তুমি মমতাজ হ’ব নোৱাৰা কিম্বা জুলিয়েট কিম্বা লাইলা ( – প্রদ্যুৎ জ্যোতি শইকীয়া )

তুমি নাথাকিলেই কেতিয়াবা উন্মাদ হৈ যাওঁ

সাঁতুৰিব খোজোঁ তোমাৰ প্ৰেমৰ সাগৰত

বিচাৰোঁ সুখৰ দুটি এটি মুকুতা ।

তুমিও মেলি দিয়া মাজ সাগৰত

অগণন অশান্ত ঠাট্টা মস্কৰাৰ জেলিফিছ ।

 

ভাঙিব খোজোঁ জাতি ভেদৰ শক্তিশালী প্ৰাচীৰ

তোমাৰ জাতিৰ অহংকাৰৰ লাইখুটা,

চূৰমাৰ কৰিব খোজোঁ তোমাৰ প্ৰতিৰোধ ৰূপী চীনৰ প্ৰাচীৰ ।

বিদ্ৰোহী হৈ হিচাব কৰোঁ কমিউনিজিমৰ সাফল্যৰ দিন

তুমিও মেলি দিয়াৰ জনসংখ্যা বিস্ফোৰণৰ ব্ৰহ্মাস্ত্ৰ ।

মূৰৰ ওপৰত ভৰি ৰাখি চিঞৰ মাৰোঁ..

আমিও চন্দ্ৰত ভৰি থ’লোঁ ।

কিন্তু ম‍ইযে এতিয়াও নোৱাৰিলোঁ

তোমাৰ মন-চন্দ্ৰত ৰাখিব

মোৰ ভৰিৰ খোজ ।

 

তোমাৰ অনুপস্থিতিত মন উৰা মাৰে বাৰ্মুদা ত্ৰিভুজলৈ

ম‍ই, তুমি আৰু তেওঁক মাজতলৈ….

বিচাৰোঁ ত্ৰিকোণীয়া সম্বন্ধত স্থিৰতাৰ সূত্ৰ ।

নিজকে লাগে এনে লাগে যেন,

পুৰণি পৃথিৱীৰ

সপ্তম আশ্চৰ্য,

বেবিলনৰ ওলোমা বাগান ।

হৈ পৰোঁ এটা অলৰ-অচৰ প্ৰানী ।

ভাবনাহীন ।

 

তুমি হেৰোৱা দিনবোৰত চুই চাব বিচাৰোঁ

তুমি তুমি যেন লগা সেউজীয়া অনুভৱৰ পথাৰখন ।

সঁচা প্ৰেমৰ অসীম সংখ্যক কীটনাশক লৈ বিচাৰি ফুৰোঁ

বাৰ্মুদা ত্ৰিভুজত তেওঁ হোৱা গান্ধী পোকবোৰক ।

তুমিও ঢাকি দিয়া সিহঁতক

ভাল পাওঁ ভাল পাওঁ ভাবেৰে ।

 

তুমি এৰি যোৱা দিনবোৰত সোমাই পৰোঁ

চাহজাহান হৈ মমতাজমহলত,

খেপিয়াই ফুৰোঁ দেৱালত মোৰ প্ৰেমবোৰ

কংক্ৰীটবোৰে চিঞৰে “শূন্যতা” “শূন্যতা” “শূন্যতা”

মমতাজৰ সত্বাবোৰে চিঞৰে ওলোটাই প্ৰেম প্ৰেম প্ৰেম ।

মোৰ বাবে হৈ যায় চিঞৰবোৰ অপ্ৰেম ।

 

তুমি মমতাজ হ’ব নোৱাৰা কিম্বা জুলিয়েট কিম্বা লাইলা

কাৰণ  তুমি মোৰ বাবে জীয়াই থাকিব নোৱাৰা

তুমি মোৰ কাৰণে মৰিবও নোৱাৰা ।

সেইবাবেই,

তুমি মমতাজ হ’ব নোৱাৰা কিম্বা জুলিয়েট কিম্বা লাইলা  ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments