“তুমি দুচকুতে কাজল ল’লে..” (দিগন্ত কুমাৰ ভট্টাচাৰ্য)

(আৰে…তইহে নেকি? ছৰি, ভুল হৈ গ’ল। হ’ল বুলি আৰু ৰূপটো ইমানো চেঞ্জ কৰি পেলাব লাগে নে? চিনিয়েই নাপালোঁ নহয় তোক’।)

‎অ’ফিচৰ পৰা ওলাই চাৰিআলিৰ ছিগনেলটো পাইছোঁ মাত্ৰ, দেখিলোঁ ছোৱালী এজনীয়ে হাত জোকাৰি মোৰ গাড়ীখন ৰখাবলৈ চেষ্টা কৰিছে,  মানে ইংগিত দিছে। বোধ কৰো ‘লিফ্ট’ লাগে। মই গাড়ীৰ গতি অলপ লেহেমীয়া কৰিলোঁ। ছোৱালীজনী দেখাত বেয়া নহয় যেন অনুভৱ হ’ল। ছোৱালীজনীক চিনাকী চিনাকী যেনো লাগিল। ক’ৰবাত আগতে যেন দেখিছোঁ!

‘অকলশৰীয়া ছোৱালীক লিফ্ট নিদিবা দেই। মিঠা মিঠা কথাৰে ভুলাই আজিকালি ডকাইতি কৰিবলৈ দলবোৰে ধুনীয়া ছোৱালী ব্যৱহাৰ কৰে,  তাতে তুমি যিহে বেলবুং…’। শ্ৰীমতীয়ে প্ৰায়ে কোৱা কথাষাৰ মনলৈ আহিল। যদি এইজনীক লিফ্ট দিওঁ আৰু কিবা এটা অঘটন ঘটিবলৈ পায়!— শ্ৰীমতীয়ে ক’বলগীয়া কথাষাৰ মনতে ভাবিলোঁ—ছোৱালী দেখিলেই পাগল হৈ যোৱাতো, এতিয়া পাইছা নহয় মজা!

সৌভাগ্যৱশত: একো নঘটিলেও, ‘সিদিনা কোন ছোৱালীক গাড়ীত বহুৱাই নিছিলা, বৰুৱানীয়ে দেখিছে নহয়’, ‘হুহ, ছোৱালী দেখিলেই ৰ’বই নোৱাৰে, উপযাচি লিফ্ট দিয়ে। ক’ৰ ছোৱালী আছিল? কি নাম? কি কৰে? কোৱা..কোৱা..কোৱা…’।’ বুলি হিন্দী ছিৰিয়েলবোৰত দেখুওৱাৰ দৰে মূৰটো পাঁচবাৰমান ঘূৰাই শ্ৰীমতীয়ে কোৱা কথাখিনি ‘ইকো’ হৈ মোৰ দুকাণত বাজি উঠিল।
ধুৰ…কাম নাই আৰু মোৰ! নলগা জেঙত লাগি মৰোনো কিয়! মই গাড়ীখন নৰখালো। মিৰৰত দেখিলো ছোৱালীজনীয়ে ভৰি এখন ওপৰলৈ উঠাই মাটিতে জোৰেৰে মাৰি খঙ প্ৰকাশ কৰিছে যেন সেইখিনি মাটি নহয় মোৰ দুগালহে।

ঘৰ আহি পাই দেখোঁ দুৱাৰত তলা। আমাৰ দুবছৰীয়া সন্তানটিক এই সময়ত কাম কৰা ছোৱালীজনীয়ে অলপ ফুৰাবলৈ লৈ যায়। পিছে শ্ৰীমতীবা ক’লৈ গ’ল! ফোন এটা কৰোঁ বুলি ম’বাইলটো উলিয়াওতে দেখিলোঁ শ্ৰীমতীৰ মিছ কল- ওঠৰটা। সৰ্বনাশ! লগে লগে ফোন লগালোঁ। বাৰে বাৰে কাটি দিয়ে শ্ৰীমতীয়ে— এবাৰো সঁহাৰি নিদিলে। সম্ভৱতঃ ওচৰতে আছে বা ছিৰিৰে ওপৰলৈ উঠি আছে, গতিকে ৰিচিভ নকৰি পতি দেৱতাৰ ত্ৰিশ পইচা বচাইছে। তিৰোতাসকলে যে পইছাৰ হিচাপ ক’ত কেনেকৈ কৰি থাকে একেবাৰে বুজি নাপাওঁ।

মই ফ্ৰেচ হৈ চাহ একাপ খালোঁ। কিছুসময় পিছত কলিং বেলটো বাজি উঠিল। কি-হোলটোৰে চাই দেখিলোঁ ছোৱালী এজনী। হাৰে! এইজনী দেখোন সেইজনীয়েই, অলপ দেৰি আগেয়ে ‘লিফ্ট’  বিচৰাজনী! কেনেকৈ মোৰ পিছ লৈ ঘৰলৈকে আহি পালে! মোৰ অলপ টেনচন হ’ল। মই দুৱাৰ খুলি দিয়া নাই। কলিং বেলটো আকৌ দুবাৰমান বাজিল। এইবাৰ মোৰ ম’বাইলত ৰিং হোৱাৰ শব্দ শুনা পালোঁ। দেখিলোঁ শ্ৰীমতীৰ ফোন।
‘বুৰ্বকৰ দৰে মাজে মাজে কিয় কি-হোলটোৰে চাই আছা, দেখিছোঁ নহয়। দুৱাৰ নুখুলা কিয়? কিহৰ ধেমালি…’
মই একে জাপে খুলিলোঁ দুৱাৰখন। সন্মুখত এক নতুন ৰূপত মোৰ শ্ৰীমতী! দীঘল কেঁকোৰা চুলি চুটি আৰু চিধালৈ ৰূপান্তৰ হৈছে। মুখখনো উজলি উঠিছে। মোৰ কান্ধৰ পৰা ছয় ইঞ্চিমান তলত থকা শ্ৰীমতী চেণ্ডেলৰ দৰে ওখ কিবা এযোৰৰ সহযোগত মোৰ নাকলৈ উঠি আহিছে। বাপ্‌ৰে.. কি পৰিৱৰ্তন!

আৰে কচম চে,  তোমাক একেবাৰে চিনি পোৱা নাছিলোঁ মই…’।
পুৱাই কোৱা নাছিলোঁ জানো, আজি পাৰ্লাৰলৈ যাম, শ্বপিং কৰিম আৰু আহোতে তোমাৰ লগত আহিম। শ্ৰীমতীয়ে পুৱা কোৱা কথাখিনি এতিয়াহে মনত পৰিল। কথাৰ বিস্ফোৰণৰ মুখামুখি হ’বলৈ মই সাজু হ’লোঁ। কিন্তু ভাগ্য ভাল,  সেই সময়তে কণমানিটোক লৈ কাম কৰা ছোৱালীজনী আহি পালে। সি টোপনি গৈছে। তাইৰ আগত মোক ডাঙৰকৈ কথা শুনাই মোৰ ইজ্জতটো কেতিয়াও কম হ’বলৈ নিদিয়ে শ্ৰীমতীয়ে,  সেইটো তেওঁৰ বৰ ভাল অভ্যাস।

শ্ৰীমতীয়ে হাত-মুখ ধুই গোসাঁইৰ আগত সন্ধিয়াৰ চাকি গচি দিবলৈ গ’ল। পুৱা অফিচতে এজনে কৌতুক এটা কৈছিল। মনত পৰি মোৰ হাঁহি উঠিল।
‘হেৰা,  এটা আল্টিমেট কৌতুক। শুনিবা? এজনী আদবয়সীয়া তিৰোতাৰ এবাৰ হাৰ্ট এটেক হ’ল। যোৱা-থোৱা অৱস্থা। হাস্পতাললৈ লৈ যোৱা হ’ল। ৰাতি যমৰাজ আহিল। আহিয়েই তিৰোতাজনীক ক’লে—‘’ছেহ, কিবা ভুল হৈছিল আমাৰ। তোৰ আয়ুস এতিয়াও চল্লিশ বছৰৰ বাকী আছে। ছ’ৰি। কাইলৈ সকলো বেমাৰ ঠিক হৈ যাব। তই নিশ্চিন্ত থাক। চল্লিশ বছৰৰ পিছত আহিম দেই নিবলৈ। টিল দেন এনজয়!’ তিৰোতাজনী লগে লগে আৰোগ্য হ’ল। আনন্দতে দুপাক ‘’শীলা কি জৱানী’ বুলি গাইও নাচিলে। ভাবিলে, ইমান বছৰ আছে জীয়াই থাকিবলৈ, প্ৰথমতে নিজৰ ৰূপটোকে অলপ সলনি কৰা যাওক। হাস্পতালৰ পৰা ওলায়েই বিউটি পাৰ্লাৰত সোমাল। চুলি ষ্ট্ৰেইটেনি, ফেচিয়েল,  পেডিকিউৰ,  মেনিকিউৰ আদি সকলো এপ্লাই কৰিলে। পাৰ্লাৰৰ পৰা নাচি-বাগি ওলাওতেই ট্ৰাক এখনে খুন্দিয়ালে। লগে লগে মৃত্যু হ’ল তিৰোতাজনীৰ। ওপৰ পায়েই যমৰাজক চিঞৰিলে – চিটিং..চিটিং..আৰু চল্লিশ বছৰ জীয়াই থাকিম বুলি মিছা কৈছিলি তই?  মিছলীয়া অধম ক’ৰবাৰ। যমৰাজে তিৰোতাজনীৰ ভৰিৰপৰা মূৰলৈ ভালকৈ চাই ক’লে—’আৰে…তইহে নেকি? ছৰি, ভুল হৈ গ’ল। হ’ল বুলি আৰু ৰূপটো ইমানো চেঞ্জ কৰি পেলাব লাগে নে? চিনিয়েই নাপালোঁ নহয় তোক’।
কৌতুকটো কৈ মই আকৌ এবাৰ হাঁহিলো। শ্ৰীমতীয়ে মুখখন বেঁকা কৰিলে। বুজি পাই খং কৰিলে নে একো নুবুজি মুখখন বেঁকা কৰিলে – মই হ’লে বুজি নাপালোঁ।
এনেতে কণমানিটোৱে সাৰ পালে। টোপনিৰ পৰা উঠি মাকক নেদেখিলে সি কন্দা-কটা লগায়। শ্ৰীমতীয়ে দৌৰি গ’ল তাৰ ওচৰলৈ। তাক কোলাত ল’লে। সি কান্দিবলৈ ধৰিলে। শ্ৰীমতীয়ে চুমা খাই মৰমতে কিবাকিবি ক’লে। কিন্তু তাৰ কান্দোন কমাৰ একো চিন নাই। মই ওচৰলৈ গৈ হাত দুখন মেলি দিলোঁ। সি জাপ মাৰি মোৰ ওচৰলৈ আহিল। কান্দোন বন্ধ হ’ল তাৰ।
‘ভোকতে কান্দিছে চাগে…’ – শ্ৰীমতীৰ কথা শুনি মোৰ আকৌ এবাৰ কৌতুকটোলৈ মনত পৰি গ’ল। এইবাৰ মই হাঁহিলো খুব জোৰেৰে!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments