তুমি কোন মোৰ বাবে? (ৰূপাংকৰ চৌধুৰী)

ডিৰাঙত ঠাণ্ডা নামি আহিছে৷ গৰম গৰম চাহ কেইকাপে বৰ সকাহ দিয়ে৷ সন্ধিয়া অফিচৰ সন্মুখত থকা সৰু চাহৰ দোকানখনত গৰম গৰম চাহৰ কাপ চুমুক দি আছোঁ লগত গৰম গৰম পকৰি৷ ম’বাইলত এটা শব্দ হ’ল মেচেজ অহাৰ৷ পকেটৰ পৰা ম’বাইলটো উলিয়াই দেখিলো সোঁ কোণৰ সেউজীয়া লাইটটো ধিমিক-ধামক কৈ জ্বলি আছে৷ ফেচবুকৰ মেচেঞ্জাৰ এপচত মেচেজ-
– হাই!
-হেল্লো!
কিছুসময় একো নাই৷ দুয়ো পিনে সেউজীয়া লাইট জ্বলি আছে৷ প্ৰফাইলটো চালো৷ মোৰ বন্ধুৰ তালিকাত আছে৷ তালিকাত সংযোগ হ’বলৈ বেছিদিন হোৱা নাই৷ এনেকুৱা নামে-মানুহে চিনি নোপোৱা বন্ধু-বান্ধৱী বহুত কেইজন আছে৷ তেওঁলোকৰ ’ৱাল’ত কিবা ’পোষ্ট’ দিলে বা তেওঁলোকৰ বিশেষ দিন যেনে- জন্মদিন, বিবাহ-বাৰ্ষিকী আদিত লাইক এটা বা সৰুকৈ কমেণ্ট এটা দি থওঁ – বচ ইমানেই৷ ভুলতে মোক ’মেচেজ’ দিয়া গৈছিল চাগে৷ অফিচ অভিমুখে আহিব লৈছোঁ তেনেতে আকৌ এটা মেচেজ অহাৰ শব্দ-
– আপুনি গুৱাহাটীত থাকে?
– নহয়৷ মই মাজে মাজে তেজপুৰ আৰু প্ৰায় ডিৰাঙত থাকোঁ৷
– ৱাউ! আপুনি ইমান ধুনীয়া ধুনীয়া ঠাইত থাকে?
– হমমম! কৰ্তব্যৰ খাতিৰত৷ আপুনি গুৱাহাটীত থাকে ন’?

ইতিমধ্যে মই আহি অফিচত সোমাই নিৰ্দিষ্ট চকীত বহিলো৷ সন্মুখত ’লেপটপ’টো খুলি থোৱা আছে৷ ’ফেচবক’টো ’অন’ কৰিলোঁ৷ সাধাৰণতে অফিচৰ কামৰ ফাঁকে ফাঁকে ’ইণ্টাৰনেট’ৰ মাধ্যমেদি বহিঃজগতৰ খা-খবৰ পাই থাকোঁ৷ শেহতীয়া কোনো বিষয়ক লৈ হোৱা বিতৰ্কৰ তথ্য ’ইণ্টাৰনেট’ৰ যোগে ইমান বিশদভাৱে পাও যে কেতিয়াবা নিজে নজনাকৈয়ে সেই বিতৰ্কৰ লগত সংগতি থকা আলোচনাৰ মাজত সোমাই পৰোঁ৷ তাৰ মাজে মাজে বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ আপোনজনৰ বাৰ্তাও বিভিন্ন ’চছিয়েল’ মাধ্যমৰ যোগেদি পাই থাকোঁ৷ সৌ সিদিনা অভিজিতৰ বিয়া হ’ল বাংগালোৰত কইনা একেলগে কাম কৰা কোম্পানীৰ৷ হাৰিয়ানাৰ যুৱতী৷ বিয়াৰ ফ’টো আৰু ’ইউটিউব’ত ’আপলোড’ কৰা ভিডিঅ চাই এনে লাগিল যেন মই স্বয়ং তাত উপস্থিত আছোঁ৷ সিদিনা ভোঠো জেঠাৰ ক’লী গাইজনীৰ দমৰা এটা হ’ল৷ জেঠোৰ নাতিনীয়েক তিহানাই ’চেল্ফী উইথ দমৰা’ত মোকো ’টেগ’ কৰাৰ সুবাদতে ইমান দূৰত থাকিও দমৰাৰ ’চেল্ফী’ দেখা পাইছোঁ৷ সেই ফ’টো খনৰে তলত ’কমেণ্ট’ বক্সত জেঠোৰ সৰু ল’ৰা বিকাশে ফেহুৰ ফ’টো দি মোৰ ভিতৰৰ লোভী আত্মাক জগাই তোলে আৰু ৰং চায়৷
আকৌ অলপ সময় সেইপিনৰ পৰা খা-খবৰ নাই৷ এইখিনি সময়তে, মই শ্ৰীমতীক ফোন কৰি শেহতীয়া খা-খবৰ ল’লো ঘৰৰ৷ লগতে ওচৰ-চুবুৰীয়াৰ৷ ফোনটো থওঁ মানে লেপটপৰ স্ক্ৰীণত ৩টা মেচেজ থূপ খাইছে৷ এটা বাল্যকালৰ বন্ধু ৰঘুৰ- পূজাত ঘৰলৈ গৈ সিহঁতৰ পিনে এপাক নোযোৱা বাবে ’চেণ্টি’ ফালি মহাভাৰত গাইছে৷ আন এটা ৰশ্মিৰ- ’হাই আংকল’ বুলি৷ মোৰ কলেজীয়া বান্ধৱী ৰশ্মিৰ সাত বছৰীয়া পুতেক দিচুই কেতিয়াবা মাকৰ ম’বাইলটো লৈ য’ত-ত’ত মেচেজ-মেচেজ খেলি আমাক সোঁৱৰাই দিয়ে ’আংকল’ হ’লোঁ বুলি৷ আনটো-
– খুউৱ ঠাণ্ডা নে সেইপিনে?
– বহুত৷ গুৱাহাটীত ঠাণ্ডা আহিল নে?
– নাই৷ গেলা গৰম ইয়াত৷ বৰ অস্বস্তি লাগে দিনৰ ভাগত বাহিৰত ওলাই যাবলৈ৷
– আচ্ছা৷ আপোনাৰ প্ৰফাইল চালোঁ৷ আপোনাৰ কিছু খবৰ পালোঁ তাতেই৷ ছোৱালীজনী কিমান বয়স?
– ও হয় নেকি? ও তাইৰ দুই বছৰ হ’ব৷ আপোনাৰ পৰিয়াল?
– মা-বাবা, ভণ্টি আৰু মোৰ পত্নী৷
– বহুত ’মিছ’ কৰে ন’ ফেমিলী? ফেচবুক আৰু ’ৱাটছ-আপ’য়েই গতি চাগে?
– হয়৷ ’মিছ’তো কৰিময়েই দিয়কচোন৷ অ, ফেচবুক আৰু ৱাটছ-আপে কিছু সকাহ নিদিয়া নহয়৷ অভ্যাসটো ইমান বেছিকৈ হৈ গৈছে যে ঘৰত থাকিলেও লাগি থকা যায়৷ পত্নীৰ পৰা কেইবাবাৰো গালিও খাইছোঁ ইয়াৰ বাবে৷
– চাব কেতিয়াবা ম’বাইল ভাঙি দিব৷
– কৈয়েই তেনেকৈ- ’কেতিয়াবা ভাঙি গুৰগুৰীয়া কৰি দিম ম’বাইল৷ ’
– হাহাহাহাহাহাহা৷ দেখিছে মই গম পাই গ’লোঁ৷
– আপুনি শিক্ষকতাহে কৰে? সৰবজান ও নেকি?
– হয়৷ মই শিক্ষকতা কৰোঁ৷ সৰু ল’ৰা-ছোৱালীৰ মাজত থাকি স্বৰ্গ সুখ পাওঁ৷ সৰবজানৰ কামও কৰোঁ আপোনালোকৰ দৰে বন্ধুবোৰৰ বাবে৷
– ঈৰ্ষাই জন্মে আপোনালে৷
– মোৰহে ঈৰ্ষা লাগে- আপুনি ইমান ধুনীয়া ঠাইত প্ৰদূষণমুক্ত পৰিৱেশত থাকে৷
– হমমম৷ ঈৰ্ষাবোৰ কটা-কটি গ’ল দিয়ক৷
– ও৷ ঘৰৰ পৰা দূৰত থাকে বহুত৷ সাৱধানে থাকিব৷ দিন-কাল ভাল নহয় আজি-কালি৷
– ও সেয়া হয়৷ আপুনি হে বেছি সাৱধানে থাকিব৷ এই পাহাৰীয়া ঠাইবোৰতকৈ নগৰ-চহৰৰ পৰিৱেশ হে বেছি সংকটজনক৷
– হমমমম৷ তাকেই৷ আৰু কওক৷ ঘৰত আহিয়েই থাকে নিশ্চয় সময় সুবিধা মিলাই?
– ও৷ গৈ থাকোঁ৷
– আহিব৷ ঘৰৰ এটাই ল’ৰা৷ তাতে পত্নীও দূৰত থাকে৷ সময়বোৰ যিমান পাৰে তেওঁলোকক দিবলৈ চেষ্টা কৰিব৷ আমাৰ সুখবোৰ তেওঁলোকৰ মাজতেই দিয়কচোন৷
– হয়৷ একদম ঠিক কথাকেই কৈছে৷
– ঠিক আছে দিয়ক ময়ো ভাত ৰান্ধিবৰ হ’ল৷ ছোৱালীজনীও কান্দি আছে৷ লগ পাই থাকিম৷ ভাল লাগিল কথা পাতি৷
– ও তাকেই৷ ভাৱ অহা নাই যে প্ৰথমবাৰৰ বাবে কথা পাতি আছোঁ আপোনাৰ লগত৷ সেই স্কুল-ক’লেজৰ দিনতে এৰি অহা কাৰোবাৰ লগত যেন কথা পাতি আছোঁ- ঠিক তেনেকুৱা লাগিছে৷
– ও৷ বহুত বহুত ধন্যবাদ আপোনাক৷
– ধন্যবাদ আপোনাক হে৷
-এটা কথা৷ আপোনাক কি বুলি সম্বোধন কৰো ঠিক ধৰিব পৰা নাই?
– অ সমস্যাই হ’ল নহয়৷ কিবা উপায় উলিয়াব লাগিব৷ আপুনি মেট্ৰিক?
– ২০০০ মেট্ৰিক৷
– এহ আমি প্ৰায় সমসাময়িক৷ ঠিক আছে তেন্তে৷ এতিয়াৰ পৰা মই ’তুমি’ বুলিয়েই ক’লো তোমাক৷
– বঢ়িয়া৷ এই আপুনিত কিবা যেন এক দূৰত্ব থাকে৷ তথাপি যেন কিবা এটা সম্বোধন দিব পাৰিলে ভাল আছিলে!
– হমমম৷ সেইটো হয়৷ পিছে ’তুমি কোন মোৰ বাবে? ’
– কি ক’লা? মই কোন তোমাৰ? কিয় বা সুধিলা তেনেকৈ?
– নাই মানে মই লেখিম বুলি ভাবিছোঁ কিবা এটা, তাৰেই শিৰোনাম- ’তুমি কোন মোৰ বাবে? ’

-ৰূপাংকৰ চৌধুৰী
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments