তুমি, মই আৰু আমি (শাংকব চাংমাই)

এনেকৈয়ে এদিন শেষ হ’ল শৈশৱৰ গান ৷ নিশাচৰ পখীৰ দৰে অনিদ্ৰাত ভুগিব ধৰিলে মোৰ ইন্দ্ৰিয়বোৰ ৷ সূত্ৰ বিচাৰি জীৱনৰ, হাতে মোৰ আঁজুৰি আনিলে অচিনাকি ঠাইৰ মাটিৰ গোন্ধ ৷ ঘ্ৰাণত বিয়পিব ধৰিলে পাপৰ বতাহ ৷ পূজা কৰিছিলোঁ যাক সন্দেহৰ ঊৰ্দ্ধত ৰাখি, এতিয়া সিয়েই মোৰ বাবে হৈ পৰিল শিলৰ টুকুৰা ৷ নিষ্কলুষতাৰ বাগিচা মহতিয়াই ধুমুহাই সিঁচি দিলে তাত হতাশাৰ শইচ ৷ আছিল ধমনীত যি সৰল মনৰ তেজৰ বোৱতী সোঁত, পৌৰুষৰ অভিমানে তাত সৃষ্টি কৰিলে আভিজাত্যৰ সৰু সৰুদ্বীপ ৷ হেৰাই গ’ল সাধুকথাৰ কুঁকি, নিচুকনি গীতৰ কলি ৷ চিঞৰি চিঞৰি মোক জগতে ক’লে- তুমি ডাঙৰ হ’লা, তুমি মানুহ হ’লা ৷

মানুহ হোৱাৰ দামকিমান ? নিজকে নিজে সুধি নাপালোঁ সমিধান ৷ কাইঁটীয়া বাটেৰে খোজ দি দিবিৰিঙিল তেজ, চকুৰে নিগৰিল অজস্ৰ চকুলো ৷ পাহৰিব নোৱাৰিলোঁ শৈশৱৰ শাওণ-বহাগ ৷

এদিন তুমি আহিলা
হাতখন আগুৱাই দিলা
আৰু মিচিকিয়াই ক’লা- ভয় নকৰিবা, আছোঁ মই তোমাৰ সতে ৷ তোমাৰ প্ৰতিটো খোজতেপাবা মোৰ নেদেখা মৰমৰ উম ৷ দুয়ো মিলি বিচাৰি আনিম তোমাৰ হেৰুৱা মনৰ সুবাস ৷ ফুলেৰে কৰিম জাতিস্কাৰ তোমাৰ বাগিচাৰ প্ৰতিটো চুক ৷

এনেকৈয়ে এদিন আৰম্ভ হ’ল জীৱনৰ গান … ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments