তুমি কি কৰা এতিয়া (বি. জে. ৰঞ্জন)

চেঙেলীয়া সময়চোৱাত মানুহে “তুমি কি কৰা এতিয়া”বুলি সুধিলে কৈছিলো- “মই মেট্ৰিক দিওঁ”। বছৰে বছৰে মেট্ৰিক পৰীক্ষা আহে আৰু ময়ো বছৰে বছৰে মেট্ৰিক দিওঁ। তাৰ পিছৰ পৰ্যায়ত কোৱা কৰিলো— “মই লটাৰি (টিকট) কাটো”। কম সময়ৰ ভিতৰতে এন্দিং নম্বৰত উজ্জ্বল স্থান দখল কৰি অনেক অনুজৰ স্বপ্নদ্ৰষ্টা হৈ বহুতো প্ৰতিভাবান খেলুৱৈক ৰাতা-ৰাতিৰ ভিতৰতে আবিষ্কাৰ কৰি, নিজৰ লগতে তেওঁলোককো বৰবাদীৰ মসৃণ পথ দেখুৱাই এটা সময়ত ভাবিলো— এইভাগে যথেষ্ঠ হৈছে, এতিয়া সমাজৰ আনবোৰ দিশটো চকু পেলোৱা ভাল হ’ব, কি থিক, কত মোৰ প্ৰতিভাই ঠন ধৰি উঠে।

আৰ.টি.আই.ত হাত দিলো। সন্মানীয় ব্যাপাৰ। পইচা নাথাকিব পাৰে, ইনফৰমেচন টেকনলজীৰ যুগত খবৰৰ কিমান গুৰুত্ব, সেয়া কিবা যিয়ে-টিয়ে বুজি পায় নেকি! সগৌৰৱে ঘোষণা কৰিলো— আৰ.টি.আই. কৰো আজিকালি, এতিয়া মই এজন সক্ৰিয় আৰ.টি.আই. কৰ্মী (নিষ্ক্ৰিয়টো কেনে হব পাৰে কেতিয়াও আন্দাজ কৰি পোৱা নাই)।
আৰ.টি.আই. ফিল্ডখনত মাৰাদোনাৰ দৰে চেকুঁৰিবলৈ নৌপাওঁতেই, এদিন চাৰিজনী বাইদেউ যোগ চাৰিজনা ভিনদেউ, আই সহিতে তথ্য জনাৰ অধিকাৰেৰে মোক মোৰ বিয়া-বিমুখীতাৰ কাৰণৰ জাননী দি তথ্য বিচাৰিলে, নানা প্ৰশ্নবানেৰে মোক জব্দ কৰা হল। সময়ত ৰায়দানো কৰা হল যে যিহেতু তেওঁলোকৰ সবৰে এটা মহান দায়িত্ব আছে ঘৰখনৰ প্ৰতি, মোৰ প্ৰতি, গতিকে মোৰ বিয়াখন পাতাই দিব পাৰিলেই তেওঁলোক তেওঁলোকৰ অন্তিম দায়িত্বৰ পৰা দায়মুক্ত হয়। গতিকে এই বিয়া নামৰ ঘটনাটোৰ পৰিসমাপ্তি ঘটাব পাৰিলেই সবে ৰক্ষা পৰে আৰু মাতৃদেৱীয়েও শান্তিৰে তীৰ্থ ভ্ৰমণ কৰি কৰি জীৱনৰ শেষচোৱাত যাতে “এইজনী জীয়েকৰ তাত দুমাহ, সেইজনীৰ তাত চাৰিমাহ” এনেকৈ ঘূৰি মেলি সমগ্ৰ মায়া-মোহৰ পৰা মুক্ত হৈ সংসাৰৰ সমস্ত বোজা ভাবি-বোৱাৰীলৈ নিশ্চিন্ত মনেৰে কান্ধান্তৰিত কৰিব পাৰে।
আপত্তিটো নকৰিলোৱেই, ভিতৰি ভিতৰি বিয়া নামৰ আজব কাৰখানাটোৰ গজব আমেজৰ কল্পনাত মজি উঠিলো। ছোৱালীৰ বিচাৰ-খোচাৰ হৈ গ’ল- “অমুক মামাৰ জেহাহুৰ পেহীয়েকৰ দ্বিতীয়জনী ননদৰ এজনী ছোৱালী আছে, কামে-কাজে দেখাই-শুনাই এক্সপাৰ্টেই বুলিবা নে তেজপাতেই বুলিবা, মুঠতে ক’বলগীয়া আন একো নাই— ছোৱালী একেবাৰে লক্ষ্মী।” ময়ো বিচনা তুলিৰ তলৰ আনন্দালোক, ষ্টাৰডাষ্টৰ তাৰকাকেইজনীৰ লগত কইনাৰ কাল্পনিক মুখৰ তুলনা কৰি অধীৰ আগ্ৰহেৰে বাট চালো কেতিয়াকে কইনাৰ চাক্ষুষ দৰ্শন হয় বুলি।
“ছোৱালীজনী বোলে এম্ব্ৰইদাৰী নে কি শিকে চহৰৰ দোকানত, তাতেই প্ৰথমে ই চাই লওঁক” – আয়ে ৰায় দিলে। পাছত পঞ্জিকাত দিনবাৰ চাই এদিন ওলালো মাজু ভিনিদেউক লগত লৈ “মিছন কইনা” অভিযানত।
ছোৱালীজনী দেখিলো। পচন্দটো নালাগিলেই, বৰঞ্চ বিৰক্তি উপজিল। একেচাতে কেনচেল কৰি দিলো।
ক্নাচ টেনত পঢ়া সময়ৰ পৰা আনন্দালোকৰ পাতত দেৱশ্ৰী ৰায়ৰ মুখখন চাই চাই কল্পনাৰ সাগৰত উটি ভাহি এয়াহে চাব আহিলোনে বাস্তৱত নিজৰ বাবে! যাঃ বাপ্পেকে, বিয়াকে নকৰাওঁ।
ভিনিদেউক ক’লো – “কইনা বাৰু চি়ডিৰ নায়িকাৰ দৰে নহলেও নায়িকাৰ বৌৱেক বা খুৰীয়েকৰ দৰেটো হ’ব লাগে অন্ততঃ, মুখখনৰ আকাৰটোও যদি ঠিক-মতন হ’লহেতেন! কমচে কম, কিবা এটাতো ভাললগা থাকিব লাগে, ছোৱালীৰ দেখা-শুনাৰ পৰ্যায়টোতো ল’ৰাৰ পৰ্যায়ৰ লগত খাপ খাৱ লাগে।”
কইনাৰ ৰূপৰ পৰ্যায়ৰ বিপৰ্যয়ত হতাশ হৈ সিদিনা সন্ধিয়া দীঘল গ্ৰীণ-লেভেলৰ বটল এটা আনিলো। তাত পৰিপূৰ্ণ হৈ থকা লোকেলবিধৰ তলিৰ নোপোৱালৈকে বটল চিঙি গ’লো আমি দুয়ো ভিনীহি-খুলশালীয়ে। লাহে লাহে ভিনীহিৰো অতীতৰ সাংঘাটিক ট্ৰেজেদীৰ বংশোদ্ধাৰ আৰম্ভ হৈ গ’ল। মোৰ মৰ্মান্তিক দুখত সমভাগী হৈ শেষতটো ভিনিদেউৱে মোৰ গা চুই শপত খায়ে দিলে— “হ’নো বাবা, তোমাৰ শপত খাই ক’লো, যদি মই ভাল ছোৱালী এজনী যোগাৰ কৰি দিব নোৱাৰো…….।”
তাৰ পিচত কইনা বিচৰাৰ দুৰন্ত অভিযান আৰাম্ভ হৈ গ’ল। এতিয়া ঘটনা হ’ল কি, মনে মিলা কইনা পাওঁ ক’ত। মিটিৰ-ইষ্টু-কুটুম্ব সবে কইনাৰ সন্ধানত নামি পৰিল। মোৰ জীৱনৰ এই সময়খিনি যেন বেচ ৰোমাঞ্চকৰ হৈ উঠিল। অচিনাকি মানুহে মোক শোধে- “আপুনি কি কৰে?” মই সগৌৰবে কওঁ— “মই কইনা চাওঁ।”
কইনা নামৰ জিনিচটো বৰ আচৰিত। এনেয়েটো চাৰিওফালে ছোৱালীয়ে ছোৱালী। কইনা হিচাবত বিচাৰিলেহে কিন্তু পোৱা নাযায়! কইনা বিচাৰোতে বিচাৰোতে চুলি সৰি তালুৰ আবিৰ্ভাব হৈ গ’ল। মাজে মাজে খবৰ পাওঁ যদিও কেনচেল হৈ যায়। কেতিয়াবা ঘৰ মিলে, বয়স নিমিলে। বয়স মিলে যদি জাতি নিমিলে। পঢ়া-শুনাত মিলে যদি দেখাত নিমিলে (হে হৰি, ক’তনো ঐশ্চৰ্য্য ৰায়ৰ দৰে বিচাৰিছো, কমচে কম দেখাততো ছোৱালীৰ দৰে হ’লে হয়)। কেতিয়াবা চব মিলে, যায় থৈ দেখো কইনা বেলেগৰ সৈতে পকি আছে, সৰিব মাথো বাকী।
“দাদা, আপুনি মোতকৈ বহুত ভাল-ধুনীয়া ছোৱালী পাব, প্লীজ মোক কেনচেল কৰক, নহ’লে পিতাই নামানিব, হৰেণদা আৰু মোৰ যে কিমান সপোন আছে, আপুনি….. হুক্ হুক্….।”
—“হ্যেই কি কৰা! ধেৎ ধেৎ, হ’ব হ’ব, তুমি মোৰ ভন্টিয়ে হ’লা যোৱা আজিৰ পৰা। পলাই-চলাই যদি নোযোৱা আৰু হৰেণদাৰ লগতে যদি বিয়া হোৱা কেতিয়াবা, বিয়াত কিন্তু মাতিবা।” মনত খেলাল— “হয় দেখোন, চাজনৰ চালমান খানৰ দৰে চেক্ৰিফাইচ কৰিও মজা লাগে দেখোন…।”
এক দুই বছৰকৈ বয়স দুকুৰিৰ দেওনা পাৰ হৈ গ’ল । দাঢ়ি-চুলি ৰং কৰিব এৰাৰ দৰেই হৈছে। আবেলি কেতিয়াবা পাহাৰৰ দাঁতিত অকলে অকলে বহোগৈ, এনেয়ে এবাৰ চিঞৰি চাওঁ – “কইনা…“, পাহাৰৰ পৰা ওলোটায় প্ৰতিধ্বনি আহে- “নাই…“।
 
খং উঠে, গুছি আহো ঘৰলৈ। আইৰ লগত খেতি-বাতি আদিৰ বিভিন্ন কথা পাতো।
আই আৰু মই, দুটাই প্ৰাণী। একেই জীৱন-প্ৰণালী।একে ধৰণৰে চিন্তা, একে ধাৰাৰে দুটি বোৱতি সুঁতি, যেন বৈ গৈ আছে ওচৰা-ওচৰিকৈ একেখন নৈ লৈ। বিঘাই বিঘাই মাটি, আধিৰ অজস্ৰ ধান, আমদানী শাক-পাচলি, পুখুৰীৰ মাছ….। একো আপত্তি-বিপত্তি নোহোৱাকৈ চলি গৈছে আমাৰ দুটা জীৱন।
আইৰ ৰান্ধনীশালৰ দায়িত্বভাৰ কেতিয়াবাই আনন্দমনে কান্ধত লৈছো। পাগত হাত পাৰ্গত হৈ উঠিছে। টেঙাৰ পৰা খাৰলিলৈ চবতে হাত চলাব পৰা হৈছো। নোচোৱাকৈ সাউতকৈ আঞ্জাত নিমখ পেলাব পৰা হৈ গৈছো। বাইদেইহঁতৰ আগত গৰ্ব কৰি কওঁ— “তহঁতৰ দৰে চাখি চাই মই আঞ্জা ৰান্ধি পোৱা নাই দে….।”
আইয়ে ভাতৰ শেষ টোপাটো মুখত লৈ পাগুলে, কাঁহীখন বেকাকৈ দাঙি অৱশিষ্ট আঞ্জাখিনি চুউপ চুউপ কৈ শব্দ কৰি পি খায়, বুঢ়ী-বেচেৰীয়ে দুখ কৰি কয়— “বোৱাৰীৰ হাতৰ হে খোৱা ভাগ্যত নহ’ল। চাওঁ হ’নো, অলপ মাছ-অমৰাৰ জোলকে দে, যি হৈছে হৈছে আৰু, বোৱাৰীৰ হাতেৰে নহলেও বেটাৰ হাতেদিয়ে অমৃত খাওঁ, দে অলপ।”
এম্ব্ৰইদাৰীৰ দোকানত দেখা ছোৱালীজনীলৈ মনত পৰে মাজে মাজে।
তাইৰ কথা মনত পৰিলে কেনে লাগে নাজানো, জনা নাছিলো, অন্ততঃ কালিলৈকে।
আজি হঠাৎ নো তাইক এনেকৈ দেখিব লাগে নে!
আগবেলাৰ কথা। বজাৰলৈ গৈছিলো। পাচলিৰ বাবে বীজ বিচাৰি থাকোতে, এখন দোকানৰ বাৰাণ্ডাত পিচপিনৰ পৰা মাইকী মানুহ এগৰাকী দেখা পালো।
ওখ পোন শৰীৰ, ধকধকীয়া বগা পিঠিখনত পকা আমৰ নিচিনা ৰঙৰ লিপিট খাই পৰা ব্লাউজ, ঘন শকত চুলিকোচা নিমজ পিঠিখনেৰে ঢৌ তুলি বৈ গৈছে, হাতীদাঁতৰ দৰে মসৃণ বাহুদুটা। ইমান ধুনীয়া তিৰোতাজনী ক’ৰ পৰা বা আহি ওলালহি! আনন্দালোকৰ দেৱশ্ৰী ৰায়লৈ মনত পৰি গ’ল । অলপ পাছত তিৰোতাজনী ঘূৰিলে, মুখখন দেখা পালো— আৰে, এয়াচোন আমাৰ মাৰ মামাকৰ জেহাহুৰ পেহীয়েকৰ দ্বিতীয়জনী ননদৰ……. পুৰঠ মুখখনত চকুকেইটা জ্বলমল। ক’তা, আজিটো মুখখনি অশুৱনি নাপালো! এইহেন হীৰা এডোখৰকে মই পিঠি দিছিলো, চন্দনৰ লেপ অধমৰ কপালত আৰু ক’ত লিপা যায়, হায় ৰাম! হায়, হায়!!
আবেলি কথাটো এনেয়ে উলিয়ালো। আয়ে মোৰ আফচোচখিনি ঠিকেই হৃদয়াংগম কৰিলে। ক’লে— “মইটো তেতিয়াই কৈছিলো, তোৰহে চকুত নবজিল। ঠগ বস্তুটো চবৰে নিজা নিজা বাচা, তোৰো এটা ঠগ আছে, মোৰো এটা, ভিনিয়েৰহঁতৰ যেনেকৈ এটা মুখৰ গত আছে, বায়েৰহঁতৰো সবৰে নিজা নিজা এটা ঠগ আছে। কি কৰিবি আৰু, চব তেওঁৰে লিখন। যাৰ য’ত যোৰা। পিচে চিন্তা নকৰিবি ৰহ। তোৰ বিয়া পাতিহে চাৰিম। আমাৰ হৰি খুট্টেৰ (খুড়াৰ) মহ্টাকৰ (মহাকৰ) মাজু ছোৱালীজনীৰ ডাঙৰ আপাটোৰ সৰুটো চলি (ল’ৰা), ভবিন দাইদে (দাদা) যে?” —মনত কিবা আশা জাগিল হ’বপায়! পুলকিত হৈ হাঁ কৰি মুখমেলি চাই ৰ’লো আইলৈ।
“তইনো ক’ত চিনি পাবি! সেই ভবিন দাইদেৰে সৰু আপিটো তোৰ কাৰণে আমাৰ জৈৰণী পেহীয়ে ধৰিছে, মিলিব বোলে, অলপ বয়স হৈছে আপিৰ, হ’লেও হ’ব দে, মিলিব দে দুইটাৰ বয়স দুটা, এই মাঘতে দিব খুছিছে। ময়ো হ’ব বুলি খবৰ দিয়ে দিলো।”
আইক তামোলখন খুন্দি দি অলপ খুন্দা তামোল ময়ো মুখত ভৰালো।
শাকনিডৰাত থিয় হৈ বাঁহৰ খুটি এডালত ধৰি ধৰি কল্পনা কৰিলো—
অচিনাকি মানুহ এজনৰ লগত কথা পাতিছো। কথাৰ মাজতে তেওঁ শুধিছে— “আপুনি কি কৰে?”
মই হাঁহি এটা মাৰি উত্তৰ দিছো— “সংসাৰ কৰো, আন চবৰ দৰে ময়ো সংসাৰকে কৰো দিয়ক…..।”
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments