তুমি আহিলা অৱশেষত -ড: ৰৌচন আৰা বেগম

তুমি আহিবা!

তেনে কোনো গভীৰ বিশ্বাস নাছিল মোৰ
কোনো দিনে,
কিন্তু, তুমি আহিলা অৱশেষত৷

হেৰাই যাবই লাগিব সকলোৱে এদিন!
সৌৰভ যেনেকৈ হেৰাই যায়
বতাহৰ কোনো এক অজান মুলুকত
যিমানেই চেষ্টা নকৰক, নোৱাৰে ভালপোৱাই
আৱৰি ৰাখিব কাকো চিৰদিন চিৰকাল৷

আমি প্ৰত্যেকেই যেন ক্ৰমাৎ
নিশ্ছিন্ন হৈ যোৱাৰ বাবে অপেক্ষাৰত
একো একোটি বিন্দু মাত্ৰ!
জাগতিক মধ্যাকৰ্ষণৰ সীমা পাৰ হৈ
ভাহি যাবই লাগিব পলকতে
কেতিয়া, কোনদিশে কোনে জানে!

জানিত বা অজানিতভাবে কিয়েই বা আছিল
হীৰা-মুকুতাৰ দৰে সেই প্ৰত্যাক্ষা!
অম্লান আদৰুৱা অন্তহীন মমতা৷

যিয়ে হেঁপাহ বঢ়াই তুলিছিল!
মই চুই দিলেই মুখৰিত কৰি তুলিছিল আকাশ-বতাহ৷

সেয়ে হয়তো বিচাৰি পালো
শেষ সীমনাত হেৰাই যোৱাৰ আগয়েই
সৰগীয় সুৱাসৰ এটি কণা৷

প্ৰতীক্ষা, এটা অনুচ্চাৰিত প্ৰাৰ্থনা!
হালধীয়াৰ মাজেদি বৈ থকা জলফাই ৰঙৰ এটি নিজৰা৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments