তুলাচনীত নুতুলিবা ভালপোৱা(-কংকন কলিতা)

তুলাচনীত নুতুলিবা ভালপোৱা,
নুজুখিবা অৰ্থ, সৌন্দৰ্য্যৰে…
কোনোৱে হয়তো নাজানে বিলাব,
নোৱাৰে বোৱাব আপোন চিতে…
তথাপিও এয়া ভালপোৱা
বুজা আৰু বুজোৱা..
এচলু প্ৰেমত ককবক
এটি প্ৰাণ…
মোহাৰি নেপেলাবা
নিজ হাতে আঁকি দিয়া তোমাৰ
কঠিন চাপ..
বাস্তৱ নেকি
মিছাতে মন দি ৰং চোৱাৰ
বাসনা তোমাৰ…

অনুভৱ কৰিছানে কেতিয়াবা
নিঃসংগ প্ৰাণৰ কৰুণ চি়ঞৰ,
এটুকুৰা কলিজাৰ কান্দোন…
নিৰৱ নিশা বুকুৰ কোণত
অকলশৰে উচুপি থকা
এটি অনুভৱ,
নিঃশব্দে ফেঁকুৰি থকা
তোমাৰ দৰেই এখন হৃদয়…
হয়তোবা তুমি নুবুজিবা
কি দৰে জ্বলি উঠে
একুৰা উত্তপ্ত জুই…
মমতাই  দহি নিয়ে
চৌদিশ আগুৰি
এটি বহ্নিমান প্ৰাণ…
এটুকুৰা ৰং হীন শিখাৰে মাথো
পুৰি পুৰি ছাই হয়…
নাজানে কোনোৱে
কিমান দিন কি দৰে জ্বলে
এই শিখা…
পৰশ পালেই চাৰখাৰ হয়
মাথোন
এখনি কনমাণি পৃথিৱী |

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments