তুমি ধুনীয়া গাভৰুৰ ফটো লোৱা -মনোজ কুমাৰ ডেকা

তীক্ষ্ণধী গল্পকাৰ, জেষ্ঠ সাংবাদিক মনোজ’দাই (মনোজ কুমাৰ গোস্বামী) তেখেতৰ সন্তানৰ জন্মদিনৰ আয়োজন কৰিছিল৷ বিভিন্নজন গৈছে৷ খাইছে৷ হাঁহিছে৷ কথা পাতিছে৷ খবৰ লৈছে৷ বিদায় লৈছে৷ হঠাৎ মনোজ’দাই মোক কলে, সৌ মানুহজন যে দেখিছ – কেইখনমান ফটো তুলি থ৷ পিছত কামত আহিব৷ …

মই উভতি চালো, ৰঙচুৱা ধৰণৰ ফ্ৰেমত দুখন পাৱাৰফুল গ্লাছ৷ সেই গ্লাছৰ তলত দুটি বুদ্ধিদীপ্ত চকু৷ ক্ষীণকাই শৰীৰ৷ সাধাৰণ পোছাক৷ চিগাৰেট খাইছে একোনত বহি, দুহাতেৰে ঢাকি৷ কেওফালে সকলো ব্যস্ত৷ কোনেও বিশেষভাবে লক্ষ্য কৰা নাই মানুহজনক৷ সাধাৰণ মানুহ!
হঠাৎ মোলৈ সেই সুবৰ্ণ সুযোগ আহিছিল৷ মোৰ বাবে সেয়া আছিল জীৱনৰ অতি সোণালী অধ্যায়ৰ দুটি পৃষ্ঠাত দুশাৰী লিখাৰ বাবে সমল গটোৱাৰ সুযোগ৷ যি আনে খুব কমেই পাইছে৷ মানোজ’দাই মানুহজনৰ নামটো মোক কৈছিল৷ তেখেতৰ নাম অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত অতি সভ্ৰমেৰে লোৱা হয়৷
নাম তেওঁৰ সৌৰভ কুমাৰ চলিহা৷ ওৰফে, সুৰেন মেধি৷ অসমীয়া আধুনিক গল্প সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ খনিকৰ৷
মই তেখেতৰ ফটো লবলৈ চেষ্টা কৰিলোঁ৷ কিন্তুু এই বিষয়ত অতি স্পৰ্শকাতৰ লেখক গৰাকীয়ে মোক মুঠেই সুবিধা নিদিলে৷ তেখেতে এটুকুৰা সুবিধাজনক ঠাইত বহি ঘূৰি দিলে৷ মোৰ মুখ আৰু তেখেতৰ মুখৰ মাজত তেখেতৰ পিঠিখন থিয় হৈ থাকিল৷ মই নোৱাৰিলোঁ সিদিনা৷
কিন্তু তাৰ পিছত কিয় জানো, মোৰ জেদ বাঢ়িছিল৷ মই তেখেতৰ জ্ঞানৰ পৃথিৱীৰ পৰিধি নজনা নুশুনাকৈ তেখেতৰ স্বনিৰ্বাসনৰ প্ৰতিজ্ঞা ভাঙিবলৈ চেষ্টা আৰম্ভ কৰিলোঁ৷ বহুতৰ বাবে হাস্যকৰ৷ তেখেতৰ বাবে অসহনীয়৷ মই বাবে সফলতা; তেখেতৰ এখন ফটো তোলাতো৷ কাৰণ মই এগৰাকী ফটো সাংবাদিক৷ নিষিদ্ধ বা নিষিদ্ধ অঞ্চল উন্মোচন মই কৰিব লাগে৷ মই তেনে কৰিব বিচাৰোঁ৷ কৰি ভাল পাওঁ৷ মই যেন প্ৰতিজ্ঞা কৰিছিলোঁ, অসমীয়া সাহিত্যৰ এইজনা কাণ্ডাৰীৰ একাধিক মুহূৰ্ত মই ধৰি থম হেজাৰজনৰ বাবে৷
তেতিয়াৰ পৰা মই সৌৰভ কুমাৰ চলিহাৰ পিছত লাগি গলোঁ৷ এজনে নিদিয়ে৷ আনজনক লাগে৷ মনত অযুত শ্ৰদ্ধা লৈ বিজ্ঞ লেখকজনক খুব দিগদাৰ দিয়া অসমৰ একমাত্ৰ ফটো সাংবাদিক গৰাকী আছিলো মই৷
কেতিয়াবা দিছ্পুৰ লাস্ত গেটৰ পৰা চুপাৰ মাৰ্কেটৰ ফালে বাইক ঘুৰাও, দেখো বছৰ পিছৰ ছিটত সৌৱা সৌৰভ চলিহা৷ বাইক ঘুৰাও, বাছৰ পিচে পিচে দৌৰ দিওঁ৷ বাছ ৰলেই ৰওঁ৷ চাওঁ৷ নামিছে নেকি৷ নমা নেদেখিলে আকৌ পিছ লওঁ৷ দূৰৈৰ পৰা লক্ষ্য কৰোঁ৷ ট্ৰাকৰ পিছত জোপ লওঁ৷ ফটো তোলো৷ কেতিয়াবা দেখো তেখেতে পানবজাৰৰ ‘শ্বেইখ ব্ৰাদাৰ্শ’ৰ সন্মুখত কমলা কিনিছে…মই গৈ প্ৰাগ কেণ্টিনেণ্টেল হোটেলৰ টপ ফ্ল’ৰ পাওঁ৷ তাৰপৰা ফটো লওঁ৷ ডাঠ কফি ৰঙৰ কোট, ৰঙচুৱা হাইনেক ওলাই থাকে৷ মোৰ কেমেৰাত ৰৈ যায় স্থিৰ আলোকচিত্ৰ হৈ৷
দিন আগবাঢ়ে৷ মই আগবাঢ়ো তেওঁক বিচাৰি৷ মেলে মিটিঙে চাওঁ৷ কিজানি পাওঁ৷
……এদিন হীৰুদাই মাতিলে৷ ক,লে আহিবা৷ ফটো লব লাগে৷ কপৌ ফুলৰ৷ যাওঁ৷
…ফটো ললোঁ৷ চাহ দিলে৷ খালোঁ৷ উভতিব ওলালোঁ৷ হিৰুদাই কলে, ময়ো যাওঁ৷
“কলৈ যায়? “
“মেঘদূত ভৱন৷ “
“ব’লক৷ মোৰ লগতেই যাব পাৰিব৷ “
…হিৰুদা ওলাল৷ বহিল মোৰ স্কুটাৰত৷ স্কুটাৰ আগবাঢ়িল যান-যঁট ফালি৷
শিলপুখুৰী পোৱাৰ সময়ত হিৰুদাই তেখেতৰ স্বাভাৱিক তীক্ষ্ণতাৰে কলে, “মই স্কুটাৰত উঠি ভাল পাওঁ৷ “
“কিয় হিৰুদা? “
“এহ, বাওঁহাত-সোঁহাতৰ সকলোকে মাতি যাব পাৰো৷ “
…কি কম কওক! মোৰ কবলৈ কিবা থাকেনে ! অবাক হৈ শুনি যাওঁ৷ ভগৱানক ধন্যবাদ দিওঁ৷ মোক ইমান সুন্দৰ সময়কণ দিয়া বাবে৷
…ভাবি ভাবি আগবাঢ়ো৷ কছাৰী পাইছোঁহে! ! চি জে এম কোৰ্ট’ৰ সন্মুখত হিৰুদাই উচ্ পিচ্ লগাই দিলে৷ ৰাখিব নেপাওঁতে হিৰুদাই প্ৰায় জঁপিয়াই নামি গ’ল৷ বোলো হ’ল কি!!!
ঘূৰি চাই মোৰ অৱস্থা নোহোৱা হল৷ হে হৰি! কৰোঁ কি৷ স্কুটাৰো এৰিব নোৱাৰো৷ ষ্টেণ্ড কৰিবলৈ স্কুটাৰৰ ভৰি মই উত্তেজনাত বিচাৰি পোৱা নাই৷ ইফালে কথা পাতিছে পদপথত অসমীয়া সাহিত্যৰ দুগৰাকী মহান কাণ্ডাৰীয়ে৷ শুকাই কিছমিছ হোৱা মিঠা আঙুৰ দুটি৷ ক্ষীণমীন দুয়ো৷ হেজাৰজনে নিচিনাকৈ মনত সাঁচি লালন-পালন কৰা আত্মা দুটিযে কথা পাতিছে৷ হিৰুদাৰ হাতত দুখিলা কাগজ৷ সৌৰভ চলিহাৰ হাতত এটি প্লাষ্টিকৰ মোনা৷ হালধীয়া, নীলা, ৰঙা নীলা আঁচ টনা৷ আগেয়ে তেনে মোনাত জনতা চাবোন আহিছিল গেলামালৰ দোকানলৈ৷ তেনে মোনাখন৷
মই কেনেবাকৈ স্কুটাৰ থলোঁ৷ বেগৰ চেইণ্ বিচাৰি নাপাওঁ৷ কেনেবাকৈ খুলি কেমেৰা উলিয়াই দৌৰ দিওঁ মানে দুয়ো শেষ কৰিলে৷ …কথা শেষ৷
হিৰুদা মোৰ ওচৰলৈ উভতিল৷ মই বোলো, “দাদা, আৰু অলপ সময় কথা পাতিলে মই ভাল ফটো এখন পালোঁহেঁতেন৷ “
“ও, তুমি ফটো লোবা নেকি! “
“লম৷ “
এইবাৰ হিৰুদাই ঘূৰি চিঞৰিলে, “হেৰি, হেৰি…অলপ ৰ’ব৷ ফটো লব৷“ এনেয়ে নাচনী, তাতে পুতেকৰ বিয়া৷ ফটো বুলিলে যিয়ে সাত জাঁপ মাৰে, তেওঁক চিঞৰি কৈছে- হেৰি ৰব৷ ফটো উঠাব! …যিগৰাকী ব্যক্তিয়ে আজিলৈ ৰাজহুৱা মঞ্চত নিজৰ পৰিচয় নিদিলে, বঁটা নিজে গ্ৰহণ নকৰি নিজক সামৰি থলে তেওঁৰ ফটো…!
এইবাৰ মই দৌৰি গৈ এখন ক্লিক কৰিলোঁ৷ দুখন ক্লিক কৰাৰ সময়ত নিজৰ নিজস্বতা, স্বকীয়তা কেতিয়াও কোনোকালে বিসৰ্জন দিব ৰাজী নোহোৱা ঋষিয়ে হাত দাঙি মুখ ঢাকি ধৰিলে৷ ৰৈ গ’ল তেওঁ তেনেকৈ৷ এখন স্থিৰ চিত্ৰ হৈ, মোৰ কেমেৰাত৷ মই তেনেকৈ হাত দাঙি বাধা দিয়াত অকণ বিব্ৰত হলো৷ অসহজ হলোঁ৷ তেখেতে মোক ইংগিতেৰে মাতিলে৷ ওচৰলৈ৷ এইবাৰ মোৰ ভয় লাগিল৷ মই বুজিছিলো, মই কাৰোবাৰ ইচ্ছাক অসন্মান কৰিছো৷ ভাবিলো, মনোজ…আজি তোমাৰ শেষ বাপু!
…মই নিজকে বচাবলৈ একপ্ৰকাৰৰ বৃথা চেষ্টা কৰিলোঁ৷ মোৰ কথা আছিল প্ৰায় অসংলগ্ন৷ …হে হে…মই মানে হীৰুদালৈ ওচৰলৈ গৈছিলোঁ৷ হীৰুদালৈ ওচৰলৈ…মানে মানে ফটো লৈ আহিলো…কপৌ ফুলৰ ফটো ছাৰ৷ …আহি আপোনাক দেখি ফটো এখন ললো৷ ..মানে…
ক্ষীণকাই তীক্ষ্ণধীয়ে মোলৈ অকণ চাই ৰ’ল৷ মোক ভিতৰলৈ চাইছে৷ মই মোক লুকুৱাব পৰা নাই৷ তেওঁ যেন ৰং চাইছে …৷ হীৰুদালৈ এবাৰ চাই দেখোঁ, হিৰুদাই যেন একোৱেই দেখা নাই…তেনেকৈ থিয় হৈ আছে৷ ভগাবান! কেনেকুৱা মানুহ ভাই …
“ কি নাম তোমাৰ? “ এক প্ৰাচীন গোন্ধ থকা গভীৰ মাত আহি মোৰ কাণত পৰিল৷ সুধিছে মোক৷ সৌৰভ চলিহাই৷ …
“মনোজ কুমাৰ ডেকা৷ “
“মনোজ, তুমি কপৌ ফুলৰ ফটো লোৱা৷ ধুনীয়া গাভৰুৰ ফটো লোৱা৷ আমাৰ ফটো ন’লবা৷ ন’লবা …৷ আমি দেখিবলৈ আপচু৷ “ …কৈ আঁতৰি গ’ল৷ মই স্থৱিৰ হৈ ৰলো হেজাৰজনৰ মাজত৷ হেজাৰ জনৰ মাজত মলিয়ন প্ৰায় চামৰাৰ চেণ্ডেল এযোৰ পিন্ধা, এযোৰ মোজাৰে ভৰি ধাকি মানুহজন হেৰাই গল৷ খন্তেকতে৷ সাধাৰণ হৈ সাধাৰণৰ মাজত থকা অসাধাৰণ ৰূপ মই দেখিলো৷
উভতি আহি অফিচত জনালোঁ৷ সমালোচক, লেখক দিগন্ত ওজাই গোটেই ঘটনাটো কলে মানোজদাক৷ মনোজদাই কলে, লিখিব দে৷
লিখিলোঁ৷ ওলাল৷ পেজ ওৱান৷ “পদপথত কবি, গল্পকাৰ সাংবাদিকৰ সংঘাত“
পিছদিনা পুৱা দিগন্ত ওজাই ফোন কৰি চলিহা ছাৰ’ক জনালে -“ছাৰ, মনোজে আপোনাৰ বিষয়ে লিখিছে৷“
“তাক ফটো তুলিব মানা কৰিলোঁ, লিখিয়েই থলে! “…খেৰেক৷ সিটো মূৰৰ পৰা ফোন থোৱা শব্দ ইটো মুৰলৈ চিটিকি আহিল৷
ই মোৰ জীৱনক সমৃদ্ধ কৰা এটি পৃষ্ঠা আপোনালোকৰ সন্মুখত৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments