তুমি থকা চহৰত- ২(-লিখন নীল কোঁৱৰ)

………………….
(কবি পল্লৱ প্ৰাণৰ ”তুমি থকা চহৰত” পঢ়ি– কবিলৈ ক্ষমা প্ৰাৰ্থনাৰে)
(১)
কোনাদিন তুমি থকা চহৰত বাট বুলিব নোৱাৰিম
ল’ব নোৱাৰিম কুশল-বাৰ্তা তোমাৰ চহৰৰ
চিনাকি-অচিনাকি জনৰ..
সপোনত…
দেখিম ভালপোৱাৰ কৃষ্ণচূ্ড়া ফুলা তুমি থকা চহৰত
শুনিম অলি-গলিত সুহুৰিয়াই ফুৰা চহৰীয়া বতাহৰ গান
কবি পল্লৱ প্ৰাণৰ দৰে বাছষ্টেণ্ডৰ চুকৰ দোকানীজনৰ পৰা
কিনি খাব নেপাম এখন তিনি্টকীয়া তামোল…

(২)
তুমিও মাতিব নোৱাৰিবা মোক- আহক আমাৰ চহৰলে
বহক মোৰ সেউজীয়া হিয়াৰ চোফাত-
তোমাৰ আটোল তোল চেনেহ মিহলাই যাচিব নোৱাৰিবা
একাপ গৰম চাহ
আধাঘণ্টীয়া অথবা এঘণ্টীয়া সাক্ষাতৰ অন্তত
যেতিয়া মই বিদায় মাগিম তুমি থকা চহৰৰ পৰা
ক’ব নোৱাৰিবা- আকৌ আহিব দেই….
(৩)
দুৱাৰ চেপৰ তোমাৰ সোণালী শৈশৱ
পঢ়া টেবুলত বিদ্যাপাতৰ সেউজীয়া কৈশোৰ
আৰু খিৰিকী কাষৰ জোনাকী যৌৱন
অনুভৱ কৰিম কবি পল্লৱ প্ৰাণৰ সাৰ্বজনীন হৃদয়ানুভূতিৰে..
মাতাল হৈ যাম মই
সঁচাই মাতাল হৈ যাম-
তুমি থকা মংগলময় চহৰখনত পদাৰ্পণ কৰিব নোৱাৰাৰ দুখত…
(৪)
অথচ-তুমি থকা চহৰখনক ভালপাম মই
ভালপাম তোমাৰ চহৰখনৰ এটি এটি ধূলি
গছ-লতা-পাত-ফুল,
অফিছ-বজাৰ, ৰিক্সা- ঠেলা,
অনাই বনাই ফুৰা অঘৰী কুকুৰ,
আৰু চিনাকি-অচিনাকি নৰ-নাৰী..
কিন্তু দুঃখিত এক অব্যক্ত কাৰণত-
কোনোদিন তুমি থকা চহৰত বাট বুলিব নোৱাৰিম:

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments