“তুমি মই এদিন জানা ঘৰ সাজিমেই…”(দিগন্ত কুমাৰ ভট্টাচাৰ্য)

(‘আজিহে প্ৰথমবাৰৰ বাবে পুণেৰ ৰাষ্টাত ঘূৰি ভাল লাগিছে। ইমান ফ্ৰেছ ফ্ৰেছ লাগি আছে গা-মন! আৰু গেটত থকা ছিকিউৰিটি গাৰ্ডকেইজনে গাড়ীত গ’লে চালাম মাৰে, জানা। দৌৰা-দৌৰিকৈ গে’টো খুলি দিয়ে। আমি স্কুটাৰত গ’লেহে গে’ট খুলিবলৈ চিঞৰি থাকিব লাগে।’)

‘আমাৰ লগৰ ৰুমাহঁতৰ নতুন ঘৰটোৰ গৃহ প্ৰৱেশৰ ফটোবোৰ চোৱাচোন, ই-মেইল কৰি পঠাইছে। ইমান ধুনীয়া ন’ তাই পিন্ধা কাপোৰযোৰ?’
অফিচৰ পৰা আহি ঘৰত সোমোৱাৰ লগে লগে শ্ৰীমতীৰ কথাষাৰ শুনি ক্ষন্তেক চিন্তা কৰিলো—‘তেওঁৰ মনটো কাপোৰযোৰ নে নতুন ঘৰটোৰ আগে-পিছে, সোঁৱে-বাঁৱে ঘূৰিবলৈ আৰম্ভ কৰিছে।’ শ্ৰীমতীয়ে সাধাৰণতে কিবা এটা বস্তু লাগে লাগে বুলি কেতিয়াও চিঞৰ-বাখৰ কৰি নাথাকে, সেইটো তেওঁৰ বৰ ভাল স্বভাৱ। মাজে মাজে মাত্ৰ দুই-এশাৰী বাক্যবাণেৰে বুজাবলৈ চেষ্টা কৰে, তেওঁক কি লাগে বা তেওঁ কি বিচাৰে। কেতিয়াবা ভাবো মই একো নুবুজা অলপ অলগদ্ধ মানুহ হ’লে চাগে সদায় এখন কুৰুক্ষেত্ৰৰ সৃষ্টি হ’লহেঁতেন।

‘নিজৰ ঘৰ থাকিলে কিন্তু এটা সুবিধা, ঘৰভাড়াটো বাচি যায়।’— বুজি পালো শ্ৰীমতীৰ মনটো এতিয়াও নতুন ঘৰটোৰ পৰা ওলাব পৰা নাই।
‘কিন্তু ই এম আইতো মাহে মাহে দি থাকিবই লাগিব’ – দ্ৰাৱিড়ৰ দৰে মোৰ ৰক্ষণাত্মক শ্বট।
‘ঘৰভাড়াতকৈ দুই-তিনি হাজাৰহে বেছি। ভাড়াতো কেতিয়াও নকমে, বাঢ়িহে গৈছে। ই এম আই ফিক্সড থাকিব। আৰু নিজৰ ঘৰত থকাৰ আমেজেই সুকীয়া দিয়াচোন। ‘বেৰত গজাল নামাৰিব’, ‘আজি মাহৰ চাৰিদিন গ’ল, ভাড়াটো?’, ‘অলপ চাফাকে ৰাখিব দেই’-আদি মালিকৰ বচনবোৰৰ পৰাও হাত সাৰিব পাৰি।’
শ্ৰীমতীয়ে একেলগে নিক্ষেপ কৰা ইন-ছুইংগাৰ, য়ৰ্কাৰত ধৰাশায়ী হৈ গ’লো মই। শেষত এটা কথা ডাকৰ বচনৰ দৰে মানি ল’লো—”নিজে ঘৰ কিনি বা সাজি থাকিলে খৰছ হয় ৰাহি, ভাড়াঘৰত জীৱন কটোৱা মানে এক মুৰ্খামি।”

সেয়া এবছৰমানৰ আগৰ কথা। আৰম্ভ হ’ল পুণে চহৰত আমাৰ ঘৰ মানে ফ্লেটৰ সন্ধানত যাত্ৰা! প্ৰায় দুমাহজোৰা যুঁজৰ অন্তত আমি ফ্লেট এটা বুক কৰিলো। মাজৰ দালালজনৰ দেউতাকে হেনো দহ বছৰ অসমত থাকি চাকৰি কৰিছিল। অসমীয়া বুলি আমাক দহ হেজাৰমান টকা কমকৈ দিলেওঁ হ’ব বুলি ক’লে। ছ’চাইটিখন ভালেই লাগিল। বহুতো সম্ভ্ৰান্ত পৰিয়ালে ফ্লেট লৈছে তাত। আমাৰ সন্মুখৰ বিল্ডিঙটোতে ছিৰিয়েলৰ এক্ট্ৰেছ এগৰাকীয়ে ফ্লেট এটা বুক কৰিছে বাবে আমাৰ বিল্ডিঙৰ ফ্লেটকেইটাৰ দাম অলপ বঢ়াই দিছে বিল্ডাৰে।

‘আজিকালি কিন্তু মানুহে গৃহপ্ৰৱেশ বৰ ডাঙৰকৈ পাতে দেই। অৱশ্যে অভ্যাগতক ভালকৈ খুৱালে-ধুৱালে আশীৰ্বাদো পোৱা যায় নহয়!’
‘হয়, মানুহৰ আশীৰ্বাদেই ডাঙৰ কথা’- এওঁৰ কথাত হয়ভৰ দিওঁ।
‘শুনা, পঠাৰ মাংস বহুতে কিন্তু নাখায়, চিকেনৰ ব্যৱস্থা কৰিব লাগিব। হেৰিহঁতে হাঁহৰ কথা প্ৰায়েই কয় হে, ৰিলায়েন্স ফ্ৰেছত বোলে অৰ্ডাৰ দিলে হাঁহ আনি দিয়ে। দাম দুগুণ লয়। কথা নাই দিয়া, ঘৰলোৱা এবাৰহে পাতিম।’
শ্ৰীমতীৰ লিষ্ট দেখি কোন কোন শুভাকাংক্ষীৰ পৰা ঘৰৰ ডাউনপে’মেন্টৰ কাৰণে অৰ্থ-সাহায্য লোৱা নাছিলো মনতে ভাবি উলিয়াওঁ। গৃহপ্ৰৱেশৰ দিনা ঘৰ ভৰি গ’ল। খোৱাই খালে, পেলোৱাই পেলালে। পূজাৰ পূৰোহিতেও সিদিনা দুই হেজাৰ খুজিলে দক্ষিণা। মই বোলো-‘প্ৰভূ, আগতে দেখোন আপুনি দুশ টকাতে দিনটোৰ পূজা কৰিছিল, আজি দুই হেজাৰ যে!?’
বাঙালী হোটেলখনৰ পৰা অনা টেনিছ বলটোৰ সমান ৰসগোল্লাটো চুহি চুহি তেওঁ উত্তৰ দিলে-‘আগতে সেইবোৰ ভাড়াঘৰত কৰিছিলা। এতিয়া নিজৰ লাখটকীয়া ঘৰত কৰা পূজা। সকলোতে পাৰ্থক্য আহিবই নহয়!’
শ্ৰীমতীয়ে চকু পকাই ফুচফুচালে-‘বামুণৰ লগতনো কিহৰ বাৰ্গেইনিং কৰা হে? পাপে চুব’।

দুমাহ আগতে আমি নতুন ঘৰলৈ আহিলো। ‘নিজৰ নতুন ঘৰত পুৰণি ছোফা-টিভি-বেড এইবোৰ কিবা খাপ নাখাব নহয়নে?’-শ্ৰীমতীৰ কথামতে আগৰ বেছিভাগ বস্তু অতি কম দামত বিক্ৰী কৰা হ’ল। ৩২ইঞ্চিৰ ডাঙৰ এল চি ডি আহি নতুন ঘৰ পালে। আগতে টিভিটো সৰু মেজ এখনৰ ওপৰতে থৈছিলো। এল চি ডি আৰু আন কিবাকিবি বস্তু সজাবলৈ ডাঙৰ টি ভি ইউনিট এখন আনিলো। সপ্তাহত দুদিন হোম ডেক’ৰ শ্ব’পবোৰত যোৱাটো নিয়ম হ’ল। আগতে এনেকুৱা দোকানবোৰত গ’লে ‘নিজৰ ঘৰ হ’লে ল’ম দিয়া’ বুলি কৈছিলো। এতিয়া সেই শাৰীও ক’ব নোৱাৰা হ’লো। নিজৰ ঘৰ বুলি ভালৰো ভাল পৰ্দা, ছোফা, বিছনা, বিছনা চাদৰেৰে ঘৰ ভৰি পৰিল। মই ৰাতি ৰাতি ই এম আই, আন খৰছ আৰু দৰমহাৰ হিচাপ কৰোঁ।

অলপ আগতে অফিচৰপৰা আহিলো। শ্ৰীমতীয়ে হাঁহি মাৰি দুৱাৰখন খুলি দিলে। তেওঁক ইমান বেছি আনন্দত থকা দেখিলেও মোৰ টেনচন হয়। কি বা কয়!
‘আজি আমাৰ তলৰ পাটিলৰ ঘৈণীয়েক আৰু জীয়েকৰ লগত চিনেমা চাবলৈ গৈছিলো। বৰ ভাল মানুহজনী। তেওঁলোকৰ হোণ্ডা চিটিখন যে ইমান স্পেচিয়াছ!’
‘ডাঙৰ গাড়ী, হ’বইতো স্পেচিয়াছ।’
‘আজিহে প্ৰথমবাৰৰ বাবে পুণেৰ ৰাষ্টাত ঘূৰি ভাল লাগিছে। ইমান ফ্ৰেছ ফ্ৰেছ লাগি আছে গা-মন! আৰু গেটত থকা ছিকিউৰিটি গাৰ্ডকেইজনে গাড়ীত গ’লে চালাম মাৰে, জানা। দৌৰা-দৌৰিকৈ গে’টো খুলি দিয়ে। আমি স্কুটাৰত গ’লেহে গে’ট খুলিবলৈ চিঞৰি থাকিব লাগে।’
-মই একো নামাতিলো। ভাবিলো এই ছ’চাইটিটোত থকাৰ পিচত নিজৰ গাড়ী এখন নহ’লে সঁচাকৈ কিবা এটা ঠিক নালাগে। তলত নিজৰ কাৰণে ডাঙৰ পাৰ্কিঙৰ ঠাইও কিনিছোঁ। সকলোৰে পাৰ্কিংবোৰ গাড়ীৰে ভৰ্তি। মোৰ পাৰ্কিঙৰ ঠাইটুকুৰাই সৰু বাজাজ স্কুটাৰখন পেটত সুমুৱাই পৰি থাকে, যেন আধাপেটি খাই হে ফেঁকুৰি ফেঁকুৰি ৰৈ আছে। ৰাতি ভালকৈ হিচাপ এটা কৰিম।
‘শুনা, কি চিন্তা কৰিছা বাৰু? তুমি আৰু দুই-এদিনতে যিকোনো গাড়ী কিনাৰ ডিচিছন লৈ নল’বা দেই। লাগিলে এমাহ দেৰিয়েই হওঁক, ছিডানত উঠাৰ মজা কিন্তু বেলেগ দেই।’

এনেতে মোৰ ম’বাইলটো বাজি উঠিল। বন্ধু বিক্ৰমৰ ফোন। ঘৰৰ ডাউন পে’মেন্টৰ বাবে তাৰ পৰা এক লাখ লৈছিলো ধাৰত। ঘৰলোৱাৰ এমাহৰ ভিতৰতে ঘূৰাই দিম বুলি কৈছিলো যদিও এতিয়ালৈ দিয়া হোৱা নাই। তাক কি ক’ম ভাবি ল’লো মনতে।
‘ৰিংটোনৰ গানটো বৰ ধুনীয়া ন? কালি মোৰ ম’বাইলৰপৰা তোমাৰ তাত ভৰাই দিছোঁ।’—শ্ৰীমতীয়ে মিচিকিয়াই ক’লে।
ভাবিলো কিছুমান গান শুনিবলৈ ইমান ভাল! তেতিয়াও ম’বাইলৰ ৰিংটোনটো ফুল ভ’লিউমত বাজি আছিল -‘তুমি মই এদিন জানা ঘৰ সাজিমেই, ঘৰ সাজিমেই..তাতে জোন থাকিব, তাতে তৰা থাকিব…’।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments