তৃতীয় লিংগৰ অন্তৰ্নাদৰ সমসাময়িক অভিক্ৰিয়া: ফায়াৰ ফ্লাইজ (জোনাকী পৰুৱা) — ড• দীপশিখা ভাগৱতী

সভ্যতাৰ নিৰন্তৰ ওডিচীয়ে মানুহৰ উশাহ নিশাহৰ যিমান যাত্ৰাক লিপিবদ্ধ কৰে, সেয়া বুৰঞ্জী। প্ৰত্যেক মানুহৰ সুখ আৰু যাতনাই, তাক ধাৰণ কৰা প্ৰতিজন ব্ৰেভহাৰ্টৰ যি ইতিহাস লিখে, সেয়া জীৱন আৰু তাৰ মহত্তম কাহিনী। ফিল্ম অথবা চিনেমা হৈছে এক মাধ্যম, য’ত প্ৰতিটো সম্পৰ্ক, বিশ্বব্যাপ্ত দৃশ্যমান অঙ্গবন্ধুৰতাৰ বিভিন্ন প্ৰান্তৰৰ বহু মাত্ৰা, আৱেগ, কেতিয়াবা তেওঁলোকৰ সচেতন আৰু অৱচেতন পৰিচয়ৰ সকলো অৱস্থাক প্ৰতিষ্ঠা কৰাৰ এক বিশাল পৰীক্ষাগাৰ, য’ত বিভিন্ন শৈলী আৰু বিষয়ক সংপৰীক্ষণ, উদযাপন, অগ্ৰাহ্য আৰু প্ৰতিস্থাপন কৰা হয়। পৰিৱৰ্তন হৈছে সময়ৰ এক ধ্ৰুবক সত্য, আনকি ৰূপালী পৰ্দাৰ পৃথিৱীয়েও এই পৰিৱৰ্তন নিৰন্তৰভাৱে উদযাপন কৰি আহিছে। কিন্তু যেতিয়া এক বিশেষ প্ৰান্তীয় সম্প্ৰদায়ৰ প্ৰশ্ন উদ্ভৱ হয়, এই সত্যটো এক ছদ্ম সত্য যেন লাগে, আনকি ৰূপালী পৰ্দাৰ পৰিসৰতো ইয়াক এক অগভীৰ মাত্ৰাতেই বহুদিন ধৰি চিত্ৰায়ণ কৰি অহা হৈছিল। কোনো কোনো সংবেদনশীল চাক্ষুষ কথাকাৰৰ বাহিৰে, এই সম্প্ৰদায়ে চেলুলয়েডৰ ফ্ৰেমত মানৱীয় ন্যায় পোৱা নাছিল। এই সম্প্ৰদায় হৈছে তৃতীয় লিংগ বা এক বহল পৰিসৰত LGBTQ. কিন্তু ধীৰে ধীৰে সময় সলনি হৈছে। বহু সংবেদনশীল পৰিচালকে LGBTQ সম্প্ৰদায়ক, ফিল্মত সচৰাচৰ দেখুৱাই অহা এক কমিক ৰিলিফ বা ভয়ংকৰ খলনায়কৰ পাৰম্পৰিক সংকুচিত লেটাৰ পৰা মুক্ত কৰি আনি এক মানবীয় দৃষ্টিকোণেৰে ৰূপালী পৰ্দাত উদ্ভাষিত কৰি তোলাৰ প্ৰয়াস কৰা পৰিলক্ষিত হয়।
ফায়াৰ ফ্লাইজঃ
এজন ধুনীয়া, মৰমলগা ল’ৰাই ভাৱলেশহীন অভিব্যক্তিৰে এটা ব্যবহৃত গর্ভনিৰোধকৰ অৱশিষ্ট ভৰিৰে ঠেলি আঁতৰাই, বিছনাখনৰ পৰা উঠি চাহ একাপ তৈয়াৰ কৰিবলৈ লয়। তাৰ ঔদাসীন্যৰ কাৰণ তাৰ সৈতে প্ৰতিনিয়ত ঘটি থকা এই দুঃখজনক যৌন বাণিজ্য। ল’ৰাজনে এজনী ছোৱালীৰ দৰেই পোছাক পিন্ধে, সমস্ত প্ৰসাধন কৰে, কিন্তু এজনী ছোৱালীৰ অন্তর্নির্মিত কোনো ৰেচমী বিন্যাস তাৰ মাজত নাই। এই বীক্ষণ বাগধাৰাৰ প্রথম মুহূর্তটিয়েই তাৰ বৈকল্পিক লিংগ হোৱাৰ কাৰুণ্য গাথা প্রকাশ্যে প্রকাশ কৰে, যাৰ বাবে এজন যৌনকর্মী হোৱাটো যেন নিয়তিৰেই লিখন আছিল, কাৰণ পৰম্পৰাগত সমাজ ব্যৱস্হাই তাৰ দৰে মানুহক অতি সামান্য পৰিসৰতহে কোনো মূলসূঁতিৰ বৃত্তিগত বিস্তাৰ প্ৰদান কৰে। জাহ্নুৱে (বেঞ্জামিন দৈমাৰী) জৈবিকভাবে এজন পুৰুষ হৈ জন্মগ্রহণ কৰিছিল, কিন্তু তাৰ আভ্যন্তৰীণ হৰমণসমূহে তাৰ বাবে এটা বেলেগ জৈবিক তথা মানসিক অস্তিত্বৰ পৰিকল্পনা কৰিছিল। ছোৱালীসুলভ কমনীয়তাৰে ভৰা এজন ল’ৰাৰ ৰূপত, তাৰ সৰল সুন্দৰ হাঁহি, গোপনে নাৰীৰ অন্তর্বাস পিন্ধাৰ প্রবণতা, উজ্জ্বল ছালৰ বাবে আলফুলে কেঁচা হালধি সনা, যি হয়তো এটা একান্তই নাৰীসুলভ কাৰবাৰ, দৈহিক কাৰ্ভসমূহ প্ৰষ্ফুটিত হোৱাকৈ আইনাৰ সমুখত ৰৈ অফ শ্বোল্ডাৰ টপ পিন্ধা, গা ধুবলৈ ফিল্টাৰৰ পানী ব্যবহাৰ কৰা – এই সমস্ত কাৰ্যকলাপে তাৰ আভ্যন্তৰীণ স্ত্ৰীসুলভ আবহতাকেই বহন কৰে। গাঁৱৰ, তাতকৈ বয়সত ডাঙৰ কিছু যুৱকে, আনকি পিতৃৰ বয়সৰ কিছু মানুহেও তাক শাৰীৰিক, মানসিকভাবে লাঞ্ছিত কৰে আৰু শ্লীলতা হানি কৰাৰ চেষ্টা কৰে। বিদ্যালয়ত, তাৰ কিছু পুৰুষ সহপাঠীয়ে তাক “লেডীজ” বুলি অপদস্হ কৰে, আনকি জাহ্নু নিজৰ গৃহশিক্ষকজনৰ দ্বাৰাও যৌন নির্যাতিত হয়।
সি ছবি আঁকি ভালপায়, কিন্তু আন বিদ্যায়তনিক বিষয়বোৰৰ প্ৰতি বিশেষ আগ্রহী নহয়। কিন্তু জাহ্নু তাৰ লগৰ সমাজস্বীকৃত “স্বাভাবিক লিঙ্গ” বহন কৰা বহু ল’ৰাৰ তুলনাত নিজৰ সহপাঠী ছোৱালীবোৰৰ পক্ষে অনেক বেছি অনুগত আৰু বিশ্বস্ত। সেই স্বাভাবিকসকলৰ বহুতেই নিজৰ মহিলা সহপাঠীক “চেন্ডউইচ্চ” বুলি আখ্যা দি তেওঁলোকৰ প্ৰতি এক অসুস্থ যৌন মনোভাব পোষণ কৰে৷ ছোৱালীয়ে জাহ্নুৰ সংগত সুৰক্ষিত অনুভৱ কৰে, সিহঁতে আনকি কোনো সংকোচ নকৰাকৈ তাৰ সৈতে নিজৰ জৈবিক জীৱনৰ একান্ত ব্যক্তিগত বিষয় সম্পৰ্কেও আলোচনা কৰিব পাৰে, কাৰণ জাহ্নুৱে নাৰী সত্বাক সম্মান কৰে। তাৰ কাৰণ এয়াও, যে সি প্ৰকৃততে হাড়ে হিমজুৱে নাৰী হবলৈকে বাঞ্চা কৰে, আৰু ইপ্সিত বস্তু লাভ কৰাৰ সাধনা তথা কঠিন যাত্ৰাই তাৰ হেঁপাহ দুগুণে বঢ়াই তোলে। “নিবি”ৰ দৰে অন্তৰংগ বান্ধবী থাকিলেও জাহ্নুৰ অন্তৰ্মহল সদায় একাকীত্বৰ যন্ত্ৰণাৰে দগ্ধ, নিবিহঁতে তাৰ এই যাতনা আৰু বিদীৰ্ণ সত্বাক অনুভৱ কৰাটো প্ৰায় অসম্ভৱ, কিয়নো সিহঁতে কোনো লিঙ্গ সংকটৰ সংঘৰ্ষত লিপ্ত হোৱাৰ অৱকাশেই নাই। তাৰ জীৱন আৰু সিহঁতৰ জীৱন সম্পূৰ্ণ বেলেগ। প্রতি মুহূর্ততে, সামাজিক বাধ্যবাধকতাৰ বাবে সি তাৰ স্বতঃস্ফূর্ত লিঙ্গ তথা তাৰ বাধ্যতামূলক লিংগৰ মাজৰ এটা বিভক্তিত জীয়াই থাকিবলৈ বাধ্য।
বিদ্যালয়ত সি খুব দ্বিধাৰে পুৰুষৰ টয়লেট ব্যবহাৰ কৰে, কাৰণ তাৰ প্রাকৃতিক কৰ্মৰ প্ৰকাৰ বা ইচ্ছাইও এগৰাকী নাৰীৰ প্ৰক্ৰিয়াকহে সমর্থন কৰে৷ সি আনকি সেই প্ৰাকৃতিক কৰ্মখিনিৰ বাবেও মুকলি নহয়! মানুহ এক সামাজিক সত্তা, সকলোৱেই নিজ বৃত্তৰ, নিজৰ সৈতে একে তৰংগৰ মানুহৰ লগত মিলামিছা কৰিবলৈ ভাল পায়৷ জাহ্নুও নিজতকৈ বহু জ্যেষ্ঠ এজন ব্যক্তিৰ প্রেমত পৰে। পৰেশ নামৰ সেই ব্যক্তিজনেও জাহ্নুৰ দৰেই একে সঙ্কটৰ চিকাৰ হয় আৰু সমাজৰ বহু শত্রুতাত ক্লান্ত হৈ পৰি শেষত নদীৰ প্রান্তত, গাঁৱৰ পৰা কিছু নিলগত এক নির্জন জীবনযাপন কৰে। সকলোৱে তেওঁক পৰেশ পাগল বুলি জোকায়, তেওঁ কিন্তু কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে। তেওঁ খেতিত কাম কৰে, কিতাপ পঢ়ে আৰু সম্পূর্ণৰূপে এজন নিৰ্জু মানুহ, যি সামাজিক মানদণ্ডৰ দ্বাৰা গৃহীত নহয়। তেওঁ জাহ্নুক এখন শাৰী পিন্ধাই দিয়ে। জাহ্নুৱে তেওঁৰ প্ৰতি এক তীব্র যৌন তাড়না অনুভব কৰে আৰু তেওঁৰ সৈতে বিবাহপাশত আবদ্ধ হবলৈ ইচ্ছা কৰে, যাক পৰেশে অস্বীকাৰ কৰে। তেওঁ জানে যে জাহ্নুৰ অপৰিপক্ক কৈশোৰৰ বুদ্ধিমত্তাই এই জটিলতা বুজি পাবলৈ সমৰ্থ নহয়। এদিন, যেতিয়া তেওঁলোকে এডৰা খেতিৰ মাজত সাধাৰণ কথোপকথনত ব্যস্ত আছিল, তেতিয়াই গাঁৱৰ এটা দুষ্ট ল’ৰাই, যি সদায়ে জাহ্নুৰ শ্লীলতা হানি কৰাৰ সুযোগ বিচাৰি আছিল, সি উদ্দেশ্যপ্রণোদিতভাবে গাঁৱত প্ৰচাৰ তৰি দিলে যে সি জাহ্নু আৰু পৰেশক অসংযত অৱস্হাত ধৰা পেলাইছে। জাহ্নুক তাৰ ককায়েকে নির্মমভাবে মাৰধৰ কৰে। সি ঘৰ এৰি চহৰলৈ বুলি ওলাই যোৱাৰ বাটতে সেই ল’ৰা দুজনমানে মিলি তাক ধৰ্ষণ কৰে।
তেওঁলোকৰ গাঁওখন প্ৰকৃততে চহৰৰ কাষৰ এক অৰ্দ্ধ নগৰীয় বসতি। জাহ্নুৱে এদিন চহৰত এগৰাকী ট্রান্সওমেন (তৃতীয় লিংগৰ মহিলা)ক লগ পাইছিল আৰু তাৰ পিছতেই নিজৰ মতে জীয়াই থকাৰ সেই পথৰ সন্ধান পাইছিল। নিজৰ মাটি, আত্মীয়, সকলোকে এৰি দূৰলৈ গৈ সি তৃতীয়লিংগৰ দল এটাত যোগ দিয়ে আৰু তেওঁলোকৰ সমাজৰ নিয়ম নীতিৰ মাজেৰে যথাক্রমে “জাহ্নুৰ” পৰা “জাহ্নবী”লৈ ৰূপান্তৰিত হয়। ধীৰে ধীৰে জাহ্নৱীয়ে এগৰাকী দামী যৌনকৰ্মী ৰূপে পৰিগণিত হয়। বায়েক আৰু মাকৰ কিন্তু জাহ্নুৰ প্ৰতি অগাধ ভালপোৱা আছিল আৰু নিয়মিত যোগাযোগ ৰাখিছিল। জাহ্নুৱে বায়েকক কয় যে অসুস্হ দেউতাকক উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ স্থানান্তৰ কৰা হওক, তাত ইতিমধ্যে তাৰ চিনাকি বৃত্ত এটাও গঢ়ি উঠিছে। কিন্তু দুর্ভাগ্যক্রমে পিতৃৰ মৃত্যু হয়। বিধিগতভাৱে বিকল্প লিংগৰ “জাতত উঠাৰ” পিছত যেতিয়া জাহ্নু অৰ্থাৎ জাহ্নৱীয়ে প্রথমবাৰৰ বাবে মৃত পিতৃৰ শেষ যাত্ৰাত চামিল হোৱাৰ বাবে নিজৰ ঘৰলৈ আহে, মাকে ভিতৰৰ পৰা হিয়ালি জিয়ালিকৈ কান্দি দৌৰি আহি তাক সাৱটি ধৰি কয়, “এই তিনিবছৰে ক’ত আছিলি তই? দেউতাৰে তোৰ শোকতেই গুচি গ’ল। মাংস অলপ আনিলেও খাব নোৱাৰে, তই যে ভাল পাইছিলি! তোৰ কথা কৈ কৈয়ে কান্দি থাকিছিল!”

এই সম্পূৰ্ণ দুখৰ পৰিবেশতো তাত থকা মানুহবোৰে জাহ্নুৰ ইমান বছৰৰ মূৰত ঘৰলৈ অহা কথাটোতকৈ তাৰ মহিলাসুলভ পোছাক পৰিচ্ছদ, ৰং কৰা কেকোঁৰা চুলি আদিৰ প্ৰতিহে তীৰ্যক দৃষ্টি নিক্ষেপ কৰিছিল৷ লেটাবন্দী পলুৰ দৰে সি ইমানেই সংকুচিত আৰু দুখী হৈ আছিল যে হৃদয়ৰ কোনো কথাই প্ৰকাশ কৰিব পৰা নাছিল, এটোপাল চকুলো টুকিব পৰা নাছিল, আনকি এজন বয়োজ্যেষ্ঠ মানুহে জাহ্নু/ জাহ্নৱীক মৃত পিতৃৰ ক্ৰিয়া কৰ্মত যোগ দিবলৈ পৰোক্ষভাৱে বাধা দিয়াৰ পাছতো সি “কিয়?” বুলি সোধাৰ বাহিৰে বিৰোধপুৰ্ণ শব্দ এটাও কব পৰা নাছিল।
“ফায়াৰ ফ্লাইজ” ৰ এই শেষ দৃশ্যটোৱে সমাজত তৃতীয় লিঙ্গ হোৱাৰ প্ৰকৃত বেদনাৰ সুষম চিত্ৰায়ণ কৰিছে, তাক “বিশুদ্ধ চিনেমা” আখ্যা দিব পাৰি, য’ত এজন সন্তানে পিতৃৰ অন্ত্যোষ্টিক্ৰিয়াতো যোগ দিয়াৰ অধিকাৰ নাপায়, মাত্ৰ লিংগ অসমানতাৰ বাবেই! সমাজে হত্যাকাৰী, ধর্ষণকাৰী, আনকি প্রমাণিত অপৰাধীকো গ্রহণ কৰে, কিন্তু এই প্ৰান্তীয় সম্প্ৰদায়টোক সদায় অৱহেলা আৰু ঘৃণাৰ চকুৰে চায়। অথচ তেওঁলোকৰ জন্মত তেওঁলোকৰ একো হাত নাই, ই সম্পুৰ্ণৰূপে এটা চিকিৎসা বিজ্ঞানৰ বিষয়। জাহ্নু ওৰফে জাহ্নৱী হ’ল সেই সমস্ত তৃতীয় লিংগৰ প্রতিনিধি যাৰ জীৱন প্ৰতিনিয়ত এই বিষাক্ত সামাজিক বৈষম্যৰ চিকাৰ হৈছে। কোনো তৃতীয় লিঙ্গই সাধাৰণতে স্বেচ্ছাই এজন যৌনকর্মী হৈ নুঠে, চাৰিওপাশে বিৰাজমান পুৰাতন, বিস্তৃত সমাজৰ শত্রুতাই তেওঁক বাধ্য কৰোৱায়।
নিজ গাঁওখনৰ পৰা দুঃখিত, অপমানিত হৈ নীৰৱে গুচি আহোঁতে জাহ্নুৱে হঠাতে গাড়ীৰ পিছৰ আসনৰ পৰা পিছফালে ঘূৰি চায়, এই যেন তাক কোনোবাই ঘৰুৱা নামটোৰে, মৰমেৰে মাতিলে, ” মাইনা! অ’ মাইনা!” কিন্তু তাত কোনো নাছিল, ই আছিল এক বিভ্ৰম। অৱচেতন মনত গাঁওখনৰ প্ৰতি থকা এক ভালপোৱাই যাৰ জন্ম দিছিল৷ নিষ্ঠুৰ সমাজে, তথাকথিত সভ্য জড়বুদ্ধিসকলে কেৱল লিঙ্গ স্বতন্ত্রতাৰ কাৰণেই এটি নিৰীহ মানুহক নিজৰ পৰিয়াল, জন্মস্থান আৰু তেওঁৰ সুপৰিচিত বিস্তৃতিৰ পৰা বিচ্ছেদিত কৰিছিল। গাঁওখনৰ সেউজ ৰঙক ধাৰণ কৰা দীঘল শ্বট, বিস্তীৰ্ণ ধাননি, চৰণীয়া পথাৰ, আৰু জাহ্নুৰ আত্মোক্তিৰ সংগী, তাৰ প্রিয় নদীখনৰ ফ্ৰেমবন্দী দৃশ্যই মানুহৰ সংকীৰ্ণতাৰ বিপৰীতে আৰু প্রকৃতিৰ নির্মল উদাৰতাৰ পৰিচয় দিয়ে, যি সকলোকে সমদৃষ্টিৰে লালন পালন কৰে। সেই নদ্যধাৰাৰ প্ৰান্ততেই জাহ্নুৱে নিজক প্রতিশ্রুতি দিছিল যে সি আৰু কাকো ভয় নকৰে, সি নিজৰ মতে, নিজে যি, তেনেকৈয়ে জীয়াই থাকিব। চহৰখনে তাৰ জৈৱিক অস্তিত্বক যেনেকৈ আছে তেনেকৈয়ে গ্ৰহণ কৰে, কিন্তু তাৰ শাৰীৰিক, মানসিক জগতখন সঙ্কুচিত কৰে। তাৰ শৰীৰ বিস্তৃতিৰ পৰিসৰ বস্তুগতভাবে এটি সুৰক্ষিত ব্যাস পর্যন্ত প্রসাৰিত হৈ যায়, কিন্তু সেই “গ্ৰাহক”ৰ ওচৰত হৃদয়ৰ কোনো দাম নাই। কেমেৰাই এই অনুদাৰতাক সংকীর্ণ গলি, সৰু শাৰী শাৰী ঘৰ আৰু লেতেৰা, নগৰীয়া বাট পথৰ ক্লোজ শ্বটৰ ভিজুৱেলেৰে দৃশ্যায়িত কৰিছে। আখ্যান বা চিনেমেটিক নেৰেটিভৰ দৃষ্টিকোণৰ পৰা “ফায়াৰ ফ্লাইজ” এক মুক্ত প্রবাহিত স্রোতৰ দৰে। পৰিচালকে ছাঁ পোহৰৰ নান্দনিক সম্ভাৱনাক আৰু মূল বিষয়ৰ সৈতে প্রত্যক্ষ বা পৰোক্ষভাবে সংযুক্ত অন্যান্য উপাদানসমূহৰ অন্বেষণ আৰু সম্পাদনৰ জৰিয়তে এই দ্ৰৈশ্যিক আখ্যানক এখন বিশুদ্ধ ফিল্মলৈ ৰূপান্তৰিত কৰা হ’লে হয়তো ই অধিক নান্দনিক হ’লহেতেন, কিয়নো কোনো কোনো সময়ত “ফায়াৰ ফ্লাইজ”ৰ চাক্ষুষ বৰ্ণনাশৈলী কিছু ফ্লেট যেন অনুভৱ হয়। এটা আখ্যান আৰু এখন চলচ্চিত্রৰ মাজৰ পার্থক্য হ’ল, ফিল্ম এখন সূক্ষ্ম চাক্ষুষ বর্ণনাকাৰী হ’ব পাৰে, কিন্তু আখ্যান এটি সর্বদাই চলচ্চিত্র নহয়। নায়কৰ জীৱন এটা মখমলী বৃত্তৰ মাজত আৱৰ্তিত হৈ থকা নাই, কিন্ত সেই অন্তৰ্লীন দহনৰ ধাৰাবাহিক জ্যামিতিক ফিল্মখনৰ চিত্ৰায়নে সুস্পষ্ট ৰূপত ফুটাই তোলাত যেন ক’ৰবাত অলপ শূন্য হৈ ৰৈছে। জাহ্নুৰ পৰা জাহ্নৱীলৈ মুখ্য চৰিত্ৰটিৰ ওডিচি ফিল্মখনৰ প্ৰকৃত সত্য। বৰ্ণৰ সু-সমন্বিত প্ৰয়োগ ফায়াৰ ফ্লাইজৰ এক অন্যতম গুৰুত্বপূর্ণ শক্তি। বেঞ্জামিন দৈমাৰীৰ সাৱলীল অভিনয়েৰে ফিল্মখনৰ প্রথমার্ধই নিজৰ গাঁৱত জাহ্নুৰ জীৱন সূক্ষ্মৰূপত বৰ্ণনা কৰিছে, কিন্তু কাংক্ষিত সত্ত্বাত সোমাই পৰাৰ, জাহ্নুৰ পৰা জাহ্নৱীলৈ মুখ্য চৰিত্ৰটিৰ তিনিবছৰৰ যি সংঘৰ্ষময় যাত্ৰা, তাৰ অভিক্ষেপণত পৰিচালকে কিছু লৰালৰি কৰা যেন অনুভৱ হয়। ইয়াক হয়তো আৰু অলপ বিস্তাৰিত কৰিব পৰাৰ থল আছিল। তৰালি শৰ্মাৰ পৰিশীলিত সংগীত পৰিচালনাৰ প্ৰভাৱ ফিল্মখনৰ আৱহ সংগীতৰ ৰূপত শক্তিশালী। এই কথা অনস্বীকাৰ্য যে মিলিন দত্তৰ উদ্যোগত, অসমৰ সীমিত আঞ্চলিক ভূগোলৰ ফ্রেমত, নিৰ্মোহ সততাৰ সৈতে নিৰ্মাণ কৰা “ফায়াৰ ফ্লাইজ”, তৃতীয় লিঙ্গৰ অভিক্ৰিয়াক চেলুলয়েডত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত পৰিচালক প্ৰকাশ ডেকাৰ এক সাহসী, পথিকৃৎ আৰু অভিনন্দনীয় প্ৰচেষ্টা।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
4 months ago

ভাল আলোচনা।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক