তৃতীয় আৰু চতুৰ্থ খণ্ড: আম্ৰপালী: বৰ্ণিল দস্তাবেজৰ স্বৰ্ণীল লিপি — পৰী পাৰবীন

কান্ধত মাত্ৰ এটা জোলোঙা লৈ মদাৰৰঙী বস্ত্ৰৰে গৌৰবৰণৰ শৰীৰটো ঢাকি ভিক্ষুকজন আম্ৰকুঞ্জৰ বাহিৰত বুদ্ধৰ বাণী আওৰাই থাকিল,

“বুদ্ধং শৰণং গচ্ছামি।”

আৰু মই তেতিয়া পৰ্যংকত বহি জীৱনৰ পাৰ হৈ অহা শ্ৰাৱণা ঋতুবোৰৰ হিচাপ কৰি আছিলোঁ। প্ৰতিটো শ্ৰাৱণেই মোক নতুন প্ৰতিশ্ৰুতি দিছে, প্ৰতিটো শ্ৰাৱণেই মই নামৰ বিৰিখজোপাক নতুন ডালপাতৰ যোগান ধৰিছে।

এই এটা শ্ৰাৱণত মই প্ৰথমবাৰৰ বাবে উপলদ্ধি কৰিছোঁ, হাজাৰ মাইল পাৰ হৈ আহি মই এতিয়া যৌৱনৰ শেষ দুৱাৰখনলৈ বাট চাই থকা এগৰাকী পণাংগিনী মাথোঁ। হতাশাই আৱৰি ধৰিছে মোক।

এইখিনি সময়তে এজন ভিক্ষুকৰ চকুত ক্ষন্তেকৰ বাবে মোৰ আত্মাই থিতাপি লৈছিল, এনে লাগিছিল মোৰ সমস্ত উত্তৰবিহীন প্ৰশ্নৰ উত্তৰসমূহ কঢ়িয়াই ফুৰিছে তেওঁ। এনে লাগিছিল তেওঁৰ এটা মাথোঁ পৰশে মোৰ শৰীৰৰ সকলো কদৰ্যতা ধুই নিকা কৰিব, অথচ সেই সন্ন্যাসী ইমান নিৰুত্তৰ, ইমান নিৰ্বিকাৰ।

“দেৱী ভিক্ষম দেহি”।

বাৰে বাৰে কৰ্ণকূহৰত ভাঁহি আহে সেই চিনাকী কণ্ঠ। বাৰে বাৰে এই কণ্ঠই মোক সিঁয়াৰি থাকে? মনৰ ভ্ৰম নে এয়া? নে বুদ্ধৰ সেই ভিক্ষুৱে মোৰ মন-প্ৰাণ দখল কৰি লোৱাৰ বাবে এনে হৈছে?

টক টক টক!

দুৱাৰ টুকুৰিয়াই সোমাই আহিছে প্ৰজ্ঞাকুমাৰী। উধাতু খাই আহিছে তাই, যেন কিবা গুৰুত্বপূৰ্ণ কথাহে ক’বলৈ আহিছে।

“দেৱী, সেই মানুহজনে আপোনাক বিচাৰি আহিছে।“

“কোনে? সেই মদাহী বণিজটোৱে?”, যোৱাৰাতিৰ সেই মদাহী মানুহজনৰ তিক্ততাভৰা সংগটো মনৰ পৰা আঁতৰি যোৱা নাই মোৰ।

প্ৰজ্ঞাই মূৰ জোকাৰিলে,

“নাই নাই দেৱী, তেওঁতো কেতিয়াবাই আম্ৰকুঞ্জ ত্যাগ কৰি গুচি গৈছে। মই কৈছোঁ সেই ভিক্ষুকজনৰ কথা, কালি যে আহিছিল।“

“কি ! সঁচা!” উচপ খোৱাৰ পাল মোৰ।

দৌৰি বাহিৰলৈ ওলাই আহিলোঁ, হয়, হয়, তেঁৱেই হয়, মোৰ সমগ্ৰ উজাগৰী ৰাতিৰ স্বাক্ষৰ বহন কৰি তেওঁ ৰৈ আছেহি মোৰ পদূলিমুখত। হেঁপাহৰ সঁফুৰা কিদৰে চম্ভালোঁ মই? ক’ত থওঁ কোলাই পাচিয়ে নধৰা এই সুখৰ বন্যা?

মুহূৰ্ততে খদমদম লাগিল আম্ৰকুঞ্জৰ চৌহদ। তৰুণ ভিক্ষুকৰ নিবাসৰ বাবে মোৰ কক্ষৰ কাষতে ব্যৱস্থা কৰা হ’ল। হাততে পোৱাকৈ তেওঁক সকলো সামগ্ৰী যতনাই দিয়া হ’ল। মেহগনি কাঠৰ পৰ্যংকত পাৰি দিয়া হ’ল কপাহ-কোমল পাটি, ওখ দেৱালৰ পৰা আঁৰি দিয়া হ’ল স্বয়ংচালিত পাংখা এখন, বিশেষ কায়দাৰে নিৰ্মিত আৰ্চীযুক্ত ডাঙৰ চন্দুক, চন্দুকৰ ওপৰত কবিতাৰ পুথি, খিৰিকীত নতুন মখমলীয় পৰ্দা আৰু খিৰিকীৰ কাষত ৰজনীগন্ধাৰ সুগন্ধি ঠাৰি। মোৰ প্ৰত্যক্ষ তত্বাৱধানত এক বিলাসী কাৰুকাৰ্যৰে সজাই তোলা হ’ল কক্ষটো। তাকে দেখি প্ৰজ্ঞা কিছু আচৰিত হ’ল। এই বৌদ্ধ ভিক্ষুকজন মোৰ বাবে কিদৰে ইমান বিশেষ হ’ল, তাই বুজি নাপালে। আচৰিত হ’ল বাকী দাস-দাসীসকলো। মোৰ শয়নকক্ষৰ কাষতে অচিনাকী যুৱক এজনক থাকিবলৈ দিয়াটো কোনোমতেই পছন্দ কৰা নাই নিৰাপত্তাৰক্ষীকেইজনে। মই পিছে নিজৰ সিদ্ধান্তত অটল। এই শ্ৰমণ মোৰ একেবাৰে কাষতেই থাকিব।

চঞ্চল খোজেৰে আগুৱাই গৈ প্ৰৱেশপথৰ পৰা শ্ৰমণক আগবঢ়াই আনিলোঁ,

“শ্ৰমণ! মোৰ ওচৰলৈ আহিবলৈ তোমাক অনুমতি দিলে শাক্যমুনিয়ে?”

মূৰ দুঁপিয়ালে তেওঁ শান্তভাৱে। দিলে, শাক্যমুনিয়ে তেওঁক মোৰ ওচৰলৈ অহাত বাৰণ নকৰিলে।

“প্ৰজ্ঞা, সুহাগী, শ্ৰমণৰ খোৱাৰ ব্যৱস্থা কৰিব লাগে। স্নান কৰি ভোজনত বহিব অতিথিয়ে”, মোৰ কণ্ঠই ৰজনজনাই গৈছে আম্ৰকুঞ্জ। সকলোবোৰ ব্যস্ত হৈ পৰিছে।

“শ্ৰমণ, তোমাৰ মালপত্ৰ ক’ত আছে?”, জোলোঙাৰ বাহিৰে আন একো নেদেখি মই প্ৰশ্ন কৰিলোঁ।

“এয়াই মোৰ মালপত্ৰ”, তেওঁ উত্তৰ দিলে।

“এয়াই?”, আচৰিত হোৱাৰ পাল মোৰ।

মাত্ৰ এটা জোলোঙা, জোলোঙাত এটা ভিক্ষাৰ পাত্ৰ, এখন পুথি আৰু এখন অংগবস্ত্ৰ, সিমানেই তেওঁৰ মালপত্ৰ। আৰু একোৱেই নাই তেওঁৰ ওচৰত।

আশ্চৰ্য, সঁচাকৈ আশ্চৰ্য!

অথচ তেওঁৰ চকুত কোনো অভাৱ নাছিল, এক সৰল দৃষ্টিৰে কোঠাটোলৈ চাই তেওঁ মাথোঁ এষাৰ বাক্য বিনিময় কৰিছিল,

“ইমান আয়োজন কিহৰ বাবে দেৱী?”

“আসঃ কি প্ৰশ্ন কৰিছা শ্ৰমণ! তোমাৰ বাবেই এই সমস্ত আয়োজন । তুমি মোৰ বিশেষ অতিথি নোহোৱা জানো?”

“মোৰ বাবে? মোৰ বাবেতো ইমান আয়োজনৰ প্ৰয়োজন নাছিল।“, আচৰিত হৈ চাই ৰৈছে কোঠালিটোলৈ।

“প্ৰয়োজন নাছিল? তুমি ইয়ালৈ ৰাত্ৰিযাপনৰ নিমিত্তে অহা নাই নেকি শ্ৰমণ? তোমাৰ বাবে শয়নৰ ব্যৱস্থা

কৰাটো ভুল হৈছে নেকি শ্ৰমণ? নে এই কক্ষ তোমাৰ পছন্দ হোৱা নাই? বেলেগ কক্ষৰ ব্যৱস্থা কৰিম নেকি শ্ৰমণ?”

“নাই, নাই, দেৱী, খুব সুন্দৰ ব্যৱস্থা হৈছে। কিন্তু মোৰ যে ইমান বিলাসিতাৰ অভ্যাস নাই।“

এইবুলি কৈ তেওঁ জোলোঙাৰ পৰা বস্ত্ৰ উলিয়াই মজিয়াত পাৰিলে, আৰু তাৰ ওপৰতে পুথিখন থ’লে।

“আস! শ্ৰমণ, এয়া তুমি কি কৰিছা? মৃৎ মজিয়াত কিয় আসন লৈছা তুমি? এই কক্ষ তোমাৰ পছন্দ হোৱা নাই যদি মোক কোৱা। অন্য কক্ষৰ ব্যৱস্থা কৰিম নেকি?”, শ্ৰমণক প্ৰশ্ন কৰি মই প্ৰজ্ঞাক মাতি পঠিয়ালোঁ। শ্ৰমণে পিছে বাৰণ কৰিলে মোক,

“নাই নাই দেৱী, মোক লৈ আপুনি অহেতুক ব্যস্ত হৈ পৰিছে। মোৰ বাবে এয়ে ভাল। এয়াই মোৰ অভ্যাস।“

হতাশ হৈছোঁ মই, কৈ পেলাইছোঁ শ্ৰমণক, “মই কি আতিথ্যধৰ্ম ভালদৰে পালন কৰিব পৰা নাই নেকি শ্ৰমণ?”

শ্ৰমণে উত্তৰ দিছে,

“নহয় দেৱী, আপুনি আপোনাৰ ধৰ্ম খুব সুন্দৰকৈ পালন কৰিছে। কিন্তু ময়োতো মোৰ অভ্যাস ত্যাগ কৰিব নোৱাৰিম। মোৰ সন্ন্যাসধৰ্মই এই বিলাসিতা নিষিদ্ধ কৰি থৈছে।”

এৰা। হাজাৰ প্ৰলোভনেও যাক বিচলিত নকৰে, অস্থিৰতাত ডুবিও যি স্থিত হৈ থাকে, তেৱেই সন্ন্যাসী, তেঁৱেই ত্যাগী।

শ্ৰমণৰ মুখত এইবাৰ স্মিত হাঁহিৰ ৰেশ, “মোৰ দৰে সামান্য ভিক্ষুকৰ প্ৰতি দেৱী আম্ৰপালীৰ ইমান আদৰ কিয়?”

থতমত খালোঁ, এই উত্তৰটোতো মোৰ ওচৰতো নাই, কৈ পেলালোঁ, “যাতে তুমি মোক মনত ৰাখা।”

“কিন্তু আপুনিতো দেশ-বিদেশতো খ্যাত। সৰুৰ পৰা ডাঙৰলৈকে, ল’ৰাৰ পৰা বৃদ্ধলৈকে সকলোৱে আপোনাৰ অনুগামী। মোৰ দৰে সামান্য ভিক্ষুকে আপোনাক মনত ৰখা-নৰখালৈ কি কথা আছে?”

অস্ফূট সুৰত ক’লো, “কথা আছে শ্ৰমণ, বহুত কথা আছে। দেহৰ নগ্নতা মোৰ নতুন অভ্যাস নহয়, মনৰ নগ্নতা পিছে কোনেও দেখা নাই শ্ৰমণ। দেশ-বিদেশৰ ৰাজ-অধিৰাজে মধুকুন্তলা আম্ৰপালীৰ বুকুৰ দহনৰ খবৰ নাৰাখে শ্ৰমণ।”

আঁতৰি আহিলো শ্ৰমণৰ কাষৰ পৰা। ভোজনৰ সময় হৈছে। ব্যঞ্জন সজালোঁ নিজ হাতে, ধোঁৱা বলি থকা ভাতৰ কাষে কাষে পাঁচ-ছয়বিধ সুস্বাদু আঞ্জা। ভোজনপৰ্বৰ শেষৰ ব্যঞ্জনত সুগন্ধি চাউলৰ ক্ষীৰ, কিছু ফলমূল আৰু টেঙা দৈ।

শ্ৰমণে নামমাত্ৰ ফলাহাৰ কৰি পায়সৰ বাতিটো মুখলৈ নিলে। বাকী ব্যঞ্জনবোৰ আঁতৰাই থ’লে,

“মাত্ৰ এইকণ?”, উচপিচ লাগিছিল মোৰ।

“ইমানেই অভ্যাস মোৰ।“, শ্ৰমণৰ মুখত আকৌ সেই শান্ত হাঁহি।

মোক কৈ গ’ল শ্ৰমণে, “আপুনি চিন্তা নকৰিব, মোৰ উদৰ সন্তুষ্ট, মই এতিয়া আনন্দৰ টোপনি যাব পাৰিম”।

মোৰ পিছে আশ্চৰ্যৰ অন্ত পৰা নাছিল, চকুৰে বৰষিছিল কাতৰ চাৱনি। ভিক্ষুক আগুৱাই আহিল, “এজন ভিক্ষুৰ বাবে প্ৰয়োজন মাথোঁ এখনি বস্ত্ৰ আৰু এটা মাটিৰ পাত্ৰ। ইমান আধিক্যই ভিক্ষুকক ভিক্ষুক হৈ থাকিবলৈ নিদিয়ে পালী দেৱী।“

ভিক্ষুকৰ মৰমসনা মাতত মই যেন সৰু বালিকা এজনী হৈ পৰিলো। বৰ আকৰ্ষণ জন্মিছে তেওঁলৈ। তেওঁৰ নিৰাসক্ত জীৱনৰ নিচাই মোক আসক্ত কৰি তুলিছে। আৰু বহুতদিনৰ মূৰত মোলৈ মধুবসন্ত লৈ আনিছে এই ভিক্ষুকৰ উপস্থিতিয়ে। আঁৰচকুৰে চাই ৰৈছোঁ তেওঁলৈ, বয়সেৰে হিচাপৰে মোতকৈ কমবয়সীয়া তৰুণজন জীৱনেৰে হিচাপেৰে মোতকৈ বহু বেছি অভিজ্ঞ। আন নালাগে, শিশু বিমলেও মোক আৰু প্ৰজ্ঞাক এৰি শ্ৰমণৰ লগ লাগিলগৈ। দোভাগ ৰাতিলৈ দুই সৰল মানৱৰ কথোপকথন চলিল। কথোপকথন মানে কিনো, বিমলৰ প্ৰশ্ন আৰু শ্ৰমণৰ উত্তৰ। সদায় কোমল পালংকত টোপনি যোৱা বিমলে শ্ৰমণৰ বাহুত মূৰ থৈ গভীৰ শয়নত মজ্জিত হৈছে। মুখখন তাৰ শ্ৰমণৰ বুকুৰ মাজত। পিতৃৰ উম নোপোৱা ল’ৰাটোলৈ চাই বুকুখন বিষাই উঠিল মোৰ। মজিয়াত বহি পৰিলোঁ, নিদ্ৰাৰত বিমলক দুহাতেৰে দাঙি লওঁতে শ্ৰমণৰ সুঠাম বাহুত মোৰ উষ্ণ পৰশ লাগিল।

এক বুজাব নোৱৰা অনুভূতিয়ে জোকাৰি গ’ল মোক। ৰাতিটো নিদ্ৰাবিহীনতাৰে পাৰ হ’ল।

এনেকুৱা কেইবাটাও দিবানিশিৰ চক্ৰ পাৰ হৈ গ’ল। আঁউসী পাৰ হৈ ন-জোন ওলোৱাৰ সময়ৰ কথা।

কাঁচি জোনটোৱে পৃথিৱীখন পোহৰাব পৰা নাই। গোমা আকাশৰ তলত মাৰ্গ-বন্তিৰ পোহৰবোৰ খোলা খিৰিকীৰে সোমাই ছিৰিলা-ছিৰিলকৈ ফাটি ভিক্ষুকৰ উদং পিঠিত উবুৰি খাই পৰিছে। ভিক্ষুকৰ চক্ষু পুথিৰ অধ্যায়ত। গভীৰ মনোনিৱেশেৰে তেওঁ যেন ধ্যানত বহি আছিল।

আৰু মই ভিক্ষুকৰ নগ্ন পৃষ্ঠত চকু ৰাখি নিজকে হেৰুৱাই পেলালোঁ যেন। হাতত সাৰে ভৰিত সাৰে মই পালংকৰ পৰা নামি দুৱাৰৰ শলখা খুলিলো। অধ্যয়নৰত ভিক্ষুকৰ পিছফালে ঠিয় দি ৰ’লো বহুপৰ । মাৰ্গ-বন্তিৰ হালধীয়া পোহৰে তেওঁৰ মূৰ্তিটো ৰহস্যঘন কৰি তুলিছে। চম্ভালিব নোৱাৰিলো নিজকে মই। তেওঁৰ পিঠিত মূৰ থৈ পিছফালৰ পৰা দুহাতেৰে আলিংগন কৰিলোঁ তেওঁক। কিংকৰ্তব্যবিমূঢ় হৈ ঘূৰি চালে তেওঁ। চকুত তেতিয়াও স্থিৰ দৃষ্টি।

মোৰ তৃষ্ণা দুগুণে চৰাই বাহিৰত বৰষিবলৈ লৈছিল শীতল বৃষ্টি। মাজে মাজে বিজুলী ঢেৰেকনি। বিজুলীৰ নীলা পোহৰতে দেখিলোঁ ভিক্ষুকৰ স্থিৰ দৃষ্টি। পিন্ধনত মোৰ তেতিয়া নামমাত্ৰ বস্ত্ৰ, আউল লগা কেশ, অসংযত আচৰণ।

মোৰ আলিংগনক ঘৃণ কৰা নাই ভিক্ষুকে, না তেওঁ মোক সঁহাৰি দিছে, বৰঞ্চ মৃদু সুৰত প্ৰশ্ন কৰিছে, “কি হৈছে দেৱী? এই প্ৰহৰত আপুনি মোৰ নিজম কক্ষত প্ৰৱেশ কৰিছে, কি কাৰণ দেৱী?”

প্ৰশ্নৰ উত্তৰ দিয়াৰ প্ৰয়োজনবোধ কৰা নাই মই। সন্মুখলৈ আহিলোঁ তেওঁৰ। মানুহে কয় অনিন্দ্যসুন্দৰী মই। মোৰ উঠন বুকু আৰু সুগোল নিতম্বৰ ৰাগিয়ে টানিবই তেওঁক, মই নিশ্চিন্ত থাকিলোঁ।

কিমানদিন যে হৈ গ’ল, দেহ-মন এক কৰি সমৰ্পিত নোহোৱাৰ। চুবুৰীয়া মগধৰাজৰ প্ৰতাৰণাই মোক ভিতৰি ভিতৰি নিঃশেষ কৰি দিছে। নিয়ম আৰু জীৱিকাৰ দায়ত পৰি সংগ দিছোঁ বহুতক, কিন্তু সেয়া কোনোমতেই আত্মাৰ সমৰ্পণ নহয়।

সমৰ্পিত হ’বলৈ মন গৈছে এই ভিক্ষুকৰ আত্মাৰ ওচৰত। ডুব যাবলৈ মন গৈছে এই সন্ন্যাসী চকুৰ নিৰ্লিপ্ততাত।

তেওঁ কি মোৰ মাজত একোৱেই বিচাৰি পোৱা নাই? মোৰ দেহৰ ভৌগোলিক সীমাৰ মাজত আশ্ৰয় ল’বলৈ এই কুণ্ঠাবোধ কিয়? বক্ষৰ আঞ্চোল আঁজুৰি পেলালো। মোৰ অনাবৃত বক্ষত তেওঁৰ হাতখন স্পৰ্শ কৰালোঁ।

তেওঁ চাই ৰ’ল মোলৈ। লাহেকৈ হাতখন বুকুৰ পৰা আঁতৰাই মোৰ কান্ধত হাত থৈ ক’লে,

“সংযমেই সবাতোকৈ কঠোৰ পৰীক্ষা। মই এই পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব”।

খঙত নে ক্ষোভত উতলি উঠিছোঁ মই, এতিয়াও আম্ৰকুঞ্জৰ বাহিৰৰ অতিথিশালাত মোৰ এক দৰ্শনৰ বাবে কতজন অপেক্ষাৰত। আৰু এই তৰুণ যুৱক, ইমান স্পৰ্ধা তেওঁৰ! আম্ৰপালীক উপেক্ষা কৰে!

জেদ বাঢ়ি গৈছে মোৰ। কঁকালৰ পৰা অৱশিষ্ট বস্ত্ৰৰ টুকুৰাটো খহাই মই তেওঁৰ বক্ষত খামুচি ধৰিলোঁ।

“কিয় শ্ৰমণ কিয়? কিহৰ বাবে এই উদাসীনতা? এয়াতো পুৰুষত্বহীনতাৰ চিহ্ন। তোমাৰ মাজত মই নপুংসক প্ৰেমিকক দেখা পাইছোঁ শ্ৰমণ।”

মোৰ ঘন, চুটি উশাহৰ নেওতাত আঁত লগাই মোৰ দুই ওষ্ঠত আঙুলি ৰাখি মোৰ তীক্ষ্ণ বাক্যবাণত বাধা দিছে তেওঁ, “আপুনি অসুস্থ হৈ পৰিছে দেৱী, আপোনাৰ কোমল ওঠেৰে কঠোৰ শব্দ নিগৰিছে। সংযমী হওক দেৱী, সংযমী হওক।”

আস শ্ৰমণ, নুবুজাবা মোক, সংযমৰ শিক্ষা নিদিবা মোক। জানানে তুমি, তোমাৰ বাবে, কেৱল তোমাৰ বাবে মই এই প্ৰমোদকক্ষ বন্ধ ৰাখিছোঁ। তোমাৰ বাবেই মই ৰাত্ৰিযাপন কৰিবলৈ অহা ৰাজঅতিথিক স্বপ্নকক্ষৰ দুৱাৰ খুলি দিয়া নাই। এবাৰ চুই দিয়া মোক, এবাৰ ধন্য কৰা মোক হে শ্ৰমণ। মোৰ এই প্ৰেমৰ প্ৰতি সদয় হোৱা শ্ৰমণ। মোৰ এই সুন্দৰ শৰীৰটো হাতত তুলি চোৱা শ্ৰমণ। একোৱেই আকৰ্ষণ অনুভৱ কৰা নাই নে শ্ৰমণ তুমি?

ধীৰ কণ্ঠৰে শ্ৰমণে কৈ যায়, “আপোনাৰ প্ৰেমৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰোঁ দেৱী, আকৰ্ষণ অনুভৱ নকৰোঁ কেৱল এই শৰীৰৰ প্ৰতি। সবাই কয়, আপুনি হেনো সুন্দৰী। হয়তো তুমি সুন্দৰী। এই নিপোটল ওঠ, উঠন বক্ষ, মিহি ছালৰ সকলোবোৰেই আকৰ্ষণীয়। কিন্তু মই কি দেখিছোঁ জানেনে? চকুৰ আগতেই এই ছাল সোঁতোৰা-সোঁতোৰ হৈ যোৱা দেখিছোঁ, এই উঠন বক্ষ ওলমি পৰা দেখিছোঁ। আপোনাৰ বৰ্তমানৰ সুন্দৰ নাভি, বুকু, পেট এই সকলোবোৰৰ প্ৰেমত মই কেৱল দুখেই দেখিছোঁ”।

হুকহুককৈ কান্দি পেলালোঁ মই, কান্দি কান্দি শ্ৰমণক সুধিলোঁ, “তাৰমানে অতদিনে যিহক লৈ মই অহংকাৰ কৰিছিলোঁ, সেইবোৰ ইমান ক্ষণস্থায়ী। শৰীৰটো ভংগুৰ হৈ যোৱাৰ পাছত একোৱেই নাথাকিব মই অহংকাৰ কৰিবলৈ?”

“থাকিব দেৱী, আপোনাৰ সদ্ভাৱ, আপোনাৰ পৰোপকাৰী স্বভাৱ আৰু বহুত কিবাকিবি থাকি যাব ইতিহাসৰ বুকুত। আপুনি সাধাৰণ নাৰী নহয়, আপুনি অনন্য নাৰী। মই এই অনন্যা নাৰীজনীৰ প্ৰেমত পৰিছোঁ।”

চকুৰ পানী শুকাই গৈছিল মোৰ। গালত শুকান সুঁতি এটাৰ জন্ম হৈছিল। প্ৰেমৰ কি অনবদ্য প্ৰকাশ এই কমবয়সীয়া যুৱকৰ। যুৱকৰ কথা শেষ হোৱা নাছিল,

“আৰু এটা কথা”, আধৰুৱা কথাখিনি গতি লগাব বিচাৰিছে শ্ৰমণে, “আপুনি মোৰ ওচৰত হাৰি গ’ল বুলি নাভাবিব। হৰা-জিকাৰ তুলনাই জীৱনটোক দুখৰ বাদে একোৱেই নিদিয়ে।“

হুমুনিয়াহ নিগৰিছিল মোৰ নিশ্বাসত, “হৰা-জিকাৰ প্ৰসংগ নহয় শ্ৰমণ। বহুত কথা আছে, বহুত প্ৰশ্ন আছে, কোনে শুনিব, কোনে মোক পথ দেখুৱাব?”

“মোক কৈ যাওক দেৱী, মই শুনিম, বুদ্ধই পথ দেখুৱাব।“

“তথাগত বুদ্ধই?”

“নাই, আপোনাৰ বুদ্ধই, আপোনাৰ মনৰ মাজত বাস কৰি থকা বুদ্ধই।“

“মোৰ বুদ্ধই!”

হয় দেৱী, আপোনাৰ বুদ্ধ, যি আপোনাৰ জীৱনৰ সত্যবোৰক গ্ৰহণ কৰি শুদ্ধ হোৱাৰ পথ দেখুৱাব; সেই বুদ্ধ, যি আপোনাক শুদ্ধ হোৱাৰ পথত থকা কষ্টবোৰ অনায়াসে পাৰ কৰিবলৈ শক্তি দিব, সেই বুদ্ধই আপোনাক পথ দেখুৱাব। সেই বুদ্ধত শৰণ লওক আপুনি। সেই সত্য-ধৰ্মত শৰণ লওক দেৱী।”

লগে লগেই যেন চমৎকাৰ ঘটি গ’ল। গৱাক্ষৰে সোমাই অহা গংগাৰ পৱিত্ৰ বতাহজাকে মোৰ দীঘল চুলিখিনিত গতি লগাই মোৰ উন্মুক্ত বুকুখন ঢাকি দিলে। সূৰুযৰ প্ৰথমছাটি কিৰণে কোঠাটো পোহৰাই পেলালে। আৰু সুদূৰৰ বৌদ্ধবিহাৰৰ পৰা ভাঁহি আহিল ধ্যানৰত ভিক্ষুগণৰ কণ্ঠ,

“বুদ্ধং শৰণং গচ্ছামি।”

“ধম্মং শৰণং গচ্ছামি”

চতুৰ্থ খণ্ড: আম্ৰপালী: বৰ্ণিল দস্তাবেজৰ স্বৰ্ণীল লিপি

গধুৰ হৈ ৰাতিটোৱে জপটিয়াই ধৰে মোক। উশাহ বন্ধ হৈ যায় যেন। বিমল আজিকালি প্ৰায়েই শ্ৰমণৰ লগত নহ’লেবা প্ৰজ্ঞাৰ লগত টোপনি যায়। তাৰ হাজাৰ প্ৰশ্নৰ উত্তৰবোৰ মোৰ উদাসীন চেহেৰাই নুকুলায়। তাৰ প্ৰশ্নৰ উত্তৰবোৰ পায় শ্ৰমণৰ ওচৰত নতুবা প্ৰজ্ঞাৰ সাধুবোৰৰ মাজত। মই যেন নিস্পৃহ মন এটাহে কঢ়িয়াই আছোঁ। কি কৰি আছোঁ নিজেও নাজানো। শত্ৰুদেশৰ ৰজাৰ সৈতে প্ৰেমত পৰি প্ৰতাৰিত হোৱাৰ কথাটোৱে পিছ এৰিব পৰা নাই মোক। তাতোকৈও ডাঙৰ কথা, ময়েই লালন কৰি আছোঁ তেওঁৰ সন্তানক। হাঁহি উঠে, কি যে বিচিত্ৰ এই জীৱন!

পালংকৰ পৰা নামি মজিয়াত ভৰি থওঁ। পায়চাৰি কৰি থাকোঁ ইফাল-সিফাল। দৰ্পণত মুখ চাওঁ। ওঁঠৰঞ্জনেৰে ওঁঠ বুলাও। ভৰিত নূপুৰ পিন্ধি লাহেকৈ শয়নকক্ষৰ পৰা ওলাই আহোঁ মই। জুনুক জুনুক শব্দটোৱে চৌদিশ ৰজনজনাই যায়। শ্ৰমণৰ টোপনি ভাগি যায়। টোপনি ভাগি যায় প্ৰজ্ঞাৰো। মোৰ খেদ নাই সেইবোৰৰ প্ৰতি। আজি পূৰ্ণিমাৰ ৰাতি। পূৰ্ণিমাৰ ৰাতি আম্ৰকুঞ্জৰ মূলদুৱাৰ সকলোৰে বাবে খোলা থাকে। আজি পিছে বন্ধ কৰি দিয়া হৈছে সকলো প্ৰৱেশপথ। আজি দেৱীয়ে নৃত্য কৰিব কেৱল নিজৰ হেতু।

নৃত্যৰ সৈতে যে মোৰ আশৈশৱী প্ৰেম, এই প্ৰেমৰ পৰা নিজকে কিদৰে আঁতৰত থাকোঁ মই? নিজকে বুজাই বুজাই মই অভিবাদন জনাওঁ শাৰী শাৰী দৰ্শকৰ খালি আসনবোৰলৈ।

আজি মোৰ নৃত্য উপভোগ কৰিবলৈ দৰ্শকৰ আসনত কোনো নাই। সোমৰসেৰে মাতাল হৈ থকা দৰ্শকৰ স্থূল দৃষ্টিবোৰে আমুৱাইছে মোক। আমুৱাইছে নহয়, একপ্ৰকাৰ ঘৃণা আনিছে। কিন্তু মই নিৰুপায়। এই মধ্যপথৰ পৰা মই পলাই যাব নোৱাৰোঁ।

“কি কাৰণে, কি কাৰণে মই এই সমাজবৰ্জিত পথত ভৰি দিব লগা হ’ল”, শ্ৰমণৰ কৌতূহল জন্মিছিল।

নুবুজিব, শ্ৰমণে নুবুজিব এইবোৰ কথা। জীৱনৰ জটিলতা চুই নোপোৱা শ্ৰমণে নুবুজিব, এগৰাকী নাৰীয়ে কিয় শৰীৰ বিলাবলৈ প্ৰস্তুত হয়?

“কেতিয়াবা জীৱনৰ প্ৰতি ইমান মোহ থাকে যে দেহ তুচ্ছ কথা হৈ পৰে। নাৰীত্ব, সতীত্ব এইবোৰ কেৱল মহাকাব্যৰ চৰিত্ৰ হৈ পৰে। বাস্তৱত জীৱনতকৈ সত্য একো নাথাকে। আৰু মৃত্যুওতো ইমান সহজ নহয়। হয় নে নহয় শ্ৰমণ?”

মোৰ প্ৰশ্ন শুনি শ্ৰমণে চকু মুদি কিছু চিন্তা কৰিলে যেন, কি উত্তৰ দিব ভাবি নাপালে। জীৱনৰ লক্ষ্য মৃত্যু নহয়। জীৱনৰ লক্ষ্য হৈছে মোক্ষপ্ৰাপ্তি। মৃত্যুৰ পিছত কোনো জীৱন নাথাকে। জীৱনকালতে বাৰে বাৰে মৃত্যু হয়, যদি মোক্ষপ্ৰাপ্তি নহয়। শাক্যমুনিয়ে কোৱা কথা এইবোৰ। গভীৰ তত্বৰ কথা।

পিছে এই নাৰীয়ে কিদৰে উপলদ্ধি কৰিছে যে মৃত্যু ইমান সহজ নহয়। নিশ্চয় কোনো গভীৰ উপলদ্ধি আছে তেওঁৰ। বিস্ময় জন্মে তেওঁৰ।

“দেৱী, জীৱন-মৃত্যুৰ বিচিত্ৰতাই প্ৰতিজন মানৱকে আশ্চৰ্য প্ৰদান কৰে। আপোনাৰ কথাৰ পৰা অনুভৱ হৈছে মোৰ, মৃত্যুক যেন নিচেই ওচৰত স্পৰ্শ কৰি আহিছে আপুনি।

“আহিছো শ্ৰমণ, এবাৰ, দুবাৰ নহয়, বহুতবাৰ। আৰু সেইবাবেই মোৰ জীৱনৰ প্ৰতি ইমান মোহ। তুমিতো কৈছিলা শ্ৰমণ, মোহেই পাপ, মোহেই দুখৰ মূল উৎস। মোক এই মোহৰ পৰা মুক্ত কৰিব পাৰিবানে শ্ৰমণ? এই কষ্ট মই বলে নোৱৰা হৈছোঁ।”

চকুৰ কোণত পানীৰ টোপাল এটা জমা হৈছিল। দেহ-মনত অদ্ভূত জড়তা যেন লাগি আহিল। জোকাৰি আঁতৰাই পেলাব লাগে মই এই জড়তা। নৃত্যত ৰত হ’লো। কিশোৰ প্ৰেমিকৰ দৰে শ্ৰমণে দুৱাৰডলিৰ পৰা চাই থাকিল। নৃত্যৰ মুদ্ৰাবোৰত মোৰ শিশুকালটো ভাঁহি আহিল। কিমান বছৰৰ আগৰ কথা আছিল সেয়া। কিমান বছৰৰ আগৰ আছিল সেই বৈশালী। মুঠেই ত্ৰিশবছৰ।

এৰা। ত্ৰিশবছৰৰ আগৰ বৈশালী আছিল সেয়া। ধনে-ধানে সুজলা-সুফলা বৈশালীখন মনৰ চিত্ৰপটত ভাঁহি আহিল।

হিমালয়ৰ পাদদেশৰ পৰা সমগ্ৰ গংগা উপত্যকা জুৰি আছিল তেতিয়াৰ বৈশালী ভূখণ্ডৰ বিস্তৃতি। বৈশালী আছিল এখন উন্নত নগৰ। পৰিস্কাৰ ৰাস্তা, উন্নত নলা-নৰ্দমা তথা শৃংখলকৈ সজা বাসভৱনবোৰেৰে বৈশালী আছিল উত্তৰ ভাৰতৰ মধ্যমণি। ঠায়ে ঠায়ে আছিল প্ৰজাৰ মনোৰঞ্জনৰ বাবে ফুলৰ উদ্যান। শিশুসকলৰ খেলৰ ব্যৱস্থাও আছিল ঠায়ে ঠায়ে। আমৰ বাবে বিখ্যাত বৈশালীৰ মাজমজিয়াতে আছিল কেইবাখনো আমৰ বাগান। আমৰ ব্যৱসায়ত ভালেমান ৰাজহ সংগ্ৰহ কৰিছিল বৈশালীয়ে। চুবুৰীয়া ৰাজ্য মগধ, গান্ধাৰ, অংগৰ বণিকসকলে আৰু বিদেশী গ্ৰীক, ৰোমান আৰু পাৰ্চীসকলে বেপাৰ-বাণিজ্যৰ কেন্দ্ৰস্থল হিচাপে বৈশালী নগৰীকে বাচি লৈছিল। কাজেই অৰ্থনৈতিক দিশতো টনকিয়াল আছিল এই নগৰ।

কেৱল ভৌগোলিক তথা প্ৰাকৃতিক সম্পদেই নহয়, ৰাজনৈতিকভাৱেও বৈশালীৰ নিয়ম কানুন কিছু অগতানুগতিক। জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত নগৰৰ চৌপাশে গাঁথি দিয়া হৈছিল ওখকৈ শিলৰ প্ৰাচীৰ। চোৰাংকাৰ্য নিৰীক্ষণৰ বাবে প্ৰাচীৰৰ ওপৰত সজাই তোলা হৈছিল সুউচ্চ আসন। সন্দেহজনক কিবা চকুত পৰিলেই প্ৰতিটো গোষ্ঠীগত দলৰ নেতালৈ সম্বাদ যায়। এই দলসমূহৰ নেতা নিৰ্বাচন হৈছিল গণতান্ত্ৰিক পদ্ধতিত।

আঠোটা ক্ষত্ৰিয় দল, ৱজ্জি, লিচ্চবি, বিদেহ, জ্ঞাতৃকা, উগ্ৰ, ভোগ, কৌৰব আৰু ঐক্ষবকৰ সন্মিলিত গণসংঘৰ ৰাজধানী হৈছে বৈশালী। এই আঠোটা দলৰ ভিতৰত ৱিজ্জি, লিচ্চবি, বিদেহ আৰু জ্ঞাতিকা বেছি প্ৰভাৱশালী দল আছিল। প্ৰতিটো দলৰে নিজা নিজা ৰাজধানী আছে। কিন্তু গোটেইকেইটা দলৰ সন্মিলীত ৰাজধানী হৈছে বৈশালী।

বৈশালী পৃথিৱীৰ এক অন্যতম প্ৰাচীন গণতন্ত্ৰৰ উদাহৰণ। খ্ৰীষ্টপূৰ্ব চাৰিশ শতিকাত, যি সময়ত পৃথিৱীত ৰাজতন্ত্ৰই বিৰাজ কৰিছিল, সেই সময়তে বৈশালীনগৰীত জনগণৰ মতামতক গুৰুত্ব দি ভোটাধিকাৰৰ জৰিয়তে নৃপতিৰ নিৰ্বাচন হৈছিল। বৈশালীৰ প্ৰায় সাতহাজাৰৰ পৰিয়াল এই আঠোটা দলত বিভক্ত। পৰিয়ালৰ পুৰুষ মুৰব্বীজনে বছৰি এবাৰকৈ ভোটদান কাৰ্যৰে গণ পৰিষদ গঠন কৰে। এই গণ পৰিষদৰ মূল নেতাজনক বৈশালীনৃপতি হিচাপে গণ্য কৰা হয়। নজনীয়া মন্ত্ৰীৰ সৈতে নৃপতিয়ে ৰাজ্য চলায়। এইসকল বিভিন্ন দায়িত্ব্ত থাকে। কোনো এজন মন্ত্ৰী ৰাজ্যৰ আভ্যন্তৰীণ সুৰক্ষাৰ দায়িত্বত থাকে, কোনো এজন থাকে মুখ্য বিচাৰকৰূপে, কোনোজন থাকে মুখ্য সেনাধক্ষ্য হিচাপে আৰু কোনোজন থাকে উপনৃপতি হিচাপে।

পিতায়ে এই কথাবোৰ কৈছিল মোক। কৈছিল মোক মোৰ জন্মকুণ্ডলীৰ আঁৰৰ কাহিনী । মোৰ জন্মক্ষণৰ সেই পাহৰিব নোৱৰা স্মৃতিখিনি এদিন পিতায়ে মোৰ আগত ব্যক্ত কৰিছিল।

সেইদিনা আছিল যুৱৰজা মনুদেৱৰ অভিষেক-পুষ্কৰিণী। তক্ষশীলা বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত অধ্যয়ন কৰি অহা তৰুণ যুৱক মনুদেৱক বিপুল ভোটত জয় কৰাই বৈশালীৰ নৃপতি হিচাপে কাৰ্যভাৰ প্ৰদান কৰাৰ উদ্দেশ্যেই এই আছিল ৰাজ-অভিষেক।

এই উপলক্ষ্যে বেছ কিছুদিন আগৰে পৰাই নগৰখন সজাই তোলা হৈছিল। ৰাজপথ, নদীঘাট, সৰোবৰৰ পাৰ, উদ্যান সকলোতে ৰং-বিৰঙী পুষ্পৰ সাজোন-কাচোন। ৰঙা দলিচাৰে চিকুণাই ৰখা হৈছিল ৰাজপথ। অতিথিশালাবোৰ চাফ-চিকুণ কৰি বহিঃৰাজ্যৰ অতিথিৰ বাবে প্ৰস্তুত কৰি তোলা হৈছিল।

তেনে সময়তে পুৰণি ৰাজ-হাউলিৰ এটা আন্ধাৰ কোঠাত মোৰ আগমন ঘটিছিল। বৰ অনিচ্ছাকৃত আগমন আছিল সেয়া। বৈদ্যৰ কাঢ়া ঔষধেও মোক মোৰ জন্মদাতা আইৰ নাভিৰ পৰা বিছিন্ন কৰিব পৰা নাছিল। মোৰ তোলনীয় পিতায়ে পিছত কৈছিল মোক, “এই শিশু ইমান দুৰ্বল নহয়, পৃথিৱীত এই শিশুৱে খোজ থৈ যাব।“

আজিও নুবুজিলোঁ মই, এটি মানৱশিশু কিয় অশুদ্ধ হৈ পৰে, কিয় সমাজৰ চকুত পাপ হৈ পৰে। প্ৰাকৃতিক নিয়মত জন্মগ্ৰহণ কৰা শিশুটিক কিয় পৰিয়ালে নিজ হাতেৰে সমাজৰ আঁৰত দলি মাৰি থৈ আহে?

তথাগতে সেয়াই যেন কৈছিল, “মোহেই পাপ। এই যে শৰীৰৰ ক্ষন্তেকীয়া মোহত লোকচক্ষুৰ আঁৰত দুই নৰ-নাৰীৰ মিলন হ’ল, আৰু স্বাক্ষৰ বহন কৰি থকা হ’ল শৰীৰত। লোকচক্ষুৰ পৰা বাচিবলৈ আকৌ সেই স্বাক্ষৰক হত্যা কৰি মচি দিব খোজা হ’ল নিৰ্মমভাৱে। এয়া জানো মোহৰ পৰা সৃ্ষ্ট পাপ নহ’ল?”

হয়, মোহৰ পৰাই সৃষ্টি হৈছে সকলোধৰণৰ পাপ। ইতিহাস সাক্ষী আছে এই কথাৰ। দ্বিগবিজয়ী ৰজাৰ ক্ষমতাৰ মোহত যুদ্ধ আৰু হত্যাৰ দৰে পাপ হৈছে, পৰনাৰীৰ মোহত পৰি অপহৰণৰ দৰে পাপ হৈছে। নৃত্য সামৰি মই বহি ৰৈছোঁ মুকলি আকাশৰ তলত। এহাতমান দূৰৈত থিয় দি আছে তেওঁ, যাৰ আগত মই মোৰ জীৱনৰ ভয়াবহ কথাবোৰ খুলি দিয়াৰ কথা।

যি নহওক, মোৰ কথাখিনি আধৰুৱা হৈছে। শ্ৰমণক বহু কথা ক’বলৈ আছে, যিবোৰ সত্য মই মোৰ বাদে কাৰো আগত মেলি দিব পৰা নাই, সেইবোৰ ক’বলৈ ওলাইছোঁ এই কমবয়সীয়া বৌদ্ধ ভিক্ষুক। মোৰ স্বীকাৰোক্তিয়ে মোক পথৰ সন্ধান দিব, গতি দিব।

“তাৰ পিছত দেৱী? সেই আন্ধাৰ কোঠাৰ পৰা কোনে তুলি আনিলে আপোনাক?”, বেছ কিছু পৰৰ পিছত শ্ৰমণে মাত দিলে।

ৰৈ দিলোঁ মই। সেই আন্ধাৰ কোঠাৰ পৰা কোনে মোক দলিয়াই দিছিল নাজানো, কিন্তু পিতনিৰ পৰা তুলি অনাজনতো দেৱতাই আছিল।

সেই দেৱতাজন আছিল বৈশালীৰ এখন ক্ষুদ্ৰ গাঁওৰ কৃষক সাম্যদত্ত। গংগাৰ স্নানঘাটত স্নান কৰাই যুৱৰাজ মনুদেৱক ৰথত তুলি ৰাজপথেৰে লৈ আনোতে পুষ্পবৃষ্টিৰে ভিজি গৈছিল ৰাজপথৰ সোণালী দলিচা। জাউৰিয়ে জাউৰিয়ে আয়তীসকলে উৰুলি দিছিল, ৰথৰ পিছফালে নৃত্যৰতা অৱস্থাত আছিল নগৰৰ বিখ্যাত নৰ্তকীৰ দল। শিশুসকলে পিতৃ-মাতৃৰ কোলাত উঠি নৱনিৰ্বাচিত সুন্দৰ-সুঠাম নৃপতিজনক চাবলৈ ডিঙি মেলি ৰৈ আছিল। আৰু সাম্যদত্তই খেতিৰ খোলা চপাই ঘৰলৈ আহোঁতে ভাবি আহিছিল, ভানুমতীকো লৈ যাব লাগিব অভিষেকৰ মেলালৈ।

ভানুমতী তেওঁৰ পত্নী, স্বভাৱত গহীন গম্ভীৰ। গহীন-গম্ভীৰ নহ’বইনো কিয়? বিয়াৰ নবছৰলৈকে যে ভানুমতীৰ কোলা শুৱনি কৰা নাই এটি ফুল-কোমল শিশুৱে। যিসময়ত পিয়াহৰ ভৰত বুকু গধুৰ হ’ব লাগিছিল, সেই সময়ত দুখৰ ভৰত বুকু গধুৰ হৈ থাকে ভানুমতীৰ। সাম্যদত্তই তাইক এই পঁজালৈ লৈ অনা নটা বৰ্ষ পাৰ হ’ল। এই নটা বৰ্ষত নটা বসন্ত পাৰ হ’ল, গছবোৰে নবাৰকৈ কুঁহিপাত সলালে। প্ৰথম কেইবছৰ বেছ উৎসাহেৰে শিশু এটিৰ বাবে অপেক্ষা কৰিছিল দুয়ো, এই যেন থুপুক থাপাক খোজেৰে ভৰিত জুনুকা পিন্ধি চোতালত ৰৈছে দেৱকন্যা এটি। নাই, ভগৱানে দুয়োৰে আশা কেতিয়াও পূৰণ নকৰিলে। নদীৰ ঘাটত পানী তুলিবলৈ যাওঁতে গাঁওৰ গা-ভাৰী মহিলাসকলে মাজে মাজে বিৰতি ল’লে, ভানুমতীৰ পিছে বিৰতি ল’বলগীয়াকৈ তেনে ক্ষণ নাহিল। উকা হৈ থাকিল ঘৰ-চোতাল। পথাৰত জলপান দিবলৈ যাওঁতে নতুবা নদীঘাটত পানী তুলিবলৈ যাওঁতে আঁচলত ধৰি শিশু এটি অগা-দেৱা কৰি নাথাকিল।

সেয়েহে ভানুমতীৰ মুখৰ হাঁহি গুচি গহীন হৈ পৰিল। এই গহীন গম্ভীৰ ৰূপে সাম্যদত্তৰ বুকুখনতো আঘাত সানে। গোল মুখৰ ঈষৎ শকত মানুহজনীৰ চকুৰ শূন্যতাটোৱে খেদি ফুৰে তেওঁক। আৰু সেই শূন্যতাত অলপ ৰং সানিবলৈকে মানুহজনীক কেতিয়াবা মেলা-হাটলৈ লগ ধৰে তেওঁ। এইবেলিও ব্যতিক্ৰম নহ’ল। খেতিৰ পৰা আহিয়েই চিঞৰ জুৰিলে,

“ভানু, অ’ ভানু। খাই বৈ সাজু হ’ সোনকালে। নগৰলৈ যাব লাগে।”

ভানুমতী আচৰিত, “হঠাতে নগৰলৈ?”

সাম্যদত্তৰ মুখলৈ চালে। কিবা এক কিৰণে যেন সাম্যদত্তৰ মুখখন পোহৰাই থৈছে। দুনাই প্ৰশ্ন কৰিবলৈ সত নগ’ল তাইৰ। চুবুৰীয়াসকলকো লগ ধৰিলে সাম্যদত্তই। গৰুগাড়ী দুখন সাজু কৰা হ’ল। প্ৰত্যেকগৰাকীৰে হাতত আছিল এটা-দুটা এমাডিমা। ভানুমতীয়ে নিজৰ কোলা পাহৰিবলৈ উৰ্বৰ পথাৰখনলৈ চাই পঠিয়ালে। বতৰ ভাল হৈছে এইবাৰ। বৰষুণে গংগাৰ পানীৰ স্তৰ বঢ়াই পথাৰত পলস পেলাইছে। ধান, জোৱাৰ, গমশস্য ভাল হৈছে। ভঁৰাল টনকিয়াল হ’ব এইবাৰ। আমবোৰ ডহেচীয়া বৰণ ধৰিছে।

গৰুগাড়ীৰ পৰা নামি মানুহবোৰে মেলালৈ খোজ লৈছে। সৰুবোৰে নিজৰ মাজতে দৌৰা-দৌৰি কৰি খেলিছে। কিছুমানে চাহ আৰু বাদামভাজি খাইছে, কিছুৱে মল্লযুঁজ চাইছে, কিছুৱে আকৌ খাৰুমণিৰ দোকানখনত সোমাই খাৰু-মণিবোৰৰ দৰদাম কৰিছে। ভানুমতীয়ে খাৰু লৈছে, ৰং বিৰঙী কাঁচৰ খাৰু অলপ হাতত ভৰাই হাতখনলৈ চাইছে, মঙহাল হাতখন জিলিকি পৰিছে। সাম্যদত্তই বজাৰত শস্যবোৰৰ দাম সুধি ফুৰিছে। দুদিন পিছত তেঁৱো পথাৰৰ শস্য আনি হাটত বহাৰ কথা। দুপইচা পালে ঘৰটো ওখকৈ ভেঁটিব লাগিব। প্ৰতিবাৰ বান আহিলেই সেই কথাটো মনলৈ আহে তাৰ। কিন্তু বান যোৱাৰ পিছত কথাটো তল পৰে। এইবেলি মন বান্ধিছে তেওঁ, ঘৰটো মজবুত কৰিবই লাগিব।

মেলাৰ পৰা ওলাই তেওঁ ওচৰৰ উদ্যানখনলৈ খোজ ললে। অস্তগামী বেলিৰ পোহৰ পৰি সৰোবৰৰ পানীবোৰ টলমল কৰিছে। ঘোষকে ৰজাৰ অভিষেকৰ বিতং বাতৰিবোৰ ৰাজহুৱাকৈ ঘোষণা কৰি আছে। তাৰ মাজতো কাউৰী এজাকৰ চিঞৰত সচকিত হৈ উঠিল সাম্যদত্ত। যেন এটি সদ্যোজাত কেঁচুৱাৰ কান্দোন ভাঁহি আহিছে বতাহত। মিহি মিহিকৈ….

“নাই, ভ্ৰম হয় এইয়া”, মনটো জোকাৰি দিছে তেওঁ। দুদিনমানৰ পৰা অদ্ভূত সপোন কিছুমানে আমনি কৰি আছে তেওঁক। পাঁচবছৰীয়া গুড্ডিয়ে দেউতাকলৈ জলপান লৈ অনা দেখিলে তেওঁৰ মাজৰ দেউতাকজন সাৰ পাই উঠে। গুড্ডিৰ অকণমানি আঙুলিত ধৰি গুচি যাবলৈ মন যায় যেনি তেনি।

বতাহত আকৌ ভাঁহি আহিল কেঁচুৱাৰ কান্দোন, আৰু লগে লগে এজাক কাউৰীৰ চিঞৰ। সাম্যদত্ত আগবাঢ়ি গ’ল। কোনফালৰ পৰা আহিছে কেচুঁৱাৰ এই শব্দ? ভ্ৰমতো নহয় এয়া। আমবাগানৰ নিৰ্জনতাত কেঁচুৱাৰ কান্দোন সঠিককৈ শুনিছে তেওঁ। বেৰি আছে এজাক ঢোৰাকাউৰীয়ে, এই যেন থপিয়াই নিব এতিয়াই আৰু ফালি ছিৰি শেষ কৰিব মানৱ শিশুৰ ক্ষুদ্ৰ অংগ প্ৰতংগবোৰ।

নাই, তেনে একো কৰা নাই কাউৰীৰ জাকটোৱে। ৰঙা-বগা দেৱশিশুটোৰ বিষয়ে পৃথিৱীক জনাই দিয়াটোৱেই যেন আছিল সিহঁতৰ উদ্দেশ্য। সাম্যদত্তক দেখি সিহঁতে অদূৰতে ৰৈ আলেখলেখ চাই থাকিল। আমগছৰ তলত কাপোৰেৰে মেৰিয়াই থোৱা দেৱশিশুটি দেখি সাম্যদত্ত মূঁচকচ যোৱাৰ উপক্ৰম হ’ল। কোনে এৰি থৈ গ’ল এই কেঁচুৱাটি। ভুলতে নে ? কি কৰে তেওঁ এতিয়া? নিজে হাতত তুলি লয় নে আন মানুহক খবৰ দি আহেগৈ?

কেঁচুৱাটোৱে এইবাৰ কিছু জোৰেৰে কান্দিবলৈ ধৰিলে। সাম্যদত্তই নিজক ৰখাব নোৱাৰিলে। কেঁচুৱাটো হাতত তুলি লৈ খৰখোজেৰে ভানুমতীৰ ওচৰ পালেগৈ। ভানুমতীও আচৰিত হ’ল কেঁচুৱাটো দেখি। লগে লগে কথাটো জনাজাত হৈ পৰিল। কোনোবাই গৈ ঘোষণা কৰি দিলে আমবাগানত উদ্ধাৰ হোৱা শিশুটোৰ বিষয়ে। কোনোবাই ওচৰৰ গাঁওবোৰত খবৰ দিলেগৈ। বিচাৰ-খোঁচাৰ আৰম্ভ হ’ল।

আন্ধাৰ নামিল। কেঁচুৱাটো চমজি ল’বলৈ পিছে কোনোৱেই আগবাঢ়ি নাহিল। ভানুমতীৰ কোলাৰ উম পাই কেঁচুৱাটোও নিশ্চিন্তে টোপনি গ’ল। মেলাৰ সমাগম কমিল। হাট এৰি বেপাৰীবোৰ ঘৰমুৱা হ’ল। কেৱল বাকী থাকিল সাম্যদত্তৰ গৰুগাড়ীখন। সাম্যদত্তৰ মনত এটা কথাই খেলাই আছে, এয়াতো অন্যায়। মাকৰ বুকুৰ পৰা হেৰাই যোৱা কেঁচুৱাটোক মাতৃদুগ্ধৰ পৰা বঞ্চিত কৰিবলৈ সত যোৱা নাই তেওঁৰ। ভানুমতীৰ মুখত নানান ভাবৰ হেন্দোলনি। কেঁচুৱাটোৰ আপেল-ৰঙা মুখখনিলৈ চাই তেওঁ কিবা ভাবিলে আৰু সাম্যদত্তক হেঁচুকি গৰুগাড়ীত উঠিলগৈ।

“ভানু, কিয় বুজি পোৱা নাই? এয়া আনৰ ঘৰৰ শিশু, আমি এৰাতিও লগত ৰাখিব নোৱা

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক