তেওঁলোকলৈ এখন চিঠি (ধীৰাজ কলিতা)

১৫ আগষ্ট, ২০১১
শ্ৰদ্ধাৰ শ্বহীদবৄন্দ
সেৱা ল’ব৷ ডাক ব্যৱস্থা আপোনালোকৰ দিনত্কৈও অধিক লেহেমীয়া হোৱা হেতু পত্ৰখন পাওতে দিনচেৰেক পলম হ’ব পাৰে৷ সমূহ বৰমুৰীয়াৰ হৈ মই আগতীয়াকে মাৰ্জনা বিছাৰি আপোনালোকৰ ওচৰত শিৰণত৷ আপোনালোকৰ সাহসিকতা, যুঁজাৰু শক্তি, যুদ্ধৰ আদব-কায়দা, দেশৰ প্ৰ্তি থকা স্বাৰ্থহীন ভালপোৱা… ককাৰ মুখত নাইবা বুৰঞ্জীৰ পাততে পঢ়া৷ কি বুলিনো কও? দেশখন বহুত সলনি হৈ গ’ল৷ শুনি হয়তো আচৰিতেই হ’ব, নিজৰ দেশৰ মানুহে আজিকালি নিজৰ দেশৰ মানুহকে মাৰে৷ বাঘ-ভালুক থাকিবলৈ অটব্য হাবিও নাই জীৱ-জন্তুৰ ভয়ো নাই৷ আপোনালোকৰ দিনত বগা চাহেবহঁতৰ ঘৰত যে জ্ব্লিছিল, সেই বগা বগা লাইটবোৰ,  সেইবোৰ এতিয়া আমাৰ ৰাস্তাই ঘাটে জ্বলে৷ ৰাতিও দিন যেন হৈ থাকে৷ সূৰুযৰ লগত কোনো সম্পৰ্কই নাই৷ হ’লে কি হ’ব? মা-ভণ্টিৰ কথা বাদেই, মোৰ দৰে ডেকা ল’ৰাবোৰোৰো অকলে ওলাবলৈ ভয়৷ ঘৰৰ পৰা ওলালেই সদৌটি পৰিয়ালক মাত দি থৈ যাও, পুনঃ ঘৰলৈ উভতি আহো নে নাই? আপোনালোকে জীৱনৰ বিনিময়ত দি থৈ যোৱা “স্বাধীনতা”ৰ আজি মুমূৰ্ষ অৱস্থা৷ আজিৰ নাগৰিকে যদি অন্ততঃ আপোনালোকৰ কেঞা  আঙুলিটোও ধৰিব পাৰিলে হেঁতেন, এখোজ-দুখোজকৈ হ’লেও আগবাঢ়ি পৃথিৱী জিনিলে হেঁতেন৷ আজিৰ এই শুভ ক্ষণত আপোনালোকৰ অনুপস্থিতি বাৰুকৈয়ে বেদনাদায়ক৷
বিশেষ নিলিখোঁ৷ চিঠি পালে দিহা-পৰামৰ্শৰ সতে উত্তৰ দিবলৈ নাপাহৰিব৷ য’তে আছে কুশলে থাকক৷ অধিককৈ লিখিলে আমনিহে পাব৷ শেষত আঁতৰৰ পৰাই পদ-ধুলি লৈছোঁ৷
ইতি
আপোনালোকৰ অচিনাকি
এজন স্বাধীন দেশৰ নাগৰিক
ঠিকনা -হিন্দুস্তান
বিঃদ্ৰঃ -পথাৰত যাওঁতে নৈৰ দাঁতিত জিৰণি লৈ থকা মাছমৰীয়া এজনে দিছিল আপোনালোকৰ ঠিকনা ৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক