি!
: নাই বুজা৷
: বেয়া পালি?
: নাই পোৱা৷ মাত্ৰ দুদিনৰ চিনাকি আমাৰ৷ দুটা দিন যথেষ্ট নহয় এজন মানুহৰ বিষয়ে জানিবলৈ৷ তই মোক বুজিবলৈ এতিয়াও বহুত বাকী৷
: আমি চিনাকি হোৱা সম্পূৰ্ণ এঘাৰ মাহ হ’ল৷
: ফেচবুকত; হোৱাটচ্এপত কথা পতা, ফোনত কথা পতা আৰু মূখামূখিকৈ কথা পতা সম্পূৰ্ণ বেলেগ কথা৷ প্ৰমাণ কৰি দিলি তই৷
( চাৰি )
: বস্তু বাহানিবোৰ ভৰোৱা হল নে তোৰ?
: হল৷ নীল তই এতিয়াও অভিমান কৰি আছ’ নেকি?
: সঁচা মৰমত হেনো অভিমান থাকেই৷
পিছে মোৰ অভিধানত অভিমান শব্দটো নাই৷ কাৰণ এতিয়া অভিমান কৰি থাকিলে মোৰ জানজনীক মৰম কেতিয়া কৰিম! আৰু এঘণ্টাৰ পাছতে যে গুচি যাবগৈ তাই মোক এৰি!
: নীল, মই তোতকৈ ডাঙৰ, বুজিবি৷
: মই জানো কৈছো তই সৰু বুলি৷
: তেন্তে হাতখন এৰিদে মোৰ৷
: তোৰ চকুজুৰি কিয় ভিজি গৈছে৷ নকৱ কিয় পাহি৷
: নীল এৰি দ হাতখন৷
: পাহি মই জানো আমাৰ মাজত বয়সৰ ব্যৱধান আছে৷ কিন্তুু মই তোক ভাল পাওঁ৷ তোৰ ইচ্ছাৰ অবিহনে মই তোক স্পৰ্শও নকৰো৷ কিন্তুু মই তোক ভালপাও৷ মনৰ মাজত তোৰ প্ৰতি থকা মৰমবোৰ তোক কেনেকৈ যাচো?
: যিবোৰ কথা ভাবি কষ্ট পোৱা যায়, তেনে কথাবোৰ নভবাকৈ থকাই ভাল৷
: ময়ো জানো পাহি৷ কিছুমান কথা সম্ভৱ নহয়৷ যিমান ভাল পালেও মই তোক বিয়া কৰাব নোৱাৰিম৷ তই মোতকৈ ডাঙৰ৷ মায়ে ভাল নাপাব কথাটো৷ আৰু মই মাক দুখী কৰিব নোৱাৰিম৷
: মিছা নকওঁ নীল৷ তোৰ প্ৰতি কিবা অবুজ মৰম এটা সোমাই গৈছে মোৰ মনত৷
মোৰ ঘৰতো মান্তি নহ’ব৷ মই মা দেউতাৰ অবাধ্য হব নোৱাৰো৷ তাতোকৈ ডাঙৰ কথা মই নিজেও মোৰ অতীতক পাহৰিব পৰা নাই৷
আৰু সেইবাবেই মই নিবিচাৰো তই কষ্ট পোৱাটো৷ তোৰ মোৰ মাজৰ চিনাকি আমি বন্ধুত্বৰ নাম দি থোৱাই ভাল হব৷
: কিন্তুু মোৰ বাবে এই চিনাকি বন্ধুত্বৰ বহু ওপৰত৷ যদিও তই আজিলৈকে মোক এবাৰলৈও নাইকোৱা তোৰ অতীতত কি ঘটিছিল, তোক সুখী কৰিব খোজো মই৷ তোৰ দুখবোৰ কম কৰিব খোজো৷
: আৰু মোৰ দুখবোৰত মলম লগাই লগাই যদি তই নিজে ৰুগীয়া হৈ পৰ? তেন্তে মই কি দৰে সুখী হম? মায়ে কয়, বান্ধিলে মন শিলৰ খুটি৷ মনটো চিলা উৰাদি উৰিবলৈ নিদিবি৷ আশাবোৰ আকাশীলতা বগুৱাদি বগাবলৈ নিদিবি৷
: সেইডাল আকৌ কি লতা৷ তহঁত জৰা ফুঁকা কৰা মানুহবোৰেহে চিনি পাবি৷
: জৰা ফুঁকা মানে?
: এই যে গছ, পাত, ফুল, শিপা এইবোৰ বিচাৰি ফুৰ, এইবোৰৰ কথাকে কৈছোঁ৷
: ফৰ ইউ-ৰ কাইণ্ড ইনফৰমেচন, আই এম এ বোটানিষ্ট, নট্ জৰা ফুঁকা কৰা লোক৷
: একেই কথা৷
: বুজিছো, কথাৰ গতি সলাবলৈকে ধেমালি কৰিছ৷ ভাল কথা৷
: মোক দেখিলে লাগে নেকি মই ধেমালি কৰো বুলি৷
:
নালাগে, ডাকু গব্বৰ সিংৰ দৰে লাগে৷
: ভাগ্ বসন্তী ভাগ্৷ নেহীতো ট্ৰেইন চ্চুট যায়েগা৷
( পাঁচ )
: ভালে ভালে ঘৰ পালিগৈনে?
: পালো৷ এতিয়া খাই উঠি বিছনাত পৰিছো
: শুই যা তই৷ মোৰ পিছে আজি টোপনি নাহিব যেন লাগিছে৷
: কিয়?
: চকু মুদিলত তোক হে দেখিছোঁ৷
: কি যে হব তোৰ!
: মোৰ কি হব? এতিয়া যদি কিবা হয় তেন্তে আমাৰ হব৷
: মানে?
: মানে মই সিদ্ধান্ত ললো৷ মই বিয়া কৰাম তোক৷ ইমপছিবল্ নহয়৷ মাক মান্তি কৰাব পাৰিম৷
: কেনেকৈ?
: তই কেনেকৈ বুলি সোধাত ভাল লাগিল৷ উত্তৰটো পিছত দিম৷ প্ৰথমতে ক তোৰ মোলৈ মনত পৰিছেনে জানজনী?
: জান বুলি নামাতিবি মোক৷ মিছা সপোন দেখিব নোখোজো মই৷
আকৌ কষ্ট পাবলৈ নিবিচাৰো৷
: তোক কষ্ট নিদিও মই৷
: তই নিদিলেও কষ্ট পাম মই৷ মোৰ মনত অতীতৰ ঘাঁ এটুকুৰা আজিও কেচা হৈ আছে৷
মই পাহৰি গ’লেও নিষ্ঠুৰ সমাজখনে মোক বাৰে বাৰে আঘাত কৰে সেইখিনিতে৷ মোক তই পাহৰি যা নীল৷ মই তোৰ যোগ্য নহও৷ এই সম্পৰ্কক লৈ কোনো মান্তি নহ’ব৷
: আমি দুয়োটাই মিলি যত্ন কৰিম৷ বুজাম৷ প্ৰেমে বয়সৰ সীমা নামানে৷ অসম্ভৱক সম্ভৱ কৰাৰ শক্তি আছে মোৰ প্ৰেমত৷
: কিন্তুু তই বহুত কথা নাজান নীল৷
: সকলো জানো মই৷ তেতিয়া আৰু এতিয়াৰ কথা বেলেগ পাহি৷ সেয়া আছিল প্ৰথম যৌৱনৰ উন্মাদনা৷ যৌৱনত এনে ভুল সৱৰে হয়৷ তোৰো হৈছিল৷ তই আৰু ৰুবু ঘৰৰ পৰা গুচি গৈছিলি৷ তাৰ পিছৰখিনি দুখলগা৷ তোৰ ভৰিৰ ছিগা চেণ্ডেলপাট চিলাবলৈ বুলি
ৰাস্তাৰ সিপাৰলৈ গৈছিল৷ তোৰ দেউতাক দেখি ভয় খাইছিল৷ সিপাৰৰ পৰা দৌৰি আহিছিল তোৰ ওচৰলৈ৷ তই ঘূৰি আহিলি, ৰুবু নাহিল৷ তই নিজকে দোষী বুলি কিয় ভাবি থাক’?
: তই এইবোৰ কেনেকৈ জানিলি নীল?
: তোৰ ডায়েৰীখন হোটেলৰ ৰুমত থাকি গৈছিল৷ ৰুমটোৰ বুকিং মোৰ নামত থকাৰ বাবে ফোন কৰিছিল৷ ভালেই হল৷ বহুকথা জানিলো৷
জানিলো তোৰ অন্তৰত মোৰ প্ৰতি অবুজ মৰম জাগি উঠাৰ কাৰন৷ জানিলো নৱেম্বৰ মাহৰ ডিফুৰ ঠাণ্ডা বতাহছাতি তোৰ কিয় ভাল লাগিছিল৷ গম পালো দেওবাৰে তই গীৰ্জাঘৰলৈ যোৱাৰ উদ্দেশ্যে!
পাহি, ৰুবু দেখিবলৈ সচাকৈয়ে কি মোৰ দৰেই আছিল?
: মোক ক্ষমা কৰি দিবি নীল৷ মই এই সকলোবোৰ তোৰ পৰা লুকুৱাই ৰাখিবলৈ বিচাৰিছিলো৷
: সেয়া চা৷ তই বুজিয়েই নাপালি মোক
চকুপানীবোৰ মচি পেলা৷ আৰু সকলোবোৰ মোৰ ওপৰত এৰি দে৷
: তই অকলে পাৰিবি জানো সকলোকে মান্তি কৰাব৷
: পাৰিম জান৷ মই সকলো চম্ভালি লম৷ মই সদায় পজিটিভ হৈ থাকিবলৈ শিকিছো৷ মায়ে শিকাইছে৷ মই তোক ভাল পাওঁ৷ তোক সুখী কৰিব খোজো
জীৱনত আকৌ এবাৰ কষ্ট পাবলৈ নিদিও তোক৷
কথা দিলোঁ৷
****

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
4 years ago

Xsakoi story2 a Mr mnt gvir rekhapat bhuaise,.