তুলাচনী (মধুছন্দা চলিহা ভূঞা)

গৃহহীন
বস্ত্ৰহীন
অন্নহীনৰ
বহু উৰ্দ্ধত,
সুউচ্চ গগনচুম্বী ঘৰ
আৰু বজাৰৰ দৰৰ
লেখ জোখেৰে চালিত
ঠিক মালগাড়ী খনৰ
দৰেই চলমান আজিৰ জীৱন৷

সূৰ্যাস্ত্যৰ হেঙুল আভাক
সাগৰৰ সীমাহীন নীলাক
তগৰৰ নিঁয়ৰসনা সুকোমল পৰশক
আমোলমোল শেৱালিৰ সুৱাসক
দেউতাৰ হৃদয়ক
আইৰ মৰমক
পাৰিনে মাপিব
পাৰিনে জুখিব
পাৰিনে লেখিব
পাৰিনে গণিব
অক্ষম
অপাৰগ…

মালগাড়ীয়ে কঢ়িয়াই নিয়ে,
জোখ-মাখৰ গণনাৰে,
বস্তাই বস্তাই মাথো চাউল,
খাদ্যৰ মেটমৰা বোজা ৷

অন্নহীনৰ এমুঠি চাউলতহে
লুকাই থাকে আহাৰৰ তৃপ্তি৷

সোণোৱালী শয়নৰ কক্ষবোৰ
থাকে অট্টালিকাত,
কিন্তু নিদ্ৰা
আৰু
সোণোৱালী সপোনবোৰ
ৰৈ যায়,
কোনো গৃহহীনৰ
বিৰিখৰ আশ্ৰয়ত ৷

যি নিদ্ৰা আৰু তৃপ্তিক
ঢুকি নাপায়
বজাৰৰ দৰ
আৰু
গগণচুম্বী অট্টালিকাই ৷
ৰৈ যায় গণনাৰ উৰ্দ্ধত…

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments