তুমি চুলে যে বসন্ত…. – মধুমিতা বৰুৱা শইকীয়া

মাহৰ শেষ শনিবাৰটোত সিহঁত চাৰিটা ভ্ৰাম্যমাণ ফাষ্টফুডৰ কেন্টিন সদৃশ চকা লগোৱা গাড়ীখনৰ অলপ আঁতৰত থকা, সৰু গেলামালৰ দোকানখনৰ বেঞ্চখনত বহেহি! সপ্তাহৰ সেই বিশেষ দিনটো,  বাৰটো অথবা সময়টো কোনেও কাকো মনত পেলাই দিব নালাগে। আড্ডাৰ দিনটোৰ বাবে একপ্ৰকাৰ সিহঁতে উত্ৰাৱল হৈ থাকে।

মহানগৰীত সিহঁতৰ প্ৰায় সাত আঠবছৰ পাৰ হ’ল। কেতিয়া কেনেকৈ সিহঁত বন্ধু হৈ পৰিছিল সেয়াও মনত নপৰাৰ দৰেই! সহোদৰৰ দৰে মৰম-আগ্ৰহ ইটোৰ সিটোৰ প্ৰতি। নিজৰ নিজৰ কামত ব্যস্ত থাকিলেও সিহঁতৰ মাজত ফোনৰে হ’লেও যোগাযোগ চলি থাকে।

আজি প্ৰায় ডেৰ বছৰ মানেই হ’ল নেকি,  সিহঁতৰ মাজৰ ৰূপকে কোনোবা এটা দিনত ঠিক কৰিছিল,  মাহৰ শেষৰ শনিবাৰটোৰ সন্ধিয়া সময়ত সিহঁতকেইটা নিয়মীয়াকৈ লগ হ’ব। সেই যে লগ পোৱাৰ অভ্যাস গঢ়ি উঠিল, তাৰপিছৰে পৰা শনিবাৰবোৰত এটায়ো লগ হোৱাৰ সময়কণ নাপাহৰে। চিগাৰেট, ৰজনীগন্ধাৰ শৰাধ কৰি আড্ডাত মচগুল হৈ পাৰ হৈ যোৱা গোটেই সপ্তাহৰ কথাৰ জোলোঙা ইটোৱে সিটোৰ ওচৰত মেলি দিয়ে। কথাবোৰ সুখৰ বা দুখৰেই হওক লাগে, দুটামান প্ৰাণখোলা হাঁহিৰে অথবা দুষাৰমান কথাৰে কথাবোৰ কৈহে শান্তি পায়। মুঠতে সিহঁতৰ মাজত সোমাই থকা নিৰাশা, হতাশাবোৰৰো ভাগ-বতৰা কৰে।

সেয়েহে শনিবাৰৰ অপেক্ষা সিহঁতকেইটাৰ বাবে অধীৰ অপেক্ষা, আনন্দৰ হয়। দহোবন দলিয়াই থৈ হ’লেও প্ৰাত্যহিক জঞ্জালৰ পৰা আঁতৰি আজৰিপৰৰ দুঘন্টামান কটাবলৈ অগাপিচাকৈ সিহঁত আহি পায়। সিহঁত কেইটা আহে মানে চাৰে চাৰিটা পাঁচটা বাজেগৈ! যিখন দোকানৰ আগত আড্ডা থলী সেইখন দোকানৰ পৰা সিহঁতৰে মাজৰ ৰূপকে মাল খায়। তেনেদৰেই দোকানীজনৰ লগত ৰূপকৰ বহুদিনীয়া সম্পৰ্ক। সেই সুবাদতে লাহে লাহে ৰূপকৰ লগতে সিহঁতৰো বয়সত ডাঙৰ তথা সৰবৰহী দোকানীজনৰ লগত ককাই-ভাইৰ দৰে এজন হৈছেগৈ! আচলতে দোকানীজনো খাটি খোৱা সাধাৰণ মানুহ আৰু সিহঁতো খাটি খোৱা সাধাৰণ মানুহ। হয়তো সেয়েই নেকি ক’ৰবাত নহয় ক’ৰবাত সিহঁতৰ কথাবোৰ মিলি যায়। বস্তুৰ জোখ মাখ, বিক্ৰী আদিৰ ফাঁকতে সিহঁতৰ আড্ডাত চেগ পালেই দোকানীজনেও সহযোগ কৰে। এটা দিনহে আড্ডা বুলি বহেহি সিহঁতকেইটা। গতিকে দোকানীজনৰ আপত্তি কৰিবলৈও একো নাই। আনকি আজিকালি দোকানীজনে সিহঁত কেতিয়াবা নাহিলেহে বেয়া পায়। অলপমান দেৰী হ’লে তেওঁৰহে উচপিচখন লাগে। শনিবাৰৰ এইদিনটোত সিহঁতৰ সংগৰ বাবে বেঞ্চখন তেওঁ নিজেই আথেবেথে পাৰি থয়। নজনাকৈয়ে সিহঁতৰ কথাৰ মাজৰ পৰা ওফৰি অহা কিছুমান বাক্যই দোকানীকো চুই যায়। গ্ৰাহকৰ লগত কথাবতৰা চলি থাকিলেও কাণখন উনায় দোকানীয়ে সিহঁতৰ ৰগৰ আৰু আলোচনা বোৰলৈ মন দি থাকে।

ৰূপকৰ মাকে অলপদিনৰ পৰা খাব নোৱাৰা হৈছে বোলে। ডিঙিত হেনো কিবা লাগি ধৰা যেন লাগে। সেয়েহে পুতেকক কৈ আছে গুৱাহাটীলৈ এপাক আনিবলৈ। ভালকৈ এবাৰ ডাক্তৰক দেখুৱাবৰ মন মাকৰ। ৰূপকৰো মন আছে মাকক আনি দেখুৱাবলৈ। পা-পইচাৰ যোগাৰ যেনেতেনে হ’লেও সি কৰিব পাৰিব। প্ৰথমতে দেখুৱাবহে। ফিজটো ইমান বেছি হ’ব নালাগে। পিচে কিয় জানো ৰূপকে মাকক আনিবলৈ সাহস কৰা নাই। হঠাৎ ক’ৰবাত যদি কিবা এটা ওলায় যায়! ডাক্তৰে যদি দূৰাৰোগ্য বুলি এষাৰ গহীন কথা কৈ দিয়ে। তাতে ডিঙিৰ কথা, অলপ চিন্তনীয়ও। ৰূপকৰ মূৰ আচন্দ্ৰায় কৰি উঠে। লগৰকেইটাই ইফালে সিফালে চায়। কেঁহৰাজ বৰণ লোৱা মুখবোৰ লুকুৱাই ৰূপকক সাহস দিয়ে, ‘এহ্ আমিবোৰ আছোঁ নহয়।‘

গ্ৰাহকৰ লগত ব্যস্ত থাকিলেও দোকানীজনৰো কাণ চুই যায়। ৰূপকৰ কথাখিনিয়ে অকস্মাৎ দোকানীজনৰ বুকুখন চেবায়। তেওঁৰো একে চিন্তা,  একেটাই কথা। আজিকালি তেওঁৰো বুকুখন ধপধপায় থাকে। তেওঁ নিজেও ডাক্টৰৰ তালৈ যাবলৈ সাহস কৰা নাই,  ক’ৰবাত যদি কিবা ওলাই যায়!

সিহঁতৰ মাজৰে দীপ আকৌ আৰু ভয়াতুৰ। সি এনে পৰিস্হিতিত পৰা নাই যদিও এইবোৰ শুনিবলৈকে নহয়, ভাবিবলৈও তাৰ সাহ নাই। গলখেঁকাৰি মাৰি লগৰকেইটাক ধমকি দিয়ে, “হেৰ এদিন লগপালেই এই অপায় অথন্তৰৰ কথাবিলাক নুলিয়ালে নহয়নে তহঁতৰ?”

মুঠতে সিহঁতৰ মাজৰ সমস্যা, কথা,  ভাল লগা, বেয়ালগাবোৰো প্ৰায় একেই! ক’বলৈ গ’লে সামাজিক স্হিতিও একেই সিহঁতৰ। চাৰিটাৰ মাজত এটায়ো ডাঙৰ চাকৰি নকৰে। এটা চিকিউৰিটি গাৰ্ড, এটা শ্ব’পিংমলৰ চেলচমেন, এটাই মেজিক চলায় আৰু এটা কাৰ ৱাছ চেন্টাৰৰ হেল্পাৰ। পোৱা-নোপোৱাৰ হিচাব নিকাচবোৰ সাধাৰণতে সিহঁতে নকৰে। এটাৰ পেটত ভাত এটা লাগিলেও গম পায়  আটাইকেইটাই। বন্ধুত্বৰ এনাজৰীয়েই সিহঁতৰ এই চহৰত একমাত্র পৰম সাহ। দুটা নামনিৰ, দুটা উজনিৰ। হয়তো সাৰ্বজনীন অনুভৱ আৰু চিন্তাই ভাষা ঠাই আদিৰ ভিন্নতা নামানে। বন্ধুত্বত থাকে মাথোঁ মনৰ মিল। বন্ধুত্ব মানে সহায়ৰ হাত আৰু আতুৰ সময়ৰ মাতষাৰ।

আড্ডাৰ আনন্দ আৰু ওঁঠত বাগৰি যোৱা সুহুৰিত বুকুবোৰ সিহঁতৰ পাতল হয়।

অৱশ্যে কেতিয়াবা সিহঁতৰ মাজতো চিৰিয়াছ কথা ওলায়। সদায় আলোচনা হোৱাৰ দৰে শেহতীয়া চিনেমা আৰু গানৰ কথাবোৰ এৰি সিহঁতে সিহঁতৰ একঘেয়া কথাবোৰো পাতে। জমা পইচা সিহঁতৰ নাইয়েই! খাওঁতেই যায় আধা। এনেকৈ কিমানদিন চলিব এই মহানগৰীত। গাঁৱলৈ ঘূৰি যাবলৈও মহানগৰীৰ মায়াই এৰি নিদিয়ে। কি জানো অজান বান্ধোনত বান্ধ খালে সিহঁতে? সমস্যাৰ খতিয়ানেৰে জীৱন জীয়াবলৈ কিমান কষ্ট সিহঁতেহে জানে। সাধাৰণ ল’ৰাকেইটাৰ আচলতে বহুতো অভাৱ অনাটন আৰু দায়িত্ব।

কথোকথনবোৰ শুনি থাকে দোকানীজনেও। কোমল বয়সৰ ল’ৰাকেইটাৰ মুখকেইখন কেতিয়াবা গহীন হয়। সিহঁতৰ মূৰত সোমাই থাকে সিহঁতৰ অসন্তোষ, আলৈ আহুকালৰ নানা কথা। তাৰভিতৰত কোনোবা এটাৰ ওপৰত হেনো ওপৰৱালাৰ (সিহঁতে বছ বুলিও কয়) দপদপনি,  কোনোবাটোৰ টেঁটুত আকৌ লাগি থকা ধাৰ, নহ’লেবা কম ভাৰাৰ ঘৰ বিচাৰি হাবাথুৰি খোৱা আদি কথাবোৰেই প্ৰধান।  দোকানীজনৰো সমস্যাবোৰ যেন তাৰ মাজতে সোমাই থাকে। বৰ বিশেষ মন্তব্য তেওঁ নকৰে যদিও কিবা এক সমৰ্মিতাৰে সিহঁত জাকলৈ চাই নিজৰ কামত মূৰ মাৰে।

কেতিয়াবা আকৌ চাৰিওটা বৰ খুচ মেজাজত থাকে দেই! কোনোবা এটাই সুহুৰি মাৰে লাহেকৈ। কোনোবাটোৱে অশ্লীল এষাৰো কৈ দিয়ে। দোকানীজনৰো মনটো ৰঞ্জিত ৰঞ্জিত লাগে। চাধা অকণ অকণ মলি,  চিগাৰেট এটা জ্বলাই লৈ সিহঁতে কেতিয়াবা প্ৰিয়াংকা চোপ্ৰাৰ দেশী গাৰ্লৰ ভঙ্গীমা, ইমৰান হাছমীৰ গুপুত আকৰ্ষণৰ কথাও পাতে। অলপ হ’লেও পঢ়াশুনা আছে সিহঁতৰ। ভাগ্য ভাল হোৱা হ’লে, কিঞ্চিত সুবিধা পোৱা হ’লে সিহঁতো দ্বিতীয় শ্ৰেণীৰ নাগৰিকেই হ’ব পাৰিলেহেঁতেন। পিচে পোৱা নোপোৱাৰ কথাবোৰ ভাৱি ভাৱি সিহঁতে আজি কালি সময় নষ্ট নকৰে। এদিনৰ ভিতৰতে সিহঁতে সপ্তাহটোৰ বাবে এনাৰ্জী গোটাই লয়। জুবিনৰ গানৰ পৰা অফিচৰ বছৰ মিছেচৰ পৰকীয়া প্ৰেমলৈকে কথা ওলায়। তৰুণ গগৈ, সৰ্বাদাৰ কথাও পাতে। দেশৰ বাবেও চিন্তিত হয়।

সিহঁতৰ মাজত শিল্প সাহিত্যৰ কথাও ওলায়। শিল্প সাহিত্য, চিনেমা আদিৰ কথাত সাধাৰণতে বিপুলে আগভাগ লয়। বাকী কেইটাই শুনি যায়। তাৰমাজতে ৰাখালৰ টেমাটো হঠাৎ গৰম হৈ যায়,-

“চুপ বে, কিমান এইবোৰ বলকি থাক? তাতকৈ ছোৱালী চাওঁ ৰহ। আমি ছোৱালী চালেও ধৰা নপৰোঁ। আমাৰ দৰে গন্টিত নথকা সাধাৰণ চোলা কাপোৰ পিন্ধা ভোবোকাৰকেইটাই মহাৰাণীকেইজনীক চাব বুলি সিহঁতে নিজেও ভাবিব নোৱাৰে বুইছ। গতিকে নয়ন জুৰাই ছোৱালী চা। দামী পাৰফিউমৰ গোন্ধ ল। ব’ল বেঞ্চখন ফুটপাথৰ ওচৰলৈ লৈ যাওঁ।“

সেই দিনাও সিহঁতে ছোৱালী চালে। চকুৰ তৃপ্তিত মনৰ জুৰণিত কাৰো মুখত মাত নাই। নিজৰ নিজৰভাৱে বৰ চাহাবহঁতৰ জীয়েকবোৰক চাইছে। এটাই মাত দিলে, -“সেইজনী পেলেজা পিন্ধা জনী চাছোন।“

ৰাখলে ভেকাহি মাৰিলে,- “ধুৰ চাল্লা,  সেইটো প্লাজো’। তাকো নাজানে বেটাই! মহানগৰীৰ বাসিন্দা বুইছ,  মনত ৰাখিবি। অন্যত নহ’লেও গাঁৱত আমাৰ নাম আৰু দাম আছে। ইয়াৰ কথাবোৰ গাঁৱত ভালকৈ ক’ব পৰা হ’ব লাগিব।“

বিপুল অন্যমনস্ক হৈ আছে। চিগাৰেটৰ ধোঁৱাৰ কুণ্ডলীপাকত সি যেন সপোনহে ঘূৰাই পকাই আছে। মুখত স্মিত হাঁহি। আধুনিক নাৰীৰ সুধাৰ সুখসাগৰত ডুবি মৰিবৰ মন নাই তাৰ। সেইবোৰ সিহঁতৰ বাবে দূৰৰ পাহাৰ, মৰীচিকাৰ পিচল উজুটি। সেইখিনি খেয়াল আছে তাৰ।

বাকী তিনিটা জাঙুৰ খাই উঠিল,-“অই, অলপ পঢ়া-শুনাত ভাল বুলি, শিল্প-সংস্কৃতি বুজ যদিও তয়ো বে’ আমাৰ দৰেই। ছোৱালী চাবলৈ শিকাব লাগিব  নেকি মেমনীহঁত বৰ মানুহৰ ছোৱালী,  গাড়ীত যায়। আজি উবেৰ, অ’লা বন্ধ বুলিহে! সোনালী সুযোগ সদায় নাহে। বেছি ভকত নহ’বি বে।“

দোকানীজনে হাঁহি হাঁহি শুনি আছে।তেওঁৰ বিক্ৰীও ভাল আজি। ভাদ মাহ। কেজিয়ে কেজিয়ে বিক্ৰী হৈছে বুট-মগু। দোকানীয়েও উজান দিলে,-

 “চোৱা বিপুল। বয়স ফিৰি নাহে। মাছৰ উজানও সদায় নুঠে।“

বিপুলে শান্ত স্বৰত উত্তৰ দিয়ে, -“চাইছো। মানে সদায় আহিলে চাওঁ মই ছোৱালীজনীক। পাছে তাই বৰ মানুহৰ জীয়েক নহয়। তাই পাৰফিউম নলয়, তাইৰ ঘামে গোন্ধোৱা দেহ। যেন তেল পৰি পিছলা, ৰ’দত জিলিকা তাই গ্ৰীষ্মৰ ভেনাছ।“

আটাইকেইটা উফৰি পৰিল,- “ৱাও ভেনাছ? অ’ ভিকহু, কোন ভেনাছে তোক তাইৰ সোনালী চুলি লিৰিকি বিদাৰিবলৈ দিব হাঁ? অকমান নিজৰ লেভেলত থাকিবি।“

বিপুলে লাহেকৈ ক’লে,- “লেভেলতে আছো। লেবেল দেখুৱাই চগা একোটা হৈ তহঁতৰ দৰে সুন্দৰীহঁতৰ গাৰ ভেনামাখি হ’ব খোজা নাই। মোৰ ভেনাছ সৌজনী চা।“ বেপেৰুৱা হাঁহি এটাৰে সি ফাষ্টফুডৰ গাড়ীখনলৈ দেখুৱাই দিলে।

গাড়ীখনত ভেজা দি, কমদামী চুৰ্ণিখন কঁকা‌লত মেৰিয়াই শ্ৰমেদহা ছোৱালীজনীয়ে লুচি বেলিছে। এহাতেৰে মাংসৰ জোলখন লৰাইছে। পাহিসেৰেয়া আঙুলি এটাৰে হেতাৰ পৰা মাংসৰ জোল অকণ আনি নিমখ হৈছে নে নাই চেলেকি চাইছে।

দোকানীকে ধৰি বাকী তিনিটা থৰ লাগিল।

“ইয়াহু!” বুলি চিঞৰি দিলে ৰাখালে, “চাল্লা চুপা ৰস্তম বে…।“

“ই দেখিছোঁ বেটা তলে পুতল …!ৱাৰে ৱাহ গ্ৰীষ্মৰ ভেনাছ। ই বেটা সাহিত্যিক হ’ব লাগিছিল….।“

এজাক উচ্চল হাঁহিত ফুটপাথটো মুখৰ হৈছে। তৰা লাইট এটা দুটা জ্বলি উঠিছে। সন্ধিয়াৰ মায়াচাকিটো হৈ জোনটোৱে কোমল পোহৰ ছটিয়াই দিছে। ফুটপাথৰ দাঁতিত থকা ফাষ্টফুডৰ ঠেলাগাড়ীখনত ভেজা দি বিপুলৰ ভেনাছে চুলিখিনি সামৰি ওখকৈ খোপা এটা বান্ধিছে। কেৰাহীত নতুনকৈ তেল ঢালিছে। সন্ধিয়াৰ গ্ৰাহকৰ ফৰমাইছ বুটৰ ঘুঘনিৰ স’তে আলুৰ পৰঠা।

গৰমে দহা দেহাটো তাইৰ তিলমান শাঁত পৰিছে সন্ধিয়াৰ জুৰমলয়াত। তাইৰ স্বস্তিৰ ভাৱখিনিয়ে বিপুলৰ অভ্যন্তৰলৈও বোকাচাকৈ লৈ আনিছে যেন অদেখা পৰশৰ মখমলীয়া কোমলতা।

আপোনমতে সুহুৰিয়াই উঠে বিপুলে, – “তুমি চুলে যে বসন্ত….! “

০০০০০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments