তৃপ্তি – অসমী গগৈ

প্ৰায় ছফুট ওখ কোমলমতীয়া ল’ৰাটোৱে সোঁ ভৰিটোৰে সৰু শিলগুটি এটাৰ সৈতে খেলি আছিল৷ খেলি আছিল মানে তেনেদৰেই সি সময়খিনি পাৰ কৰিছিল৷ ল’ৰাটো টিউচনলৈ ওলাইছে৷ তাক থবলৈ বুলি মাকে দুচকীয়াখন উলিয়াই আনে মানে সি খেলি আছে নিজৰ সৈতে৷

“তুমি স্কুটী চলাব নাজানা! ইমান ডাঙৰ ল’ৰাটো! মাৰ পাছতে উঠি ফুৰা?“
আলহী ফুৰিবলৈ বুলি অহা মানুহগৰাকীৰ মাতত ল’ৰাটোৱে মাকলৈ চালে৷ নিৰ্জু মুখখনত কিবা কওঁ নে নকওঁ প্ৰশ্নবোধক এটা ভাৱ৷

“শিকোৱা নাই তাক এতিয়ালৈকে৷“
ল’ৰাটোৰ হৈ মাকেই উত্তৰ দিলে৷ মাতত কিছু ৰুক্ষতা৷ শিক্ষানুষ্ঠানত দিনৰ পাছত দিন কৈশোৰ আৰু যৌৱনৰ দোমোজাত উটি ভাঁহি থকা ল’ৰা-ছোৱালীৰ মাজত কটাই মাকজনীয়ে সবৰে মাজতে একেই ৰূপেই দেখা হ’ল৷ আনকি নিজৰ ল’ৰাটোৰ মাজতো মাকে ভাল একো নেদেখাই হ’ল৷

মাকৰ স্কুটীৰ পাছত বহি গৈ থাকোঁতে সেইদিনা ল’ৰাটোৱে কিছু সাহস গোটাই মাকক কৈ গ’ল……
“ আজিকালি বাইক বা স্কুটী চলাব নজনাবোৰক মানুহে বৰ অকৰা বুলি ভাবে জানানে! মোকো হাঁহে সবে৷ আমাৰ ক্লাছৰ অকল মইহে নাজানো৷ ময়োঁ শিকিব লাগিব…………“
মাকে একো নমতা দেখি এটা সময়ত ল’ৰাটোও মনে মনে থাকিল৷ কাৰোবাৰ ওপৰত এটা প্ৰচণ্ড খঙ উঠিল মাকৰ৷ এনেয়েও বয়সে খিঙখিঙীয়া কৰি তুলিছে মাকক৷
ল’ৰাটো পৰিয়ালটোৰ ডাঙৰ লৰা৷ দশম শ্ৰেণীত পঢ়ে৷ ল’ৰাটোক লৈ মাকৰ আপত্তিৰ অন্ত নাই৷ নাখায়, নপঢ়ে, নাযায়, নকৰে আদিৰে মাহেকৰ মূৰত ঘৰলৈ অহা বাপেকৰ কাণ ঘোলা কৰি থাকে মাকে৷ বাপেকে বুজায় মাকক ………

“তোমাৰ ল’ৰাই গাখীৰ নাখায় বা ভাত ভালকৈ নাখায় বাবে তোমাৰ আপত্তি, কিন্তু তাৰ বয়সৰ লৰাই খোৱা শিখৰ, ৰজনীগন্ধা, কে পি যে নাখায় মনত ৰাখিবা৷ “

“ নপঢ়ে? , মানে তুমি কিমান পঢ়াতো বিচাৰিছা? তাৰ বয়সৰ ল’ৰাই যিমান পঢ়ে, পঢ়িছেই৷ তাতে সি মজলীয়া মেধাৰ ল’ৰাহে! “

“নাযায় বুলিও তোমাৰ আপত্তি! আমি যলৈ লগ ধৰো যায়েই দেখোন৷ লগৰ ল’ৰাবোৰৰ দৰে তোমাক ফাঁকি দি আনৰ বাইকত উঠি যে নদীৰ পাৰলৈ বা বাটৰ কাষৰ আন্ধাৰ চুকত ৰৈ নিষিদ্ধ কথা-কামৰ সোৱাদ লবলৈয়ো যোৱা নাই নহয়! “

“নকৰে? কি নকৰে? কাম? তাক দেখোন মই আলহী আহিলে তোমাক সহায় কৰা দেখিছোৱেই, নিজৰ কাপোৰ কিতাপ জপা, অমলেট, মেগী আদিও বনায়ে দেখোন! “
বাপেকৰ কথাৰ লগত বলে নোৱাৰি “হুহ“ বুলি উচাৎ মাৰি মাক আঁতৰি গ’ল৷ ভাবি থাকিল বাপেকে লাই দি দি ল’ৰাটো নষ্ট কৰিব এতিয়া৷ গোটেই গধূলিটো মানুহজনী গোমোঠা লাগি থাকিল৷ নিশাটোও পাৰ হ’ল গোমা পৰিবেশেৰেই৷

পাছদিনা দেওবাৰ৷ পুৱাই মাকে ল’ৰাটোক জগালেগৈ…
:বাবাটো উঠ ……
‘ও’ বুলি বাগৰ সলাই আকৌ শুলে ল’ৰাটো৷
:উঠ বুলিছো নহয়! এইবাৰ বাউসীত ধৰি জোকাৰি দিলে মাকে৷ মাকৰ মাতৰ তীক্ষ্ণতাত উঠি বহিল ল’ৰাটো৷ সাধাৰণতে পিন্ধি থকা মেখেলা-চাদৰৰ ঠাইত চেলোৱাৰ কুৰ্তা পিন্ধি থকা মাকক দেখি ল’ৰাটো অবাক হ’ল৷
:তুমি ক’ৰবালৈ যোৱা নেকি মা?
:তোক স্কুটী শিকাবলৈ যাওঁ৷ মুখ-হাত ধুই ওলা৷
ল’ৰাটোৱে কিছুপৰ তভক মাৰি ৰল৷ তাৰ পাছত মাকৰ হাতত ধৰি ক’লে…
:চোৱা মা, আমাৰ পৰীক্ষালৈ বেছি দিন নাই, এতিয়া স্কুটী শিকি পৰি-ধৰি পঢ়া ক্ষতি কৰিবলৈ সময় নাই নহয়৷ আৰু আনে ক’লে বুলিয়েই “ইললিগেল“ কাম মই নকৰোঁ৷ দেউতাই মোক কৈছে নহয় ওঁঠৰ বছৰ নহলে ‘বাইক’ চলোৱাৰ লাইচেন্স নাপায়৷ তোমাৰ অসুবিধা হলে এদিন-দুদিন মই খোজ কাঢ়িও যাব পাৰিম টিউচনলৈ…………
ল’ৰাটোৰ জন্মৰ যন্ত্ৰণা আৰু তৃপ্তি দুয়োটাৰ আমেজ লৈ লৈ মাকজনীয়ে ল’ৰাটোলৈ চাই থাকিল একেথৰে৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক